অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া পাঁচালি সাহিত্য :

অসমীয়া পাঁচালি সাহিত্য :

 

পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা ষোড়শ শতিকাৰ আদিভাগৰ ভিতৰত অসমত কেইবাজনো কবিৰ উদ্ভৱ হৈছিল।

এওঁলোকে বৈষ্ণৱ যুগত আত্মপ্ৰকাশ কৰিও নৱ-বৈষ্ণৱ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ লৌকিক ঠাঁচৰ কাব্য ৰচনাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিছিল। এই কবিসকলক ‘পাঁচালী’ কবি বোলাৰ লগতে এওঁলোকৰ সাহিত্যক ‘পাঁচালি সাহিত্য’ বোলা হয়।

পাঁচালি কবিসকলৰ ভিতৰত দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ আৰু সুকবি নাৰায়ণদেৱ প্ৰখ্যাত।

পাঁচালি সাহিত্যসমূহক মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে –

১)প্ৰথমটো পদ্মা বা মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশক আৰু

২)দ্বিতীয়টো ৰামায়ণ – মহাভাৰত আদিৰ কাহিনী সম্বলিত।

বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও ৰচনা-ৰীতি দুয়োবিধৰে একে। এই দুয়োটা ভাগেই ওজাপালিৰ উদ্দেশ্যে ৰচিত।

পৌৰাণিক কাহিনী বিশেষকৈ মহাভাৰতৰ কাহিনীক লৈ ওজাপালিৰ উদ্দেশ্যে ৰচনা কৰা গীত আৰু কাব্যক বিয়াহৰ গীত আৰু মনসাৰ মাহাত্ম্যসূচক কাব্যসমূহক বিষহৰীৰ গীত বোলা হয়।

এওঁলোকৰ ৰচনাকৰ্মৰ বৈশিষ্ট্য সম্পৰ্কে ড° মহেশ্বৰ নেওগে লিখিছে – “শংকৰদেৱৰ সমালোচনাৰ পাত্ৰ ‘শাক্ত-কামসিক’ কবিৰ ঘাই উদ্দেশ্য ধৰ্ম পথৰ সন্ধান নহয়, কাব্য ৰস আৰু লৌকিক ৰুচিৰ যোগেদি শ্ৰৱণ-ৰমণ কথাৰে কাব্যস্বাদীৰ চিত্ত-প্ৰণোদন সাধন।

পীতাম্বৰ আৰু দুৰ্গাবৰে নিজকে নাৰায়ণ বা শ্ৰীৰামৰ চৰণ সেৱক বুলি কৃতাৰ্থ মানিলেও বা ঠায়ে ঠায়ে ‘নামৰ মাহাত্ম্য’ ঘোষণা কৰিলেও নৱ-বৈষ্ণৱ সাহিত্যৰ একশৰণৰ একাগ্ৰতা আৰু প্ৰচাৰৰ মনোভাৱ তেওঁলোকৰ দেখা নাযায়।

পীতাম্বৰে ‘উষা-পৰিণয়’ত আদি ৰসাত্মক বৰ্ণনা বা তেনে ৰসাভাস দিও যেন তৃপ্তি পোৱা নাই, তেওঁ আক্ষেপ কৰিছে -‘ৰতিৰস নিশেষ কহিতে নযুৱায়। পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়।।”

এই সাহিত্যসমূহক পাঁচালি সাহিত্য বোলাৰ কিছুমান কাৰণ আছে। এই কাৰণসমূহ এনেদৰে আলোচনা কৰিব পাৰি –

পাঁচালি সাহিত্য বোলাৰ কিছুমান কাৰণ -

(ক) একাধিক পণ্ডিতৰ মতে পাঁচালি অথবা পাঞ্চালী শব্দৰ মূল সংস্কৃত ‘পাঞ্চালিকা’। ‘পাঞ্চালিকা’ শব্দৰ অৰ্থ পুতলা। পুতলা নাচেৰে যুক্ত গীতেই পাঁচালি বা পাঁচালী। এটা কালত পুতলা নাচৰ সৈতে নৃত্য-গীত অভিনয় হ’লে তাক কোৱা হৈছিল ‘পাঞ্চালিকা’।

পৰৱৰ্তী কালত অসম, বংগ আৰু পুৰণি গুজৰাট- ৰাজস্থানত প্ৰাচীন আখ্যায়িকাৰ সৈতে ই যুক্ত হয়। ‘কালিকা পুৰাণ’তো পাঞ্চালিকা বিহাৰ আৰু শিশু কৌতুকেৰে চণ্ডিকাক উপাসনা কৰাৰ কথা উল্লেখ আছে।

(খ) ভৰতৰ সুবিখ্যাত ‘নাট্যশাস্ত্ৰ’ত বিভিন্ন নাট্য-প্ৰবৃত্তিৰ আলোচনা প্ৰসংগত পাঞ্চালী প্ৰবৃত্তিৰ নামোল্লেখ আছে।

পাঞ্চাল বা কনৌজ দেশত প্ৰচলিত নৃত্য-গীত বিশিষ্ট যি গীত শৈলী বংগদেশলৈ আহি প্ৰতিপত্তি লাভ কৰিছিল সেয়ে পাঁচালি। কিন্তু উত্তৰ প্ৰদেশত এনে গীতৰ প্ৰচলনৰ কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাযায়।

(গ) পাঁচ আলি বা পঞ্চ আলি বিশিষ্ট হোৱা বাবেও ওজাপালি গীতবোৰক পাঁচালি আখ্যা দিয়া হৈছিল। এই পাঁচটা অংগ হৈছে দিহা বা ধুৰা, ৰাগ, পদ, বানা আৰু ভণিতা।

(ঘ) বহুতৰ মতে কেৱল মাত্ৰ পদ চালনা কৰি যি গীত গোৱা হয় সেয়ে পাঁচালি।

(ঙ) কোনোৰ মতে পাঁচালি হ’ল একধৰণৰ গীত অথবা সুৰ। এই সুৰত গেয় সাহিত্যিকো পাঁচালি আখ্যা দিয়া হয়। যেনে – ভাৰত পাঁচালি, শ্ৰীৰাম পাঁচালি, শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ পাঁচালি, শ্ৰী শ্ৰী সত্যনাৰায়ণ পাঁচালি আদি।

এই আলোচনাৰ পৰা ইমানকে ক’ব পাৰি যে ‘পাঁচালি’ এক বিশেষ ধৰণৰ সাংগীতিক শৈলী। অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাললৈকে ই জীৱন্ত ৰূপত প্ৰৱাহিত হৈ আছিল।

পাঁচালি সাহিত্যসমূহৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ’ল ইয়াৰ লৌকিকতা। এই সাহিত্যত চিত্ৰিত কৰা চৰিত্ৰসমূহক বৈষ্ণৱ কবিৰ দৰে আদৰ্শাত্মক স্তৰ এটাত নাৰাখি সাধাৰণ মানৱীয় স্তৰলৈ নমাই অনাৰ প্ৰৱণতা দেখা যায়।

লেখক :- (মানৱ জ্যোতি বৰা)

উৎস :- সাহিত্য উট

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate