অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টেঙেচি লাই পুলিৰে সৰু মাছৰ জোল

টেঙেচি লাই পুলিৰে সৰু মাছৰ জোল

উপকৰণ

  • পুঠি-শিঙৰাজাতীয় সৰু মাছ অলপ
  • পুলি লাই শাক এমুঠি
  • বৰ টেঙেচি শাক এমুঠি
  • কেঁচা জলকীয়া
  • মিথিগুটি ১০টা
  • নিমখ-হালধি

প্ৰস্তুত প্ৰণালী

মাছকেইটা তেলত অলপ ভাজি ল’ব। টেঙেচি আৰু লাই পুলি একেলগে মিহিকৈ কুটি ল’ব। টেঙেচি আৰু লাই পুলি একেলগে মিহিকৈ কুটি ল’ব। গৰম তেলত মিথিকেইটা ফুটাই তাতে কুটা শাকখিনি দি লৰাই দিব। জোখমতে নিমখ হালধি দি ভালদৰে লৰাই গৰম পানী দি দিব। উতল আহিলে ভজা মাছকেইটা জোলত দি দিব। কেইমিনিটমানতে জোলখিনি পাগ লৈ আহিলে তাত ফলা জলকীয়া আৰু ধনিয়া পাত দি জুই বন্ধ কৰিব। মাছৰ টেঙা আঞ্জা বেছি ডাঠ কৰিব নালাগে।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate