অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৈৰ সৈতে পটলৰ ব্যঞ্জন

দৈৰ সৈতে পটলৰ ব্যঞ্জন

উপকৰণ

  • পটল-৫০০ গ্ৰাম।
  • আদা বটা-এক চাহ চামুচ।
  • জিৰা বটা- দুই চামুচ।
  • মিঠাতেল- ৫০ গ্ৰাম।
  • জলকীয়াৰ গুড়ি-১/২ চামুচ।
  • চেনি- ১/২ চামুচ।
  • তেজপাত- দুখিলামান।
  • নিমখ সোৱাদ অনুযায়ী।

প্ৰস্তুত প্ৰণালী

পটলৰ দুয়োমূৰে কাটি লৈ চুঁচি ল’ব লাগে। তেল গৰম কৰি পটলখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি উঠাই ল’ব লাগে। ৰৈ যোৱা তেলখিনিত তেজপাত, আদা বটা, জিৰা বটা, জলকীয়াৰ গুড়িৰ লগতে ফোৰণ দি দৈখিনিও ঢালি দিব লাগে। তাৰ পিছত কিছু সময় ভাজিব লাগে। ভাজি থাকোতে ডাঠ হৈ আহিলে পটলখিনি ঢালি দিব লাগে। লগতে সোৱাদ অনুযায়ী নিমখ আৰু চেনি অকণ দি পটলখিনি সিজি জোলখন ঘন হ’লে নমাই থ’ব লাগে। এই জোল ৰুটী বা ভাতৰ লগতো খাব পাৰি।

লেখিকা: কিৰণ বৰা।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate