অসমীয়া জন জীৱনত কলৰ আসন বিশিষ্ট । অসমত সাধাৰণতে আঠিয়া , চেনীচম্পা , মালভোগ , মনোহৰ , জাহাজী , সেন্দুৰী , পোৰা , কেচেলেপা প্ৰভৃতি কল প্ৰচুৰপৰিমাণে উৎপন্ন হয় । বিহুগীত বন্দিত আঠিয়া কলৰ গা গছ , পাত , মূঢ়া , ডিল প্ৰভৃতিও কামত লগা । মাগুৰ মাছৰ সৈতে কলডিলৰ ভাজিৰ সোৱাদ পাহৰিব নোৱাৰা । কলডিলৰ আৰ্হিত অসমীয়া মহিলাই বান্ধে কলডিলীয়া খোপা । ভীম কলৰ গা-গছ আৰু মূঢ়াৰ পৰা প্ৰস্তুত কৰা কলাখাৰ অসমীয়াৰ নিজস্ব সম্পদ । বিয়া-সবাহ আদিত মাহ-প্ৰসাদ আৰু ভোজ-ভাত খাবলৈ কলপাত অপৰিহাৰ্য । কলৰ দোনা আৰু চটিয়াত জলপান আৰু ভোজ-ভাত খোৱাটো তৃপ্তিকৰ । কলৰ দোনাত প্ৰস্তুত কৰা গৰম ঘন মিঠৈ ঢালি প্ৰস্তুত কৰা লিকটা মিঠৈৰ সোৱাদ দীৰ্ঘ দিনলৈ জিভাত লাগি থাকে । ভীম কলৰ মাধা কাটি কুটি খুন্দি মাছৰ মূৰেৰে ৰন্ধা ব্যঞ্জনৰ সোৱাদ খোৱা জনেহে উপলব্ধি কৰিব পাৰে । পকা কল চালনিৰে চাকি পিঠাগুড়িৰে মিহলাই কলপাতত চেপেটাকৈ মেৰিয়াই পাট চৰুত সেকি লোৱা কল পিঠা অথবা পিঠাগুড়ি পানীৰে সানি উতলা পানীত দি সজা কঁকাল চিগা বা পানীপিঠাৰ সোৱাদ অসমীয়া লোকে জানে । পূজা সেৱাত কল , পাত , গা-গছ আৰু পুলি নহ'লেই নহয় । দুৰ্গা পূজাত নৱপত্ৰিকাৰ পূজাত কলগছৰ স্থান তুংগ শীৰ্ষত । নৈৱদ্যদি আগবঢ়োৱা হয় আগলি কলপাতত । বিভিন্ন পূজাৰ নৈৱদ্য আৰু ভোগ কলৰ দোনাত আগবঢ়োৱাটো সাধাৰণ নিয়ম । আগৰ দিনত বিয়া-সবাহ আৰু সকাম-নিকামৰ ৰভা দিয়া হৈছিল কলপাতেৰে । অসমীয়া জন সমাজত সদ্যজাত কেঁচুৱাক আগলি কলপাতত শুৱাই দিয়া নিয়ম । পুষ্পিতা ছোৱালীক নোৱাই ধুৱাই আইসকলে পোনপ্ৰথমে আগলি কলপাত এখনত ফল-মূল খাবলৈ দিয়ে । ।আগতে পিতৃ-মাতৃ মৃত্যু হ'লে পুত্ৰ সকলে অশৌচৰ দিনকেইটা কলপাতত শুইছিল , বহিছিল শুকান কলপাতেৰে সজা কঠত । মাঘ মহীয়া শুকান কলপাত নহ'লেই নহয় । ব'হাগ বিহুৰ কালত কল পচলা খোৱাটো অপৰিহাৰ্য । বাণিজ্য সম্পদ ৰূপে তাহানিতে ডাক পুৰুষে কলক স্বীকৃতি দি গৈছে ---- তিনিশ ষাঠি জোপা ৰুবা কল / মাহেকে পষেকে চিকুণাবা তল / পাত-পচলা লাভতে খাবা / লংকাৰ বণিজ হাততে পাবা ।
উত্স: https://www.facebook.com/Mahiruh.sss (গৌৰীপ্ৰিয়া ডেকাফুকন)
শেহতীয়া উন্নীতকৰণ: : 4/28/2020