অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বন্ধাকবিৰ পৰঠা বা ৰুটি

বন্ধাকবিৰ পৰঠা বা ৰুটি

উপকৰণ

  • বন্ধা কবি আধা কিলোগ্ৰাম।
  • ময়দা- আধা কিলোগ্ৰাম।
  • ঘি- আধা কিলোগ্ৰাম।
  • বেকিং পাউদাৰ-আধা চামুচ।
  • কালাজিৰা-অলপমান,
  • নিমখ-আন্দাজমতে।

প্ৰণালী

বন্ধাকবিৰ পাত এটা এটাকৈ এৰুৱাই লওক। ময়দাখিনিত ঘি, কালজিৰা, বেকিং পাউদাৰ দি গৰম পানীৰে সানি লওক। সানি লোৱা ময়দাখিনিৰে লাড়ু কৰক। এটা লাড়ুৰে দুটা ভাগ কৰি দুখন ৰুটি বেলক। এই দুয়োখনৰ মাজত বন্ধাকবিৰ পাতটো সুমুৱাই ৰুটি দুখন লগ লগাই দিয়ক। কেৰাহীত ঘি গৰম কৰি ৰুটিখন ভাজক। গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক।

লেখিকা: চৈয়দা চফিকা বেগম, নন্দিনী।

শেহতীয়া উন্নীতকৰণ: : 6/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate