অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ মুগা শিল্প

মুগা পলুৰ খাদ্য বৃক্ষ

মুগা পলু নিৰামিষাহাৰী পতংগ, কেইবিধমান গছৰ পাতেই ইহঁতৰ আহাৰ। শাৰীৰিকভাৱে পৈণত হোৱালৈকে ইহঁত কেৱল খোৱাতেই ব্যস্ত হৈ থাকে বুলিব পাৰি। অৱশ্যে মোট সলাবৰ বেলা ইহঁত উপবাসে থাকে। মুগাবোৰ পকাৰ পিছত এমাহমানলৈ জীয়াই থাকে যদিও সেই সময়ত কোনো আহাৰ গ্ৰহণ নকৰে। গছ মুগাৰ পলুৱে চোম, সোঁৱালু, দীঘলতি, মেজাংকৰি, পাতিসোতা (পাতিসোন্দা), চঁপা, বাগৰি আদি গছৰপাত খায়। এৰী পলুৱে কেচেৰু, এৰা আদি গছৰ পাত খায় জীৱন ধাৰণ কৰে। আনহাতে, পাট পলু কেৱল নুনী গছৰ পাতৰ ওপৰত নিৰ্ভৰশীল। আমাৰ এই লেখাটিত গছ মুগাৰ খাদ্য বৃক্ষৰ বিষয়ে আলোচনা কৰা হ’ব।

চোম গছ

 

গছ মুগাৰ প্ৰধান খাদ্য হৈছে চোম গছৰ পাত। এইবিধ গছ অসমৰ সকলো ঠাইতে পোৱা যায়। তদুপৰি মেঘালয় আৰু নাগালেণ্ডৰ অঞ্চল বিশেষে চোম গছ প্ৰচুৰ পৰিমাণে পোৱা যায়। আকৃতি-প্ৰকৃতিৰ ফালৰপৰা চালে ইয়াৰ ভালেকেইটা প্ৰজাতি আছে। কোনো বিধৰ পাতবোৰ ঠেক আৰু দীঘল। কোনো বিধৰ পাতবোৰ বহল কিন্তু চুটি অথবা ডাঠ বা পাতল। আনহাতে, কোনোটো প্ৰজাতিৰ পাতৰ আগটো বহল, ঠাঁৰিৰ ফালে ঠেক। কেৱল সেয়ে নহয়, পাতৰ সোৱাদৰো তাৰতম্য দেখা যায়। কিছুমান গছৰ পাতবোৰ মিঠা, কিছুমান তিতা, কেতবোৰ জ্বলা বা টেঙা। পলুৱে মিঠা পাত পালে ঠাঁৰিলৈকে খায়। কিন্তু পাতবোৰ টেঙা বা জ্বলা হলে আধা খোৱাৰ পিছত আন এখিলা পাতত ধৰেগৈ অথবা তললৈ নামি আহে। মুগা পোহোতে এনে গছ দৃষ্টিগোচৰ হ’লে সেইবোৰ কাটি পেলাই মিঠা পাতৰ গছ ৰোৱা উচিত। কিছুমান গছ লেং লেঙকৈ ওখ হয়, তাৰ বিপৰীতে কোনো জোপা বেছি ওখ নহৈ জোপোহা হয়। আকৃতি আৰু গুণগত এই পাৰ্থক্যবোৰ অলপ মন দি টং নকৰিলে ধৰা পেলাব নোৱাৰি। এনেবোৰ দিশৰ ফালৰ পৰাই চোম গছক এইকেইটা ভাগত ভাগ কৰা হৈছে-

(১) নাহৰপতীয়া,

২) আজাৰপতীয়া(বা কঁঠালপতীয়া) আৰু

(৩) জামুপতীয়া।

ইয়াৰ ভিতৰত নাহৰপতীয়া বিধকেই সৰ্বোৎকৃষ্ট বোলা হয়। ইয়াৰ পাতবোৰ মিঠা আৰু কাজেই পলুৱে ঠাঁৰিলৈকে খায়। উদন ভাল হয়। কিছু বছৰৰ আগলৈকে মুগা পোহা পৰিয়ালত একোখনকৈ চোমনি আছিল। যিবোৰ পৰিয়ালত পৰ্যাপ্ত পৰিমাণৰ বাম মাটি নাছিল, তেনেবোৰ পৰিয়ালেও নিজৰ পাণ-তামোলৰ বাৰীখন কেওকাষে কেইজোপামান চোম সোঁৱালু আদি গছ ৰুই লৈছিল। বছৰেকত এবাহ হ’লেও মুগা যাতে পুহিব পাৰে। কেতবোৰ গছৰ পাত শীতকাল অহাৰ লগে লগেই সৰি যায় আৰু গছডাল লঠঙা হৈ পৰে। কিন্তু চোম গছৰ তেনে সমস্যা নাই। উদকালি বাৰিষা চোম গছত পুৰঠ পাত থাকেই। চ’ত-ব’হাগ মাহত যেতিয়া কুঁহিপাত ওলাই, তেতিয়াও পাতৰ বাবে মুগা পুহিবলৈ অসুবিধা নহয়। কুঁহিপাত ওলোৱাৰ সমান্তৰালকৈ গছজোপাত ফুল ফুলে আৰু গুটি ধৰে। সেইবোৰ চৰাই, কেৰ্কেটুৱা আদিৰ প্ৰিয় খাদ্য। সৰু হৈ থাকোতে বাঁহৰ চুঙীৰ হিলৈ সাজি চোম গুটিৰ গুলী ফুটোওৱাৰ কথা আজিও পাহৰিব পৰা নাই।

গুটিৰপৰাই চোমৰ পুলি হয় যদিও বহুতে কলম কৰিও পুলিৰ ব্যৱস্থা কৰে। সাধাৰণতে আহাৰ-শাওণ মাহত গুটি পচোৱা হয়। ডেৰ-দুই মিটাৰ ওখ হ’লে পুলিবোৰ ৰুবৰ বাবে উপযুক্ত হৈ উঠে। ২৫ৰ পৰা ৩০ ফুট ব্যৱধানত আগেয়ে সাৰ-জাৱৰ দি ঠিক কৰি থোৱা গাঁতত পুলিবোৰ ৰুব লাগে। পাঁচ বছৰমান বয়স হলে ১০ ফুট মানৰ উচ্চতাত গছবোৰ কলম কৰি দিলে গছজোপা চাপৰ আৰু জোপোহা হৈ পৰে। তেনে গছত পলু পুহিলে পলুৱে কষ্ট নাপায় আৰু উৎপাদনো সন্তোষজনক হৈ উঠে। চোম গছৰো ঔষধি গুণ আছে। জেঠ-আহাৰ মাহত চোম পাত খুন্দি পানীত মিহলাই নিষ্কাসিত ৰস দৈনিক আধা লিটাৰ মানকৈ এসপ্তাহমান খালে সি জুৰণিৰ কাম কৰে আৰু উৎকৃষ্ট গৰমতো শৰীৰ শীতল অনুভৱ হয়। তদুপৰি এনেদৰে খোৱাৰ পিছত বছৰটোলৈ বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰে বুলি তাহানিতে মানুহে বিশ্বাস কৰিছিল। সেইবাবেই হয়তো আমি সৰু হৈ থাকোতে পিতাদেৱে আমাক প্ৰতিবছৰে এই ৰস খুৱাইছিল।

সোঁৱালু

 

এইবিধ গছৰ বিস্তৃতি উজনিতকৈ নামনি অসমত বেছি বুলি জনা যায়। অৱশ্যে পাহাৰ অঞ্চলতো পোৱা যায়। চিৰ সেউজ সোঁৱালু গছৰ পাতবোৰ কঁঠাল পাতৰ দৰে ডাঙৰ। মুগা পলুৱে সোঁৱালু গছৰ পাত খাবলৈ পালে অতি সোনকালে শকত-আৱত হয়। সেইবাবে মুগা পালকসকলে চোমনি ডৰাৰ মাজে মাজে দুই-এজোপা এইবিধ গছো ৰোপণ কৰি লয়। অৱশ্যে সোঁৱালু গছৰ গুটি খাই চৰাইয়ে ত্যাগ কৰা বিষ্ঠাৰপৰা আপোনা-আপুনি এইবিধ গছ গজা দেখা যায়। সাধাৰণতে চোমনি বাৰী পতাৰ দৰে সোঁৱালু গছৰ বাৰী পতা দেখা নাযায়। ইয়াৰ প্ৰধান কাৰণ হৈছে চোম গছৰ সমান সোঁৱালু গছৰ পাতে চাহ নিদিয়ে। তদুপৰি তলৰ ডালবোৰ পাত সৰি শুকাই যায় আৰু পলুৱে পাত খাবলৈ বহুদূৰ বগাবলগীয়া হয়। কাজেই সঘনাই গছজোপা কলম কৰি থাকিবলগীয়া হয়। শীতকালত সোঁৱালু গছৰ পাত সৰে। কাঠ ভাল নহয়। আনকি খৰিৰ বাবেও অনুপযুক্ত। সোঁৱালু গছৰো ঔষধি গুণ আছে। ছালৰ ৰসে পেটৰ অসুখত ভাল কাম কৰে। শৰীৰত দুখ পোৱা স্থানত ছাল খুন্দি লগালে বেদনাৰ উপশম ঘটে।

দীঘলতি

 

এইবিধ গছ চোম বা সোঁৱালুতকৈ চাপৰ আৰু জোপোহা। ১০-১২ ফুট মানহে ওখ হয়। পাতবোৰ চিৰসেউজ। দেখাত তেজপাতৰ নিচিনা যদিও এফুট মানলৈকে দীঘল হয়। অসমীয়া জনজীৱনত দীঘলতি গছৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। গৰু বিহুৰ দিনা ইয়াৰ এটা ঠাল নহ’লেই নহয়। গৰু গা ধুৱাই উঠি দীঘলতিৰ পাত ঠালেৰে গৰুৰ গাত আলফুলকৈ কোবাই গোৱা হয়- ‘দীঘলতিৰ দীঘল পাত/মাখি মাৰো জাত জাত/মাৰে সৰু/বাপেৰ সৰু/তই হবি বৰ গৰু।‘ এইবিধ গছৰ পাতো মুগাৰ প্ৰিয় খাদ্য। তদুপৰি দীঘলতিৰ পাত মুগা পলুৰ বাবে একপ্ৰকাৰ ঔষধি গছ। বেমাৰী পলুবোৰে এই গছৰ পাত খাবলৈ পালে সোনকালে আৰোগ্য হৈ উঠে। সেইবাবে চোমনি ডৰাত কিছুসংখ্যক দীঘলতিৰ গছো ৰোৱা আৱশ্যক। কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে দীঘলতি গছক পৰিপূৰক খাদ্য হিচাপেহে ব্যৱহাৰ কৰা উচিত, সম্পূৰক ৰূপত নহয়। কাৰণ, কেৱল ইয়াৰ পাত খায়েই পকা মুগাৰ কলেবৰ ক্ষুদ্ৰ হয় আৰু বাহবোৰো জেলেঙা হোৱা দেখা যায়।

দীঘলতি গছৰ ঔষধি গুণৰ বিষয়ে ওপৰত উল্লেখ কৰা ‘দীঘলতিৰ দীঘল পাত মাখি মাৰো জাত জাত’ বোলা কথাষাৰতে ইংগিত পোৱা যায়। ইয়াৰ পাতৰ ৰসে মহ, মাখি আদি খেদোৱাত সহায় কৰে। পাত এমুঠি খুন্দি লৈ এবাল্টি পানীত মিহলাই তাৰে ঘৰ মচিলে মহ-মাখি আঁতৰি যায়। তদুপৰি এইবিধ গছৰ পৰা তৈয়াৰী তেলেৰে বেমাৰৰ বীজাণু বিয়পোৱা বিভিন্ন প্ৰকাৰৰ কীট-পতংগ, বিশেষকৈ মহ ধ্বংস কৰি বংশ বৃদ্ধিত বাধা দিব পৰা যায়। সেয়েহে গৰু বিহুৰ দিনা গৰুৰ গাত কোবোৱা দীঘলতিৰ পাত ঠাল পুনৰ গোহালিৰ চালত গুজি থৈ মাখি অহাত বাধা দিব বিচৰা হয়। পৰম্পৰাতো বিজ্ঞান সোমাই থাকে।

মেজাংকৰি

মুগা পলুৰ আন এবিধ উল্লেখযোগ্য খাদ্য বৃক্ষ হৈছে মেজাংকৰি গছ। এইবিধ গছ। এইবিধ গছ বহুলোকে দেখা নাই। চিৰসেউজ মেজাংকৰি গছ ৬০-৭০ ফুট পৰ্যন্ত ওখ হয়। পাতবোৰ সাঁচি গছৰ পাতৰ নিচিনা। গছজোপা সুগন্ধযুক্ত। গছজোপাৰ ভালেকেইবছৰ বয়সলৈকে গা গছডালো সেউজীয়া হৈ থাকে। এবাহ সবল মুগা পলুৱেহে মেজাংকৰি গছৰ পাত খাই তিষ্ঠি থাকিব পাৰে। গছৰ পাতবোৰ যথেষ্ট জ্বলা। সকলো পলুৱে খাই হজম কৰিব নোৱাৰে। তদুপৰি গছবোৰ অত্যধিক ওখ হোৱাৰ বাবেই দুৰ্বল পলুৱে বগাবলৈও অসমৰ্থ হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ভৈয়ামত বৰ্তমান মেজাংকৰি গছ নাই বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। যোৰহাট জিলাৰ লাহদৈগড় অঞ্চলত কিছু পৰিমাণে মেজাংকৰি গছ আছে বুলি জনৈক ব্যক্তিয়ে আমাক জানিবলৈ দিছিল। তদুপৰি বন বিভাগে ডিগবৈৰ ওচৰত এখনি আৰ্বোৰেটাম প্ৰতিষ্ঠা কৰিছে। ইয়াত যথেষ্ট পৰিমাণে মেজাংকৰি গছ ৰোৱা হৈছে। পাহাৰীয়া ৰাজ্যকেইখনত, বিশেষকৈ নাগালেণ্ডত যথেষ্ট পৰিমাণে মেজাংকৰি গছ পোৱা যায়। এই গছবোৰত আমফুটনি আৰু কটকৰি নামৰ বনৰীয়া মুগা পলু পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এই দুয়োবিধ পলু দেখাত ভয় লগা হোৱাৰ হেতুকে চৰাইয়ে আক্ৰমণ নকৰে। তদুপৰি বনৰীয়া এৰী পলুয়েও মেজাংকৰি গছৰ পাত খাই জীৱন ধাৰণ কৰে। আন এটি সমীক্ষাৰ মতে, চোম গছত মুগা পলু দুই ওলোৱালৈকে প্ৰতিপাল কৰাৰ পিছত মেজাংকৰি গছলৈ স্থানান্তৰিত কৰিলে পলুবোৰ সবল হয় আৰু যথেষ্ট পৰিমাণে উৎপাদন পোৱা যায়। মেজাংকৰি গছৰ পাত খোৱা মুগাৰ সূতাবোৰ চোম বা আন গছৰ পাত খোৱা মুগাৰ সূতাৰ লগত নিমিলে। মেজাংকৰিৰ সূতা শুভ্ৰ সোণোৱালী আৰু অতিশয় উজ্জল। তদুপৰি ই মহা মূল্যৱান। এই সূতাৰে তৈয়াৰ কৰা বস্ত্ৰ বা আন পোছাক তাহানিতে ৰজা বা ডা-ডাঙৰীয়াসকলেহে ব্যৱহাৰ কৰিছিল। আচলতে ইয়াক আভিজাত্যৰ প্ৰতীক বুলিও ক’ব পৰা যায়। মেজাংকৰি গছৰ ঔষধি গুণ বিশ্ব-ব্যাপ্ত। গছজোপা সুগন্ধযুক্ত হোৱাৰ বাবে ইয়াৰ পৰা নিষ্কাসিত তেলতো চিত্ৰনলাৰ দৰে সুগন্ধি বিদ্যমান। বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া প্ৰতিৰোধ কৰিব পৰা মেজাংকৰি তেলে মানুহৰ কায়িক আৰু মানসিক বহুতো অসুস্থতা আঁতৰোৱাত সহায় কৰে। আনকি এই তেলৰ ধোঁৱাই কৰ্কট ৰোগতো কাম কৰে বুলি প্ৰকাশ।

পাতিসোতা(পাতিসোন্দা), চঁপা, বগৰি আদি গছৰ পাত মুগা পলুৱে খাই যদিও মুগা পালকসকলে সেইবোৰ গছত মুগা নোপোহে। সেইবাবেই গছ কেইজোপাৰ বিৱৰণি ইয়াত দাঙি ধৰা নহ’ল।

চোমনি এখন পাতি লওঁতে আন ভালেকেইটা কথাৰ প্ৰতি চকু দিবলগীয়া হয়। বাৰিষা কালত সাধাৰণতে ধুমুহা-বতাহে মুগাৰ অনেক ক্ষতি কৰা দেখা যায়। চোম সোঁৱালু আদি গছবোৰৰ ডাল ভাগে অথবা গছ জোপাই উভালি পৰে। তেতিয়া পলুবোৰ হানি হয়। ধমুহা-বতাহক প্ৰতিহত কৰিবৰ বাবে চোমনিখনৰ পশ্চিম দিশত শিঙৰি, আজাৰ আৰু নাহৰ গছ ৰুলে ধুমুহাৰপৰা গছবোৰ বচাব পৰা যায়। তদুপৰি এইবোৰ গছৰ ডাল-পাত কাটি পকা মুগাই বাহ বান্ধিবৰ বাবে জালিও সাজিব পাৰি।

গ্ৰীষ্মকালত প্ৰখৰ ৰ’দত চোমনিডৰাৰ বায়ুমণ্ডল উত্তপ্ত হৈ উঠে। তেতিয়া পলুবোৰা গছৰ আগত পাত খাবলৈ এৰি দি তললৈ নামি আহে আৰু গাৰিবান্ধৰ ওচৰত জুম পাতেহি। বহুলোকে তেনে অৱস্থাত আন গছৰ পাতৰ ঠাল কাটি আনি গাৰি-বান্ধত গুজি দিয়েহি যাতে পলুবোৰে তাৰ ছাঁত জিৰণি ল’ব পাৰে। এই সমস্যাৰ প্ৰতিকাৰ কৰিবৰ বাবে খাদ্য বৃক্ষজোপাৰ দক্ষিণফালে চাৰি-পাঁচ ফুটমানৰ আঁতৰত একোজোপাকৈ দীঘলতিৰ গছ ৰুব লাগে। সকলোবোৰ গছৰে ৰ’দৰ উত্তাপ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থাকে। কিন্তু বিশেষ কিছুমান গছৰ সেই ক্ষমতা অধিক বুলি জনা যায়। ছেই ফল লগা গছবোৰৰ তেনে ক্ষমতা আন গছতকৈ অধিক। সোণাৰু, তেতেলি, চজিনা আদি গছবোৰ দীৰ্ঘম্যাদী ছেই ফলৰ গছ। চোমনিৰ মাজে মাজে তেনে গছ জোপাচেৰেক ৰুলে বাৰীখনত শীতলতা বিৰাজ কৰে। তদুপৰি হ্ৰস্বম্যাদী ছেই ফল দাংবদি, মটৰ মাহ, লেচেৰা মাহ আদি গছে অক্সিজেন বৃদ্ধি কৰাৰ উপৰি মাটিৰ উৰ্বৰতা বঢ়াত সহায় কৰে। চোমনিখনৰ দাঁতিত যদি জলাশয় থাকে, তাত পৰ্যাপ্ত পৰিমাণৰ তৰা গছ ৰোৱা উচিত। ই বিভিন্ন ৰোগৰ মহৌষধৰ এবিধ মূল্যৱান উদ্ভিদ। তৰা গছ কাটিলে তাৰপৰা একপ্ৰকাৰ গোন্ধ বিয়পি পৰে আৰু কেইবা মিটাৰ দূৰলৈকে বায়ু সংশোধন কৰে। গতিকে, বহু মুগা পালকে গছত পলুৰ খৰিকা লগাবৰ সময়ত ওচৰে-পাজৰে যদি থাকে, তৰা গছ দুজোপামান কাটি দিয়ে যাতে চোমনি বাৰীখন প্ৰদূষণমুক্ত হয়।

বিভিন্ন বেমাৰ-আজাৰেই চোমনি বাৰী নষ্ট কৰা দেখা যায়। আমৰলি, মজাৰলি, টোকা আদি বিভিন্ন পৰুৱাই এইবোৰ গছত বাহ লোৱা দেখা যায়। ভোমোৰা জাতীয় এবিধ পতংগই গা-গছ বা ডালত কণী পাৰে আৰু তাৰপৰা পলু জগি অভ্যন্তৰলৈ প্ৰৱেশ কৰি মজ্জা খাই গছজোপাৰ অনিষ্ট সাধন কৰে। ‘গল’ নামৰ এবিধ পতংগই নিজৰ শৰীৰৰপৰা চোম, সোঁৱালু আৰু দীঘলতিৰ পাতত এবিধ ৰস নিষ্কাসিত কৰি দিয়ে, যাৰ ফলত পাতবোৰৰ সন্মুখৰ ফালে ৰঙচুৱা বৰণৰ কেতবোৰ কাঁইটৰ সৃষ্টি হয়। জেঠ-আহাৰ মাহত সৃষ্টি হোৱা এই কাঁইটবোৰ শাওণ-ভাদ মাহত পূৰঠ হোৱা দেখা যায়। পূৰঠ কাঁইটবোৰ দেখাত শিৱ দলৰ কলচীটোৰ নিচিনা হৈ পৰে। ফলত গছবোৰৰ বহুত পাত অবাবতে নষ্ট হয়। তদুপৰি ভেঁকুৰৰ বাবেও গছৰ পাত পলুৰ খাদ্যৰ বাবে অনুপযুক্ত হৈ পৰে। আমফুটনি আৰু কটকৰি নামৰ বনৰীয়া পলুবোৰেও পাত খাই গছবোৰ লঠঙা কৰে। পৰজীৱি উদ্ভিদ ৰঘুমলা চোম আৰু দীঘলতি গছত খুব বেছিকৈ হোৱা দেখা যায়। সময়মতে শিপাৰে সৈতে ৰঘুমলাবোৰ আঁতৰ নকৰিলে গছজোপাকে মাৰি পেলায়।

বৰ্তমান সময়ত বিভিন্ন কাৰণত জনসাধাৰণে মুগা পুহিবলৈ এৰি দিছে বুলিয়েই ক’ব পাৰি। ব্যক্তিগত চোমনিবোৰ ভাঙি চাহ খেতি কৰিছে। যি দুই-এজন লোকে মুগা পুহিছে তেওঁলোকেও চৰকাৰী চোমনিৰহে সহায় লৈছে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান সময়ত মাত্ৰ ১২খনহে চৰকাৰী চোমনি আছে। অৱশ্যে তাৰ বিপৰীতে ৬৭ খন গ্ৰাম্য চৰণীয়া পথাৰত চোম গছ ৰোপণ কৰা হৈছে। ব্যক্তিগত চোমনিবোৰ ঘৰৰপৰা নাতিদূৰত হোৱাৰ বাবে মুগা পুহিবলৈ বিশেষ অসুবিধা নহয়। কিন্তু চৰকাৰী চোমনিবোৰত সকলোৱে মুগা পোহাটো সম্ভৱপৰ হৈ নুঠে।

লিখক: ভৰত সন্দিকৈ।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate