জাতিলাউ টুকুৰা পিহনাত পিহি ল’ব। নহৰু কেইফোটা থেতেলিয়াই বা মিহিকৈ কুটি ল’ব। কেৰাহীত তেল গৰম কৰি সৰিয়হকেইটা ফুটিবলৈ দিব। সৰিয়হ ফুটিবলৈ ধৰিলেই নহৰুখিনি দি দিব। সৰিয়হ ফুটি শেষ হওঁতেই পিহি থোৱা জাতিলাউখিনি দি লৰাই ল’ব। জোখমতে নিমখ-হালধি দি লৰাই ঢাকোন লগাই দিব। মাজে মাজে লৰাই থাকিব। খুব কম সময়তে জাতিলাউ সিজি আহিব। তেতিয়া কেঁচা জলকীয়াকেইটা মাজেৰে ফালি ওপৰত দি ঢাকোন লগাই দিব। জলকীয়াৰ সুন্দৰ গোন্ধ ওলাই আহিলে জুই বন্ধ কৰিব। অলপ বুঢ়া হৈ যোৱা জাতিলাউটোও এনেদৰে ৰান্ধি খাব পাৰি। সকলো অৱস্থাতে খাব পৰা জাতিলাউৰ এই ভাজিখন ৰান্ধিবলৈ সময়ো খুব কম লাগে।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 12/17/2018
পুচা-মেহেক আৰু এম-২৭ সৰিয়হ খেতিৰে স্বাৱলম্বন
সৰিয়হ
সৰিয়হ খেতিৰে আনিছে আশাৰ ৰেঙণি
পশ্চিম নলবাৰীত সৰিয়হৰ হালধীয়া ফুলৰ হাঁহি