অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আদিসকলৰ সাজ-পোছাক

আদিসকলৰ সাজ-পোছাক

এটা সময় আছিল যেতিয়া আদি সকলে ঝিম কাপোৰ, জন্তুৰ ছাল, গছৰ বাকলি বা আঁহেৰে নিৰ্মিত সমগ্ৰীৰে গা ঢাকিছিল বা লজ্জা নিবাৰণ কৰিছিল। পাহাৰৰ পাদদেশৰ মানুহখিনিয়ে পাতল কপাহী কাপোৰ পৰিধান কৰিছিল।পুৰুষে লজ্জা নিবাৰণৰ বাবে লেংটি (উগ’ন বা চাবে)পৰিধান কৰিছিল। ‘গালোক’ বা আদি ক’ট বিভিন্ন প্ৰকাৰৰ দেখা যায়। ‘গালোক’ দুবিধৰ। এবিধৰ হাত দীঘল আৰু আনবিধৰ হাত চুটি। এই বুকু ফলা চোলাবোৰ সৰু সৰু ৰচীৰে বুটামৰ দৰে বান্ধি ৰাখে। টুপী বেতৰ বা জন্তুৰ ছালৰপৰা তৈয়াৰ হয়। টুপীক তেওঁলোকে ‘বলুপ’ বা ‘দামলুপ’ বোলে। টুপীত ধনেশ চৰাইৰ ঠোঁট বা গাহৰিৰ দাঁত গুজি লোৱা দেখা যায়।

তিৰোতাসকলে কঁকালত মেখেলা (গালে) পিন্ধে। ইয়াক চিলাই নলৈ মেৰিয়াই পিন্ধিব পৰাকৈ খোলা ৰাখে। ‘গালে’ নানান ৰকমৰ আছে। সেইবোৰ তিৰোতাসকলে নিজে বৈ লয়। আজিকালি পুৰুষ-তিৰোতা উভয়ৰে সাজ-পোছাকত সম্পুৰ্ণ পৰিৱৰ্তন দেখা গৈছে। পথাৰলৈ যাওঁতে আদি তিৰোতাই কঁকালত ‘চুচাক’ আৰু ‘এগিন’ লৈ যায়। ‘এগিন’ক তেওঁলোকে ‘এবাৰ’ আৰু ‘গিনচি’ বোলে। নিচি তিৰোতাৰ দৰে পথাৰলৈ যাওতে কঁকালত বান্ধি লোৱা ‘মেপে’ত জুই লৈ যায়। পুৰুষৰ পিঠিত ওলোমাই লোৱা ‘ৰাৰা’ বা ‘লাৰাং’ এবিধ প্ৰয়োজনীয় আহিলা। পুৰুষে এই মোনাসদৃশ বেতেৰে নিৰ্মিত আহিলটোত প্ৰয়োজনীয় সামগ্ৰী কেইপদ লৈ ফুৰিব পাৰে। ইয়াৰ আন নাম হ’ল ‘তালী’ বা’ চেপা’। ইয়াক বহুতে ‘ৰাচে’ও বোলে। পুৰুষে কঁকালত জন্তুৰ ছালেৰে নিৰ্মিত মোনাত শিল এডোখোৰ লৈ ফুৰে। প্ৰয়োজন হ’লে এই শিলডোখৰ তিঙিৰি (ছামিক)তুলাৰ লগত লৈ নিজৰ লোৰ দাখনত ঘৰ্ষণ কৰাই জুই উলিয়াই লয়। পাহাৰীয়া মানুহে প্ৰায়ে এনেকৈয়ে জুই ধৰে। পুৰুষে কঁকালত দা এখন আঁৰি লৈ ফুৰাৰ উপৰি ডিঙিতো অকণমান আগ জোঙা কটাৰী এখন লৈ  ফুৰে। ধনুকাঁড়তো জীৱন লগ্ন অস্ত্ৰ, সেয়েহে সদায় লগত থাকেই। আদি পুৰুষে চুলি ৰাখি পাহাৰিয়া মিৰি, নিচি বা আপাতানিৰদৰে খোপা(পদুম)নাবান্ধে। সকলো তিৰোতাই চুলি নাকাটে। কিছুমান গাভৰু বা তিৰোতাৰ চুলি বহুত দীঘল হোৱা দেখা যায়। আজিকালি কোনে কি ধৰণে চুলি ৰাখে সেয়া নিজৰ ওপৰত নিৰ্ভৰ কৰে। আগৰ দিনত অলংকাৰ পৰিধান কৰিবৰ বাবে পুৰুষ-তিৰোতা উভয়ে কাণ ফুটুৱাই লৈছিল। নাক ফুটুৱা ক’তো দেখা নাযায়। একালত পাদামসকলে আপাতানি আৰু অঁকা বা হ্ৰছোসকলৰ দৰে টেটু কৰি লৈছিল। ইয়াৰ উদ্দেশ্য আছিল নিজৰ সৌন্দৰ্য বঢ়োৱা।

গৃহ সজুলি

দা, যাঠি, ধনুকাড়, কাঁহি-বাটি, পাচি, ঢাৰি, কটাৰি আদি সঁজুলিবোৰ আদিসকলৰ অতি প্ৰয়োজনীয় সামগ্ৰী। কুঠাৰ, খন্তি বা বেতৰ পিঠিত আঁৰি লোৱা মোনা, তাতশাল আদিৰ সামগ্ৰীও বৰ দৰকাৰী সামগ্ৰী। পানী আনিবলৈ তৈয়াৰ কৰা বাঁহৰ চুঙা (চিলেক),পানী বা আপ্ং খাবলৈ সৰু সৰু চুঙা (পেতে), চাউল ভৰাবলৈ সজা ‘দুচিন’ বা ‘আমবিন দুপ্ং’, নিমখ ৰখা চুঙা (আল লুদু), চাউল ৰখা চুঙা ‘আমবিন দুতুপ’ আদিয়েই আদিসকলৰ প্ৰধান ঘৰুৱা সামগ্ৰী।   উৰল (চিপাৰ), থালী (এচিং একুং), মাটিৰ ভাত ৰন্ধা বাচন(কেদি পেকিং), আপ্ং খাবলৈ ব্যৱহাৰ কৰা জাতি লাউৰ শুকান পাত্ৰ(ওজুক) আদি প্ৰয়োজনীয় বস্তুবোৰ নিজে তৈয়াৰ কৰি লয়। বাঁহ-বেতেৰে তৈয়াৰী সামগ্ৰীবোৰে আদি সমাজত এটা ডাঙৰ ভুমিকা পালন কৰে। বাঁহৰ খাং (একেন পাপে), ধান কঢ়িয়াবলৈ পিঠিত লোৱা তিনিকোণীয়া পাচি (এগিন), কাপোৰ-কানি ৰখা জপা (উদুম), খৰি বা পানী কঢ়িয়াবলৈ সজা খাং (এচি এবাৰ), তিৰোতাই শাক-পচলি বুটলা সৰু পাচি (এবাৰ), আৰু আপ্ং তৈয়াৰ কৰা ডাঙৰ পাচি (অপ’ আপে) প্ৰতিটো আহিলাই বৰ দৰকাৰী সামগ্ৰী। গৰু, মেথুন বন্ধা পঘা, জলকীয়া গুৰি ৰখা চুঙা, বৰষুণ-ৰ’দৰ পৰা বাচিবলৈ সজা জাপি (বদি) আদি আৰু অনেক সঁজুলি আছে।

ৰামচন্দ্ৰ চুতীয়া, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate