অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোচ ৰাজবংশী মহিলাৰ সাজপাৰ আৰু অলংকাৰ :

কোচ ৰাজবংশী মহিলাৰ সাজপাৰ আৰু অলংকাৰ :

 

ভাৰতীয় দৃষ্টিভ্ংগী মতে,সংস্কাৰৰ যোগেদিয়ে সংস্কৃতিৰ বিকাশ হৈছে।মানৱ সমাজে সভ্যতাৰ দিনত খোজ পেলোৱা দিনৰে পৰাই মানুহৰ মাজত সংস্কাৰ সাধন হৈ আহিছে।ইতিহাসে ঢুকি নোপোৱাৰ দিনৰে পৰাই মানুহৰ মাজত উদ্ভৱ হোৱা যি ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ,কলা- কৃষ্টি আদিৰ প্ৰচলন হৈ আহিছে,সামগ্ৰিক অৰ্থত সেয়াই সংস্কৃতি।ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এই সংস্কৃতি বিৰাজমান আৰু ই স্বকীয় বৈশিষ্ট্যৰে পৰিপুৰ্ণ।ইয়াৰে ভিতৰত অন্যতম এটা প্ৰাচীন জনগোষ্ঠী হ’ল কোচ ৰাজবংশীসকল।বিভিন্নজন পণ্ডিতে মতপোষণ কৰা অনুযায়ী এওঁলোক মংগোলীয় প্ৰজাতিৰ লোক।

উল্লেখ্য যে এটা জাতি বা জনগোষ্ঠীৰ মহিলাসকলৰ সাজপাৰৰ মাজেৰেই সেই জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ দিশ এটা প্ৰকাশ পায়।জনগোষ্ঠীয় বহুলতাৰ মাজত মহিলাৰ সাজপাৰ আৰু অলংকাৰে ইয়াৰ স্বকীয় পৰিচয় বহন কৰে।গীত-মাত,সাহিত্য,সংস্কৃতি আদি সকলো দিশতে পৰম্পৰাগত বৈশিষ্ট্য অক্ষুণ্ণ ৰখা কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাসকলৰ মাজতো জনগোষ্ঠীয় পৰম্পৰা বহন কৰা এক সুকীয়া সাজপাৰ প্ৰচলন দেখা যায়।কোচ ৰাজবংশী সংস্কৃতিৰ পৰিচায়ক তথা জাতীয় জীৱনৰ চানেকি দাঙি ধৰা এই সাজপাৰ হ’ল ‘পাটানী’।ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বাবে এই জনগোষ্ঠীটোৰ সাজপাৰৰ ক্ষেত্ৰত কিছু ভিন্নতা পৰিলক্ষিত হয়।অৱশ্যে অঞ্চল ভেদে সাজপাৰৰ ভিন্নতা আছে যদিও ইয়াৰ বৈশিষ্ট্য কিন্তু একেই।উত্তৰবংগত পাটানীক ‘ফোটা’বুলিও কোৱা হয়।আনহাতে,অসম আৰু নেপালত পাটানী বুলি কোৱা হয় যদিও পিন্ধনত কিছু ভিন্নতা দেখা যায়।পাটানী দুই ভাগত ভাগ কৰি অৰ্থাৎ পাট পাট (ভাঁজ)কৰি পিন্ধা হয় বাবে ইয়াক পাটানী বুলি কোৱা হয়।পাটানীখন হ’ল দুই মুৰ লগ লগাই চিলই নকৰা এখন বহল কাপোৰ।ই প্ৰায় পাঁচ-ছয় হাতমান দীঘল আৰু দুই তিনি হাতমান বহল হয়।সাধাৰণতে পাটানীখন বুকুত মেথনি মাৰি পিন্ধা হয়।বুকুৰ ওপৰৰ অংশ ঢাকিবলৈ আন এখন কাপোৰ ব্যৱহাৰ কৰা হয়।এইখনক ‘আগৰণ’বুলি কোৱা হয়।ইয়াৰ উপৰি মহিলাসকলে জ্যেষ্ঠজনক সন্মান জনাবলৈ মুৰত হালধীয়া ৰঙৰ গামোচা মাৰে,ইয়াক ‘তোপ’ৰ বুলি কোৱা হয়।অতীতৰ পৰাই বোৱা –কটাত পাৰ্গত কোচ ৰাজবংশী মহিলা শিপিনীয়ে নিজ হাতেৰেই বোৱা পাটানী আৰু ব্যৱহাৰিক জীৱনত প্ৰয়োজনীয় কাপোৰবোৰ প্ৰচলন হৈ আহিছে।বৰ্তমান সময়তো এই পৰম্পৰা অব্যাহত ৰাখিছে কোচ ৰাজবংশী মহিলা সমাজে।শস্যফুলি,ঘনী,ঢালা,ঢালাকুৰা,বুলুকঢালা,মালদৈ,তৰৈফুলি,চিকণপাৰি,ডোৰাডুৰি,সাদা,ঘুগুপাৰি,ছটাপাৰি,সুৰ্যপাৰি,চোটাৰি,গুথাও থাকে আদি কৰি পাটানীক পোন্ধৰটা ভাগত বিভক্ত কৰিব পাৰি।ইয়াৰ ভিতৰত শস্যফুলি পাটানীৰ প্ৰচলন বেছি হোৱা দেখা যায়।ইয়াৰোপৰি কোচ ৰাজবংশী বিবাহ অনুষ্ঠানত কইনাক পিন্ধাবৰ বাবে পঞ্চৰঙী পাটানীৰ ব্যৱহাৰ কৰা হয়।পঞ্চৰঙী পাটানীত ক্ৰমে মাটিয়া,নীলা,ৰঙা,ধোঁৱা আৰু আকাশী ৰঙৰ পাৰি থাকে।

আ-অলংকাৰো হৈছে এটা জাতি-জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতিৰ অন্য এক নিদৰ্শন।আ-অলংকাৰ হ’ল জাতি-জনগোষ্ঠীটোৰ শ্লীলতা,আৰ্থিক অৱস্থা,সৌন্দৰ্যপ্ৰিয়তা,শিল্পীমন,সুকুমাৰ প্ৰতিভাৰ বিকাশ-পৰিচায়ক।কোচ ৰাজবংশী মহিলাসকলৰ মাজতো বিভিন্ন ধৰণৰ আকৰ্ষণীয় আ-অলংকাৰ প্ৰচলন হৈ আহিছে।এই অলংকাৰসমুহ সোণ আৰু ৰুপেৰে তৈয়াৰ কৰা হয়।কোচ ৰাজবংশী মহিলাসকলে ব্যৱহাৰ কৰা অলংকাৰসমুহৰ ভিতৰত চন্দ্ৰহাৰ,সুৰ্যহাৰ,সিক্কিহাৰ,টাকাচাৰ,হাসা-হাসুলি আদি ডিঙিত পিন্ধা অলংকাৰ।সেইদৰে,গোটাখাৰু,মুঠাখাৰু,বাউতি,ৰতনচুৰ,বাজু আদি হাতত পিন্ধা অলংকাৰ।আনহাতে,ঠেংখাৰু,পাৰখাৰু ,পালিচপাতা,ছৰখাৰু আদি ভৰিত পিন্ধা অলংকাৰ হয়।ইয়াৰ উপৰি কাণত মাকৰি,কাণপাশা,ফুলকড়ি,ওন্তি,ঝুমকা,নাকত নথ,বালি,নাকফুল আদি গহনাল্পিন্ধে।এইদৰে,পুৰ্বেৰ পৰা কোচ ৰাজবংশী মহিলা সমাজৰ মাজত এই অলংকাৰসমুহে আকৰ্ষণীয় আৰু স্বকীয় পৰম্পৰা ৰক্ষা কৰি আহিছে।কোচ ৰাজবংশী সমাজৰ জনজীৱনত এটি প্ৰবাদ প্ৰচলন আছে-

‘নিকাইলে চোকাইলে বাড়ী

পিন্ধাইলে উৰাইলে নাৰী’

পিন্ধনতে প্ৰকাশ পায় নাৰী এগৰাকীৰ শালীনতা।নাৰী এগৰাকীৰ সম্পুৰ্ণ শালীনতা বহন কৰা সাজৰ ভিতৰত পাটানী তেনে একপ্ৰকাৰৰ সাজ।কোচ ৰাজবংশী মহিলাসকলে অতীতৰে পৰাই এই পাটানী পৰিধান কৰি আহিছে আৰু বৰ্তমানেও কৰি আছে।বিশেষকৈ অসমৰ পশ্চিম অঞ্চলত মহিলাসকলৰ মাজত পাটানীৰ যথেষ্ট প্ৰচলন হোৱা দেখা যায়।অৱশ্যে,আধুনিকতাৰ দৌৰত আজিৰ কোচ ৰাজবংশী যুৱতীসকলৰ মাজত পাটানী পৰিধানক লৈ যথেষ্ট সচেতনতাৰ প্ৰয়োজন আহি পৰিছে।সেয়ে কোচ ৰাজবংশী মহিলা সমাজে অন্য সংস্কৃতিক প্ৰাধান্য দিয়াৰ বিপৰীতে নিজ জাতি-জনগোষ্ঠীৰ পৰম্পৰা –সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ‘পাটানী’বহুলভাৱে প্ৰচলন কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে।

লেখিকা: কৰবী সিংহ (দেওবৰীয়া সুকন্যা)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate