সহজ ভাষাত ক’বলৈ গ’লে,
“সংস্কৃতি মানৱ সৃষ্ট সামাজিক আচৰণ। কোনো ভূখণ্ডৰ লোকাচাৰ, কৃষ্টি, সাজপাৰ, জনজীৱন আদিয়েই সেই ঠাইখনৰ সংস্কৃতি। সংস্কৃতি মানৱ জীৱনৰ অপৰিহাৰ্য অংগ। লীলা গগৈৰ ভাষাত “সংস্কৃতি হ’ল বোৱঁতী সুঁতি। নৈৰ গতিয়েই সংস্কৃতিৰ গতি। নৈয়ে যেনেকৈ নিৰৱচ্ছিন্ন গতিৰে বৈ থাকে, সংস্কৃতিও তেনেকৈয়ে ধাৰাবাহিক গতিৰে চলি থাকে। পৃথিৱীৰ প্ৰতিখন ঠাইতে ভিন্ন সংস্কৃতি গঢ়ি উঠিছে। সংস্কৃতি মানৱ সৃষ্ট বাবেই প্ৰতিখন ঠাইৰে জাতি জনগোষ্ঠীৰ লোককৃষ্টি অনুযায়ী সংস্কৃতিও ভিন্ন ধৰণে গঢ় লৈ উঠে।
ভাৰতবৰ্ষৰো উত্তৰ-পূৱ প্ৰান্তত বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠী মিলি সন্মিলিত ভাবে বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। সেয়েহে চাগে সংগীত সম্ৰাট সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱে কৈছিল-
“নানা জাতি, উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি হৈছিল সৃষ্টি এই মোৰ অসম দেশ…”।
সময়ে সময়ে বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰি অহা অসমভূমিত জনগোষ্ঠীয় কৃষ্টিৰে গঢ়ি উঠা সংস্কৃতি যেন সমন্বয়ৰ সংস্কৃতি। এই অসমীয়া সংস্কৃতিত আৰ্য, কিৰাত, নিষাদ, দ্ৰাবিড় আদি সকলো সংস্কৃতিও মিশ্ৰিত হৈ আছে। বৃহত্তৰ অসমীয়া সংস্কৃতি কেঁচা মাটিৰ পৰশেৰে সজীৱ। অসমীয়া সংস্কৃতি মাথো কেইটিমান জনগোষ্ঠীৰ দ্বাৰা প্ৰভাৱিত নহয় বৰং ইয়াত মৰাণ, বৰাহী, চুটীয়া, কছাৰী, বড়ো, লালুং, গাৰো, ভূঞা, কোঁচ, কাৰ্বি, তিৱা, ৰাভা, নেপালী, মিচিং, নগা আদি ভালেমান জাতি জনগোষ্ঠীৰ মিশ্ৰিত কৃষ্টিৰ এক বৃহৎ সমন্বয়।
যদিও অসমীয়া সংস্কৃতি মূল ভাৰতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, তথাপি তাৰ মাজতেই জনগোষ্ঠীয় সমন্বয়ৰ বাবেই অথবা ভৌগলিক পৰিবেশৰ প্ৰভাৱতে হওঁক, অসমীয়া সংস্কৃতিয়ে স্বকীয়তা ৰক্ষা কৰি আহিছে। সংস্কৃতি নিজা নিজা জাতিৰ জাতীয় বৈশিষ্টৰে সমাজত জীয়াই থাকে। অসমীয়া সংস্কৃতি, লোককৃষ্টি মূলতঃ কৃষিভিত্তিক। অসমৰ জনজাতীয় সমাজবোৰে স্বকীয় লোকাচাৰ বিশিষ্ট বাৰেবৰণীয়া কৃষ্টিৰে বৰ্ণাঢ্য ৰূপত সজাইছে অসমীয়া সংস্কৃতিৰ বুকু। সেয়েহে চাগে অসমীয়া সংস্কৃতিৰ ভড়াল অতি প্ৰাচীন আৰু চহকী। বিহু অসমীয়া সংস্কৃতিৰ প্ৰধান আৰু অপৰিহাৰ্য অংগ।
জাতি, জনজাতি, ধৰ্ম, ভাষা, সম্প্ৰদায় আদিক উৰ্দ্ধত ৰাখি বিহুক অসমৰ জনসমাজে জাতীয় উৎসৱ হিচাপে পালন কৰে।
মূলতঃ
বসন্তোৎসৱ বিহুয়ে অসমীয়াৰ মনত অনাবিল আনন্দ আৰু হেঁপাহ সৃষ্টি কৰে। অসমৰ বিহু তিনিটা যদিও বসন্ত কালত প্ৰধানকৈ ৰঙালী বিহুত হে অসমীয়াই আবেগ ঢালি দিয়ে। ৰঙালী বিহুত ঢোল, পেঁপা, টোকা-গগনাৰ মাতত আকাশ বতাহ মুখৰিত কৰি প্ৰাণৰ অনাবিল চঞ্চলতা প্ৰকাশ কৰাৰ বিপৰীতে অসমীয়া জীয়ৰীয়ে ব্যবহাৰ কৰা সাজপাৰ মুগা ৰিহাৰ সমাদৰে সংস্কৃতিৰ অন্য এক ধ্বজাবাহক হিচাপে পৰিচয় দিয়ে। সেয়ে চাগে নৈৰ চাপৰি, পথাৰ অথবা আঁহতৰ তলত অসমীয়া ডেকা গাভৰুৱে গায়
“বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গ’লে বিনাবা কাক…”
সঁচাকৈ, ৰঙালী বিহুত অসমীয়া ডেকা গাভৰুৱে নৈৰ চাপৰি, মুকলি পথাৰত অথবা আহতৰ তলত ঢোল, পেঁপা, গগনাৰে ৰং ধেমালি কৰাও যেন অসমীয়া সংস্কৃতিৰে পৰিচয়। বিহুৱে অসমীয়া সংস্কৃতিৰ অন্য এক মাত্ৰা প্ৰদান কৰিছে। বিহুহীন অসমীয়া সংস্কৃতি কল্পনা কৰিব নোৱাৰি। অসমীয়াৰ বসন্তোৎসৱ বিহু অসমীয়া সংস্কৃতিৰ ধ্বজাবাঁহক।
”অ’ দেহি ঐ নাহৰ ফুল ফুলিবৰ বতৰ….”
-এয়াই বসন্তোৎসৱ….
অসমৰ চানেকী।
লেখক:-বিশাল দেৱ ৰায়
উৎস:- সৃষ্টিৰ জিলিঙনি আলোচনীৰ দ্বাৰা সংগৃহীত
শেহতীয়া উন্নীতকৰণ: : 2/16/2024