অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰা কলৰ ফুলৰি

পুৰা কলৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালী

উপকৰণ

  • পুৰা কল-মজলীয়া ৪ টা।
  • বেচন- আধা কাপ।
  • পিঁয়াজ-দুটা।
  • আদা কুটা অলপমান।
  • কেঁচা জলকীয়া-দুটা।
  • নিমখ, হালধি, মিঠাতেল আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

পুৰাকলকেইটা কুকাৰত বইল কৰি বাকলি গুচাই পিটিকি ল’ব। বেচন আধা কাপ লৈ তাত পানী অলপ ঢালি কলৰ লগত মিহলাই ঘোল তৈয়াৰ কৰিব। পিঁয়াজ কুটা, আদা কুটা, জলকীয়া কুটা, হালধি আৰু নিমখ (আন্দাজমতে) ঘোলত মিহলাই দিব। কেৰাহী এখনত মিঠাতেল দি সৰু চামুচেৰে এচামুচকৈ ফুলৰিবোৰ অলপ সময় ৰঙচুৱা হোৱাকৈ ভাজিব। সন্ধিয়া ফিকা চাহৰ লগত পৰিৱেশন কৰিব।

লেখিকা: শিল্পীকা ৰাজগুৰু।

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top