অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেচন নাৰিকলৰ বৰ্ফি

বেচন নাৰিকলৰ বৰ্ফি

উপকৰণ

  • বেচন ডেৰ কাপ
  • গাখীৰ একাপ
  • নাৰিকল একাপ(মিহিকৈ ৰুকা)
  • চেনি একাপ
  • ঘিউ এক টেবুল চামুচ
  • কাজু বাদাম ১৫-২০টা(সৰুকৈ কুটা)
  • কিচমিচ ১৫-২০টা(সৰুকৈ কুটা)
  • ইলাচি ৩-৪টা(সৰুকৈ কুটা)।

প্ৰণালী

কেৰাহী এটাত ঘিউ গৰম কৰি লৈ প্ৰথমতে বেচনখিনি ৰঙচুৱা হোৱাকৈ ভাজি লওক। ভজা হ’লে বেচনখিনি প্লেট এখনত নমাই থৈ দিয়ক। গৰম কেৰাহীটোত আকৌ অলপ ঘিউ গৰম কৰি নাৰিকলখিনি ৰঙচুৱা হোৱাকৈ ভাজি লওক। ভজা হ’লে নাৰিকলখিনি বেলেগকৈ নমাই থৈ দিয়ক। আকৌ আন এটা কেৰাহী লৈ গাখীৰৰ সৈতে চেনিখিনি পগাই থাকক। যেতিয়ালৈকে গাখীৰখিনি ঘন আৰু আঠা আঠা হৈ নাহে তেতিয়ালৈকে লৰাই থাকক। গাখীৰখিনি ঘন হ’লে গেছটো ছিমত দি তাত মিহিকৈ কুটা কাজু, কিচমিচ, ইলাচি, ভজা বেচন, ভজা নাৰিকলখিনি দি ভালদৰে লৰাই দিয়ক। ট্ৰে এখনত ঘিউ লগাই লৈ কেৰাহীৰ মিশ্ৰণখিনি ঢালি দিয়ক। হাতেৰে ট্ৰেখনত সমানে হেঁচি দিয়ক। মিশ্ৰণ যেতিয়া ট্ৰেখনত সমানে বিয়পিব, তেতিয়া দুই বা তিনি ঘণ্টা সময় ফ্ৰীজত থৈ দিয়ক। এতিয়া ফ্ৰীজৰপৰা উলিয়াই আনি ছুৰীৰে বৰ্ফিৰ আকাৰত কাটি উলিয়াওক। উৎসৱৰ এই বতৰত আপুনি বৰ্ফি বনাই এয়াৰ টাইট কণ্টেইনাৰত থৈ দি এমাহ ধৰি আলহীক আপ্যায়ন কৰিব পাৰে।

লেখিকাঃ মধুস্মিতা চক্ৰৱৰ্তী।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate