অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্য

অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্য

অসমীয়া লোকজীৱনত ভাদ মাহক পবিত্ৰ জ্ঞান কৰাৰ লগতে এই মাহটিত মন্দিৰ তথা উপাসনাস্থলীত নাম-কীৰ্তনেৰে ভক্তই ভগৱান চৰ্চা কৰাৰো সুকীয়া তাৎপৰ্য আছে। বিশেষত: গুৰু দুজনা ক্ৰ্মে শ্ংকৰদেৱ আৰু মাধৱদেৱৰ তিথিৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মমাহ হোৱা বাবে মাহজুৰি চলা এনে ভক্তি-অৰ্চনা অত্যন্ত অনন্দদায়ক হোৱাই নহয়, জাতীয় স্ংস্কৃতিৰো পৰিচায়ক। তদুপৰি জ্যোতিষ শাস্ত্ৰ অনুসৰিও ভাদ মাহত সিংহ ৰাশিত ৰবি অত্যন্ত শক্তিশালী হয়, কিয়নো সিংহ ৰাশি ৰবি গ্ৰহৰ নিজা ঘৰ। ভাদ মাহত মহাপ্ৰয়ান ঘটিলে জীৱৰ স্বৰ্গপ্ৰপ্তি তথামুক্তি হয় বুলিও বিশ্বাস প্ৰচলিত আছে। প্ৰনিধানযোগ্য যে অসমীয়া সমাজ-জীৱনৰ দিকদৰ্শনকাৰী শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰী মহাপুৰুষ  মাধৱৰ বৈষ্ণৱীয় চিন্তা-চৰ্চা, ধৰ্মৰ বাণী তথা ৰচনাৰাজিৰো মূল উপজীৱ্য অছিল ভগবান শ্ৰীকৃষ্ণ। গভীৰ চিন্তাধাৰাৰে পৰিপুষ্ট মাধৱদেৱৰ ৰচনাৰাজিত কৃষ্ণৰ আধ্য্যাত্মিক আৰু লোক কল্যানকাৰী দুয়োটা দিশেই প্ৰকাশিত হৈছে। অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ তথা আধুনিক অসমৰ সমাজ স্ংস্কাৰক শ্ৰীমন্ত শ্ংকৰদেৱৰ মহাপ্ৰয়াণ ঘটিছিল পৱিত্ৰ ভাদ মাহতেই। উল্লেখ্য যে শ্ংকৰদেৱৰ পূৰ্বে অসমত সাম্য, সোম্য, সমতা, সভ্যতা,স্ংস্কৃতিপূৰ্ণ কোনো প্ৰগতিশীল সমাজৰ প্ৰমাণ পোৱা নাযায়।শ্ংকৰদেৱে আধ্য্যত্মিক শিক্ষাৰে যে  গণতান্ত্ৰিক সমাজবাদৰ মৰ্যদা দিব পাৰি তাৰ সন্ধান দি গৈছে| এনে এজন মহান পুৰুষৰ জীৱনী লিখা সম্ভৱপৰ নহ্য় বুলি স্বীকাৰ কৰি, কবি যতীন্দ্ৰ নাথ দুৱৰাই কৈ গৈছে এনেদৰে-তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ/গোটেই অসম ভুমি বিস্তৃত জীৱনী যাৰ|’ অস্পৃশ্যতা আৰু স্ংস্কাৰমুক্ত সমাজ এখনৰ লাই খুটা স্থাপন কৰিছিল মহাপুৰুষ শ্ংকৰদেৱে |সমাজৰ সামূহিক কেন্দ্ৰৰূপে ধৰ্ম চৰ্চা, স্ংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শংকৰদেৱে বৰদোৱাত নামঘৰ সাজি ভক্তিৰ প্ৰথম খুটি মাৰে | মহাপুৰুষজনাৰ দ্বাৰা সৃষ্ট  নাট ভাওনা-বৰগীতৰ উপৰি সাহিত্যৰ বিজয় স্তম্ভ হল কীৰ্তন| তদুপৰি ভাগৱতৰ ১ম,  ১ম, ২য়, ৩য় স্কন্ধৰ  লগতে  দশমৰ প্ৰথম অংশ, একাদশ আৰু দ্বাদশ স্কন্ধ গুৰুজনাই অসমীয়ালৈ ভাঙনি কৰে| ভাগৱতৰ কাহিনীক লৈ হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, বলিছ্লন গ্ৰ্ন্থৰ উপৰি ভক্তি প্ৰদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ, গুণমালা, নিমি নৱ সিদ্ধ সংবাদ, ৰামায়ণৰ উত্তৰাকাণ্ড ইত্যাদি গ্ৰন্থৰে অসমীয়া সাহিত্যৰ জগত  উভৈনদী কৰি থৈ গৈছে| মুঠতে অসমৰ পবিত্ৰ ভূমিক ভক্তি ৰসৰ সোঁতেৰে ঢৌৱাই মাবৱতাৰ ভেটি বন্ধা শ্ৰীমন্ত্ত শংকৰদেৱ যুগ যুগান্তৰৰ বাবে নমস্য পুৰুষ| ভাদ মাহৰ অষ্টমী তিথিত জন্মগ্ৰহণ  কৰা ভগৱান শ্ৰীকৃষ্ণ ভাৰতীয় পৰম্পৰা আৰু জনমানসত অপ্ৰতিদ্বন্দ্বী পুৰুষোত্তম| কৃষ্ণই অসাধৰণ পৌৰুষতা, মধুৰ ব্যক্তিত্ব, প্ৰেম আউৰ মহত্ত্বৰে সকলো মানুহৰ অন্তৰ বশ কৰি শ্ৰদ্ধাৰ পাত্ৰ হৈ অমৰত্বৰ এক ৰাজত্ব কৰিছিল| কৃষ্ণৰ পৰৱৰ্তী কালত বহুতো মহাপুৰুষ, দাৰ্শনিক আৰু ৰাজনীতিজ্ঞই ভাৰতৰ বুকুত জন্মগ্ৰহণ কৰিছে, কিন্ত্ত কোনোৱেই কৃষ্ণৰ দৰে শ্ৰদ্ধা আৰু ভক্তি পূজাৰে বন্দিত হোৱা নাই| সেয়ে কৃষ্ণ হৈছে ভাৰতীয় সমাজ-সংস্কৃতিৰ প্ৰাণ স্বৰূপ| ভাৰতীয় চিন্তাধাৰাত কৃষ্ণ ঐতিসাহিক পুৰুষৰূপে স্বীকৃত| কৃষ্ণ বিনে সমগ্ৰ ভাৰতীয় আত্মা যেন অসাৰ| আমাৰ সামাজিক জীৱনৰ পৰম্পৰাতো কৃষ্ণ হৈছে সুখ দুখ, ঐশ্বৰ্য-বিভূতি, আকাৰ-নিৰাকাৰ আৰু মোক্ষ স্বৰূপৰ অভিনৱ প্ৰতীক| অসমৰ সমাজ-জীৱনতো ৰাম- কৃষ্ণ বিষ্ণুৰে ৰূপ মাথোঁ| নিত্য ব্ৰহ্ম্ৰূপী সনাতন ৰাম-কৃষ্ণক যি ভক্তিৰেই ভকতসৱে শ্ৰ্ৱণ কীৰ্তন নকৰক কিয় –মূলত: বিষ্ণুৰেই শৰণাপন্ন| গুৰু দুজনাৰ ভক্তি ধৰ্মৰ আদৰ্শ আৰু বাণী সমাযপজিত হৈ থকা কৃষ্ণ প্ৰাণটিয়ে সমগ্ৰ অসমীয়া সত্তাটিতে এনে ভাবৰ স্থায়িত্ব লাভ কৰি আহিছে যে জন্মৰ পৰা মৃতুলৈকে সামাজিক জীৱনৰ ভিন্ন ক্ৰিয়া কৰ্মত কৃষ্ণ এক দেহজ আৰু হূদয়স্থ চিন্তাৰ গুৰুকুল মূলাধাৰ স্বৰূপ|

উৎস: অসমীয়া প্ৰতিদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate