অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেণ্ডিৰ তৰকাৰী

ভেণ্ডিৰ তৰকাৰী

উপকৰণ

  • আধা কেজি ভেণ্ডি
  • এচামুচ জিৰা
  • দুচামুচ জিৰাগুৰি
  • আধা চামুচ জলকীয়া গুৰি
  • তেল, নিমখ, হালধি জোখমতে।

পদ্ধতি

ভেণ্ডিখিনি ভালকৈ ধুই পানী মচি দুই ইঞ্চি জোখত গোটে গোটে কাটি লওক। জিৰাগুৰি, নিমখ, হালধি আৰু জলকীয়া গুৰিখিনি কটা ভেণ্ডিৰ সৈতে ভালদৰে সানি লওক। কেৰাহীত তেল দি গৰম হ’লে জুই কমাই গোটা জিৰা কেইটা ফোৰণ দি ভেণ্ডিখিনি ঢালি দিয়ক। ভালদৰে লৰাই সামান্য পানী ছটিয়াই ঢাকোন মাৰি দিয়ক। মাজে মাজে লৰাই থাকক। পানী একেবাৰে শুকাই গ’লে যদিহে ভেণ্ডিখিনি নিসিজে তেন্তে পুনৰ সামান্য পানী দি ঢাকোন মাৰি থওক। চাব যাতে পাচলিখিনি কেৰাহীত লাগি নধৰে। ঢাকোন গুচাই ভালদৰে লৰাই নমাই থওক।

লেখিকা: ধনদা বৰুৱা

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate