অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিল আৰু বিলাহীৰে ৰন্ধা কুকুৰাৰ মাংস

তিল আৰু বিলাহীৰে ৰন্ধা কুকুৰাৰ মাংস

যোগাৰ : আধা কিলোগ্ৰাম ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, ক’লা বা বগা তিল ডেৰ চামুচ, পকা বিলাহী পাঁচটা, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু আঠফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, তেজপাত দুখিলা, ধনীয়াপাত।

প্ৰস্তুতি : মাংসখিনি ধুই লওক৷ নহৰু কেইটা মিহিকৈ বটি লওক, বা পটাত পিচি লবও পাৰে। আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক। বিলাহীকেইটা কাটি গুটিবোৰ পেলাই সৰু সৰু টুকুৰা কৰি লওক৷ জলকীয়েকেইটা মাজেৰে দুফাল কৰি লওক৷ তিলখিনি আগতেই ভালদৰে ধুই শুকুৱাই ল’ব৷

ৰন্ধন : এটা কেৰাহী (নন্ ষ্টিক্ হ’লে বেছি ভাল) ভালদৰে গৰম হ’বলৈ দি কটা বিলাহীখিনি দি অলপ লৰাই দিয়ক৷ অলপ পাছত যেতিয়া বিলাহীৰ পৰা পানী ওলাব ধৰিব তাত আদা, জলকীয়া আৰু নহৰুখিনি দি দিয়ক৷ ভালদৰে লৰাই কেইমিনিটমান পিছত সামান্য পানী দি ঢাকোন মাৰি দিয়ক আৰু জুই একেবাৰে কমাই দিয়ক৷ কেইমিনিটমান পিছত ঢাকনিখন গুচাই হেতা এখনেৰে বিলাহীখিনি ভাঙি ফেনেকি দিয়ক আৰু যেতিয়া ই এক পেষ্টৰ নিচিনা হ’ব জুইৰ পৰা নমাই ৰাখক৷

আন এটা কেৰাহী ভালদৰে গৰম হ’বলৈ দিয়ক৷ এতিয়া কেৰাহীত সামান্য পৰিমাণে ৰিফাইন তেল দি গৰম হোৱা যেন পালে তাত তেজপাত দুখিলা চাৰিটুকুৰা কৰি দি দিয়ক৷ তাৰ পাছত তিলখিনি গৰম তেলত দি এবাৰ দুবাৰ লৰাই দিয়ক৷ গৰম তেলত তিল দিলে তিলবোৰ ফুটি ছিটিকে পৰে, গতিকে অলপ সাৱধান হ’ব৷ তিলখিনি ফুটা বন্ধ হোৱাৰ লগে লগে তাত ইতিমধ্যে সাজু কৰা বিলাহী, আদা আৰু নহৰুৰ পেষ্টখিনি দি দিয়ক আৰু এবাৰ ভালদৰে লৰাই ঢাকনিখন মাৰি দুইমিনিটমান ৰাখক৷ তেলত দিয়া পেষ্টখিনি উতলিব ধৰা যেন পালে তাত মাংসখিনি দি আণ্ডাজমতে হালধি দি অলপ সময় ভালদৰে লৰাই থাকক৷ মাংসৰ লগত পেষ্টখিনি ভালদৰে লাগি ধৰিলে তাত সোৱাদ অনুসৰি নিমখ দি পুনৰ লৰাই দিয়ক আৰু জুই একেবাৰে কমাই দি ঢাকনিখন মাৰি দিয়ক৷

দহমিনিট পিছত ঢাকনি গুচাই মাংসখিনি লৰাই দিয়ক৷ যদি মাংস কেৰাহীত লাগি ধৰা যেন পায় তেন্তে তাত অলপ পানী দি সিজিবলৈ দিয়ক৷ কিছুসময়ৰ পাছত পানী শুহিবলৈ আৰম্ভ কৰা যেন পালে জুইকুৰা পূৰা বঢ়াই দি তিনিমিনিটমান উতলিবলৈ দিয়ক আৰু ধনীয়া পাতখিনি কুটি দি ঢাকোন মাৰি জুই নুমুৱাই দিয়ক৷

এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷

লিখক: মৃদুল কুমাৰ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 7/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate