অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোম যুগৰ স্থাপত্য

আহোম যুগৰ স্থাপত্য

ইন্দ্ৰবংশী আহোম স্বৰ্গদেৱসকলৰ ৰাজত্ব কালত অসমৰ স্থাপত্য কলাই কিছু পৰিমাণে স্বকীয় পথেদি অগ্ৰসৰ হোৱাটো উল্লেখযোগ্য। অসমৰ সেমেকা জলবায়ু আৰু প্ৰবল ভূমিকম্পৰ কাৰণে এই যুগৰ আৰম্ভণিতে বাঁহ-কাঠ প্ৰভৃতিৰে ঘৰ-বাৰী নিৰ্মাণ কৰা হৈছিল যদিও পিছলৈ, ঘাইকৈ আহোম স্বৰ্গদেৱসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছৰেপৰা দ’ল-দেৱালয় আৰু অন্যান্য অট্টালিকা শিল-ইটাৰে বন্ধাত আত্মনিয়োগ কৰে। প্ৰাক্‌ আহোম যুগীয় ভালে সংখ্যক মন্দিৰ এই যুগতে শিল-ইটাৰে পুনৰনিৰ্মাণ কৰাটো মন কৰিবলগীয়া। এই যুগৰ স্থাপত্যক মোটা-মুটি ভাৱে চাৰিটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব পাৰি –

ক. দ’ল-দেৱালয়,

খ. অট্টালিকা ,

গ. সাঁকো আৰু

ঘ. মৈদাম ।

জয়জয়তে আহোমসকলে ইটাতকৈ চটীয়া আৰু লঠিয়া শিল মন্দিৰ নিৰ্মাণত সৰহকৈ ব্যৱহাৰ কৰিছিল। শিল কাটিবলৈ সৃষ্টি কৰিছিল– শিলাকুটি ফৈদ। শিল আৰু ইটা উভয়কে গাঁঠিবলৈ অভিনৱ ‘কৰাল’ ব্যৱহাৰ কৰা হৈছিল। দ’ল তিনিবিধ – শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল। শিৱসাগৰৰ প্ৰখ্যাত শিৱ দ’ল – গৰ্ভগৃহ, গোপুৰম, মণ্ডপ আৰু তোৰণৰ বিতোপন সমষ্টি। শিখৰ নাগৰকৰ প্ৰকাৰ ভেদ। ইয়াৰ মূল শিখৰৰ উপৰি চৌদিশে উপশিখৰ অথবা উৰমঞ্জৰীৰ সংযোজন চকুতলগা। ইয়াৰ গৰ্ভগৃহত সোঁমাজত শিৱলিংগ আৰু চৌদিশত প্ৰতিষ্ঠা কৰা হৈছে – গণেশ, বিষ্ণু, সূৰ্য আৰু দেৱী দুৰ্গাক। শিখৰ শুকনাসাত কৰ্দৈশিৰৰ অলংকৰণ মনোৰম। ওপৰত সাধাৰণ শিখৰৰ পৰিৱৰ্তে ইটাৰ ঘূৰণীয়া চাৰিটা চকুত লগা বাচনৰ ওপৰত স্বৰ্ণখচিত কলচী আৰু তাৰ ওপৰত ত্ৰিশূল। গৌৰীসাগৰ অথবা জয়সাগৰৰ শিৱদৌলৰ শিখৰো ইয়াৰ অনুৰূপ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱী দ’লত তিলকৰ সংযোজন এটি উল্লেখযোগ্য বিষয়। ইয়াত ‘বংগ গৃহ’ৰ ইটাৰ চালেৰে গো-পুৰমৰ সুন্দৰ নিদৰ্শন দেখা যায়। গৌৰীসাগৰ আৰু শিৱসাগৰৰ বিষ্ণুঅ দ’লৰ শিখৰত সৰু সৰু বৰ্গক্ষেত্ৰ আৰু তাৰ মাজত সুদৰ্শন চক্ৰৰ অলংকৰণ কলা সন্মত। ৰাজ অট্টালিকাৰ ভিতৰত ৰংপুৰৰ দুমহলীয়া ৰংঘৰ, তলাতল ঘৰ আৰু গড়গাঁৱৰ সাতমহলীয়া কাৰেং ঘৰ উল্লেখযোগ্য। ৰংঘৰৰ স্থাপত্য অসমীয়া চাংঘৰৰ শৈলীৰ। অট্টালিকাৰ দুৱাৰ-খিৰিকি আদিৰ নিৰ্মাণত ইছলামিক প্ৰভাৱ চকুত পৰে। দুচলীয়া দুই-এটা তোৰণত গৌড়ীয় প্ৰভাৱো স্পষ্ট। শিলসাঁকোৰ ভিতৰত নামডাঙৰ শিলসাঁকো প্ৰখ্যাত। বহু টুকুৰা শিলেৰে যে এই শিলসাঁকো তৈয়াৰ কৰা হৈছে, তাক ধৰাই টান। গাঁঠনিসমূহ অধিক মজবুত কৰিবলৈ লোৰ শলখা ব্যৱহাৰ কৰা হৈছিল। দৰিকাৰ শিলসাঁকো আজিও অক্ষত। শিল-ইটাৰ মৈদামসমূহ আহোম স্থাপত্যৰ সুন্দৰ চানেকি। বুৰঞ্জীত মৈদাম নিৰ্মাণৰ সবিশেষ পোৱা যায়।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate