মাছখিনি ভালকৈ ধুই ল’ব। এতিয়া নাৰিকলটো ৰুকি তাৰ পৰা গাখীৰখিনি ভালকৈ চেপি উলিয়াই ল’ব। এতিয়া কেৰাহীত অলপ তেল গৰম কৰি তাত গোটা জিৰা আৰু কেঁচা জলকীয়াখিনি দি দিব। তাৰ পিছত তাতে নাৰিকলৰ গাখীৰখিনি দি অলপ উতলিলে তাত মাছকেইডোখৰ দিব, অলপ নিমখ-হালধি দি ঢাকোন মাৰি কম জুইত সিদ্ধ হ’ব দিব। প্ৰায় ১০-১৫ মিনিট পিছত যেতিয়া নাৰিকলৰ গাখীৰখিনি শুকাই গাঢ় হ’ব তেতিয়া তাত সৰিয়হ বটাখিনি আৰু নাৰিকল ৰোকাখিনি অলপ পানীৰ সৈতে ৮-১০ মিনিট সিদ্ধ হ’বলৈ দিব। মিশ্ৰণখিনি নমাবৰ সময়ত ওপৰত অলপ কেঁচা সৰিয়হৰ তেল দি গৰমে গৰমে পৰিৱেশন কৰক।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 4/17/2020