অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলি আয়ে লৃগাঙৰ অনুপম নৃত্য

আলি আয়ে লৃগাঙৰ অনুপম নৃত্য

আলি আয়ে লৃগাং মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক বসন্তওৎসৱ। আক্ষৰিক অৰ্থত আলি – শস্য বা কঠীয়া, আয়ে – ফল বা গুটি আৰু লৃগাং – সিঁচা বা আৰম্ভণি। অৰ্থাৎ আলি আয়ে লৃগাং মানে শস্য বা ফলৰ গুটি সিঁচাৰ আৰম্ভণি উৎসৱ। অতীজত পৰ্বত – পাহাৰত বাস কৰা সময়ত মিচিং সকলে আলু, কচু, গছৰ গুটি বা ফল মূলকে মূল খাদ্য হিচাপে গ্ৰহণ কৰিছিল। সেই আলু, কচু আৰু ফল মূলৰ গুটি ৰুই বা সিঁচি খোৱাৰ যি প্ৰথা সেয়াই তেওঁলোকৰ অতীত পৰম্পৰা। ভৈয়ামলৈ অহাৰ পাছত তেওঁলোকৰ প্ৰধান খেতি হ’ল – ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি। মূলতঃ আহু ধান সিঁচিবৰ সময়তে এই লৃগাং উৎসৱ পতা হৈছিল।

দঃঞি – পঃলক উপাসনা কৰা মিচিং সকলে বসুমতী আইক অন্নদাত্ৰী মাতৃৰুপে জ্ঞান কৰে। সেয়ে তেওঁ পূজ্যা। ফাগুন মাহৰ প্ৰথম বুধবাৰটোকে লৃগাং উৎসৱৰ কাৰণে বাছি লোৱা হৈছে। ‘বুধবাৰ’ক মিচিং সমাজে পবিত্ৰ আৰু মংগলময় দিন হিচাপেও বিবেচনা কৰে। আগন্তুক বছৰৰ বাবে যিহেতু এই দিনটোতেই প্ৰথম শস্য সিঁচা হয়, মাটিৰ বুকুত থাকোঁতে সেই শস্য যাতে নষ্ট নহয়, পোক – পৰুৱা, বনৰীয়া জীৱ – জন্ত আৰু প্ৰাকৃতিক দুৰ্যোগে যাতে নষ্ট নকৰে – তাৰ বাবে আই ধৰিত্ৰী আৰু পূৰ্বপুৰুষ সকলৰ ওচৰত আশিৰ্বাদ কামনা কৰিবলৈ এই উৎসৱ পালন কৰা হয়। মতা কুকুৰা মাৰি, পুৰাং ভাত দি, পঃৰ আপ্ং ঢালি, লেনং – মাৰবাং বজাই লক্ষ্মী আইক আদৰি অনা হয়। বসুমতী জাগ্ৰত হ’বলৈ, প্ৰকৃতি ফুলে – পাতে নদন – বদন হ’বলৈ, শস্য – শ্যামলা হৈ প্ৰকৃতিয়ে সেউজ ৰুপ ধৰিবলৈ গাঁৱৰ মুখিয়াল জনে উদাত্ত কণ্ঠেৰে চেদি – মেল, দঃঞি – পঃল, কজেয়াং, মুগ্‌ লিং য়াৰি, এচাৰ – পেদং, কাচিং – কাৰ্তাক, তাতঃ য়াঃয় আদিৰ প্ৰতি আহ্বান জনায়।

আলি আয়ে লৃগাঙৰ মুখ্য আকৰ্ষণীয় বৈশিষ্ট্য হৈছে গুমৰাগ চঃমান। গুমৰাগ ঢোলৰ চেৱত নৈ – বিল, পৰ্বত – পাহাৰ গুমগুমাই উঠে। এনেদৰে ঢোলৰ চাপৰ দিয়া হয় যাতে চৌদিশে উঠে কঁপনি, সপ্ত বসুমতীয়ে সাৰ পায়, মাটিৰ বুকু হয় উৰ্বৰা। চাপৰবোৰ বৈশিষ্ট্য পূৰ্ণ, যিবোৰ কেৱল গুমৰাগ নাচৰ বাবেহে বজোৱা হয় –

১) গুমৰাগ্‌ গুমৰাগ্‌ কেকন্‌লক্‌ গুমৰাগ্‌, কেকন চি – চিন গুমৰাগ্‌ গুমৰাগ্‌ ৰাগ্‌।

২) গুমৰাগ্‌ গুমৰাগ্‌ আগিন্‌ আগিন্‌ গুমৰাগ্‌ গুমৰাগ্‌ ৰাগ্‌। ইয়াৰ অৰ্থ মিচিং সকলে এনেদৰে ব্যাখ্যা কৰে – গুমৰাগ্‌ ঢোলৰ মাত, ইপিনেও গুমৰাগ্‌, সিপিনেও গুমৰাগ্‌। গুমৰাগ্‌ৰ ধ্বনিয়েই চাৰিওফালে প্ৰতিধ্বনিত হৈছে।

গুমৰাগ্‌ৰ এই ধ্বনি ঢোলত ফুটি নোলায় মানে আলি আয়ে লৃগাং যেন নালাগে। গাঁৱৰ ডেকা – গাভৰু, পুৰুষ – তিৰোতা, বুঢ়া – বুঢ়ী সকলেও গুমৰাগ্‌ চঃমান বা নাচত যোগ দিয়ে। ইয়াত ডেকা – গাভৰুৱে শাৰী পাতি চক্ৰাকাৰে আৰু প্ৰথম নাচনীৰ হাতৰ ভংগিত একেদৰে মিলাকৈ নাচে। এনেকৈ নানাচিলে লৃগাঙক অৱমাননা কৰা বুল গণ্য কৰা হয়। লৃগাং নিতমবোৰো বৈশিষ্ট্য পূৰ্ণ। গুমৰাগ্‌ বা ছন্‌পাক বজাওঁতে বিশেষ কিছুমান পৰম্পৰাগত গীত গোৱা হয়। কিন্ত যিহেতু আলি আয়ে মূলতঃ কৃষিজীৱী মানুহৰ কৃষিভিত্তিক বসন্তোৎসৱ, সেয়ে বসন্তকালৰ প্ৰকৃতিৰ ৰুপৰ লগত খাপ খোৱা প্ৰেমৰ গীত বা ঐনিতমো গোৱা হয়। লৃগাঙৰ মূল গীত ‘লেকে আঃবাং কাবান’বোৰ গুমৰাগ্‌ বজাওঁতে গোৱা। এইবোৰতো আনন্দ – উলাহৰ বৰ্ণনা থাকে –

লঃ লঃলে লঃলে লঃলে

দাব লঃলে লঃলে লঃলে

চিচুক্‌ চুগ্‌ব চুগ্‌ব বদিয়া

ৰীগাম গাম্ব গামব্‌ বদিয়া

অৰ্থ : ‘হৰিণাই হৰিণীৰ স’তে আনন্দত জঁপিয়াই যোৱাৰ দৰে আমিও আজিৰ আনন্দ উৎসৱত মতলীয়া হৈছোঁ।

লৃগাঙৰ গুমৰাগ্‌ নৃত্যত মিবুৱে (পুৰোহিত) ডেকা – গাভৰুৰ মাজত থাকি লৃগাং গীত গায়। ডেকা – গাভৰুৱে বৃত্তাকাৰে ঘূৰি ঘূৰি নৃত্য কৰে। ডেকা – গাভৰুৰ দলটোৰ সবাতোকৈ আগত ঢুলীয়া, তালীয়া আৰু লীন্ং (বৰকাঁহ) আৰু মাৰবাং নামৰ দুবিধ পুৰণিকলীয়া বাদ্যযন্ত্ৰৰ বাদক সকল থাকে। তেওঁলোকক অনুসৰণ কৰি ডেকা – গাভৰু সকল ঘূৰে। লৃগাং নৃত্যৰ ভৰিৰ তালক ‘দাকেঃ কেঃলা চঃনাম’ বুলি কোৱা হয়। প্ৰথমে বাঁও ভৰি মাটিত ৰাখি সোঁ ভৰি আগুৱাই দি দুবাৰ মাটি স্পৰ্শ কৰে, তাৰ পাছত বাওঁ ভৰিখনো সেইদৰে আগুৱাই আগৰ দৰে স্পৰ্শ কৰোঁ নকৰোঁকৈ ৰাখি মাটিত পেলায়। ভৰি দুখনৰ মাজত প্ৰায় এফুট বা আধা ফুটমানকৈ আঁতৰাই নাচে। নাঁচোতা জনে দুবাৰ ভৰি খন দি এবাৰ বৃত্তৰ ভিতৰৰ ফালে মুখ কৰি পাছৰবাৰ বাহিৰৰ ফাললৈ মুখ কৰি দুয়োখন হাতৰ মণিবন্ধ পকাই তলুৱাৰে মুদ্ৰা দেখুৱায়। দুয়োখন হাত প্ৰথমে কঁকালৰ সমানে সমানে ৰাখি মুদ্ৰা প্ৰকাশ কৰে। তাৰ পাছত হাত ওপৰলৈ তুলি পুনৰ মুদ্ৰা প্ৰকাশ কৰে। থোৰ মেলা ধান গছে বতাহত হালিজালি তকাৰ দৰে শৰীৰ আৰু হাতৰ মুদ্ৰাই ৰুপ লয়। বহুতে এই নৃত্যৰ ভংগিমাক বতাহত হাকিজালি থকা ধান গছৰ প্ৰতীকী ৰুপ বুলিও কয়।

গুমৰাগ্‌ চঃমানৰ লগত সংগতি ৰাখি দেখুওৱা নৃত্যক ‘কৃষ্টিমূলক নৃত্য’ বুলিও কোৱা হয়। এই নৃত্যত মিচিং জাতিৰ লোক সকলে পৰ্বতত থাকোঁতে কেনেকৈ চিকাৰ কৰিছিল, হাবি ভাঙি ভৈয়ামলৈ কেনেকৈ নামি আহিল, ভৈয়ামত মাটি ভাঙি কোৰ মাৰি জুম খেতি কৰা, ধান সিঁচা, চৰাই খেদা, বন নিৰোৱা, জাবৰ পেলোৱা, ধান দোৱা, ডাঙৰি কঢ়িওৱা, ধান মৰা, উৰালত ধান খুন্দা, ধান জৰা, কাপোৰ বোৱা, সূতা কটা, নদীত গা ধোৱা, মূৰ আঁচোৰা আদি দৈনন্দিন জীৱনৰ কাৰ্য্য সমূহ নৃত্যৰ ভংগিত দেখুওৱা হয়। বসন্ত কালৰ প্ৰকৃতিৰ বিনন্দীয়া ৰুপ আৰু মানুহৰ অন্তৰৰ ভাব, কল্পনা, কামনা, বাসনা, মিলন, বিৰহ, সকলোবোৰ যেন উজলি উঠে, প্ৰাণত আবেগৰ ঢৌ উঠে। এনে আবেগ বিহ্বল ক্ষণতে স্বভাৱ কবি চহা মানুহৰ মুখেৰে স্বতঃস্ফূৰ্ত ৰুপত ঐনিতমৰ সোঁত ববলৈ ধৰে। যথা,

‘চিকাং অউম্‌লা মৌঃ পিচিন্‌ আগদৌম্‌ অই কাবেগ্‌ মাং তুৰ্‌দুং অউম্‌লা মৌঃ পৌচিন য়ালদৌম্‌ অই কাবেগ্‌মাং’।

অৰ্থ : তোমাৰ মৃত্যু হ’ল বুলি ভাবিবলৈ ক’তো কবৰ দেখা নাই, জীয়াই আছা বুলি ভাবিবলৈ ক’তো তোমাৰ ছাঁটোও দেখা নাই।

এইদৰে নানা অৰ্থপূৰ্ণ ঐনিতম ডেকা – গাভৰু উভয়ে গায়। গুমৰাগ্‌ নৃত্যলৈ ওলাই অহা ডেকা – বুঢ়া সকলোৱে পৰম্পৰাগত মিচিং সাজ – পোছাক, ‘গ’নৰ ওগন’, ‘মিবু গালুক’ আদি পিন্ধিব লাগে। তিৰোতাই ‘লেকে এগে’, ‘গাচৰ’, ‘ৰিবি গাচেং’, ‘গেৰ’ আদি পৰিধান কৰে। চুলিত কপাহ গুজি লয়। হাতত ৰুপৰ গামখাৰু, ডিঙিত দগনে – দগচিৰি আদি পিন্ধি গুমৰাগ্‌ নাচিবলৈ সাজু হৈ আহে। নিজ সাজপাৰৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ কথা নিতমৰ যোগেদি প্ৰকাশ পায় এনেদৰে –

ঙলুক গৌনাম্‌ – বম্‌ নাম চী আ’ৰ গৌনাম্‌ বম্‌ নামৌ

লেন্দ – আ’দ দক্কৌবং গৌলেন বম্‌না গৃনানী

আঋনৌম ঞাম আইয়ানী মুৰ্কং আমঞাম আইয়ানী

মিচিং অম্মাং অঔমচুগেলা মিগং গালা দুনানৌ অই’।

অৰ্থ : আমাৰ সাজ – পোছাক যোৰহে আচল সাজ – পোছাক। সৃষ্টিৰ পাতনিতে এই সাজপাৰ পিন্ধি আমি বৰ্তমানৰ কৃষ্টি সৃষ্টি কৰিছোঁ। সোণ – ৰুপতকৈও চৰা এই সাজ পিন্ধি মিচিং সন্তান বুলি চিনাকি দিব পাৰিছোঁ।

এইদৰে আনন্দ – উৎসাহেৰে আলি আয়ে লৃগাঙৰ গুমৰাগ্‌ নাচি মিচিং সকলে বসুমতীক শস্য – শ্যামলা কৰাৰ বাবে গভীৰ বিশ্বাসেৰে চঃমানত অংশ লয়। এই গুমৰাগ্‌ কেৱল ডেকা – গাবৰুৰ যৌৱনৰ উদাত্ত নৃত্য নহয়। আক্ষৰিক অৰ্থতে ই মিচিং সমাজৰ কৃষ্টি – সংস্কৃতিৰ ধাৰক আৰু বাহক। একতা, ভাতৃত্ব, বন্ধুত্ব আদিৰ উপৰি পৰম্পৰাগত ধৰ্মীয় বিশ্বাস, প্ৰণয়নৰ মধুৰ মিলন আৰু বিৰহৰ কৰুণতাৰ চিত্ৰৰে ৰঞ্জিত এই গুমৰাগ্‌ নৃত্য মিচিং সমাজৰ বাপতি সাহোন।

লেখক : নিবেদিতা লাগাচু(লোক – সংস্কৃতিৰ সঁফুৰা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate