অসমৰ বিভিন্ন লোকবাদ্যসমূহৰ ভিতৰত অতিকে পুৰণি বাদ্যটোৱেই হ'ল ঢোল । ঢোলক বাদ দি অসমীয়া বিহুটিৰ কথা ভাবিবই পৰা নাযায় । অসমীয়া সংস্কৃতি ,অসমীয়া জনজীৱনৰ লগত ঢোল ওতঃপ্ৰোতভাৱে জড়িত । ডঃ লীলা গগৈদেৱৰ ভাষাত,'' ঢোল পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ।" যোগেশ দাসদেৱৰ ভাষাত,"ঢোলটোৰ মাজত অসমীয়া জীৱন টোৱেই সোমাই আছে।"
অতীজৰেপৰাই অসমত ঢোলৰ ব্যৱহাৰ হৈ অহাৰ কথা নানা কিতাপে-পত্ৰই পোৱা হয় । ৰজাসকলে ৰাজ্যত কিবা ঘোষণা কৰিবলৈ দিলেও "ঢোলপিটি শুনাই দিয়া হওক" কথাষাৰৰ যোগেদি ঢোলৰ ব্যৱহাৰৰ কথা বুজা যায় । ৰণহুংকাৰ দিবলৈও ঢোল বজোৱা হৈছিল । আহোম ৰজাৰ ৰাজচ'ৰাত বিভিন্ন উৎসৱত ঢোল বজোৱা হৈছিল । সেইসময়ৰে পৰাই গছৰ তল বা মুকলি ঠাইত সমজোৱাকৈ বিহু মৰা হৈছিল ।বুৰঞ্জীত উল্লেখ থকামতে শিৱসাগৰ জিলাৰ বিহুবৰ নামৰ ঠাইখনত ৰজাসকলৰ দিনত প্ৰথম ঢোল-পেপাঁ বজাই বিহু মৰা হৈছিল যাৰ কাৰণে সেই অঞ্চল টো বিহুবৰ বুলি পৰিচিত হ'ল ।তাৰ বহু পিছতহে ৰংঘৰৰ বাকৰিত বিহু মৰা আৰম্ভ হৈছিল । মহযুঁজ,কুকুৰাযুঁজ আদিতো ঢোলবাদ্য বজোৱা হৈছিল । ঢোলক এক মাংগলিক বাদ্য বুলি গণ্য কৰা হয় অসমত । সেয়েহে অসমৰ সত্ৰসমূহৰ বিভিন্ন মাংগলিক অনুষ্ঠানত তথা পূজামণ্ডপত ঢোলবাদন কৰাৰ পৰম্পৰা আছে । বৃহৎ অসমীয়া সংস্কৃতিৰ ঢোল হ'ল এটি প্ৰধান অংগ । ঢোল নহ'লে প্ৰকৃত অসমীয়াৰ বিয়াঘৰ খনো হৈ পৰে কিবা উৰুঙা উৰুঙা । বিহুতলীতেই যদি ঢোলটি নাথাকে সেইখন কেনে বিহুতলী হ'ব কল্পনা কৰি চাওকচোন ।
ঢোলৰ প্ৰচলন সৰ্বপ্ৰথম কোন দেশত হৈছিল সেইবিষয়ে নিৰ্ভৰযোগ্য তথ্য পোৱা টান । কথিত আছে ইজিপ্ত দেশতেই প্ৰথম ঢোলৰ আৰ্হিৰ সম্ভেদ পোৱা গৈছিল । কিন্তু ঢোলৰ ব্যৱহাৰ সকলোতকৈ বেছি বুলি গম পোৱা হৈছে আফ্ৰিকা মহাদেশতেই । আমাৰ দেশখন হ'ল মহাভাৰত ৰামায়ণৰ দেশ । গতিকে ঢোলৰ প্ৰচলনৰ ক্ষেত্ৰতো ৰামায়ণ মহাভাৰতৰ কথাই আহি পৰে । সত্য যুগত বোলে হৰ-গৌৰীৰ বিয়াত অনাদি ঢুলীয়াই ঢোল বজাইছিল । ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰৰ বিয়াত বিনন্দি ঢুলীয়াই ,দ্বাপৰ যুগত ৰুক্মিণীৰ বিয়াত নাদী ঢুলীয়াই আৰু কলিযুগত ইন্দ্ৰবংশীয় টাই আহোমৰ ৰাজসভাত সোধন ঢুলীয়াই ঢোল বজাইছিল বুলি জনসমাজত বিশ্বাস আছে । ঢোলৰ লগতে একেধৰণৰ অনান্য বাদ্যসমূহ পূৰ্বতে কৈলাসত আছিল বুলি কোৱা যায়। তৃতীয় পাণ্ডৱ অৰ্জুনেহে বোলে সেই বাদ্যসমূহ মৰ্ত্যলৈ নমাই আনিছিল ৷ ঢোলৰ ওজাসকলে ঢোলৰ মালিতাত এই কথাখিনি এনেকৈ গায়—
কৈলাসৰ মহাদেৱ দিলা ঢোলৰ জনমটি
আদি সত্যযুগে বাদ্য ভৈল উৎপত্তি
শিৱক খুজি পাৰ্থে ঢোল আনিলে নমাই
অনাদি ঢুলীয়া বাদ্য বাজনা শিকাই
আদি গুৰুৰ বাক্যে বাদ্য পৃথিৱীত ঠাই
পৃথিৱীত ৰুক্মিণীৰ বিবাহে বাদ্য বজায়
অসমীয়া ঢোল বজোৱাৰ কেইবাটাও পৃথক শৈলী আছে, যেনে বিহুঢোল, ওজাঢোল, জয়ঢোল, ঢেপাঢোল, মাদল আদি । ঢোলবিলাকৰ মাজত আকাৰগত পাৰ্থক্য থকাৰ দৰে বজোৱা ধৰণ আৰু বোলৰ মাজতো পাৰ্থক্য আছে । যেনে বিহুঢোল একোজনে এটাকৈ লৈ কেইবাজনে একেলগে বা সমজুৱাকৈ বিহুগীত আৰু নৃত্যৰ লগত তাল ৰাখি বজোৱা হয় ওজাঢোল একেজন ওজাই দুটা বা ততোধিক ঢোল একেলগেই বজায় ।
ঢোলৰ মূল খোলাটো কাঠেৰে তৈয়াৰী । ঢোলৰ বাবে কঠাল কাঠেই উত্তম বুলি ভৱা হয় । পূৰঠ কঠাল গছৰ মাটিৰ পৰা ১৫ ফুটমান ওপৰৰ অংশ ঢোলৰ বাবে উপযুক্ত । ডাকৰ বচনত উল্লেখ আছে এই বিষয়ে, "বাৰ হাতে ঢোল তেৰহাতে খোল’’। ঢোলৰ তালি ফালটোৰ ফালে ছাগলীৰ ছাল আৰু কোবনি ফালটোৰ ফালে গৰুৰ ছাল ব্যৱহাৰ কৰা হয়। ছালকেইখন জোখত কাটি ছামৰাৰ বৰতীৰে টানি টানি বন্ধা হয় ।বৰতীৰ টান কম-বেছি কৰি ঢোলৰ সুৰবন্ধন কৰা হয় । ঢোলটো কান্ধত ওলমাবৰ বাবে ব্যৱহাৰ কৰা ৰছীডালক কান্ধজৰী বোলা হয় । ঢোল বজাবলৈ যিডাল বাঁহৰ মাৰি ব্যৱহাৰ কৰা হয় সেইডালো বিশেষ ধৰণে তৈয়াৰ কৰা হয় । বুঢ়া গুৰী বাঁহৰ টুকুৰা চাঁচি মাজি এই মাৰিডাল বনোৱা হয়, মাৰিডালৰ মাজত বাঁহৰ গাঁথিটো ৰাখি বনোৱা হয় ৷ এই মৰমৰ আৰু আদৰৰ ঢোলটোৱেই হ'ল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্য। বিহু/ হুঁচৰিত তকা, পেপাঁ, বাঁহী, সুতুলী, গগণা আদি বহুধৰণৰ বাদ্য বজোৱা হয় যদিও ঢোল আৰু তালেই প্ৰথমৰ পৰা শেষলৈকে বজোৱা হয় ।
মিনুৰেখা গগৈ
সহায়ক গ্ৰন্থ— ‘‘গণশিল্পী মঘাই ওজা’’।
শেহতীয়া উন্নীতকৰণ: : 5/1/2020