অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ লোক সংস্কৃতিত পুতলা নাচ :

অসমৰ লোক সংস্কৃতিত পুতলা নাচ :

 

ভাৰত হৈছে বিভিন্ন লোক সংস্কৃতিৰ জন্মস্থল। এই লোক পৰম্পৰাসমূহ আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে চলি আহিছে। আদিম মানৱে লিখিব-পঢ়িব নাজানিছিল যদিও তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা সংগ্ৰহ কৰা জ্ঞানসমূহ তেওঁলোকৰ স্মৃতিপটত সংৰক্ষিত হৈছিল আৰু সেইবোৰ বাচিক আৰু আংগিক আচৰণৰ জৰিয়তে সমাজত প্ৰচলিত হৈছিল। এই ধৰনৰ সংৰক্ষিত আৰু অভিজ্ঞাপিত বিষয়বোৰেই হৈছে পৰম্পৰাগতভাৱে চলি অহা নৃত্য, নাট্য, গীত ইত্যাদিৰ সমষ্টিয়ে হৈছে লোক সংস্কৃতি। এই পৰম্পৰাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হৈ বৰ্তমানৰ পৰ্যায় পাইছেহি।

এই পৰম্পৰাগতভাৱে চলি অহা লোক সংস্কৃতিসমূহৰ ভিতৰত পুতলা নাচ হৈছে ভাৰতৰ অতি প্ৰাচীনতম লোক নাট্য অনুষ্ঠান। ভাৰতত পুতলা নাচৰ উল্লেখ সৰ্বপ্ৰথম খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ মহাভাৰত মহাকাব্যত পোৱা যায়। খ্ৰীষ্টপূৰ্গ্ব চতুৰ্থ শতিকাৰ সংস্কৃত ব্যাকৰণ পানিনি আৰু যুগসূত্ৰৰ লেখক পতঞ্জলিয়ে নিজৰ ৰচনাসমূহত পুতলাৰ উল্লেখ কৰিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ তামিল কবি তিৰুবল্লুবৰেও লিখিছে যে, ‘এজন সংবেদনহীন ব্যক্তিৰ গতি-বিধি সূতাৰ জৰিয়তে সঞ্চালন কৰা পুতলাৰ জীৱনৰ সমান’।

অসমৰ পুতলা নাচ কিমান প্ৰাচীন কালৰ পৰা চলি আহিছে তাক জনাৰ নিৰ্ভৰযোগ্য উপায় নাই। কিন্তু মহাপুৰুষ শংকৰদেৱৰ আদি দশমত ‘ছায়া পুতলা’ৰ উল্লেখ থকালৈ চাই এই অনুষ্ঠানটি শংকৰী যুগৰ আগৰ পৰাই চলি আহিছিল বুলি ভবাৰ অৱকাশ আছে। অসমত পৰম্পৰাগতভাৱে চলি অহা সূতা পুতলাসমূহ কুহিলাৰ সহায়ত গঢ়া হয়। কুহিলাত আঠালেভিয়া মাটি, গোবৰ, কাপোৰ আদি মেৰিয়াই দি তাৰ ওপৰত হেঙুল-হাইতাল সানি পুতলাৰ চৰিত্ৰ অনুসৰি কানি-কাপোৰ, আ-অলংকাৰ পিন্ধোৱা হয়। প্ৰয়োজন অনুসৰি ধনু-কাঁড়, গদা আদিও পুতলাৰ হাতত তুলি দিয়া হয়। আঁৰ কাপোৰৰ আঁৰত থকা এজন ব্যক্তিয়ে পুতলাবোৰৰ হাত, ভৰি, কঁকাল আৰু মূৰত ক’লা সূতা বান্ধি ভিতৰৰ পৰা পুতলাবোৰ সঞ্চালন কৰে।

পুতলা নাচত সাধাৰণতে ৰামায়ণ-মহাভাৰত আদি আখ্যানবোৰক ইয়াৰ কাহিনী হিচাপে লোৱা হয়। যদিও সাম্প্ৰতিক কালত সমাজত গা কৰি উঠা যুৱক-যুৱতী চামৰ কৰ্ম বিমুখিতা, সমাজত চলি অহা কু-প্ৰথা, অন্ধবিশ্বাস, যৌতুক প্ৰথা, মাদক দ্ৰব্যৰ অপকাৰিতা, বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তা, নাৰী শিক্ষা, এইডছ ৰোগৰ ভয়াৱহতা, বাল্য বিবাহ, জন্ম নিয়ন্ত্ৰণ, সৰ্বশিক্ষা, স্বাবলম্বন, বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আদিৰ প্ৰতি সচেতন কৰিবলৈ পুতলা নাচৰ নাটকত এটি ধেমেলীয়া চৰিত্ৰ আৰু ওজা পালিৰ মাধ্যমেৰে ভয়াৱহ সমস্যা আৰু কৰণীয় কৰ্তব্যসমূহৰ বিষয়ে আলোকপাত কৰি আহিছে।

অসমৰ কিছুমান ঠাইত বিশেষকৈ নলবাৰী জিলাত কুৰি শতিকাৰ আগভাগত অসংখ্য পুতলা নাচৰ দল আছিল বিশেষকৈ চান্দকুছি, মোহখলী, জাপাৰকুছি, গন্ধিয়া, মালিকুছি, বেলশৰ, আলগা, মাখিবাহা, ধানতোলা, বৰ আজাৰা, কৈহাটী, নলবাৰী চক বজাৰ আদি গাঁৱত জন্মগ্ৰহণ কৰা পুতলা নাচৰ দলসমূহৰ বৰ্তমান ৯০ শতাংশ কালৰ সোঁতত হেৰাই গৈছে। অসমৰ কেইটামান দলৰ পুতলা নাচৰ শিল্পীসকলক তেওঁলোকৰ কলাত্মক গুণে আজিও মহীয়ান কৰি ৰাখিছে।

যোৱা পঞ্চাশতকৈ অধিক বছৰত ভাৰতত পুতলা নাচত নতুন কলা-কৌশল প্ৰয়োগৰ জৰিয়তে পুতলা নাচ কলাক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অগ্ৰসৰ সমাজৰ বিভিন্ন দিশৰ পৰিৱৰ্তনে অসমৰ লোক কৃষ্টি পুতলা নাচৰ বিভিন্ন দিশ যেনে পুতলা তৈয়াৰ কৰা পদ্ধতি, পুতলা নাচ পৰিৱেশন, পুতলাৰ মঞ্চ, নাটকৰ সংলাপ আদিৰ লগতে পুতলা নাচত শিক্ষিত যুৱক-যুৱতী জড়িত হৈ পৰাত ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো পুতলা নাচৰ কিছু পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

এই পৰিৱৰ্তনেই হৈছে অসমৰ পুতলা নাচ কলাটিক জীয়াই ৰখাৰ এটি শুভ সংকেত। লগতে চৰকাৰী সা-সুবিধাৰ ফলত পুতলা নাচ সাম্প্ৰতিক সময়ত কেৱল মনোৰঞ্জন মাধ্যম হৈ নাথাকি শিক্ষাৰ মাধ্যমৰ লগতে জীৱিকাৰ মাধ্যম হৈ পৰিছে।

অসমৰ এই লোক কলাটো সজীৱ কৰি তুলিবলৈ হ’লে যুৱ প্ৰজন্মৰ নতুন চিন্তা, নতুন কৌশল প্ৰয়োগৰ অত্যন্ত আৱশ্যক।

অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত থকা নৃতত্ত্ব বিভাগ, লোক সংস্কৃতি গৱেষণা বিভাগ, অসমীয়া বিভাগ, গণসংযোগ আৰু সাংবাদিকতা বিভাগসমূহত তত্ত্বগতভাৱে পুতনা নাচ বিষয়ত অধ্যয়ন কৰা হয়, কিন্তু ইয়াৰ লগতে যদি ব্যৱহাৰিক দিশতো গুৰুত্ব দিয়া যায় তেনেহ’লে অসমৰ এই আপুৰুগীয়া সম্পদটো ৰক্ষা আৰু প্ৰচাৰত বহু সহায়ক হ’ব।

লেখিকা: বিনীতা দেৱী(ৰাইজৰ বাতৰি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate