মাছকেইটুকুৰা ভালদৰে ধুই নিমখ, হালধি আৰু জালুক গুড়িৰে সানি লৈ পাঁচ মিনিটমান থৈ গৰম তেলত ভাজি ল’ব। এটা কেৰাহিত শুকানকৈ তিল, গোটা জিৰা, গোটা ধনিয়া, জালুক অলপ ভাজি ল’ব। এতিয়া ঠাণ্ডা কৰি মিক্সিত দি লগত পিঁয়াজ, আদা-নহৰু, অলপ ধনিয়া পাত, শুকান জলকীয়া আৰু অলপ পানী দি এটা থুপথুপীয়া মিশ্ৰণ বনাই ল’ব। কেৰাহিত তেল গৰম কৰি পাঁচফোৰণ আৰু তেজপাত দি ফুটাই ল’ব। এতিয়া ইয়াত তিলৰ মিশ্ৰণখিনি ঢালি দিব। ঘনাই লৰাই থাকিব মধ্যম জুইত। ১-২ মিনিটমান লৰাই থকাৰ পাছত আধা কাপমান পানী ঢালি দিব। ঢাকোন লগাই অলপ সময় উতলিবলৈ দিব। এতিয়া ইয়াত ভাজি থোৱা মাছ কেইটুকুৰা দি দিয়ক। দুই মিনিটমানৰ পিছত পুনৰ উতল আহিলে জুইৰপৰা নমাই থ’ব। আপোনাৰ তিল আৰু মাছৰ আঞ্জা তৈয়াৰ হৈ গ’ল। গৰমে গৰমে ভাতৰ লগত উপভোগ কৰক।
প্ৰস্তুতি: সুৰংগনা বড়া, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 7/6/2020
তিলৰ ডাঙৰ গুণ
বৰ্তমান মধ্য অসমত ক্ষতিকাৰী ৰূপ গ্ৰহণ কৰা নোমাল বি...
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
তিলৰ উপকাৰিতা