অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ মালিতা আৰু বিভিন্ন জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ এটি চমু আভাস :

 

অসমৰ মালিতা বা বেলাড -

অসমৰ লোক কবিতাৰ বিভিন্ন শ্ৰেণী সমূহৰ ভিতৰত অন্যতম শ্ৰেণী হৈছে বেলাড বা মালিতা অথবা সহজ অৰ্থত কাহিনী গীত। বেলাডৰ গভীৰতালৈ যোৱাৰ আগতে লোক-কবিতা নো কি তাৰ বিষয়ে থূলমূল আভাস এটি জনাটো প্ৰয়োজনীয়। পদবন্ধে ৰচিত লোকসাহিত্যকে লোক-কবিতা বুলি কোৱা হয়।

এই পদবন্ধে ৰচা কবিতাসমূহ সাংগীতিক আৰু বাদ্যযন্ত্ৰ সংগত কৰি এককভাৱে বা দলগতভাৱে নৃত্যৰ মাধ্যমত গোৱা হয়। সেইবাবে ইয়াক গীত বা পদ বা গান বুলি কোৱা হয়। সকলো ধৰণৰ লোক-কবিতাৰ নামেই লোকগীত বা গান বা পদ। লোক-কবিতাৰ অন্যতম শ্ৰেণী মালিতা বা বেলাড হৈছে বৰ্ণনাত্মক গীত। এইবিধ গীতৰ সুকীয়া বৈশিষ্ট্য কেইটামান মনকৰিবলগীয়া।

সেইবোৰ হৈছে-

১) ই কাহিনী বিশিষ্ট গীত, লোক-কথা বা সাধুকথাতো কাহিনী থাকে, কিন্তু বেলাডৰ কাহিনী বৰ্ণিত হয় পদত অৰ্থাৎ ‘পদবন্ধে’।

২) ইয়াক সুৰ লগাই গোৱা হয়।

৩) কথাবস্তু, শৈলী আৰু নাম বা আখ্যাৰ ফালৰপৰা ই লোক সমাজৰ সৈতে সম্পৃক্ত।

৪) বেলাডত একক ঘটনাৰ বৰ্ণনা থাকে।

৫) মালিতা বা বেলাড হৈছে নৈৰ্ব্যক্তিক অৰ্থাৎ ই বস্তুনিষ্ঠ, ঘটনাৰ গতি, কাহিনী, কথোকপথন আদিৰ সহায়ত এইবিধ গীত ক্ষিপ্ৰ গতিত উপসংহাৰৰ ফালে আগবাঢ়ে।

বাদ্যযন্ত্ৰ সংগত কৰি নৃত্যৰ সহায়ত বেলাড গোৱা হয় যদিও নৃত্য বা বাদ্য মালিতা বা বেলাডৰ বাবে অপৰিহাৰ্য নহয়।

বিভিন্ন পৰিৱেশ আৰু পৃথক জন-গাঁথনিৰ বাবে মালিতা বা বেলাডসমূহক কেইবাটাও শ্ৰেণীবিভাগত ভাগ কৰা হৈছে।

মালিতা বা বেলাডসমূহৰ শ্ৰেণীবিভাগ -

সেইবোৰ হ’ল-

ক) পুৰাণগত মালিতা বা বেলাড –

পুৰাণগত মালিতাত দেৱ-দেৱীৰ জন্মকথা বৰ্ণিত হয়। সীতাৰ জন্ম কাহিনী আৰু সোণোৱাল কছাৰীসকলৰ ‘হাইদাং’ গীতটি পুৰাণগত মালিতা বা বেলাড।

খ) নৈদানিক মালিতা বা বেলাড-

পুৰাণগত মালিতাৰ লগত নৈদানিক মালিতাৰ সাদৃশ্য লক্ষ্য কৰা যায়। পূজা-উপাসনাৰ প্ৰসঙ্গত গোৱা পিঠাগুড়ি, ঢেঁকী, ঘট, কলহ, চৰু আদিৰ জন্ম সম্পৰ্কীয় গীত পদবোৰেই নৈদানিক মালিতা। ৰাগ-ৰাগিনীৰ জন্মৰ বিষয়ে প্ৰচলিত গীতবোৰো নৈদানিক মালিতা।

গ) ঐতিহাসিক মালিতা বা বেলাড-

বৰফুকনৰ গীত, পদ্মকুমাৰীৰ গীত, হায়দৰ গাজীৰ গীত, মণিৰাম দেৱানৰ গীত, পথৰুঘাটৰ ৰণ, ফুলগুৰিৰ ধেৱা, গান্ধীৰ গীত আদি ঐতিহাসিক কাহিনীৰ ওপৰত গোৱা গীত সমূহেই হ’ল ঐতিহাসিক মালিতা।

ঘ) জনশ্ৰুতিমূলক মালিতা বা বেলাড-

যি মালিতাত জনশ্ৰুতিমূলক কাহিনী বা ঘটনাই প্ৰাধান্য লাভ কৰে তেনে মালিতাৰ নামেই জনশ্ৰুতিমূলক মালিতা। উদাহৰণস্বৰূপে সতী ৰাধিকাৰ গীত, পাৰিজাতৰ গীত, কেন্দুকলাইৰ গীত আদিৰ নাম উল্লেখ কৰিব পাৰি।

ঙ) অলৌকিক মালিতা বা বেলাড-

যি মালিতাৰ জৰিয়তে বিস্ময়াবহ বা অলৌকিক কাহিনী এটি বৰ্ণিত হয় সেইবিধ মালিতা বা বেলাডৰ নাম অলৌকিক মালিতা। বৰ্তমানলৈ অসমীয়া ভাষাত উদ্ধাৰ হোৱা অলৌকিক মালিতা বা বেলাড সমূহৰ ভিতৰত মণিকোঁৱৰ, জনা গাভৰুৰ গীত, কমলাকুঁৱৰীৰ গীত আদিয়েই উল্লেখযোগ্য।

চ) ব্যংগ্যাত্মক মালিতা বা বেলাড-

সমাজৰ অন্যায় বা অনুচিত আচৰণ, অশোভন বা তেনে কাৰ্য্যাৱলীক ব্যঙ্গ কৰি ৰচিত হোৱা মালিতাৰাজিক ব্যংগ্যাত্মক মালিতা বা বেলাড বুলিব পাৰি। এনেকুৱা বেলাডৰ অন্যতম উদ্দেশ্য হ’ল সমাজ সংস্কাৰ বা সংশোধন। সাধাৰণতে এনেবিধৰ মালিতা বা বেলাড আকস্মিক আৰু মৌখিকভাৱে ৰচনা কৰে। যেনেঃ ভাউৰা, ভাওৰীয়া, ভাইৰা, বহুৱা, ওজাপালি, ঢুলীয়া আদি চৰিত্ৰ। ব্যংগ্যাত্মক মালিতা বা বেলাডৰ উল্লেখযোগ্য গীত হ’ল ভূঁইকপৰ গীত আৰু ভাউৰাৰ ঘৰ।

ছ) বাস্তৱানুগ মালিতা বা বেলাড-

যিবোৰ বেলাডত কম বেছি পৰিমাণে জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলন ঘটে আৰু সৰু সুৰা ঘটনা আৰু প্ৰেম-প্ৰীতিৰ পৰিচয় পোৱা যায় তেনে মালিতাক বাস্তৱানুগ মালিতা বা বেলাড বোলা হয়। এইবিধ মালিতাৰ উদাহৰণ হৈছে- দুবলা শান্তিৰ গীত, সাউদৰ গীত ইত্যাদি।

অতীজত ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ তুলনাত অসমে লোক-কবিতাৰ পৰম্পৰাত শীৰ্ষস্থান অধিকাৰ কৰিছিল।

কিন্তু জাতিটোৰ অমনযোগিতা আৰু বৰ্হিমুখী সংস্কৃতিৰ প্ৰতি তীব্ৰ আকৰ্ষণে অসমৰ লোক-কবিতাৰ ক্ষেত্ৰখন ক্ৰমান্বয়ে সংকুচিত কৰি আনিছে। আজিৰ অসমৰ সমাজৰ অধিকাংশই মালিতা বা বেলাডৰ বিষয়ে অৱগত নহয়।

তথ্যসংগ্ৰহঃ  বিৰিঞ্চি কুমাৰ বৰুৱা, অসমৰ লোক সংস্কৃতি -

কোচ-ৰাজবংশী সকলৰ লোক-সংস্কৃতি -

বৃহত্তৰ অসমৰ বৰ্ণিল লোক-সংস্কৃতিত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিৰাজ কৰা অতি প্ৰাচীন জনগোষ্ঠী সকলৰ অন্যতম জনগোষ্ঠী হ’ল কোচ-ৰাজবংশীসকল। অসমৰ সাহিত্য সংস্কৃতিৰ ইতিহাসত ৰাজ দৰবাৰৰ পৰা গ্ৰাম্য জীৱনলৈ বিভিন্ন পৰিক্ৰমাত কোচ-ৰাজবংশী সকলৰ পৰশ বিৰাজমান। তেওঁলোক প্ৰধানতঃ শৈৱ আৰু শাক্ত পন্থাৰ অনুগামী আছিল।

অৱশ্যে তেওঁলোকে প্ৰাচীন কালৰে পৰা দেৱ-দেৱীৰ পূজা-পাতল কৰিছিল। এই দেৱ-দেৱীৰ ভিতৰত মা মনসা বা পদ্মা বা বিষহৰি পূজা কৰাটো তেওঁলোকৰ অন্যতম ধৰ্মীয় ৰীতি। এই পূজাৰ বাবে গোটা মাৰাই, লাখল মাৰাই, ধূম কীৰ্তন আদি কৰা হ’য়।

এই পূজাত নৃত্য-গীত আদিও কৰা হ’য় যাক পদ্ম পুৰাণ গাওন (গান) বোলা হ’য়। এনেধৰনৰ আন কেইটামান অনুস্থান হ’ল- মুখ জোৰানী গাওন, জাগেৰ গাওন, বাশী পুৰাণ, কুশান গাওন, খাৰাতাল, নামাতি গাওন, কাতিকা পূজা, পাতি নাম, ধুপালি নাম, মাটি গাওন আদি। এই চহকী লোকাচাৰ সমূহে মহাপুৰুষ শংকৰদেৱ – মাধৱদেৱক অংকীয়া নাটৰ সমল যোগাইছিল।

কোচ-ৰাজবংশীসকলৰ লোক উৎসৱসমূহৰ ভিতৰত বাঁশ পূজা এক অন্যতম উত্সৱ। এই পূজা পূৰ্ণাঙ্গ ৰূপত পাতিবলৈ হ’লে ১০৮ ডাল বাঁহ লাগে। প্ৰত্যেকডাল বাঁহ দেৱ দেৱীৰ নামত সজোৱা হ’য়। পূজাত দেওধা থাকে।

ইয়াৰ ওপৰিও কাৰ্ত্তিক পূজা বা হুদুম পূজা একমাত্ৰ মহিলা সকলেহে পালন কৰে। সাধাৰণতে কোচ-ৰাজবংশী জনগোষ্ঠী সকলৰ মাজত দেৱতাৰ পূজাতকৈ দেৱীৰ পূজা বেছিকৈ দেখা পোৱা যায়।

কোচ-ৰাজবংশী সকলে কৃষিকৰ্মৰ সৈতে জড়িত এক উত্সৱো পালন কৰে। কাতি মাহত ধানৰ পথাৰত গছা জ্বলাই পালন কৰে বাবে ইয়াক “কাতি গাছা” বোলা হ’য়।

কাতিগাছাত ঔ টেঙাৰ খোলত বন্তি জ্বলোৱা আৰু তুলসী তলত নকৈ কাটি অনা বাঢ়নীক দেৱী মানি পূজা দিয়াৰ নিয়ম আছে।

কোচ-ৰাজবংশী সকলে ভাদমাহৰ পুৰ্ণিমাত “হট্ৰাকি” পালন কৰে। চন্দ্ৰই পাপ কৰাৰ কাৰণে গাত চন্দ্ৰকলংক আছে আৰু তাৰ পোহৰ মানুহৰ গাত পৰিলে তেঁওলোকো কলংকিত হোৱা বুলি ভাবি হট্ৰাকি পালন কৰে। তেঁওলোকে এই হট্ৰাকিত নিশি জাগৰণ কৰে আৰু বেলেগৰ ঘৰত “ময়নাৰ ফল” দলিয়াই যাতে পাপ মোচন হ’য়।

“অৰিমাগা” কোচ-ৰাজবংশী সকলৰ আন এক উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাত তেওঁলোকে অৰিমাগা পাতে।

ঠাণ্ডা দিনত জুই পুওঁৱা অভ্যাসটো নাশ কৰিবৰ বাবে গাঁৱৰ মানুহে লগ হৈ ঘৰে ঘৰে ভিক্ষা খোজে। অৰিমাগাত বিভিন্ন ধৰণৰ গীত নৃত্য কৰে। গছ পাত বা শুকান কলপাত বান্ধি ভালুক সাজি “অৰি অৰি মোহ ছোঁ, মোহ মাৰিবা যাংছো” আদি গীত অৰিমাগাত গোৱা হয়।

কোচ-ৰাজবংশী সকলে দেমাসী ব পুষনা নামেৰে মাঘ মাহৰ দোমাহীও পালন কৰে। মাঘৰ দোমাহী তিনিদিনীয়াকৈ পালন কৰা হ’য়।

দোমাহীৰ আগ দিনা ঘৰবেৰা বা গুৱা পাণ বান্দ পৰ্ব তাৰপাছত যথাক্ৰমে প্ৰথম দিনা গৰু দোমাহী, দ্বিতীয় দিনা মানুহৰ দোমাহী আৰু তৃতীয় দিনা চৰাই-চিৰিকতিৰ দোমাহী। মাঘৰ দোমাহীত তেওঁলোকে ভেলাঘৰ জ্বলায়। ফাগুন মাহত ফাকুৱাৰ সময়ত কোচ-ৰাজবংশী সকলে “ধুলয় যাত্ৰা” পালন কৰে।

কোচ-ৰাজবংশী সকলে বছৰৰ প্ৰথম মাহত বিষুৱা বা সাত তিথি পালন কৰে। এই উত্সৱত অসমীয়াৰ ব’হাগ বিহুৰ দৰে কিছুমান নিয়ম পালন কৰা দেখা যায়। তাৰ ভিতৰত প্ৰথম ব’হাগৰ পৰা সাত ব’হাগলৈ সপ্তৰস পান কৰাটো বিশেষ বিধি স্বৰূপ।

কোচ-ৰাজবংশী সকলৰ সংস্কৃতিৰ এক অন্যতম দিশ হ’ল বিবাহ অনুষ্ঠান। পৰম্পৰাগতভাবে তেওঁলোকে বিয়াত দৰা আৰু কইনাৰ বাবে বস্ত্ৰ আৰু গহনা গাঁথৰি তৈয়াৰ কৰি লয়।

বিয়াত দৰাই ১০হাত দীঘল আৰু ১০ ইন্সি বহল পাগুৰী পৰিধান কৰিব লাগে। কইনাৰ ডিঙিত হাসা, পেওচি, চন্দ্ৰহাৰ, বেচাহাৰ, আঙুলিত চিৰি আংঠি আদি পিন্ধিব লাগে।

কোচ-ৰাজবংশী সকলৰ লোক সাহিত্যৰ ভঁৰালো চহকী। আধ্যাত্মিকমূলক, প্ৰেম-প্ৰীতিমূলক, আখ্যানমূলক, পূজা পাতল আদি প্ৰায় কুৰিৰো অধিক প্ৰকাৰৰ লোকগীত এই জনগোষ্ঠীৰ এক অলিখিত ইতিহাস হৈ আছে।

চৰ্যাগীতৰ ভাষা আৰু ৰাগৰ নিদৰ্শন কোচ-ৰাজবংশীৰ গীত মাতত পোৱা যায়। বিষহৰি, কাতিকা পূজা, শীতলা পূজা আদি কৃষ্টিয়ে যিদৰে জনপ্ৰিয়তা লাভ কৰিছে সেইদৰে কুশান নৃত্য, গোৱালিনী নৃত্য, হাতী মাউতৰ গীত, মৈশাল গীত নামেৰে জনাজাত ভাওয়াইয়া-চটকা আদিও অসমীয়া সমাজে আদৰি লোৱাটো আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদৰ্শনৰ সুবিধা লাভ কৰাটোৱে কোচ-ৰাজবংশীৰ ঐতিহ্যকে আকৌ এবাৰ প্ৰতিপন্ন কৰিছে। প্ৰাক্শংকৰী, শংকৰী আৰু উত্তৰ শংকৰী যুগৰ সাহিত্য সমূহত প্ৰতিফলিত লোকজীৱনৰ চানেকি কোচ-ৰাজবংশী সকলৰ লোক জীৱনতো বিদ্যামান।

তথ্যসংগ্ৰহঃ  ড° নবীন চন্দ্ৰ ৰ্শমা

বৰ্ণাঢ্য হাজং জনগোষ্ঠী -

অসমৰ মংগোলীয় গোষ্ঠীৰ বিভিন্ন জনজাতি সকলৰ ভিতৰত হাজং সকলো এটি অন্যতম জাতি। বোকাত লুতুৰি-পুতুৰিকৈ কাম কৰি শস্য উত্পাদন কৰিছিল বাবে এসময়ত হাজং সকলক ওচৰ চুবুৰীয়া গাৰোসকলে “হাজং” নামটো দিয়ে বুলি কথিত আছে।

হাজং সকলে সমাজ পাতি বাস কৰে। তেওঁলোকৰ সমাজ তিনিটা পদ্ধতিৰে পৰিচালিত হয়। এইবোৰ হ’ল

১)গাওঁলা সমাজ,

২)পাঁচ-গাওঁ আৰু

৩)জোৱাৰ।

হাজং সকলৰ তিৰোতা সকলে তেওঁলোকৰ পৰম্পৰাগত তাঁতশাল “বানা” ত ৰংচঙীয়া পাটানি বৈ লয়। আনহাতে পুৰুষে সাধাৰণতে আঠুমুৰীয়া নেংটি পিন্ধে। ই নীলা, সেউজীয়া আৰু বগা পখৰা চিখৰাকৈ বৈ লোৱা।

হাজং সকল এসময়ত জড়োপাসক আছিল, কিন্তু বৰ্তমান তেওঁলোক হিন্দু। হাজং সকল এসময়ত মাতৃতান্ত্ৰিক জনগোষ্ঠী আছিল। মাতৃতান্ত্ৰিক এই গোত্ৰ সকলক “নিকনি” বোলা হ’য়। তেওঁলোকৰ মাজত ২২ টা নিকনি আছে। ধৰ্মীয় আচাৰ অনুসৰি হাজং সকলক দুই ভাগত বিভক্ত-

১) শাক্ত আৰু

২) খাটল।

যিসকলে প্ৰাচীন স্বগোষ্ঠীয় পৰম্পৰা নীতি-নিয়ম মানি আহিছে আৰু আমিষভোজী তেওঁলোক শাক্ত। আনহাতে যি সকলে হিন্দু ধৰ্মত শৰণ লৈ পূজা পাতল কৰে আৰু নিৰামিষভোজী তেওঁলোকক খাটল বোলা হয়।

হাজং সকলৰ বিবাহ তিনি প্ৰকাৰৰ, সেইবোৰ হ’ল –

১) সমাজিক বিয়া- এই বিয়া সমাজৰ মানুহৰ যোগেদি হয়।

২) সাঙা বিয়া- এজন বৰলা আৰু এজনী বিধবাৰ মাজত হোৱা বিয়া।

৩) ঠেংপাৰা- সমাজৰ পৰা পূৰ্ব অনুমতি নোলোৱাকৈ ডেকা- গাভৰুৱে মনে মনে পতা বিয়া। অৱশ্যে সমাজত একে “নিকনি”ৰ মাজত বিবাহ নিষিদ্ধ।

হাজং সকল ব’হাগত সঙৰাণি বুলি বিহুটোকে উদযাপন কৰে। তেওঁলোকে ব’হাগত পাগলা বাশুপুজা উদযাপন কৰে। সাধাৰণতে একোখন সমাজে কোনো আওহতীয়া ঠাইৰ কোনো গছৰ তলত দেৱ-দেৱীৰ থান শাৰী পাতি সজাই সকলোৱে মিলি পূজা কৰে। থান খনক “বাইশশালী” বোলা হ’য়।

বাশু দেৱতাৰ লগতে তাত কেইবাটাও দেৱ-দেৱী থাপিত হ’য়। সেই দেৱ-দেৱী সমূহ হ’ল – বাশু, কালী, কামাখ্যা, চৰাবুৰি, পাৱলী, লক্ষ্মী, হাংহাঙী, খাংখাঙী, দাদৰী আদি। হাজং সকলৰ এই বাশু দেৱতাই মূল কাৰণে থানটোক “বাইশশালী” দেৱী বোলা হ’য়। পূজাত যাৱতীয় সামগ্ৰীৰ লগতে ঘৰুৱা মদৰো প্ৰয়োজন হ’য়।

হাজং সকলে বাৰিষাত আমতিচুৱা, শাওনত “বৰত” পূজা, আহিনত “যাত্ৰাপূজা”, দ্বীপাৱলী-আউসীত “চৰখেলা” উত্সৱ, কাতিত কঙালী বিহু, পুহৰ শেষত পুষনৌ উত্সৱ আদি পৰম্পৰাগত ভাবে পালন কৰি আহিছে।

হাজং সকলৰ নৃত্য গীতৰ শ্ৰেষ্ঠ উত্সৱ হ’ল “চৰমাগা” উত্সৱ। এই উৎসৱে দ্বীপাৱলী-আঁউসীৰ পৰা আৰম্ভ হৈ সাত আঠ দিন চলে। এই সময়ত গাঁৱৰ ডেকা গাভৰু সকলে ঘৰে ঘৰে নানা ধৰণৰ নৃত্য গীত গাই গৃহস্থক আশীৰ্বাদ প্ৰদান কৰি ধান বা চাউল বৰঙণি স্বৰূপে লয়। এই নৃত্যটোৱে হ’ল বিখ্যাত “লেৱাটানা নৃত্য”।

তদুপৰি ভাপত বনোৱা “বিচিভাত” আৰু গঁজালি মেলা ধানেৰে ৰন্ধা “বুকলি ভাত” আলহী আপ্যায়নৰ বাবে অতি অপৰিহাৰ্য্য। হাজং সকলে অসমৰ দক্ষিণ-পশ্চিম অংশৰ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দক্ষিণপাৰে মেঘালয়ৰ গাৰো পাহাৰৰ পশ্চিম-দক্ষিণ অংশ আৰু খাচিয়া পাহাৰৰ দক্ষিণাঞ্চল আৰু পূৰ্বৰ পূৰ্ববঙ্গৰ মৈমনসিং আদি অঞ্চলত অতীজৰে পৰা বসবাস কৰি থকা কাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত ভাগৱতী ধৰ্মৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰা নাই।

বৰং বঙ্গীয় চৈতন্য ধৰ্মৰ প্ৰভাৱহে তেওঁলোকৰ ওপৰত পৰিছে। ফলস্বৰূপে চৈতন্যদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মই হাজং সকলৰ সামাজিক সাংস্কৃতিক দিশত যথেষ্ট প্ৰভাৱ পেলাইছে।

হাজং সকলৰ অঞ্চল হিচাপে-

১) দশকাহনীয়া,

২) কৰাইবাৰীয়া,

৩) ছছঙী,

৪) মেছপৰীয়া,

৫) বাৰহাজাৰী- এই পাঁচ ভাগত ভগোৱা হৈছে।

এইবোৰৰ ভিতৰত ভাষাৰ ক্ষেত্ৰত দশকাহনীয়া, ছছঙী আৰু কৰাইবাৰী শাখাই স্বকীয় বৈশিষ্ট্য অটুট ৰাখিছে। আনহাতে মেছপৰীয়া আৰু বাৰহাজাৰী শাখাই গোৱালপৰীয়া ভাষাৰ পশ্চিম আঞ্চলিক ভাষাৰ ৰূপত বিলীন হোৱা বুলি ক’ব পাৰি।

এসময়ত চহকী হাজং জনজাতীয় লোকৰ যি স্বকীয় সাংস্কৃতিক ৰূপ বিদ্যমান আছিল আজি অৰ্থনৈতিক দুৰৱস্থাৰ বাবে হাজং জনজাতীয় লোকসকলৰ স্বকীয় সাংস্কৃতিক ৰূপটো অতি দুৰ্বল হৈ পৰা দেখা যায়।

তথ্যসংগ্ৰহঃ     পৰেশচন্দ্ৰ হাজং, হাজং জাতি আৰু কৃষ্টিৰ আভাস, ২০০০।

বৈচিত্ৰময় মিছিং জনগোষ্ঠী -

মিৰি বা মিছিংসকল অসমৰ ভৈয়াম অঞ্চলত বাস কৰা এটি উন্নত কৃষ্টিসমৃদ্ধ জনজাতি। বৰ্তমানে আৰৱ পাহাৰত থকা “মিয়াং” আৰু “দাম্ৰ” নামৰ দুই জাতিৰ মানুহৰ পৰা এওঁলোক ফাটি আহিছে বুলি অনুমান কৰা হয়।

নদীমাতৃক ৰাজ্য অসমৰ প্ৰধানতঃ উজনি অসমৰ সৰু-ডাঙৰ নৈৰ পাৰত মিছিং সকলৰ বসতি আছে। ব্ৰহ্মপুত্ৰ, সোৱণশিৰী, ভৰলু, দিচাং, দিখৌ, দিহিং-দিবাং, লোহিত, খেৰকটা, ঘুণাসুঁতিৰ পাৰে পাৰে মিছিং সমাজৰ বসতি স্থান। বাসস্থান অনুসাৰে মিছিংসকলক প্ৰধানকৈ আঠোটা খেলত ভাগ কৰিব পাৰি। যেনে- চায়াং, অয়ঁন, ময়িং, দেলো, পাগৰ, দাম্বুক, চামগুৰিয়া আৰু তামাৰ।

মিছিং সকল নৈপৰীয়া জনজাতি হোৱা হেতুকে কিঃৰুগ (শুকান মাংস) আৰু ঙচান (শুকান মাছ) আদি খোৱাটো মিছিং সকলৰ পৰম্পৰাগত ৰীতি। তেওঁলোকে চাউলৰ পৰা আপং নামৰ মদ তৈয়াৰ কৰে আৰু অতিথিক আপঙেৰে শুশ্ৰূষা কৰে। দেৱ দেৱীক উদ্দেশ্য কৰিও আপং আগবঢ়োৱা হয়।

উত্তৰ পুৰ্বাঞ্চলৰ জনজাতিসকলৰ ভিতৰত মিছিংসকলৰ কাপোৰত অধিক বিবিধ্য আৰু বৈচিত্ৰ দেখা যায়। মিছিং তিৰোতাই ব্যৱহাৰ কৰা পোছাক হৈছে – এগে, ৰিঃবি, গাচেং, ছমৌৰ, পতালি, পঃতুব, কেবুং, পেঃৰে, পুচুংএগে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃনাম এগে ইত্যাদি। সেইদৰে পুৰুষে ব্যৱহাৰ কৰা কাপোৰবোৰ হৈছে- মিবু গালুক, লুকৰ, গালুন, গনৰ, উগন, দুমৌৰ আদি। এইবোৰৰ ওপৰি মিছিং তিৰোতাই গাদু, তাপুম, গাচৰ আদি মূল্যৱান কাপোৰ বয়।

মিছিং সমাজ শান্তিপ্ৰিয়। কোনো বাদ বিবাদ হ’লে বা কোনোবাই দায়-জগৰ লগালে “কেবাং” পাতি সমাধান কৰি দিয়ে। উত্সৱ-পাৰ্বন আদিত তেওঁলোকে নাচ গান কৰি ভাল পালেও প্ৰতিটো নাচ গানতেই কিন্তু কিছুমান অৰ্থ তথা উদ্দেশ্য আছে।

যেনে নৰা ছিগা বিহু বা পঃৰাগত নচা নাচ সামাজিক হ’লেও মুখ্যতঃ ই এখন সমাজৰ আশীৰ্বাদ লাভ বা মিলাপ্ৰীতিৰ পৰিৱেশো দিয়ে। দেওধাইৰ লগত গাভৰু ছোৱালীয়ে নচা নাচো ধৰ্মমুলক হ’য়। তেনেদৰে আলি-আয়ে-লৃগাং উত্সৱত নচা নাচবোৰত ধৰ্মমূলক বিশ্ৱাস প্ৰচলিত আছে। মিছিং সকল হিন্দুধৰ্মী হ’লেও তেওঁলোকৰ কিছুমান নিজা পূজা আৰু উত্সৱ আছে।

তেওঁলোকে “তালেং উয়ু” বুলি ওপৰ দেৱতা দু-মুৰ্গ, দংবাং, মুগলিং, তাকাৰ, দঞি, পল আদিক পূজা কৰে। “অচাগ” আৰু “গিয়াতি” বুলি ন-পুৰুষীয়া সকামো পাতে। ইয়াৰ ওপৰি বছৰি “দবুৰ” বুলি পৃথিৱীত শস্য হ’বৰ কাৰণে এটা পূজা পাতে। মিছিং সকলে কাতি বিহু, মাঘ বিহু, ব’হাগ বিহু পালন কৰাৰ উপৰিও আহিন-কাতিমহীয়া আহু ধান চপাই শেষ কৰি পঃৰাগ আৰু আহুধান সিঁচিবৰ সময়ত আলি-আয়ে-লৃগাং উৎসৱ পালন কৰে।

মিছিং সকলে গীত মাত আদিতো অতি চহকী। মৌখিক ভাষাৰ ৰচনা কৰা অনেক ঐনিঃতম (বনগীত) মিছিং সকলৰ আছে। প্ৰেম, সৌন্দৰ্য পিপাসা, আশা-নিৰাশা, মিলন-বিচ্ছেদ আদি ছবি ইয়াতে প্ৰতিফলিত হয়।

তদুপৰি নিচুকনি গীততো মিছিং লোকগীত অতি চহকী। তেনেদৰে আদিম মানুহৰ বিশ্বাসৰ ভেটিত বহুতো সাধু কথা পোৱা যায়। যোজনা-পটন্তৰ, ফকৰা আদি সমূহেও মিছিং সমাজৰ ছবি প্ৰতিফলিত কৰে। বাদ্যযন্ত্ৰৰ দিশতো মিছিং সকল চহকী বুলি ক’ব পাৰি। দুমদুম, পেম্পা, তু-লু, গুংগাং, কুৰুলি, পুলি, অজুক, দুম্পাক, দেনদুন, কেকুং, তক্ক, লেলং, লুপি আদি মিছিং সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ।

অসমৰ উত্তৰ-পূৱ প্ৰান্তৰ পাহাৰৰ পৰা নামি অহা এই মিৰি বা মিছিং সকল অসমৰ অতি পুৰণি বাসিন্দা। নৈৰ পাৰে পাৰে বাস কৰে বাবে এওঁলোকক কোনো ভৌগলিক পৰিসীমাৰে বান্ধি ৰাখিব নোৱাৰি।

তেনেদৰে তেওঁলোকৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিকো সীমাৰ ভিতৰত ৰাখিব পৰা নাযায়। বৰ্তমান বিভিন্ন ৰাজনৈতিক অৰ্থনৈতিক তথা সামাজিক কাৰণত ৰীতি-নীতিৰ পৰিৱৰ্তন ঘটিলেও মিছিং সকলে স্বকীয়তা বিসৰ্জন দিয়া নাই।

অসমীয়া সামাজিক-সাংস্কৃতিক সমন্নয়ত মিছিংসকলৰ অৱদান অনস্বীকাৰ্য। সাংস্কৃতিক দিশত অতিকে চহকী মিছিং সকলৰ পৰা অসমীয়া সংস্কৃতিয়ে বহু উপাদান আহৰণ কৰিছে। বৰ্তমান মিছিং লোকগীত আৰু তাৰ সুৰৰ আধাৰত ৰচিত গীত সমূহ সাম্প্ৰতিক অসমত অতি জনপ্ৰিয়।

তথ্যসংগ্ৰহঃ     ভৃগুমণি কায়গুং-মিছিং সংস্কৃতিৰ আলেখ্য, ১৯৭০।

অসমৰ দেউৰী জনগোষ্ঠী -

অসমৰ বিভিন্ন জনগোষ্ঠী সকলৰ ভিতৰত দেউৰী সকল এক স্বকীয় জনগোষ্ঠী। সামাজিক স্থিতি অনুযায়ী দেউৰী সকলক চাৰিটা শাখাত পোৱা যায়। সেই শাখা চাৰিটা হ’ল-

১) দিবং নৈৰ পাৰত বাস কৰা আৰু গিৰা-গিৰাচিৰ উপাসক সকলৰ বংশধৰ হ’ল ডিবঙীয়া।

২) টেঙাপানী নৈৰ পাৰত বাস কৰা আৰু পিচা ডেমাৰ উপাসক সকলৰ বংশধৰ হ’ল টেঙা পনীয়া।

৩) বৰগাং অৰ্থাৎ বৰনৈৰ পাৰত বাস কৰা আৰু পিচাচিৰ উপাসক সকলৰ বংশধৰ হ’ল বৰগঞা।

৪) বৰ্তমান বিলুপ্ত পাটশদিয়াৰ পাটৰ শালত যিসকলে পূজা উপাসনা কৰিছিল সেই উপাসক সকলৰ বংশধৰ হ’ল পাটৰ গঞা।

দেউৰী সকলে বৰ্তমান নিজকে জিম’চায়াঁ বুলি চিনাকী দি ভাল পালেও এসময়ত তেওঁলোকক চুতীয়া বুলিও কোৱা হৈছিল। স্বতী নদীৰ তীৰৱৰ্তী কুণ্ডিল ৰাজ্যৰ বংশধৰ সকলেই হ’ল চুতীয়া। উজনি অসমৰ শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি আদি অঞ্চলত সংখ্যাগৰিষ্ঠ ভাবে বসবাস কৰি আহিছে। দেউৰীসকল আমিষাহাৰী আৰু দুই এজন মহাপুৰুষীয়া ভকতৰ বাহিৰে মাছ, মাংস, কেঁকোৰা, কুচিয়া, কুকুৰা, গাহৰী আদি খায়।

নিজ ঘৰতে পতা মদ চঁজে। কাঠ-বাঁহ-খেৰেৰে সজা তেওঁলোকৰ ঘৰবোৰ চাংঘৰ হিচাপে সাজে। পূৱ-পশ্চিমাকৈ সজা ঘৰবোৰৰ ঘাই দুৱাৰ এখন আৰু ঘৰসমূহ কেবা কোঠালীয়া। চাংঘৰৰ প্ৰথম চোৱা মুকলি আৰু ইয়াক ‘মিচ্চ’ বুলি কোৱা হ’য়। ইয়াতে ল’ৰাবোৰে ৰাতি শোৱে আৰু ইয়াতে জুহালো থাকে। তাৰ পাছত গৃহদেৱতাৰ নামত ‘সুবচনী’ নামৰ কোঠা এটা থাকে।

ঘৰটোৰ শেষ মূৰত ৰন্ধনশাল থাকে। মন কৰিবলগীয়া যে দেউৰীসকলে মাটিত বহি খোৱা-বোৱা কৰিলেও ভাতৰ কাঁহীখন ‘মেহেঙা’ নামৰ বেতেৰে নিৰ্মিত বিশেষ সঁজুলিৰ ওপৰত থৈহে খোৱা-বোৱা কৰে। তেওঁলোক অতি আতিথ্য পৰায়ণ আৰু আলহী অতিথিক তামোল-পাণ নাযাচি নোসোধে।

দেউৰীসকলৰ মাজত আৰ্যীভূত জনগোষ্ঠী হিচাপে হিন্দুধৰ্মীয় পৰম্পৰা অতি প্ৰৱল। তথাপিতো তেওঁলোকৰ নিজস্ব ৰীতি-নীতিও নথকা নহয়, যেনে পুষ্পিতা প্ৰাপ্ত হ’লে ইগু পিচ্চ চ্চিৰুৱা (বুকুত ৰিহা মেখেলা লোৱা) পৰ্ব পালন আৰু এটা উপনাম ধাৰণ কৰা প্ৰথাটো দেউৰী সকলৰ নিজৰ উদ্ভাৱন। হিন্দুধৰ্মীয় বিভিন্ন দেৱ-দেৱীকে তেওঁলোকে নিজস্ব নাম আৰু ৰীতিৰে পূজা-পাতল কৰে আৰু তিনিও প্ৰকাৰৰ বিহুকো ধৰ্ম কাৰ্য হিচাপে উদ্যাপন কৰে। তেওঁলোকে মঙ্গলে উৰুকা, বুধে বিহু তিথিটো পূৰ্ব পৰম্পৰা ক্ৰমে মানি আহিছে। সকলো ধৰণৰ উছৱ কিম্বা পূজা আদিত তেওঁলোকে অস্থায়ীভাবে নিৰ্মান কৰা নৈৰ পাৰৰ “দেগৰ” নামৰ থানটিত সম্পাদন কৰে। অৱশ্যে গিৰা-গিৰি, বলিয়া বাবা, তাম্ৰেশ্বৰী আদিৰ বাবে স্থায়ী দেওশাল আছে।

দেউৰীসকলে পূজা আদি সম্পাদন কৰা বাবে গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজৰ মাজৰ পৰা ন-জন বিষয়া বাচনি কৰে।

তাৰে চাৰিজন মুখ্য হ’ল-

১) বদেৰী,

২) সদেৰী,

৩) বৰ ভঁৰালী আৰু

৪) সৰু ভঁৰালী।

পূজাত নৃত্য গীতৰ পৰিৱেশন বাধ্যতামূলক। বুধবাৰে উদ্যাপিত বিহু তিনিটাৰ উপৰিও শাওনত “ন ভাতৰ পূজা” আহাৰত “ষাঠৰ চুৱা”, পুহত “ন খুউৱা” আদি উলাহেৰে পালন কৰে। পূজাত সকলোৱে ইষ্টদেৱতাক তামোল-পাণৰ শৰাই দি “এৰাও” কৰে আৰু ব’হাগৰ বিহুত হ’লে সাত বিহুৰ দিনাখন বিহু উৰুৱা, দেওধনি নচুৱা, ডিঙা উটুৱা আদি পৰ্ব পালন কৰে।

ইয়াৰ উপৰিও লখিমী, গৰখীয়া ভোজ, দেওপূজা, বুঢ়া ডাঙৰীয়াৰ পূজা, জলশাই থলশাই ডাঙৰীয়াৰ পূজা, গাঁৱ ৰখীয়া পূজা, অপেশ্বৰী সবাহ, আইনাম গোৱা, প্ৰেতকৰ্ম, গাটিয়াল আৰু খেদি খুকুৰি, ছায়ায়াঁ দেৱতাৰ পূজা, ৰঙাচন দেৱতাৰ পূজা, নপুৰুষৰ সকাম আদি উত্সাৱো যথা সময়ত পালন কৰে। প্ৰাচীন বিধিমতে পূজাত চ্চমো, চ্চকাৰি, চ্চাগি বিচ্চা, কিমাৰু আদিৰ বিশেষ ব্যৱহাৰ আছে।

উৎসৱ-পাৰ্বনৰ লগত জড়িত গীতৰ ভিতৰত বিহুনাম, দেওধনি উত্সৱত গোৱা নাম, হাঁচতি নাম, আবৰব’ হুৰাই ৰাঙলী বিহু, হুচৰী, আইনাম, বিয়ানাম, মজেবা ইত্যাদিয়ে প্ৰধান। দেউৰীসকলৰ মাজত নিচুকনি গীতৰো প্ৰচলন আছে। গীত মাত চৰ্চাৰ উপৰিও নানা ধৰণৰ খেল-ধেমালি দেউৰী সকলৰ প্ৰিয়। সেইবোৰৰ ভিতৰত ঘিলাখেল, লাটুম ঘুৰুৱা, ধোপ খেল, বাঘ-গৰু, লাঠি খেল, মালযুঁজ, জাঁপমৰা, চেকুৰা, সাঁতোৰা, নাওখেল প্ৰভৃতিয়ে প্ৰধান। পুৰুষৰ ক্ষেত্ৰত নহ’লেও দেউৰী নাৰীৰ সাজ পাৰত সম্পূৰ্ণ স্বকীয়তা বিদ্যমান।

দেউৰী নাৰীৰ সাজ পাৰ বয়স আৰু সামাজিক মৰ্যাদাভেদে কিছু সুকীয়া। গাভৰু হোৱাৰ আগলৈকে কঁকালত আঁঠুমূৰীয়া মেখেলা পিন্ধে, তাৰপিছত গাভৰু হ’লে কলাফুল ঢকা মেখেলাৰে বুকুত পাউগা বা বাইগা নামৰ টঙালি মেৰিয়াই বান্ধে। বিবাহিত সকলে ‘জকা চ্চিবা’ নামৰ কাপোৰেৰে কঁকাল বান্ধে আৰু মূৰত ওৰণি সদৃশ ‘গাতিগি’ নামৰ ফুলাম গামোছা বান্ধে। কামৰ সময়ত আকৌ চুলি বান্ধিবলৈ মুজোৰি বা টকয়া ব্যৱহাৰ কৰে। দেউৰী নাৰীয়ে নাকফুলি নিপিন্ধে।

বৰ্তমান দেউৰীসকলৰ মাজত অতীত প্ৰীতিৰ লগতে ৰাজনৈতিক জাগৰণ আৰম্ভ হৈছে। নিজৰ হেৰুৱাবলৈ ধৰা সাতামপুৰুষীয়া ভাষা-সংস্কৃতিৰ উদ্ধাৰ আৰু বিকাশৰ বাবে তেওঁলোক এতিয়া যথেষ্ট সচেতন। লোক-সাহিত্যৰ দিশত অতি সমৃদ্ধ দেউৰী ভাষাত বৰ্তমান সাহিত্যৰ নানা দিশত পাঠ্যপুথি ৰচনা হ’বলৈ ধৰিছে।

তথ্যসংগ্ৰহঃ ড° উপেন ৰাভাৰ হাকাছামঃ লোক সাহিত্য।

অসমৰ খুলীয়া ভাউৰীয়া, কুশান গান আৰু ভাৰী গান -

বৃহত্তৰ অসমৰ তিনিটা বিশিষ্ট লোক-পৰিৱেশ্য কলা হৈছে দৰঙৰ খুলীয়া ভাউৰীয়া, পশ্চিম অসমৰ কুশান গান আৰু গোৱালপাৰাৰ ভাৰী গান। খুলীয়া শব্দটো খোলৰ আধিক্যৰ ফলত ঈয়া প্ৰত্যয় সংযোগ হৈ নিষ্পত্তি হৈছে। কুশান শব্দটো লৱ-কুশৰ সৈতে জড়িত হোৱা বাবে বা কোচ ৰাজ্যৰ বিশিষ্ট অনুষ্ঠানৰ বাবে কোনো পণ্ডিতে কুশান হোৱা বুলি কয়। আনহাতে ভাৰী শব্দটো ভাউৰীয়া বা ভাইৰা শব্দৰ পৰা হোৱা বা মুখাবিশিষ্ট এই অনুষ্ঠানটি পৰিৱেশনৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে মুখাবোৰ ভাৰী লগাই নিয়াৰ বাবে ভাৰী নাম হোৱা বুলি দুই একে কয়।

পোনতে এই লোকনাট্যানুষ্ঠান সমূহ ওজাপালিৰ দৰে অৰ্ধ নাটকীয় অনুষ্ঠান আছিল। যেতিয়া অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণ আৰু হাজোৰ দুৰ্গাবৰৰ ৰচিত বিৰল দুৰ্গাবৰী ৰামায়ণ স্ত্ৰী-শূদ্ৰে বুজি পোৱা হ’ল তেতিয়াহে এই দুই ৰামায়ণৰ প্ৰভাৱ লোক অনুষ্ঠানত পৰিল।

আনহাতে বৰপেটা, কোচবিহাৰ আদি ঠাইত গুৰু দুজনাই অংকীয়া নাট, ভাওনাৰ প্ৰচলন কৰাত এই প্ৰণালীৱদ্ধ নাট, ভাওনাৰ প্ৰভাৱ উল্লিখিত অৰ্ধনাটকীয় অনুষ্ঠানৰ ওপৰত পৰিল। অংকীয়া নাট-ভাওনাৰ বৰধেমালি, সৰু ধেমালিৰ দৰে খুলীয়া ভাউৰীয়া আৰু ভাৰী গানত খোল ঘাটেনী হিচাবে আৰু কুশান গানত খোলা বন হৈ প্ৰৱেশ কৰে। আধুনিক যুগত মাধৱ কন্দলি, দুৰ্গাবৰী ৰামায়ণতকৈ কৃতিবাসী ৰামায়ণৰ মুদ্ৰিত সংস্কৰণ সহজলভ্য হৈ পৰাত অসমৰ পশ্চিম অঞ্চলত কৃতিবাসী ৰামায়ণ জনপ্ৰিয় হৈ পৰিল আৰু ইয়াৰ প্ৰভাৱ ভাৰী গান আৰু কুশান গানতো পৰিলক্ষিত হয়।

ভাৰীগান আৰু খুলীয়া ভাউৰীয়াৰ সংযুতি প্ৰায় একে। খোল ঘাটেনীত পাছত খুলীয়া ভাউৰীয়া আৰু ভাৰী গানত ৰামৰে অথবা কৃষ্ণৰ বন্দনাযুক্ত শ্লোক গায়। খোলৰ বাদি, গীতৰ সুৰৰো মিল পৰিলক্ষিত হয়। খুলীয়া ভাউৰীয়াত খোলঘাটেনীৰ পাছত ওজাই হাতত চোঁৱৰ অথবা ৰুমাল লৈ হাতেৰে মুদ্ৰা দি দি অন্তত পদ লগাই দিয়ে। পালি তথা অন্যান্য শিল্পীসকলে সহযোগ কৰে-

অ’ সৰ্বশাস্ত্ৰ বীজ হৰি- হয় হয়

নামে দুই অক্ষৰ

আদি অন্ত নাই যাৰ

বেদ আগোচৰ হে।।

অ’ সীতাহৰণ নাট হয় হয়

কৰিবো প্ৰচাৰ

অ’ বঢ়া টুটা দোষ যেন

নধৰা আমাৰ এ।

কিন্তু কুশান গানত প্ৰথমে সৰস্বতী বন্দনা আৰম্ভ হয় থলুৱা ভাষাত। তাৰ পাছত কুশানী, দোৱাৰী আৰু চুকুৰী থিয় হয়। যেতিয়া কুশানীয়ে বেলাডৰ পয়াৰত সুৰ বজায় তেতিয়া দোৱাৰী আৰু চুকুৰীয়ে ঘুৰি ঘুৰি নাচে। ইয়াক নাচাৰি বোলে। ইয়াৰ পাছত ৰামৰ বন্দনা আৰম্ভ হয়। তাৰ পাছত চাৰি যুগৰ মাহাত্ম্য গোৱাৰ পাছত দোৱাৰীয়ে প্ৰশ্ন কৰে। গীদালে বাখ্যা কৰে। এই অংশক জপসাল বা ভাংতি বোলা হয়। বাখ্যাৰ প্ৰসংগত দোহাৰীয়ে হাস্যৰসৰ সৃষ্টি কৰে।

ভাৰীগানতো অনুৰূপ ‘মূল’ আৰু ‘কেতুৱাই’ কাহিনী ভাগ আগবঢ়াই নিয়ে। মূল আৰু কেতুৱাৰ অভিনয় আৰু সংলাপ গুৰুত্বপূৰ্ণ। ভাৰী গান আৰু খুলীয়া ভাউৰীয়াত মূল অথবা ওঝাৰ নিৰ্দেশ মতেহে চৰিত্ৰসমূহ নাচি নাচি প্ৰৱেশ কৰে। ভাৰীগান আৰু খুলীয়া ভাউৰীয়াক বীৰ ৰস প্ৰধান লোকনাট্যানুষ্ঠান বুলি ক’ব পাৰি।

যেনে- খুলীয়া ভাউৰীয়াত-

অ’ যুদ্ধ লাগিলৰে

অ’ ৰাম- ৰাৱণৰ

ধেনু শৰ লৈ যুদ্ধ কৰে অতি ভয়ংকৰ

যুদ্ধ লাগিলৰে

ভাৰী গানত

যুদ্ধ লাগিলৰে

ৰাম ৰাৱণৰে

……………..

ৰাৱণক দেখি

ৰামে বাণ যুৰিলৰে- ইত্যাদি।

কিন্তু ভাৰী গানৰ শেষত কালী গোঁসানীৰ অন্তৰ্ভুক্তি তাত্পৰ্যপূৰ্ণ। ৰামায়ণৰ কাহিনী অন্ত পৰাৰ পাছত কালী গোঁসানীয়ে মুখা পিন্ধি নচাৰ শেষতহে নাটকৰ যৱনিকা পৰে। কুশান গানত ডিমা, দেউ, দোটুকী, দুলাৰী, নাগান, চৌতালি, লোভা, চটকা আদি তাল হাস্য, কৰুণ, বীৰ আদি ৰস প্ৰধান। ৰামায়ণৰ কাহিনী ভাগত মাজে মাজে দোৱাৰীয়ে হাস্যৰস, সাঁথৰ আদিৰে গীত গাই, নাচি, অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিয়ে। একেদৰে ভাৰী গানত কেতুৱা, খুলীয়া ভাউৰীয়াত বহুৱাই ওপৰোক্ত দায়িত্ব পালন কৰে। বহুৱা, কেতুৱা আৰু দোৱাৰীয়ে গাম্ভীৰ্যপূৰ্ণ চৰিত্ৰসমূহ লৌকিক ৰসৰ চাটনীৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰে। যেনে হনুমানে নিজৰ নেজেৰে সোণৰ লংকা পুৰি ছাঁই কৰাৰ পাছত ঘৰ বাৰী হেৰুৱাই খুলীয়া ভাউৰীয়াৰ বহুৱাই নিজৰ ঘৈণীয়েকসহ দেশচাৰি যাবলৈ ওলাইছে এনেদৰে-

যাওগৈৰে ভাইহাত, আজিপে দেশচাৰি যাওগৈৰে।

এ পলেই আনলা পলেই আনলা

আনলা পৰৰ তিৰী

কৰবাৰ বান্দৰ আহি ভাইহাত

ঘৰখান পেল্লা পুৰি।

কুশান গান আকৌ বৈচিত্ৰময়। বিৰতিৰ সময়ত চুকুৰীসকলে ভাৱাইয়া, চটকা অথবা দেহতত্ত্বমূলক গীত নাচ পৰিৱেশন কৰে। যেনে-

আৰ গেইলে কি আসিবেন

মোৰ মাউত বন্ধুৰে…।

নতুবা-

একবাৰ হৰি বল মন বসনা

মানৱ দেহেৰ গৈৰৱ কৰৈনা।।

উল্লিখিত তিনিবিধ লোকনাট্যৰ ৰাজহাড় হৈছে খুলীয়া ভাউৰীয়াত ওঝা, ভাৰীগানত মূল বা মূলী আৰু কুশান গানত গীদাল বা কুশানী। এই মূল ব্যক্তি গৰাকী হৈছে লোকনাট্য অনুস্থানৰ সকলো প্ৰতিভাৰ অধিকাৰী। চাৰিও কাষে দৰ্শক বহিব পৰা খোলামঞ্চতহে এই তিনিবিধ আনুস্থান পৰিৱেশিত হয়। ছোঁ ঘৰ অপৰিহাৰ্য। দৰ্শকৰ মাজেৰে কলা কুশলী সকলে প্ৰৱেশ-প্ৰস্থান কৰিব পৰা পথ আছে। ভাৰী গান আৰু খুলীয়া ভাউৰীয়াৰ মূল বাদ্য হৈছে খোল বা মৃদঙ্গ আৰু তাল। কিন্তু কুশান গানৰ বেণাৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ বাবে ইয়াক বেণা গানো বোলা হয়। খোল, মন্দিৰা, বেহেলা, বাঁহী আদিৰো ব্যৱহাৰ আছে।

খুলীয়া ভাউৰীয়াৰ গীত-পদৰ উপৰিও ওঝাৰ বেশভুষাতো এই পৰম্পৰা পৰিলক্ষিত। এসময়ত দৰঙত থকা শক্তিশালী বিষ্ণু পূজাৰ পৰম্পৰাৰ বৰভেটিতেই ওজাপালি, খুলীয়া ভাউৰীয়া, ঢুলীয়া আদি অনুস্থানে গঢ় লৈ উঠিছিল।

এই দৰঙৰেই কোনো খুলীয়া ভাউৰীয়াৰ ওঝা শিল্পীয়ে হয়তো দক্ষিণ গোৱালপাৰালৈ আহি ৰাভা-পাতিৰাভা সকলৰ মাজত ভাউৰীয়া শিকাইছিল। সেয়াই স্থানীয় ৰূপত ‘ভাৰী’ হৈ ভাৰীগান হৈ পৰিল। গুৰু দুজনাই এনে ঐশ্বৰ্যমণ্ডিত লোকানুস্থানৰ গইনা লৈ সংস্কৃত নাটকৰ মধুৰ মিশ্ৰনেৰে যি শক্তিশালী অংকীয়া নাট ভাওনাৰ সৃষ্টি কৰিলে- এনে পৰিশীলিত প্ৰণালীৱদ্ধ নাট্যানুস্থানৰ প্ৰভাৱ তেৰাৰ পৰৱৰ্তী কালৰ উল্লিখিত লোক নাট্যানুস্থানৰ ওপৰত নপৰাটোহে অস্বাভাৱিক হ’লহেঁতেন। আজি খুলীয়া ভাউৰীয়া, ভাৰীগান, কুশান গান অংকীয় নাট-ভাওনাৰ স্পৰ্শত অধিক বৈচিত্ৰময় হৈ পৰিছে।

তথ্যসংগ্ৰহঃ  ড° প্ৰফুল্ল কুমাৰ নাথ, অসমৰ সংস্কৃতি

ওজাপালি অনুষ্ঠান -

অসমৰ বিভিন্ন লোক সংস্কৃতিসমূহৰ ভিতৰত প্ৰাচীন ওজাপালি অনুস্থানো অন্যতম। অসমৰ বিভিন্ন লোক নাট্যনুস্থানত ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। শ্ৰীমন্ত শংকৰদেৱৰ নাট ভাওনাৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ জনপ্ৰিয়তা ইমানেই বেছি আছিল যে অসমৰ বিভিন্ন ঠাইত ওজাপালি অনুস্থানৰ সমপৰ্যায়ৰ বিভিন্ন পৰিবেশ্য কলা গঢ় লৈ উঠে।

যেনে- অবিভক্ত গোৱালপাৰাত মাৰে গান, ভাসান গান, পদ্দা পুৰাণৰ গান, গীদালু গান, নগাঁৱৰ নগঞা ওজাপালি, অবিভক্ত কামৰূপৰ আপী ওজাপালি, ৰাইমন ওজাপালি, ভাইৰা ওজা, দুলড়ী ওজাপালি আদি প্ৰাচীন ওজাপালিৰ আৰ্হিত গঢ়ি উঠা আঞ্চলিক ৰূপ।

ওজাপালি অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা। ওড্ৰ- মাগধী শৈলীৰ চৰিত্ৰৰ লগত ভালেখিনি খাপখোৱা ওজাপালি অনুস্থান ভাৰতীয় মাৰ্গীয় সংগীত পৰম্পৰাত জন্ম। এই ওজাপালি কলা শৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে।

এক দৈৱিক মতবাদমতে বৃহন্নলাৰূপী অৰ্জুনৰ দ্বাৰা এইবিধ কলা স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হয়। আকৌ পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰ দ্বাৰা এই কলা আয়ত্ব কৰি শিষ্য সকলক শিকায় বুলি বিয়াহৰ ওজাপালি সকলে বিশ্বাস কৰে। ব্যাসকলাই আৰু কেন্দুকলাই এই দুগৰাকী ব্যক্তি বিশেষো ওজাপালিৰ জনক বুলি জনশ্ৰুতি প্ৰচলিত।

যিয়েই নহওক, অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এই মাৰ্গীয় সংগীত পৰম্পৰাই মহাকাব্য অথবা পুৰাণৰ কাহিনী গীত, নৃত্য আৰু অভিনয় মাধ্যমেৰে প্ৰচাৰ কৰা এক জন-চিত্ত বিনোদক লোক কলা শৈলীৰূপে বৰপীৰা পাৰি বহিল।

ওজাপালি অনুষ্ঠানক বিষয়বস্তুৰ ফালৰ পৰা দুটা ভাগত ভগাব পাৰি-

১) মহাকাব্য আশ্ৰয়ী আৰু

২) মহাকাব্য অনাশ্ৰয়ী।

মহাকাব্য আশ্ৰয়ী ওজাপালিক আকৌ সাতোটা উপভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হ’ল-

১) বিয়াহৰ অথবা সভা গোৱা ওজাপালি,

২) ৰামায়ণ অথবা ৰায়মন ওজাপালি,

৩) ভাউৰা বা ভাইৰা ওজাপালি,

৪) দুৰ্গাবৰী ওজাপালি,

৫) সত্ৰীয়া ওজাপালি,

৬) পাঞ্চালী ওজাপালি,

৭) দুলড়ী ওজাপালি।

একেদৰে মহাকাব্য অনাশ্ৰয়ী ওজাপালিক ছয় ভাগত ভগাব পাৰি-

১) সুকনানি ওজাপালি,

২) বিষহৰি গান,

৩) মাৰে গান,

৪) পদ্দা-পুৰাণৰ গান,

৫) টুকুৰীয়া ওজাপালি,

৬) গীদালু গীত।

ওজা আৰু পালি-

এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰদ্বাৰা ওজাপালি অনুস্থান সংগঠিত। পালি আকৌ দুবিধ- দাইনা পালি আৰু সাধাৰণ পালি। নৃত্য, গীত, বাদ্য, ৰাগ, তাল, লয়, মুদ্ৰা, গতি, ভংগী আদিত সুদক্ষ ওজাৰ শাৰীৰিক গঠন আকৰ্ষণীয় হোৱা উচিত। প্ৰখৰ স্মৃতিশক্তি ওজাৰ অন্য এক প্ৰয়োজনীয় গুণ। নৃত্য-গীতৰ পৰিচালক ওজাই দিহা, ৰাগ আদি প্ৰথমে লগাই দিয়ে।

পালি সকলে সহযোগ কৰে। দাইনাপালি বা অন্য পালিৰ দ্বাৰা ওজাই পৰিবেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাবে অথবা অভিনয় ভংগীত দৰ্শকক বুজাই দিয়ে। দাইনা পালিৰ পিছতেই বানা ধৰা বা গোৰপালিৰ স্থান। ইয়াৰ পিছতেই সহায়ক বা আগপালিৰ গুৰুত্ব।

ওজাপালিৰ ৰূপ অনুসৰি ওজা আৰু পালিসকলৰ সাজ-পোছাক বিভিন্ন ধৰণৰ। মাথো সকলোৱে বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰে। কোনো ওজাপালিৰ ওজাই জামাই উপৰিও মূৰত বিশেষ ধৰণৰ টুপী পিন্ধে অথবা পাগ মাৰে। মুখ্যতঃ ধৰ্মীয় দিশৰ লগত সম্পৃক্ত বাবেই ওজাপালি অনুস্থানত সকলোৱে শুদ্ধ পোচাক পৰিধান কৰে। বিভিন্ন শাস্ত্ৰীয় ৰাগ-ৰাগিনী গোৱা ওজাপালি অনুস্থানত সচাৰাচৰ পঞ্চস্তৰ বা অংগৰ সংযুক্তি পৰিদৃশ্যমান। ধৰ্মীয়, প্ৰকাৰ্য, জন-চিত্ত বিনোদন, নৈতিক শিক্ষা, প্ৰচাৰ মাধ্যম, সামূহিক অনুভূতি আৰু আনুগত্য প্ৰকাশৰ মাধ্যমৰূপে ওজাপালিয়ে প্ৰাচীন কালৰে পৰা ৰজাঘৰ-প্ৰজাঘৰ উভয়পক্ষতে বিশেষ সমাদৰ লাভ কৰি আহিছে।

লেখক: ৰাজু দাস

উৎস: সাহিত্য.অৰ্গ

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate