অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া সমাজ-সংস্কৃতিত চোতাল

অসমীয়া সমাজ-সংস্কৃতিত চোতাল

 

অসমীয়া মানুহে ঘৰ সজালে সন্মুখ ফালে আৰু পিছফালে কিছু পৰিমাণে মুকলি ঠাই ৰাখে যিখিনি ঠাইক ‘চোতাল” বোলা হয়-

 

অসমীয়া সমাজ জীৱনত চোতালৰ প্ৰয়োজন এৰাব নোৱাৰা। গাঁৱলীয়া গৃহহী ঘৰ এখনত চোতালখন নহ’লেই নহয়। "হেমকোষ’ত চোতালৰ অর্থ দিছে-‘ঘৰৰ সন্মুখৰ সমান ঠাই। গাঁৱলীয়া গৃহস্থী ঘৰ এখনত সাধাৰণতে দুখন চোতাল দেখিবলৈ পোৱা যায়। আগফালে আগচোতাল আৰু পিছফালে পিছচোতাল।

জন্ম, বিবাহ, মৃত্যু-এই তিনিও কাৰ্য্যৰ লগতে দৈনন্দিন জীৱনৰ বিভিন্ন প্রয়োজনীয় কাম-কাজখিনি চোতালখনতে কৰা হয়। সেয়েহে পুৱা কোনো শোৱাৰ পৰা নোঠোতেই ঘৰৰ বোৱাৰীগৰাকীয়ে বাহী চোতালখন সৰা মচা কৰি দিনটোৰ কাৰণে সাজু কৰি তোলে। চোতাল সাৰিবলৈ তামোল-পাতৰ শোটা নাইবা নাৰিকলৰ পাতৰ পৰা তৈয়াৰ কৰা বাঢ়নী ব্যৱহাৰ কৰা হয়। বাহী চোতালত ঘৰৰ কোনো পুৰুষ সদস্যই ভৰি দিবলৈ নাপায় বুলি অতীতৰ পৰাই মানি অহা হৈছে।

পূর্বে গাঁওসমূহত গৰম দিনৰ নিশা চোতালত ঢাৰি-পাটী পাৰি আইতাক-ককাকে নাতি-নাতিনীক সাধু কথা শুনাইছিল। গাঁৱৰ বুঢ়া-মেথাকেইজনেও গা জুৰ পেলাবলৈ গৈ কোনোবা এঘৰ মানুহৰ চোতালত বহি মেল মাৰে। গাঁৱৰ কথা, খেতিৰ কথা আলোচনা কৰে। একেদৰে জাৰকালি চোতালৰ এমূৰত জুই ধৰি জুই পুৱায় ডেকা-গাভৰু সকলোৱে। ধান চপোৱাৰ দিনত চোতালখন নহ’লেই নহয়। পথাৰৰ পৰা অনা ধানেৰে চোতাল ভৰি থাকে, বিহুৰ আগেয়ে চোতালতে মৰণা মৰি ধান ভঁৰালত সোমোৱায়। সৰু ল’ৰা-ছোৱালীৰ ওমলাৰ ঠায়ো এই চোতালখনতেই। চোতালতেই বিভিন্ন খেল-ধেমালিৰে সময়বোৰ পাৰ কৰে, উমাল কৰি ৰাখে ঘৰখন।

শিশুহঁতে গায়—

‘অলৌগুটি টলৌগুটি

কচুগুটি ঘাই।

যি হাতে গুটি আছে

সেই হাতে পায়।”

অসমীয়া সমাজত বাঁহ-বেতেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যৱহাৰ বহুল। ডলা-চালনী, পাচি-খৰাহি আদি দৈনন্দিন ব্যৱহৃত সামগ্ৰীবোৰ বাঁহেৰেই সাজি লয় অসমীয়া পুৰুষে। অসমীয়া মানুহ এইবোৰ কামত পাকৈত। খেতিৰ কামৰ পৰা আজৰি হৈ চোতালতে এইবোৰ সজাত ব্যস্ত হয়। বিয়াকে আদি কৰি বিভিন্ন উৎসৱ-অনুষ্ঠানত অসমীয়া মানুহক চোতালখন লাগে। গাঁৱৰ ডেকাবোৰে চোতালত বিয়াৰ কেইবাদিনো আগেয়ে ৰভা দি আজৰি হয়। দিনত জোৰণ দিয়াৰ লগতে ৰাতিৰ বিয়াখনো সেই চোতালতে সম্পন্ন হৈ যায়। একেদৰে ঘৰত কাৰোবাৰ মৃত্যু হ’লেও শৱদেহ চোতালত শ্মশানলৈ নিয়ালৈকে শুৱাই ৰখা হয়। শৱদেহ শ্মশানলৈ নিয়াৰ পাছত ঠাইডোখৰ মচি বগৰীৰ জেং আদি দি ৰখা হয়। মৃতকৰ শ্ৰাদ্ধ-ভোজো সম্পন্ন হয় চোতালতে।

বিহুৰ আগে আগে ধান শুকুওৱা, চাউল চলা-জৰা, গামোচা অথবা চাদৰ-মেখেলা ববলৈ তাঁত বাটি কৰা হয় চোতালতে। বিহুৰ কেইদিন চোতালতে হুচৰি গায় গাঁৱৰ ৰাইজৰ লগতে সৰু ল’ৰা-ছোৱালীবোৰেও। চোতালৰ একোণত তুলসী পুলি এটা অসমীয়া গ্রাম্য সমাজত থাকেই। ঘৰৰ গৃহিণীগৰাকীয়ে গা-পা ধুই তুলসীতলত বন্তি জ্বলোৱাটো পৰম্পৰা। তদুপৰি কাতি বিহুৰ দিনাখন এই তুলসীতলত চাকি বন্তি জ্বলাই মাহ-প্রসাদ আগবঢ়োৱাৰ লগতে ল’ৰা-ছোৱালীয়ে গায়-

‘তুলসীৰ তলে তলে মৃগপহু চৰে,

তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ যোৰে।”

গতিকে দেখা যায়, চোতালৰ লগত অসমীয়া লোক জীৱনৰ সম্বন্ধ অনেক । অসমীয়া লোক-জীৱনত চোতালখন নহ’লেই নহয়।

অসমীয়া লোকসাহিত্যতো চোতালৰ উল্লেখ আছে। বিহুগীতত আছে—

 

‘চৰাই হৈ পৰিমগৈ তোমালোকৰ চোতালত

মাছে হৈ ধৰা দিম জালত,

ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত

মাখি হৈ চুমা দিম গালত।”

চোতালক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্রবচন, ফকৰা-যোজনাৰো। 'নাচিব নাজানে চোতালখন বেঁকা’, ‘চোতালৰ আগৰ দূবৰি’ আদি উল্লেখযোগ্য।

সময় পৰিৱর্তনশীল। সময়ে সকলোৰে ওপৰত প্ৰভাৱ পেলায়। সম্প্রতি বিশ্বায়নৰ প্ৰভাৱে সমাজ-সংস্কৃতি সকলোতে ব্যাপক পৰিৱৰ্তন আনিছে। মানুহ গাঁও এৰি নগৰমুখী হৈছে। কাৰণ নগৰত চাকৰি-বাকৰি, শিক্ষা-দীক্ষা, চিকিৎসা আদিৰ সুবিধা বেছি। বাট-পথ উন্নত। নগৰীয়া মানুহৰ উন্নত জীৱন-নির্বাহ প্রক্রিয়াই গাঁৱৰ মানুহক নগৰলৈ আকর্ষণ কৰি আহিছে। ফলস্বৰূপে নগৰত মানুহৰ সংখ্যা বাঢ়ি গৈছে, গাইপতি তাকৰীয়া মাটিতে ঘৰ সাজি থাকিবলগীয়া হৈছে। গতিকে চোতাল বুলিবলৈ ঠাইৰ অভাৱে দেখা দিছে। বহু লোকৰ চৌহদত খালী মাটি অকণো পাবলৈ নাই। তাতে আকৌ এপার্টমেণ্ট সাজি থাকিবলৈ লোৱাৰ পৰা চোতাল শব্দটোৰেই লুপ্ত হোৱাৰ উপক্ৰম ঘটিছে। আজিৰ মানুহে সকাম-নিকাম চুবুৰীয়াকৈ ঘৰৰ ভিতৰতে পতা হৈছে। বিবাহ-শ্ৰাদ্ধৰ দৰে অনুষ্ঠান বিবাহ ভৱনত অনুষ্ঠিত কৰিবলগীয়া হৈছে। চোতালৰ অভাৱত ল’ৰা-ছোৱালীয়ে ঘৰৰ ভিতৰতে কম্পিউটাৰত গেম খেলি, টিভি চাই সময় পাৰ কৰে। গাইগুটীয়া পৰিয়ালত সাধুকথা ক’বলৈ আইতাকো নাই, চোতালো নাই। পূর্বে বোৱাৰী পুৱাতেই দেখিবলৈ পোৱা চিৰ-পৰিচিত চোতাল সৰাৰ দৃশ্য এতিয়া নগৰত দেখিবলৈ পোৱা দুর্লভ। অৱশ্যে গাঁও অঞ্চলত এতিয়াও চোতালৰ অস্তিত্ব বিৰাজমান। পৰিৱর্তনে আমাৰ আপোন চোতালখনৰ অস্তিত্বলৈকো সংশয় কঢ়িয়াই আনিছে, ই নিঃসন্দেহে দুৰ্ভাগ্যজনক।

লিখক: গৌতম বৰা, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate