অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া সমাজ জীৱনত নামঘৰ :

অসমীয়া সমাজ জীৱনত নামঘৰ :

 

নৱবৈষ্ণৱ ধৰ্মলৈ জাগৰণ অনা অসমৰ কলা-কৃষ্টি সংস্কৃতিৰ প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু নামঘৰসমূহ এটা সুকীয়া বৈশিষ্ট্য আছে।

পৰৱৰ্তী কালত এই নামঘৰ আৰু সত্ৰসমূহ সামাজিক নীতি-নিয়ম, ভকতসকলৰ দৈনন্দিন শুদ্ধ-সাত্ত্বিক কৰ্ম পদ্ধতি, আচৰণ, শিক্ষা, মানৱ প্ৰেম আৰু ভক্তি ৰসেৰে ভৰপূৰ ধৰ্মীয় অনুষ্ঠান হৈ পৰিছিল।

সত্ৰসমূহৰ দৰে নামঘৰ অসমীয়া জন-জীৱনৰ সাংস্কৃতিক সম্পদ। নামঘৰত গুৰুজনাই সৃষ্টি কৰিছিল সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট। গ্ৰামাঞ্চলত ধৰ্মচৰ্চাৰ উপৰি ৰাইজৰ বিচাৰ, অংকীয়া ভাওনা আদি নামঘৰত অনুষ্ঠিত হয়।

নামঘৰ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক, বৌদ্ধিক সকলো দিশৰে উত্তৰণ ঘটাই আধ্যাত্মিক চিন্তা-চৰ্চাৰ পাঠ শিকোৱা সাংস্কৃতিক কেন্দ্ৰ।

গাঁৱে-ভূঞে-নগৰে সিঁচৰিত হৈ থকা নামঘৰবোৰ অসমীয়া বৈষ্ণৱ সমাজৰ ৰাজহুৱা উপাসনাথলী। পৱিত্ৰ ভাদ মাহত উজনি-নামনি, মধ্য অসমৰ সকলো নামঘৰ বৈষ্ণৱপ্ৰাণ ভক্তৰ সমাগম আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।

যোৰহাটৰ ‘ঢেঁকীয়াখোৱা বৰ নামঘৰ’, গোলাঘাটৰ ‘আঠখেলীয়া বৰ নামঘৰ’ৰ দৰে গুৱাহাটী মহানগৰৰ নামঘৰবোৰো নাম-প্ৰসংগ, ভাগৱত চৰ্চাৰ আধ্যাত্মিক ভাবত মুখৰ হৈ থাকে।

কোচবিহাৰৰ মধুপুৰ সত্ৰ, মাজুলীৰ সত্ৰৰ পৰা আমন্ত্ৰণ কৰি অনা বিশিষ্ট ভকতৰ সুৰীয়া কন্ঠৰ ভাগৱত পাঠ আৰু শাস্ত্ৰজ্ঞ ব্যাখ্যা, প্ৰকৃত ৰাগ-তালেৰে পৰিৱেশন কৰা মহাপুৰুষ দুজনাৰ বৰগীত আৰু কীৰ্তনৰ ঘোষা-পদৰ শুৱলা লয়ৰ ধ্বনিয়ে ভাদমহীয়া নামঘৰলৈ আধ্যাত্মিক বাতাৱৰণ আনে। এই বাতাৱৰণে ভক্তক ‘নিৰাকাৰ’, ‘নিৰঞ্জন’ কৃষ্ণযশৰ পৰমানন্দত মজি থাকিবলৈ উদ্বুদ্ধ কৰে।

বিভিন্ন প্ৰান্তৰ পৰা ভকতসকলে গুৱাহাটীলৈ আহি নামধৰ্ম প্ৰচাৰ কৰি আছে। সত্ৰত থকা ভকতৰ দৰে নামঘৰীয়াসকলে গুৰুজনাৰ আদৰ্শৰে শুদ্ধ, সত্ত্ব কৰ্মপদ্ধতিৰে পুৱা-গধূলি নাম-প্ৰসংগ কৰি শংখ, দবা, তাল, কাঁহৰ মংগলধ্বনিৰে ৰাইজৰ মংগলৰ কাৰণে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনায়।

নাম-ধৰ্মৰ দৰ্শনেৰে অনুপ্ৰাণিত নামঘৰীয়াই শাস্ত্ৰৰ জ্ঞানেৰে, সুস্থ চিন্তা-চৰ্চাৰে সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে।

পঞ্চদশ শতিকাৰ বৰ অসমৰ উচ্ছৃংখল সমাজত শংকৰ গুৰুজনাই ‘একশৰণ নামধৰ্ম’ প্ৰচাৰ কৰি সাম্য-মৈত্ৰী, ঐক্য-সম্প্ৰীতি আৰু শান্তিৰ বাণী বিলাইছিল।

গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, জয়ন্তীয়াৰ মাধৱ আতৈ, আহোমৰ নৰহৰি, নগাৰ নৰোত্তম, ভূটিয়াৰ জয়ৰাম, মুছলমানৰ চান্দ সাইক শৰণ দি পৰ্বত-ভৈয়াম, বৰলুইতৰ দুয়োপাৰৰ জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ সমন্বয়ৰ সেতু গঢ়িছিল। সমাজৰ পৰিগাঁথনি সুদৃঢ় কৰিবলৈ জাত-পাত, শ্ৰেণী-বৈষম্যহীন এখন সমাজ গঠনৰ কাৰণে শংকৰ মহাপুৰুষে নামঘৰ প্ৰতিষ্ঠা কৰিছিল।

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ সামজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো দিশতে অস্থিৰ সমাজ জীৱনত আধ্যাত্মিকতাৰ প্ৰাসংগিকতা আহি পৰিছে। নামঘৰৰ আধ্যাত্মিক পৰিৱেশে মানসিক উৎকৰ্ষ সাধনত বৰঙণি যোগায়। সংসাৰক্লিষ্ট তাপিতজনক সন্তাপিত কৰে সমাজক সঠিক পথৰ সন্ধান দিয়ে।

কৃষ্ণৰ নাম-গুণ, শ্ৰৱণ-কীৰ্তনেৰে আত্মজ্ঞান, পৰম সত্যৰ অনুসন্ধান, মানৱপ্ৰেম, বিশ্ব ভাতৃত্ববোধ, স্ৰষ্টা আৰু দ্ৰষ্টাৰ দেহ-মনৰ সংগতি- এই সকলোবোৰ অনুভূতিৰ বৈভৱেৰে সমুজ্জ্বল শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্মৰ দৰ্শন। ভাগৱতে কৈছে- ‘মহাধৰ্ম কৰ্ম যত আছে সংসাৰত, নাম সুমৰন্তে উপজে মনত’।

কলিযুগত নামতকৈ শ্ৰেষ্ঠ আন একো নাই। প্ৰৱহমান নদীৰ দৰেই নামঘৰত হৰিনাম ৰসৰ ‘প্ৰেম অমৃতৰ নদী’ বয়। ভিন ভিন জাতি-জনজাতিৰ কৃষ্টিৰ সমলয়েৰে শংকৰ গুৰুজনাই অসমীয়া জাতিৰ সাংস্কৃতিক বুনিয়াদ গঢ়িছিল।

সত্ৰীয় কলা-সংস্কৃতি নামঘৰতে থূপ খাই আছে। গুৰু দুজনাৰ ধৰ্মীয় দৰ্শন, সৃষ্টিৰাজি, কৰ্মৰ ঐতিহ্য, পৰম্পৰা শতিকাজুৰি নামঘৰে বহন কৰি আছে।

লেখিকা: দূৰ্বা চৌধুৰী(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate