অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলি-আয়ে-লৃগাং

আলি-আয়ে-লৃগাং

 

সুজলা-সুফলা শস্য শ্যামলা অসম। চৌদিশে ঘেৰি আছে সুনীল পাহাৰ, মাজত সাৰুৱা ভূমি, উৰ্বৰা উপত্যকা, সহস্ৰ জনৰ জীৱন-সংগ্ৰামৰ ক্ষেত্ৰ, মিলন-তীৰ্থ।

নদী মাতৃক দেশ অসম। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, ধনশিৰি, বুৰৈ, ভৰলী, দিচাং, দিখৌ, দিহিং-দিবাং, লোহিত, খেৰকটা, ঘুণাসুঁতিৰ পাৰে পাৰে অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলৰ বসতি।

লিআ-আয়ে-লৃগাং কি-


লিআ-আয়ে-লৃগাং মিচিং সকলৰ জাতীয় উৎসৱ। কৃষিজীৱী মিচিং সকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে। আৰু ইয়াতে সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’।

ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে লৃগাং বিহু উদযাপন কৰা হয়। আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মাল-মানে মূল বা কাণ্ড, ‘আ:য়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন। মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি। ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয়।

বুধবাৰৰ দিনটো মিচিং সকলে মাংগলিক দিন হিচাপে বিশ্বাস কৰি আহিছে। সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আয়ে-লৃগাং পতা হয়। অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল। মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে।

আলি-আয়ে-লৃগাঙৰ প্ৰায় পোন্ধৰ/বিছ দিনৰ আগৰে পৰাই প্ৰস্তুতি আৰম্ভ হয়। আদিতে লৃগাংৰ বাবে সমূহীয়াকৈ গাঁৱৰ ৰাইজে চিকাৰ কৰিছিল। ‘কিঃৰুগ’, অৰ্থাৎ চিকাৰ কৰি অনা মাংস শুকুৱাই সেই দিনটোৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম। (অৱশ্যে বহুতো কাৰণত এই চিকাৰৰ নিয়ম বৰ্তমান উঠি গৈছে)। ঠিক সেইদৰে গাঁৱৰ ৰাইজে মিলি নদী, বিল আদিত মাছ মাৰি শুকান কৰি লয়। লৃগাঙৰ দিনা শুকান মাছ (ঙচান) খোৱাটো মিচিং সকলৰ পৰম্পৰাগত ৰীতি।

বয়ন শিল্পত মিচিং তিৰোতা অতি পাকৈত। এক কথাত ক’বলৈ গ’লে মিচিং ছোৱালীয়ে খোজ কাঢ়িবলৈ শিকাৰ আগতে নাচিব জানে আৰু কাপোৰ পিন্ধিব জনাৰ আগতে বব জানে। উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সকলৰ ভিতৰত মিচিং সকলৰ কাপোৰৰ আটাইতকৈ বেছি বিভিন্নতা থকাটো পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত তিৰোতাই ব্যৱহাৰ কৰা কাপোৰেই বেছি। মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাকবোৰ হৈছে : এগে, ৰিঃবি, গাচেং, ছমীৰ, পতালি বা চেগ্‌ৰেগ, চেগবুং, পঃতুব, কেবুং, পেঃৰে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃনাম এগে ইত্যাদি।

পুৰুষে ব্যৱহাৰ কৰা কাপোৰবোৰ হৈছে : মিবু গালুগ, লুকৰ গালুগ, গনৰ উগৰ, দুমৌৰ আদি। এইবোৰৰ উপৰি মিচিং তিৰোতাই গাদু (মিৰিজিম), তাপুম্‌, গাচৰ আদি মূল্যৱান কাপোৰ তৈয়াৰ কৰে।

লৃগাঙত ব্যৱহাৰ হোৱা সকলো কাপোৰ মিচিং তিৰুতাই আগতীয়াকৈ তৈয়াৰ কৰি লয়। পুৰুষ সকলে কাপোৰ বোৱা নিষেধ।

লৃগাং প্ৰস্তুতি-

লৃগাং প্ৰস্তুতিৰ অন্য এটি বিষয় হৈছে ‘আপ্ং’ তৈয়াৰ কৰা। লৃগাঙৰ প্ৰায় দহ/পোন্ধৰ দিনৰ আগতে মিচিং তিৰোতাই আপং প্ৰস্তুত কৰে। লৃগাঙত সাধাৰণতে পঃৰ আপং (এবিধ ছাই মদ) ব্যৱহাৰ হয়। মাংলিক পৰ্বত ব্যৱহাৰ কৰাৰ উপৰি লৃগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ হয়।

লৃগাঙৰ দুই-তিনি দিনৰ আগতে কৌ-পাত, তৰাপাত কাটি অনা, খৰি আদি সংগ্ৰহ কৰা পৰ্ব চলে। পাত আৰু খৰি মিচিং সকলৰ নিত্য ব্যৱহাৰিক সামগ্ৰী বুলিব পাৰি। সেইদৰে লৃগাঙৰ মাংগলিক কাৰ্য্যৰ বাবে পিঃৰ (মেগেলা গছ) সংগ্ৰহ কৰাটো বিশেষ প্ৰস্তুতি বুলি ক’ব পাৰি।

আলি-আয়ে-লৃগাঙৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰত্যেক ঘৰৰ মুখিয়াল জনে এই ‘লিগ্‌গত’ সম্পাদনা কৰে। ইয়াৰ পাছত দিনৰ সময় ছোৱাত ঘৰে ঘৰে ভোজৰ আয়োজন চলে। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে। (পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত)। দিনৰ ভাগত ঘৰে ঘৰে বিহু মাঁৰোতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে। মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে। এই উৎসৱত প্ৰত্যেক মিচিঙেই নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰে। পুৰুষ সকলে মিবু গালুগ, গন্‌ৰ উগন আৰু মহিলা সকলে লেকে এগে, ৰিঃবি, গাচেং পৰিধান কৰে।

নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য।। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়।

ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা। এক কথাত ক’ব পাৰি মিচিং সমাজত যি আছে ঐনিতমত আছে আৰু ঐনিতমত যি নাই, মিচিং সমাজতো নাই।

লৃগাং বিহু ঠায়ে ঠায়ে পাঁচ দিনৰ পৰা সাঁত দিনলৈ চলে। গুমৰাগ গাই পোৱা টকাৰে লিঃলেন উৎসৱ পালন কৰে। লিঃলেনৰ দিনা গাঁৱৰ সকলোৱে মিলি মুৰং ঘৰত ভোজ পাতে। ইয়াৰ আগলৈকে (লৃগাং দিনাৰ পৰা লিঃলেনৰ সময়লৈকে) গাঁৱত কিছুমান নিয়ম-বান্ধোনত থাকিব লগা হয়। বিশেষকৈ, খোৱা-বোৱা আৰু কাম-কাজত নিষিদ্ধ আৰোপ কৰা থাকে। উদাহৰণ স্বৰুপে, বাহিৰলৈ (আন ঠাইলৈ) যাব নাপায়, তাঁত ব’ব নাপায় আদি। কিন্তু লিঃলেনৰ পাছত সকলো বান্ধোন বা নিষিদ্ধ উঠাই দিয়া হয়।

ভোজৰ পাছত শেষৰ বাৰৰ বাবে আটায়ে (বৃত্তাকাৰে) আকৌ গুমৰাগ নাচে। গুমৰাগ চঃমানত ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে ভাগ ল’ব পাৰে।

আলি-আয়ে-লৃগাঙৰ প্ৰত্যেকটো দিশতে তাৎপৰ্যপূৰ্ণ আৰু সৃষ্টিমূলক তথ্য লুকাই আছে। এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ বিহিত হৈ আছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে লৃগাং উৎসৱৰ মাংগলিক শ্লোক বোৰত সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱীক উদ্দেশ্য কৰি সমগ্ৰ মানৱ জাতিৰ মংগল কামনা কৰা হয়।

আলি-আয়ে-লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়।

‘দঞি আদ্‌লাংকা, পঃল আদ্‌লাংকা

মি-মিমাঙেম পুঃপ-জাৰ্‌প মলাংকা’

ভাবাৰ্থ : সূৰ্য্য শুনিবা, চন্দ্ৰ শুনিবা

আজি আমি শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছো। জীৱ-জন্তু, মানৱ সমাজক কুশলে থাকিবলৈ দিবা।

 

লেখক : পবিত্ৰ কুমাৰ পেগু

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate