নামনি অসমৰ এটা উল্লেখ্যযোগ্য লোক উৎসৱ হ’ল মহোহো বা মহ খেদা। এই উৎসৱক প্ৰধানকৈ নলবাৰী অঞ্চলত ‘ভাল ভৌলকা’ খেদা বুলি কোৱা শুনা যায়। প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি চেমনীয়া ল’ৰাবোৰে দলবদ্ধভাৱে এই উৎসৱ পাতে। সাধাৰণতে আঘোণ মাহ খেতি চপোৱাৰ সময়; বতৰো ফৰকাল, অভাৱ-অনাটনো কম থাকে। ৰাতি আনন্দ প্ৰকাশৰ এই উৎসৱৰ যথাৰ্থতা আমাৰ সমাজত একেবাৰে নথকা নহয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে গৃহস্থৰ ঘৰৰ পৰা চাউল পাত, টকা-পইচা মাননি হিচাপে সংগ্ৰহ কৰা। এই উৎসৱৰ দিনাখন গধূলি সময়ত ডেকা চেমনীয়া সকলো সৰু সৰু দল হৈ মুখত মুখা পিন্ধি হাতত বাঁহৰ সৰু সৰু টাঙোন, ঠোৰকা আদি লৈ নাচি নাচি গীত গাই গাই মানুহৰ ঘৰে ঘৰে গৈ এই উৎসৱ পালন কৰা দেখা যায়। এই উৎসৱৰ সময়ত গোৱা গীতবোৰ সাধাৰণতে মানুহৰ মুখে মুখে চলি অহা গীত। মহ খেদাৰ সময়ত কেতিয়াবা ল’ৰাবোৰে মুখত মুখা পিন্ধি ৰং ধেমালিৰ মাজেৰে নৃত্য কৰা আজিৰ সময়তো দেখা যায়। অৱশ্যে আগৰ দিনত যেতিয়া সস্তীয়া কৃত্ৰিম মুখাৰ আৱিষ্কাৰ হোৱা নাছিল তেতিয়া ডেকাল’ৰাবোৰে তামোল গছৰ ঢকুৱা মুখাৰ আকৃতি সজাই তাত ৰঙা, নীলা, ক’লা আদি ৰং সানি তাকে পিন্ধিছিল। এতিয়া পিছে নানা ধৰণৰ মুখা ওলাইছে। তাকে পিন্ধি নাচি মহে খেদা উৎসৱ পালন কৰাৰ লগতে এনেবোৰ দৃশ্যই সৰু সৰু ল’ৰা-ছোৱালীবোৰক আমোদ দিয়া দেখা যায়। কিছু অঞ্চলত মহ খেদা দলবোৰত ভালুকৰ সাজ পিন্ধি নৃত্য কৰা দেখা যায়।
মহ খেদা উৎসৱৰ গীতবোৰ সাধাৰণতে এজনে লগাই দিয়ে। আৰু বাকীবোৰে ধৰে, একে সময়তে বাঁহৰ সৰু সৰু টাঙোনেৰে মাটিত শব্দ কৰি মানুহৰ ঘৰে ঘৰে গায়-
আঘোণৰ পূৰ্ণিমা হ’ল
মহ খেইদবাৰ হুকুম হ’ল
অ’ হো হো মহো হো
মহ খেইদবা টাকোন লৌ
মহে বুলে মৌইল্লুদে
টেপোল পুৰা খালু দে
টোপোলাত নহ’ল লুন
চাউল কাৰে দোন দোন
চাউল নেদি দিলাক কড়ি
এনেথোৰ ঘৰ লৰি-চৰি
লৰি-চৰি যাওঁতে
সোণৰ নাঙাল বাওঁতে
সোণৰ নাঙাল ৰূপাৰ হাল
ঘৰজীয়া বেটাই বাৱে হাল
হাল দিলো সীৰালে
মৈ দিলোঁ পাটে
মহোৰ মাকক পাৰ কইল্লু
বুঢ়া দিয়াৰ ঘাটে।
এই গীতটোত বুঢ়াদিয়া ঘাটৰ উল্লেখ আছে। বুঢ়াদিয়া হৈছে নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এখন নাম থকা নৈ। গতিকে আমি অনুমান কৰিব পাৰোঁ যে এই গীতটো সম্ভৱ নলবাৰী অঞ্চলক সৃষ্টি হৈছিল। সি যি কি নহওক এই গীতৰ জৰিয়তে যেন সকলো ঠাইৰ মহ আতৰি যায় মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে তাকে গীতটোৰ মাজেৰে দাঙি ধৰা যেন অনুমান হয়। ইয়াৰ বাহিৰে আন কিছুমান লোকে এই মহোহো গীত গাই এনেদৰে-
এনথোৰ ঘৰত তুঁহৰ ধোঁৱা
চলি কান্দে তোঁহা তোঁহা
বাঁহৰ পাত চিকি মিকি
আমাক লাগে টকা সিকি ইত্যাদি।
ব’হাগ মাহত বিহু বা হুচৰি দলক যেনেদৰে গৃহস্থলৈ ঘৰলৈ আদৰি আনি তেওঁলোকক সন্তুষ্ট কৰি ঘৰৰ গৃহস্থই আশীৰ্বাদ লয়, ঠিক একেদৰে মহোহো বা মহ খেদা দলবোৰকো ঘৰৰ গৰাকীয়ে টকা-পইচা, চাউল-পাত দি সন্তুষ্ট কৰা দেখা যায়। এনেদৰে সংগৃহীত চাউল, টকা-পইচা গোটাই লৈ ডেকাবোৰে লগে ভাগে এসাজ ভালদৰে খায় আৰু সেইটো হৈছে তেওঁলোকৰ সমূহিক আনন্দ।
লিখক: প্ৰণৱেশ ভট্টাচাৰ্য, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 7/9/2020
অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদি...
“মহোহো”
অসমৰ প্ৰথম দৌল উৎসৱ
অসমীয়া সাহিত্যৰ বুৰঞ্জী