অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পটলৰ কালিয়া

পটলৰ কালিয়া

উপকৰণ

  • পটল ২৫০ গ্ৰাম।
  • কিচমিচ ১০-১২ টা।
  • চেনি চাহ চামুচৰ ১ চামুচ।
  • দৈ ১ কাপ।
  • নহৰু বটা চাহ চামুচৰ আধা চামুচ।
  • পিঁয়াজ ২ টা।
  • লং-ইলাচি-ডালচেনিৰ গুড়ি চাহ চামুচৰ আধা চামুচ।
  • মিঠাতেল ৭৫ গ্ৰাম।
  • শুকান জলকীয়া ২ টা।
  • আন্দাজমতে নিমখ-হালধি।

প্ৰণালী

পটলৰ বাকলি চুঁচি পটলকেইটা দুই-তিনি ডোখৰকৈ কাটি ল’ব। পিঁয়াজকেইটা পিহনাত মাৰি ল’ব। এতিয়া কেৰাহিত তেল গৰম কৰি পটলখনি নিমখ-হালধি সানি আধা ভজা কৰি ল’ব। কেৰাহীত তেল গৰম কৰি পিঁয়াজ-নহৰু বটা দিয়ক। অলপ ভজা হ’লে কিচমিচ দিয়ক দৈকণো ফেটি তাতে দিব। শুকান জলকীয়া দুটাও দুডোখৰকৈ ছিঙি দিয়ক। মচলাৰ পৰা তেল বিৰিঙিবলৈ ধৰিলে নিমখ-হালধি আৰু চেনি দিয়ক। উতলিবলৈ ধৰিলে পটলকেইডোখৰ দি পুনৰ ঢাকোন মাৰিব। মাজে মাজে লৰাই দিব। পটল ভালকৈ সিজিলে লং-ইলাচি-ডালচেনিকণ খুন্দি তাতে দিব। প্ৰয়োজন যেন লাগিলে পুনৰ আধা কাপমান পানী দি উতলাই নমাব। পটলৰ কালিয়াত ইচ্ছা কৰিলে আলুও দিব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate