মাছখিনি সিজাই কাঁইটখিনি উলিয়াই ল’ব। কণী, আলু সিজাই লৈ টুকুৰাকৈ কাটি ল’ব। বিলাহী সিজই ৰস উলিয়াই ল’ব। জীৰা, জলকীয়া, নহৰু আৰু এটা পিয়াজ বটি ল’ব। এতিয়া চচপেনত ঘিউ গৰম কৰি এটা পিয়াজ মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি ল’ব। তাতে চাউলখিনি ঢালি দিব। ৰঙচুৱা হ’লে পানী দিব। চাউল সিজিলে বটি থোৱা মছলা, বিলাহীৰ ৰস, নিমখ আৰু মাছখিনি দি জুই কমাই লাহে লাহে ভাজিব। চচপেনত ঢাকনি দি অভেনত ভাতখিনি শুকান নোহোৱালৈকে বেক কৰক। বিৰিয়ানী হ’লে কণী আৰু আলু দি ওপৰত সজাই দি পৰিৱেশন কৰিব।
মীনা বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী
অসমীয়া সমাজ-সংস্কৃতিত মাছ