প্ৰথমে যিকোনো পাত্ৰ এটাত চাউলৰ গুড়িখিনিৰ লগত নাৰিকল আৰু চেনীখিনি ভালকৈ মিহলাই ল’ব। তাত ইলাচিৰ, বেকিং পাউদাৰ আৰু গাখীৰখিনি দি ভালদৰে লৰাব। ইফালে গাজৰখিনি এটা বেলেগ বাচনত লৈ তাত আন্দাজমতে চেনি আৰু মাখন দি ভালদৰে সানি ল’ব। তাত চাউলৰ গুড়িৰ মিশ্ৰণৰ এভাগ মিহলাই ভালদৰে থৈ দিব। বাকী দুভাগ মিশ্ৰণৰ লগত কিচমিচখিনিও মিহলাই দিব। এতিয়া যিটো পাত্ৰত ভাপত দিব সেইটোত বাকী মাখনখিনি ভালদৰে লগাই তাত দুভাগ থকা চাউলৰ মিশ্ৰণৰ এভাগ প্ৰথমে দিয়ক, মাজত গাজৰ সনা ভাগখিনি দিয়ক। ওপৰত আকৌ আগৰ ভাগ দি প্ৰেছাৰত বহাই দিয়ক। প্ৰেছাৰৰ হুইচেলটো গুচাই দিব লাগে। বিশ মিনিট ৰখাৰ পিচত নমাই কেকৰ দৰে টুকুৰা কৰি পৰিৱেশন কৰক।
উৎস: নন্দিনী।
শেহতীয়া উন্নীতকৰণ: : 6/24/2020