বৈষ্ণৱ ধাৰাৰ অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ, গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত আদিৰ উপৰিও দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগী গীত আদিত খোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷ খোলবাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য বুলি গণ্য কৰা হয় ৷ অসমৰ জনজীৱনত মহপুৰুষজনা একশৰণ হৰি নামধৰ্মৰ সৰ্বাত্মক পৰিধিৰ বাবে, খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে৷ গুৰুজনাই ভক্তিমাৰ্গৰ গুঢ় তত্ববিলাক সকলোস্তৰৰ লোকৰ মাজত বিলাই দিবৰ বাবে কলা-কৃষ্টিৰ মাধ্যমকে ব্যৱহাৰ কৰিলে আৰু তাৰ বাবেই ভাওনাকে ধৰি বহু গীত-মাত, ভটিমা, আদিৰ সৃষ্টি কৰিলে ৷ ইয়াকে কৰিবলে যাওঁতে তেখেতে শাস্ত্ৰীয় সংগীতৰ সতে অসমীয়া থলুৱা উপাদান সংযোগ কৰি এক নব্যধাৰাৰ সৃষ্টি কৰিলে, যাৰ ফলস্বৰূপে এই খোল আদি বাদ্যযন্ত্ৰৰ আৱিস্কাৰ হ’ল৷ আপোন বৈশিষ্টৰে খোলক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ থলুৱা বাদ্যসমূহৰ স্থানত ৰাখিব পাৰি৷
অতীজতে খোল কেৱল মাটিৰে তৈয়াৰ কৰা হৈছিল৷ কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ কাঠেৰে খোল তৈয়াৰ কৰা পদ্ধতি আহে৷ অৱশ্যে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ মাজত স্বৰৰ পাৰ্থক্য আছে৷ কাঠৰ খোল তৈয়াৰ কৰিবলৈ পুৰঠ কঠাল গছৰ গা অংশ ব্যৱহাৰ কৰা হয়৷ খোলৰ সোঁফালটো ডাইনা আৰু বাওঁফালটোক বাঁয়া বা বেৱা বোলে৷ খোলৰ আকৃতি এটা পুৰঠ নিঘূনীয়া হৰিতকীৰ দৰে৷ খোল বিভিন্ন আকাৰৰ হ’ব পাৰে যদিও সাধাৰণতে বজাওঁতা জনৰ হাতেৰে এক হাত এক বেগেত চাৰি আঙুল দীঘল হ’লে সুবিধা হয়৷ সাধাৰণতে খোলৰ দৈৰ্ঘ ২৫ ইঞ্চিৰ পৰা ৩৫ ইঞ্চিলৈকে হোৱা দেখা যায়৷ কিন্তু দৈৰ্ঘৰ তাৰতম্য থাকিলেও আকাৰৰ বিভিন্ন অনুপাত বিলাক সঠিক হোৱা বাঞ্ছনীয়৷ এটা পূৰ্ণ আকৃতিৰ খোলৰ দুই মূৰৰ ডাইনা আৰু বাঁয়াৰ পৰিধি ক্ৰমান্বয়ে ১৬ ইঞ্চি আৰু ৩০ ইঞ্চি মান হ’ব লাগে৷ প্ৰচলিত নিয়ম মতে খোলৰ বায়াৰ পৰিধিয়েই খোলৰ দৈৰ্ঘ্য হয় ৷ খোলৰ মাজভাগ টো শকত আৰু দুয়োফালে ক্ৰমান্বয়ে সৰু হৈ আহে৷ ডাইনা ফালটো বায়া বা বেৱা ফালতকৈ সৰু হয় ৷ খোলটোৰ মাজভাগৰ আতাইতকৈ শকত অংশটোক নাভি বোলা হয়৷
এই বাদ্যটিৰেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত ২০১৩ খ্ৰীষ্টাব্দৰ ৬ জানুৱাৰীত তিতাবৰত ১৪৮৩৩ জন শিল্পীয়ে একেলগে পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷
খোলৰ বিভিন্ন অংগবোৰ
খোলা বা ডিমা - মাটি বা কঠাল কাঠেৰে তৈয়াৰী খোলৰ গা অংশক উজনি অসমত খোলা আৰু নামনি অসমত ডিমা বোলে৷
তালি - খোলৰ দুয়োমূৰে দুখন গৰুৰ ছাল বান্ধি লোৱা হয় ইয়াক তালি বোলে৷
কাটনি ছাল - তালিখন ধৰি ৰাখিবৰ বাবে তাৰ ওপৰত এখন আতিৰক্ত ছাল বন্ধা হয়৷ ইয়াকে কাটনি ছাল বোলে৷
মলুৱা বা বান্ধনি - বাজনা আৰু কাটনিছাল দুখন খোলাৰ লগত সংলগ্ন কৰাৰ সুবিধাৰ অৰ্থে চামৰাৰ বাও ব্যৱহাৰ কৰা হয় , ইয়াকে মলুৱা বা বান্ধনি বোলে৷
বৰতি - এডাল দীঘল চামৰাৰ সুতেৰে মলুৱা সহিতে কাটনি আৰু তালিদুখন খোলাৰে সৈতে কেইবাপাকো দি বন্ধা হয়৷ এই সুত বা তন্ত্ৰী ডালক বৰতি বোলে৷
পুলি - বৰতি সুমুৱাবলৈ কাটনি আৰু তালিত কিছুমান ফুটা কৰা হয়, ইয়াক পুলি বোলে৷
লেখিকা: জোনালী
শেহতীয়া উন্নীতকৰণ: : 7/10/2020