অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকলেৰে ৰৌ মাছ

নাৰিকলেৰে ৰৌ মাছ

উপকৰণ

  • ৰৌ বা অন্য মাছ – ৬০০ গ্ৰাম
  • ধনিয়া গুড়ি – ২ চামুচ
  • লং - কেইটামান
  • আদা – ২ ইঞ্চিমান
  • কেঁচা জলকীয়া – ৫ টা বা ৭ টা
  • পিঁয়াজ – ২ টা
  • নাৰিকল – ১ টা
  • সৰিয়হ – ১ চামুচ
  • ভিনেগাৰ – অলপমান
  • মিঠি পাত – কেইটামান
  • নিমখ, তেল – আন্দাজমতে

প্ৰস্তুতি

প্ৰথমতে মাছখিনি ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈ টুকুৰা কৰি ল’ব। তেলত মাছখিনি অলপ ভাজি ল’ব। ধনিয়া আৰু লং অলপ ভাজি বটি মিহি কৰি পেষ্ট তৈয়াৰ কৰিব। আদাৰ বাকলি গুচাই টুকুৰা কৰি ৰাখিব। নাৰিকলটো ৰুকি দুই প্ৰকাৰৰ গাখীৰৰ উলিয়াই ল’ব – ঘন আৰু অলপ ঘন। কেৰাহি জুইত তুলি দি তেল গৰম কৰি গুড়ি কৰা মছলা অলপ ভাজিব আৰু একেবাৰে অলপ ঘন গাখীৰখিনি ঢালি দিব আৰু লগতে কেঁচা জলকীয়া, আদা, নিমখ, মাছ, মিঠিপাত আৰু ভিনেগাৰ দিব। জোল ঘন হৈ আহিলে নাৰিকলৰ দুয়োখিনি গাখীৰ মিহলাই দিব। সম্ভাৰ দিবৰ কাৰণে বেলেগ কেৰাহিত তেল দি পিঁয়াজ কাটি ৰঙা কৰি ভাজিব। সৰিয়হো তাতে দি দিব। সৰিয়হকেইটা ফুটিলে এই মিশ্ৰণ মাছৰ মিশ্ৰণৰ ওপৰত ঢালি দিব। গৰমে গৰমে বা ঠাণ্ডা কৰি পৰিৱেশন কৰি চাওক।

প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate