আলি-আ:য়ে লৃগাং কেৱল এটা উৎসৱৰ নামেই নহয়, ই মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন। মিচিংসকলৰ আলি-আ:য়ে লৃগাং তিনিটা পদৰ সমষ্টি। আলি, আ:য়ে আৰু লৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আ:য়ে হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্য আৰম্ভ কৰা। অৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্য আৰম্ভ কৰা। সেয়েহে এই উৎসৱক কৃষিভিত্তিক উৎসৱ আখ্যা দিয়া হয়। ই কৃষিপ্ৰধান। কিন্তু কৃষিপ্ৰধান হ’লেও ই কেৱল কৃষিৰ লগতে সীমাবদ্ধ হৈ থকা নাই। ইয়াত থকা নৃত্য আৰু গীতসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। পূৰ্বে আলি-আ:য়ে লৃগাং উপলক্ষে এমাহ আগৰে পৰা লৃগাঙৰ প্ৰস্তুতি চলিছিল। চিকাৰীৰ দল চিকাৰলৈ, মাছমৰীয়াৰ দল জাকে জাকে মাছলৈ গৈছিল। চিকাৰত পোৱা মাছ-মাংসবোৰ নষ্ট নহ’বৰ বাবে জুইত শুকান কৰি লগত ৰাখিছিল। সেইবোৰক ‘ঙচান’ (অঙ আ:চান, শুকান মাছ) আৰু ‘দিনচান’ (আদিন আ:চান, শুকান মঙহ) বুলি কোৱা হয়। আলি-আ:য়ে লৃগাঙত বিশেষভাৱে শুকান মাছ আৰু মাংসৰে তেল, মছলা নিদিয়াকৈ আঞ্জা সিদ্ধ কৰি খোৱা হৈছিল। গৰখীয়া ল’ৰাবোৰে তৰণীবিহীন দেহাৰে তৰাপাত, কৌপাত গোটোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একোখন ঘৰত অতি আন্তৰিকতাৰে আদা, মাহ, বিবিধ বনৰীয়া শাক, মাছ, মাংসৰ সংগ্ৰহ হৈ উঠে। তেল আৰু কণীৰ ব্যৱহাৰ নহয়। কিন্তু আজিকালি পূৰ্বৰ আদা চাটনি, শুকান মাছৰ চাটনি, প:ৰ আপঙৰ পৰিৱৰ্তে ন ন উপাদান সংযোজন হৈছে।চোতালৰ লৃগাং বিহু মঞ্চলৈ উঠি গৈছে। আলি-আ:য়ে লৃগাঙৰ দিনাখন ঘৰৰ মূৰব্বী নতুবা পথাৰৰ কামৰ মূল ব্যক্তিজনে পথাৰ নতুবা বাৰীৰ কোণত এডোখৰ মাটি চাহ কৰি চাৰিকোণত চাৰিজোপা মেগলাৰ গছ গুজি দিয়ে। লগত নিয়া আপঙৰ সীহ, কপাহ ইত্যাদিবোৰ যথাস্থানত সন্তৰ্পণে দি মাটিডৰাত লগত নিয়া কঠীয়াখিনি সিঁচি দি এই বচনফাঁকি মাতে – ‘হে’ সৃষ্টিকৰ্তা, বসুমতী আই, লখিমী আই, সূৰ্য-চন্দ্ৰ, স্নেহময়ী কল্যাণময়ী, ধুমুহা-গাজনি, বতাহ-বৰষুণ, পোক-পৰুৱা তোমালোক আটাইকে সাক্ষী কৰি আজি লৃগাঙৰ দিনা আমি বীজ-গুটি ৰোপণৰ কাৰ্য আৰম্ভ কৰিছোঁহক, তোমালোকে খেতি-পথাৰৰ মংগল কৰিবাহক। শস্য অনিষ্টকাৰীৰ পৰা খেতি ৰক্ষা কৰিবাহক। দুখীয়া-মাগনীয়াৰ বাবেও এভাগ পাবলৈ দিবাহক। য়োৱা বছৰতকৈ এইবছৰ বেছি পাবলৈ দিবাহক।’ এইদৰে অকলশৰে লৃগ্গদ কৰাৰ পাছত ব্যক্তিজনে মেগলাৰ আগবোৰ এমুঠি কৰি বান্ধি দিয়ে। মেগলা গছক মিচিংসকলে শক্তিশালী পৱিত্ৰ প্ৰতীক ৰূপত বিশ্বাস কৰে। লৃগ্গদ কৰাৰ পাছতে ব্যক্তিজনে ঘৰলৈ গৈ ঘৰৰ জুহালৰ চাৰিকোণত আৰু জাকিৰ ঠেংবোৰতো লৃগাঙৰ বাবে প্ৰস্তুত কৰা উপাদানবোৰৰ কিয়দংশ উপৰিপুৰুষসকলক স্মৰণ কৰি আগঢ়ায়। তাৰ পাছতে ঘৰখনত লৃগাঙৰ দুৱাৰ উন্মোচন বুলি ধৰা হয়। এইদৰে প্ৰত্যেক গাঁৱৰ প্ৰতি ঘৰতে পৰম্পৰাগত লৃগ্গদ হোৱাৰ পাছৰে পৰা বুঢ়া-মেথা, ডেকা-গাভৰুসকলৰ বিহু আৰম্ভ হয়। বুঢ়া-বুঢ়ীসকলে ঘৰে ঘৰে হাত চাপৰিৰে বিহু গাই নাচি ৰঙৰ ভাগ লয়। ডেকা-গাভৰুসকলে গুমৰাগ নৃত্যৰ জৰিয়তে মনৰ প্ৰকৃত পৰিচয় দিবলৈ যত্ন কৰে। মিচিংসকলৰ আলি-আ:য়ে লৃগাং উপলক্ষে প্ৰদৰ্শন কৰা নৃত্য-গীতত জনগোষ্ঠীটোৰ ক্ৰমবিকাশৰ ধাৰা সুন্দৰ ৰূপত প্ৰতিফলিত হয়। আলি-আ:য়ে লৃগাং উৎসৱৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। লৃগাং উৎসৱক কেন্দ্ৰ কৰি নানান সাংস্কৃতিক কাৰ্যসূচী হাতত লৈ লৃগাংপ্ৰেমী ৰাইজে উৎসাহ-উদ্দীপনাৰে আলি-আ:য়ে লৃগাং পালন কৰা পৰিলক্ষিত হৈছে। নৃত্য আৰু গীতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ মাজত প্ৰতিযোগিতা পাতি নিপুণ শিল্পী আৰু নৰ্তকী বাছি উলিয়াই প্ৰেৰণা যোগাইছে। অঞ্চলবিশেষে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি গৱেষণামূলক লেখা প্ৰকাশ আৰু প্ৰচাৰ কৰা কাৰ্যই সু-সংহত তথা সংগবদ্ধ ৰাইজৰ পৰিচয়কে জ্ঞাপন কৰা বুজাইছে। ধনী-দুখীয়া, উচ্চ-নীচৰ বিচাৰ মিচিং সমাজত নাই। আছে গুণী-জ্ঞানীৰ বাছ-বিচাৰ। চেনেহৰ লৃগাঙৰ আনন্দৰ ভাগ লয়। এনে আলি-আ:য়ে লৃগাং সংহতি আৰু সমন্বয়ৰ প্ৰতীক তেতিয়া হ’ব, যেতিয়া ইয়াৰ জৰিয়তে মঞ্চ বিশেষত আন আন সমাজৰ নৃত্য-গীতকো স-সন্মানে আঁকোৱালি লৈ একেলগে আগবঢ়াৰ বাস্তৱধৰ্মী পৰিকল্পনা হাতত লয়।
লিখক: দীপক কুমাৰ দলে, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 7/1/2020
জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰ
মিচিং নৃত্য আৰু গীত-মাত
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ
মিচিং জনগোষ্ঠীৰ ৰীতি-নীতি আৰু লোকনৃত্য আৰু বাদ্য