অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ চিত্ৰকলা

অসমৰ চিত্ৰকলা

সুকুমাৰ কলাৰ ভিতৰত চিত্ৰকলা অন্যতম। মধ্যযুগত অসমত চিত্ৰবিদ্যাৰ অনুশীলন চলিছিল – ৰজাঘৰ আৰু সত্ৰসমূহত। কালক্ৰমত দুয়োঠাইত চিত্ৰিত কৰা পুথিচিত্ৰ সমূহে দুটি ভিন্ন শৈলীৰ ৰূপত মূৰ্তিমান হৈছিল। এটা ধৰ্মনিৰপেক্ষ ৰাজকীয় শৈলী আৰু আনটো ধৰ্মাশ্ৰিত সত্ৰীয়া শৈলী – এই শৈলী দুটাৰ উল্লেখ কৰিছিল ড° সুনীতিকুমাৰ চট্টোপাধ্যায় ডাঙৰীয়াই। পূৰ্ব ভাৰতৰ পুথিচিত্ৰৰ গৱেষণা কৰা ড° ৰজতানন্দ দাশগুপ্তই পূৰ্বাঞ্চলৰ পুথিচিত্ৰক সাতোটা শৈলীৰ অন্তৰ্ভুক্ত কৰিছে। পিছে অসমৰ লেখীয়া সৰু ঠাই এখনত প্ৰাপ্ত কম সংখ্যক পুথিচিত্ৰক ইমান কেইটা শৈলীত বিভাজন কৰাৰ যুক্তি নাই। পুথিৰ মলাটৰ চিত্ৰক এটি সুকীয়া শৈলী ৰূপে স্বীকৃতি দিয়া ড° দাশগুপ্তই সত্ৰসমূহৰ বেৰ, চ’তি, খুটা প্ৰভৃতিত অংকিত চিত্ৰবোৰক আলোচনাৰ ভিতৰলৈ অনা নাই। কোনো কোনো সত্ৰৰ সিংহাসন সমূহতো বাৰেৰহণীয়া চিত্ৰ অংকন কৰা হৈছে। সেইবোৰেও সত্ৰীয়া শৈলীৰে লগুণ গাঁঠি বান্ধে। সেইফালৰপৰা মধ্যযুগীয় অসমীয়া চিত্ৰকলাক নিম্নোক্ত শৈলী কেইটাৰ অন্তৰ্ভুক্ত কৰিব পাৰি –

ক) ধৰ্মাশ্ৰিত সত্ৰীয়া শৈলী,

খ) ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত বিকশিত চাকচিক্য ভৰা গড়গঞা শৈলী,

গ) লোক কলাৰ আধাৰত বিকশিত দৰঙী শৈলী, আৰু

ঘ) টাই-আহোম লিপি আৰু ভাষাত ৰচিত গ্ৰন্থৰ আহোম শৈলী।

সত্ৰৰ খনিকৰসকলে সিংহাসন, পুথিৰ বাকচ, পুথিৰ বকলা, চ’তি-বেৰ প্ৰভৃতিত হেঙুল-হাইতালেৰে বোলাই যিবোৰ চিত্ৰ অংকন কৰিছিল সেইবোৰক সত্ৰীয়া শৈলীৰ চিত্ৰ বুলিব পাৰি। এই শৈলীত অংকিত পুথি চিত্ৰৰ সংখ্যা ভালেখিনি। তাৰ ভিতৰত চিত্ৰ-ভাগৱতৰ নাম সৰ্বাগ্ৰে উলেখনীয়। ইয়াৰ মূল নগাওঁ-বালিসত্ৰৰ তুলাপতীয়া পুথি। এই শৈলীৰ আন পুথিৰ ভিতৰত ১৭৬৫ খ্ৰীষ্টাব্দত ৰুচি বাপুৰ দ্বাৰা চিত্ৰিত দশম, দক্ষিণপাট সত্ৰত সংৰক্ষিত আদ্য দশম আৰু অজামিলোপাখ্যান, পুৰণি বুৰ্কাৰপৰা সংগ্ৰহ কৰি নি তেজপুৰৰ অসম চিত্ৰকলা সংগ্ৰহালয়ত সংৰক্ষিত ভাগৱত-ষষ্ঠস্কন্ধ, শিৱসাগৰৰ কোনোবাখিনিত প্ৰাপ্ত সমুদ্ৰ মন্থন, লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামস্থ দুখনি ভাগৱত-পুৰাণ (ও. আৰ. ৪৭৮০ আৰু এডিচনেল ১২২৩৩), ব্ৰহ্মদেশত থকা অষ্টমস্কন্ধ ভাগৱত আৰু গোৱালপাৰা-গোসাইবৰি সত্ৰত সংৰক্ষিত সচিত্ৰ দশমৰ উপৰি পূবথৰীয়াৰ মাধৱ আতা সত্ৰৰ ৰঙালী কীৰ্তন, ঈশ্বৰ হাটী সত্ৰৰ কীৰ্তন, ন-বুৰ্কা সত্ৰৰ চিত্ৰ-কীৰ্তন, মধুপুৰ সত্ৰৰ চিত্ৰ-কীৰ্তন, যোৰহাট কৰঙাৰ চিত্ৰ-কীৰ্তন, আইভেটি ন-সত্ৰৰ সচিত্ৰ পাৰিজাত হৰণ নাট, মংগলদৈ অঞ্চলত প্ৰাপ্ত অনাদি পাতন, নগাওঁ-আঁহতগুৰিৰ সত্ৰ বিশেষত সংৰক্ষিত সচিত্ৰ ৰামায়ণ, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা ৰামায়ণ-সুন্দৰাকাণ্ড, উপেন্দ্ৰনাথ লেখাৰু সংগৃহীত তুলাপতীয়া লংকাকাণ্ড, বাৰেঘৰ সত্ৰৰ অধ্যাত্ম ৰামায়ণ, মায়াৰাম দিনজয় সত্ৰৰ শ্ৰীভাগৱত-মৎস্য চৰিত আৰু কুমৰ হৰণ, কামৰূপৰ ৰামপুৰ গাঁৱত প্ৰাপ্ত ভগৱৎ গীতা, নগাওঁ কৰতিপাৰ সত্ৰৰ ভক্তি-ৰত্নাৱলী, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা লৱ-কুশৰ যুদ্ধ আৰু কৰ্ণ পৰ্ব(১৮৪১ খ্ৰী:), নগাওঁ-চামগুৰি সত্ৰত থকা নিমিনৱ-সিদ্ধ সংবাদ(১৮১৭ খ্ৰী:) আৰু ভক্তি-প্ৰদীপৰ নাম উল্লেখযোগ্য। গড়গঞা শৈলীৰ প্ৰখ্যাত পুথি চিত্ৰবোৰ হ’ল – হস্তীবিদ্যাৰ্ণৱ, শংখচুড় বধ, ভাগৱত-ষষ্ঠ স্কন্ধ(১৬৫৯শক), বৃটিছ মিউজিয়ামত থকা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ব্ৰহ্ম খণ্ডৰপৰা দুৰ্গাৰামে কৰা সচিত্ৰ ৰূপ (ও. আৰ. ১১৩৮৭), ধৰ্মপুৰাণ, কীৰ্তন-ঘোষা (এডিচনেল ১২২৩৪), বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত সংৰক্ষিত দৰঙীৰজা কৃষ্ণ নাৰায়ণৰ উল্লেখ থকা অষ্টমস্কন্ধ, কবিৰাজ চক্ৰৱৰ্তীৰ গীত-গোবিন্দ, শিৱসিংহৰ দিনত চিত্ৰিত আনন্দ লহৰী, দৰং ৰাজবংশাৱলী, ঘনশ্যাম খাৰঘৰীয়া ফুকনৰ দ্বাৰা চিত্ৰিত কল্কি পুৰাণ আৰু নাজিৰাৰ বুধবৰীয়া সত্ৰত সংৰক্ষিত কুমৰ হৰণ। দৰঙী চিত্ৰশৈলীৰ ভিতৰত তীৰ্থ কৌমুদী, তৃতীয় স্কন্ধ ভাগৱত, অষ্টম স্কন্ধ ভাগৱত আৰু চাহাপৰী উপাখ্যান প্ৰখ্যাত। টাই-আহোম শৈলীৰ দুখনি তুলাপতীয়া পুথি পোৱা গৈছে – ফুং চিন(১৪৭৩ খ্ৰী:) আৰু চুক-টান্তা কিম্পং(১৫২৩ খ্ৰী)। ওপৰত উল্লেখ কৰা পুথিৰ উপৰি আৰু বহুসংখ্যক সচিত্ৰ পুথি অসমৰ বিভিন্ন সত্ৰত সংৰক্ষিত হৈ আছে।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate