অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজাপালি

ওজাপালি

নৃত্য-গীত-তালক লৈয়ে ওজাপালি। প্ৰাক্‌ শংকৰী যুগৰ পৰাই অসমৰ সমাজত ওজাপালি প্ৰচলিত হৈ আহিছে। বৈষ্ণৱ যুগৰ সাহিত্যতো ওজাপালি প্ৰাচীন কালৰেপৰা প্ৰচলন থকাৰ তথ্য পোৱা যায়। ওজাপালি দলত এজন ওজা আৰু চাৰিজনৰ পৰা ছজনলৈ পালি থাকে। ওজাই ‘দিহা’ৰে আৰম্ভ কৰি কোনো এটা পৌৰাণিক কাহিনী বা আখ্যান বিভিন্ন ৰুপত গাই যায় আৰু পালিসকলে মঞ্জিৰ বা খুটি তাল বজাই সেই গীত দোহাৰে আৰু ভৰিৰে তাল ৰাখি যায়।

ওজাপালি দুই ধৰণৰ: সুকনান্নী ওজাপালি আৰু ব্যাস ওজাপালি। দুয়োবিধ ওজাপালিয়ে ধৰ্মচেতনা আৰু ঐক্য স্ংহতিত বিশেষ অৰিহণা যোগাই আহিছে। দুয়োবিধ ওজাপালিৰ ধৰ্মচেতনাৰ মাজত এক পাৰ্থক্য দেখা যায়। সুকনান্নী ওজাপালিয়ে শাক্ত ধৰ্মৰ পোষকতা কৰে, আনহাতে ব্যাস গোৱা ওজাপালিয়ে আকৌ বৈষ্ণৱ ধৰ্মৰহে পোষকতা কৰে। ব্যাস গোৱা ওজাপালিয়ে পৰিৱেশন কৰা গীতবিলাক ৰাগ বিশিষ্ট, মহাভাৰত, পুৰাণ আদিৰ পদকে শাস্ত্ৰীয় সুৰ লগাই গায়। সুকনান্নী ওজাপালিয়ে সুকবি নাৰায়ণদেৱে ৰচনা কৰা বেউলা-লক্ষীন্দৰৰ কাহিনী(পদ্মপুৰাণ)কে সহজ ভাষাৰে পৰিৱেশন কৰে। মাৰৈ পূজা বা মনসা পূজাত সুকনান্নী ওজাপালি অবিচ্ছেদ্য অংগ।

ড: শৈলেন ভৰালীয়ে ‘অসমীয়া লোকনাট্য পৰম্পৰা’ নামৰ গ্ৰন্থত ওজাপালিক তিনিটা ভাগত ভাগ কৰিছে-

ক) সুকনান্নী গোৱা ওজা,

(খ) ব্যাস গোৱা ওজা,

(গ) ৰামায়ণ গোৱা ওজা।

দৰঙী ৰজা ধৰ্মনাৰায়ণৰ দিনত দৰঙৰ ব্যাসৰ ওজাপালি আৰু সুকনান্নী ওজাপালিয়ে বিশেষ মৰ্যদাৰে ঠন ধৰি উঠিছিল। দৰঙী ৰজাই মঙলদৈ অঞ্চলৰ বৰবাৰী (বৰ্তমান ছিপাঝাৰ), ব্যাসপাৰা, শ্বেতমদাৰ আৰু ডাঁহী এই চাৰিটা অঞ্চলত সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাত ওজাপালিৰ লগতে দেওধনিৰে প্ৰশিক্ষণ দিছিল। সুকনান্নী ওজাপালিৰ সকলো নিয়মাৱলী লিপিবদ্ধ থকা এখন বৃহত গ্ৰন্থ ৰজা ঘৰৰ গোসাঁই ঘৰত সযতনে ৰখা হৈছিল আৰু এই গ্ৰন্থৰ পৰাই ৰজাৰ মূখ্য পুৰৰোহিতগৰাকীয়ে ওজাপালিক মুদ্ৰা নৃত্যাদি শিকাই পাকৈত কৰি তুলিছিল। দৰঙী ৰজাৰ পৃষ্ঠপোষকতাতেই মঙলদৈ অঞ্চলৰ ঘোঁৰবন্ধা, ভুক্তাবাৰী, মাৰৈ, চপৰা আৰু শ্বেতমদাৰৰ ক্ৰমে মেঘো, বৈহাগু, লেতেৰা, থানু আৰু পৰশুক সুকনান্নী ওজাৰ প্ৰশিক্ষণ দিয়া হৈছিল। পৰশু মুছলমান সম্প্ৰদায়ৰ লোক আছিল। এই পাঁচ যোৰা ওজাপালিয়ে বংশানুক্ৰমে ওজাপালিৰ প্ৰশিক্ষণ দি সুকনান্নী ওজাপালিৰ পৰম্পৰা বৰ্তমানেও জীয়াই ৰাখিছে। ঘোঁৰাবন্ধাৰ মেঘো বৰ ওজাৰ বংশৰ ললিত চন্দ্ৰ নাথ ওজাই দেওধনি ওজাৰ বাবে স্ংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।

সুকনান্নী ওজাপালিৰ অংগ হ’ল দেওধনি নৃত্য। সাধাৰনতে দেওধনি উঠা ছোৱালীজনীয়ে চিৰদিনলৈ কুমাৰিত্ব ৰক্ষা কৰিব লাগিছিল। বৰ্তমানে দেওধনি নৃত্য ধৰ্মীয় অনুষ্ঠানৰ পৰা মঞ্চলৈ আহি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে কুমাৰিত্ব বহন কৰা দেওধনি এতিয়া আৰু নাই।

প্ৰাচীন কামৰুপলৈ ওজাপলি কলাক অনা হৈছিল দৰ্ং জিলাৰ পৰা । এটা মতৰ মতে, মঙলদৈৰ পাঁচজন মুছলমান সম্প্ৰদায়ৰ ওজাই পুৰুষানুক্ৰমে মনসা কাব্যৰ গীত , পদ, ৰাগ-তালৰ সহায়ত গাইছিল আৰু ইয়াৰে বিলিহা নামৰ প্ৰখ্যাত ওজাজনক দৰঙী ৰজাই সেই সময়তে ব্যাসপাৰাত চাৰিশ বিঘা মাটি হেনো দান কৰিছিল। বৰ্তমানে বিলিহাৰ ভেটি আৰু ওজাপাৰ চৌকাই তাৰেই স্বাক্ষৰ বহন কৰিছে নিশ্চয়।

নলবাৰী জিলালৈ এই ওজাপালি কৃষ্টিক বহন কৰিছিল নৰোৰাম ওজাই। বিলবেশ্বৰ দেৱালয়ত অহৰ্নিশে চলি থকা বিভিন্ন ভক্তিমূলক অনুষ্ঠানৰ উপৰি এইগৰাকী ব্যক্তিৰ মন আকৃষ্ট হৈছিল ওজাপালি কলাৰ প্ৰতি। সেয়েহে অতি কষ্টেৰে দৰিদ্ৰতাৰ লগত যুঁজিও ওজাপালি কলাক হৃদয়ঙ্গম কৰি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছিল। নলবাৰীৰ কৈহাটী গাঁৱতে জন্ম হৈছিল কেইবাগৰাকীও নমস্য কৃষ্টি সাধকৰ। প্ৰয়াত ধাতুৰাম ৰাজবংশী, সনোৰাম বৰ্মন, পানীপুৱা দাস, সৰ্বেশ্বৰ ৰাজবংশী আদিয়ে ওজাপালি পৰিৱেশন কৰি ৰাইজৰ প্ৰশ্ংসা লাভ কৰিছিল। ধাতুৰাম ৰাজবংশী আৰু সনোৰাম বৰ্মনে শিকাই থৈ যোৱা মদন চন্দ্ৰ ৰাজবংশী আৰু দীনবন্ধু বৰ্মনৰ দলে ওজাপালি কলাক সাবটি লৈ অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰি আহিছে।

নলবাৰী জিলাত সুকনান্নী পদ গোৱা ওজাপালিৰ দলবোৰৰ ভিতৰত দেৱেন ওজাৰ দল(জাগাৰা), মদন ওজাৰ দল(কৈহাটী), দীনবন্ধু ওজাৰ দল(কৈহাটী), চন্দ্ৰকান্ত হালৈৰ দল(মাখিবাহা), ৰত্নেশ্বৰ শীলৰ দল(মাখিবাহা), নৃপেন বৰ্মনৰ দল(বালাবাৰী), ভবেন বৈশ্যৰ দল(কৈঠালকুছি), সৰ্বেশ্বৰ ওজাৰ দল(ফুলগুৰি), ঘনশ্যাম ওজাৰ দল(ফুলগুৰি), মদন ওজাৰ দল(বিজুলীঘাট), নৃপেন্দ্ৰ হালৈৰ দল(জয়সাগৰ), তাৰিণী ৰাজবংশীৰ দল(মাখিবাহা) আদিয়েই প্ৰধান। আকৌ ব্যাস গোৱা ওজাপালি দলৰ ভিতৰত সত্য বেজবৰুৱা দল(জাগাৰা), কৰুণা বৰ্মন(ভাইৰ)ৰ দল (চামতা)।এই আপুৰুগীয়া লোক অনুষ্ঠানটিৰ শিল্পীসকলৰ দুখ-দৈন্য দূৰ কৰিব পাৰিলেহে অনুষ্ঠানটি জীয়াই থাকিলহেঁতেন। শিক্ষিত লোকৰ অনাদৰ, চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱৰ কাৰণে এই জাতীয় কলা সম্পদৰাজীৰ আজি প্ৰায় বিলুপ্তিৰ পথত।

অনাদৰ, অৱহেলাৰ বাবে এনে প্ৰাচীন নৃত্য-গীত-অভিনয়ৰে পূৰ্ণ, ধৰ্মীয় অনুষ্ঠান ওজাপালিৰ শিল্পীসকল নগৰৰ পৰা বহু দূৰৈত, শিক্ষিত চামৰ পৰা বহু আঁতৰত, শিক্ষা-দীক্ষাত পাছপৰা গাঁৱৰ দৰিদ্ৰজনৰ মাজত আজি যেন অন্তিম শয়ন অত উপবিষ্ট হৈছে ‘ওজাপালি কলা’। এই জাতীয় লোকনাট্য অনুষ্ঠানটিক সামাজিক, সাংস্কৃতিক চিন্তা চৰ্চাৰে আগুৱাই নিব লাগিব। উত্তৰ পুৰুষে এই বিষয়ে অলপ চিন্তা কৰিবনে?

চন্দন তালুকদাৰ, দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate