অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডবা

ডবা

ডবাটোৰ ডিমা অংশ সৰ্ম্পূণ পিতলৰে তৈয়াৰী। সন্মোখৰ অংশত জন্তুৰ বৃহত ছাল লগোৱা। কাঠৰ দীঘল মাৰিৰে ডবা বজোৱা হয়। প্ৰায় সকলো সত্ৰ আৰু নামঘৰত ডবা থকা দেখা য়ায়। সন্ধ্যা নামঘৰীয়াই সকলো নামঘৰতে চাকি বন্তি জ্বলাই ডবা বজাই। পাল নাম, দিহা নাম পৰিবেশনতো ডবা বজোৱা হয়।
ডবাৰ বাদন প্ৰণালী সৰল, মাৰি দুদালেৰে বিভিন্ন অন্তৰালত কোবনিতকোবাই ডবা বজোৱা হয়|ডবাবাদনতলয়ৰ আৰোহণ আৰু অৱৰোহণ কৰিব লাগে,অৰ্থাৎ বিলম্বিত লয়েৰে আৰম্ভ হৈ ক্ৰমাৎ দ্ৰুতলৈ যায় আৰু শেষত আকৌনামি আহে|ডবা বজাবলৈ সুবিধা কৰি এটা বাঁহ বা কাঠৰ সজাৰ ওপৰত ইয়াক অলপ হেলনীয়াকৈ স্থাপন কৰা হয়|বাদকেথিয় হৈ বজাব পৰাকৈ ডবা ৰখা দেখা পোৱা যায়|

 

ডবা দেখিবলৈ নেগৰাৰ দৰেই এবিধ অৰ্ধ-ডিম্বাকৃতিৰ বাদ্য,কিন্তু আকাৰত নেগেৰাতকৈ যথেষ্ট ডাঙৰ|ডবাৰ গা বা খোলা অংশ পিতল আদি ধাতু বা কাঠেৰে নিৰ্মাণ কৰা হয়|কোনো কোনো ক্ষেত্ৰত মাটিৰেসজা ডবাও দেখা পোৱা যায়|খোলাটোত তলফালে এটা সৰু ফুটা থাকে|এই ফুটাটোৰ বাবেই ডবাৰ মাত স্পষ্ট,ডাঙৰ আৰু গুৰুগম্ভীৰ হয় বুলি ড:দেবজিৎ শইকীয়াই উপৰোক্ত গ্ৰন্থত উল্লেখ কৰিছে|খোলাৰ মূখখন পহুৰ ছালেৰে ছোৱা হয়|কোনো কোনোৱে ম’হৰ ছালো ব্যৱহাৰ কৰে|ডবাৰ সাধাৰণতে খোলাটোৰ তলফালে এটা বাও থাকে আৰু ছাল খন এই বাওটোৰ লগত ৰছীৰে টানি বন্ধা হয়|ৰছীবিলাকক বৰটি বোলে|ওপৰৰ ছাল বা কোবনি খনৰ কাষৰ ফালে চামৰাৰ সুতেৰে এটা সিয়নি দিয়া থাকে,এই সিয়নিটোতে বৰটিবিলাক বন্ধা হয়|ডবাত ঘুন নেথাকে|দুদাল দুফুট মান দীঘল ধেনুভিৰীয়া কাঠৰ মাৰিৰে কোবাই ডবা বাদন কৰা হয়|
ডবা সাধাৰণতে গীত মাতৰ সতে সংগত কৰা বাদ্য নহয়|অসমীয়া সমাজত ই এবিধ মাংগলিক বাদ্য হিচাপে পৰিচিত|সাধাৰণতে নামঘৰ,মন্দিৰ আৰু সত্ৰ সমূহত,নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট উপলক্ষ্যতহে ডবা বাদন কৰা হয়|নামঘৰত সাধৰণতে পুৱা গধূলি সদায় একে সময়তে ডবা বাদন কৰাৰ পৰম্পৰা আছে|নাম প্ৰসংগৰ সামৰণিত ডবা, কাঁহ, শঙ্খ, ঘন্টা আদি একেলগে বজাই এক ভক্তি পূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা হয়|আকৌ,ৰাইজক আৱশ্যকীয় জাননী দিবলৈ বা আহ্বান কৰিবলৈয়ো ডবা বজোৱা হয়|অসময়ত ডবা বজোৱা মানে কোনো জৰুৰী কাৰ্য্যৰ বাবে একগোট হবলৈ কৰা আহ্বান বুলি অসমৰ ৰাইজে বিশ্বাস কৰে| অসমৰ সত্ৰ সমূহত বিভিন্ন উৎসৱ আদিত মাংগলিক বাদ্য হিচাপে ডবা বজোৱাৰ পৰম্পৰা আছে|ভাঁওনা আৰু গায়ন বায়নত অতি গুৰুত্বপূৰ্ণ অংশত ডবা বাদন কৰা হয়| ডবাৰ শব্দই অপায় অমংগল,বিপদ বিঘিনি, ভুত–প্ৰেত আদি দূৰ কৰে বুলিও বিশ্বাস কৰা হয়| সত্ৰসমূহত ডবা বজাবৰ বাবেই দবাদাৰী নামৰ এক পদবীত লোক নিযুক্ত কৰা হয়| নামঘৰ বিলাকত সাধৰণতে নামঘৰীয়ায়েই ডবা বজোৱাৰ দ্বায়িত্ব লয়|দবাদাৰীয়ে ৰাতিপুৱা ডবাত চাৰিকোব মাৰি জাননী দিয়াক সত্ৰসমূহত ‘চাৰিদাঁৰ’ দিয়া কাৰ্য্য বুলি কোৱা হয়|
অসমৰ বৈষ্ণৱ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এক উল্লেখযোগ্য অনুস্থান বৰসবাহৰ থিয়নামত নেগেৰাৰ সহযোগী বাদ্য হিচাপে ডবাও সংগত কৰা হয় বুলি‘বাদ্য অভিজ্ঞান’গ্ৰন্থত ড:দেবজিৎ শইকীয়াই উল্লেখ কৰিছে|সংগত কৰা বাদ্য হিচাপে ডবাৰ ব্যৱহাৰৰ বোধহয় এইটোৱেই একমাত্ৰ উদাহৰণ|
ডবা অসমৰ ভক্তি মাৰ্গৰ লগতসংযুক্ত হৈ থকা এক বাদ্য|অসমৰ প্ৰায় সকলো ধৰ্মীয় অনুষ্ঠান, যেনে সত্ৰসমূহ, পৌৰাণিক মন্দিৰ, নামঘৰ আদিত ডবা বজোৱা হয়| অসমৰ গাঁৱে-ভুঞেঁ থকা প্ৰতিটো নামঘৰতে ডবা থকা দেখা যায়| নিৰ্দিষ্ট সময়ত সদায় কৰা ডবা বাদনে এক গম্ভীৰ,পৱিত্ৰ পৰিবেশৰ সৃষ্টি কৰে,তাৰোপৰি চহা ৰাইজক সময়ৰ কথাও সকীয়াই দিয়ে|ডবাৰ ব্যৱহাৰ থিক কেনেকৈ বা কেতিয়া পৰা হ’ল কোৱা কঠিন, কিন্তু ইয়াকে কব পাৰি যে,ডবা এক অতি প্ৰাচীন লোকবাদ্য| ব্যৱহাৰৰ পাৰ্থক্য থাকিলেও, ডবা প্ৰাচীন কালত মানুহে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ঢোলজাতীয় বাদ্যসমূহৰেএক পৰিবৰ্তিত ৰূপ বুলি অনুমান কৰিব পাৰি|ডবাৰ মাত অতি গুৰুগম্ভীৰ আৰু এই শব্দই সকলোকে সহজে আকৰ্ষণ কৰে|অসমৰ গ্ৰাম্য সমাজত ডবাৰ এক বিশেষ গুৰুত্ব আছে|নামঘৰৰডবাৰ বজোৱা মানেই গধূলি হোৱা বুলি অসমৰ চহা ৰাইজে এতিয়াও বিশ্বাস কৰে আৰু কাম কাজ সামৰি ঘৰলৈ ঘুৰি আহিবলৈ সাজু হয়|

লিখক: দিব্য জ্যোতি শইকীয়া ৷

শেহতীয়া উন্নীতকৰণ: : 7/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate