বৰ্ণাঢ্য অসমীয়া জনগাঁথনিৰ এক অন্যতম অংশ হ’ল কন্যাসকল। তেওঁলোকে কেতিয়া প্ৰথম অসমলৈ প্ৰব্ৰজন কৰিছিল, সেই কথা জনা নাযায়। শিৱসাগৰ জিলাত বসবাস কৰা কন্যাসকলৰ মাজত প্ৰচলিত প্ৰবাদ মতে, তেওঁলোক স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে অসমলৈ আহে। কিন্তু এই ক্ষেত্ৰত বুৰঞ্জীসমুহ নিমাত। সি যি নহওক নগা পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা ইতিহাসে ঢুকি নোপোৱা কালতে ভৈয়ামৰ বুকুলৈ নামি অহা কন্যাসকলে অসমকে নিজৰ মাতৃভুমি বুলি মনে-প্ৰাণে আঁকোৱালি ল’লে। শিৱসাগৰ জিলাৰ হাঁহচৰা অঞ্চলৰ কন্যাসকলে মৈৰামাৰী সত্ৰৰ গোসাঁইৰ ওচৰত শৰণ লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নিজা কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিও অসমীয়া ভাষা-সংস্কৃতিত আপোন বুলি আঁকোৱালি লোৱা এই কন্যাসকল হ’ল প্ৰকৃতি অসমীয়া।
অসমৰ অন্যান্য জনগোষ্ঠীসমুহৰ দৰে কন্যাসকলেও বসন্তকালত গীত-নৃত্যৰ মাজেৰে ৰং-ৰইহচ কৰে। তেওঁলোকে পৰম্পৰাগত নিয়মেৰে উদযাপন কৰা আওলেং উৎসৱৰ দ্বাৰা নৱবৰ্ষক আদৰণি জনায়। আওলেং উৎসৱ আৰম্ভ হোৱাৰ দিনটোৰ পৰা তেওঁলোকৰ নতুন বছৰ গণনা হয়। এই উৎসৱ ফাগুৱাৰ পুৰ্ণিমাৰ পাছৰ পুৰ্ণিমাটোৰ তিনি দিন আগৰ পৰা আৰম্ভ হয়। উজনি অসমৰ শিৱসাগৰ জিলাৰ হাঁহচৰা অঞ্চলত বসবাস কৰা কন্যাসকলে আওলেং উৎসৱ ছদিনীয়াকৈ পালন কৰে।
উৎসৱৰ প্ৰথমদিনা তেওঁলোকৰ গাঁৱৰ প্ৰত্যেক ফৈদে একোটাকৈ গাহৰি ধৰি আনি ৰাজহুৱা ধৰ্মগৃহ মুৰং ঘৰত ৰাখে। দ্বিতীয় দিনা সেই গাহৰি মাৰি প্ৰত্যেক ফৈদে পৰম্পৰাগত ৰীতিৰে ভোজ খায়। মৃত গাহৰিকেইটাৰ তেজ একোটা বাঁহৰ চুঙাত ধৰি ৰখা হয়। সেই তেজ দুখন দুখনকৈ কৌপাতত সানি দুৱাৰমুখ, ভঁৰাল, গোহালি আদিৰ সমুখত আঁৰি থয়। এনে কৰিলে বছৰটোৰ বাবে মংগল হয় বুলি তেওঁলোকে বিশ্বাস কৰে। প্ৰথম দিনা তেওঁলোকে পৰম্পৰাগত ‘আন্নাক পু’ পালন কৰে। আন্নাক পুৰ সময়ত গাঁৱৰ মানুহ কাৰো ঘৰলৈ ফুৰিবলৈ নাযায়। সেই সময়ছোৱাত পথাৰ-সমাৰ আদিত কাম কৰাৰ পৰা তেওঁলোক বিৰত থাকে। আন্নাক পু চলি থকা কালছোৱাত ঘৰৰ একো বস্তু আনক দিয়া নহয় অথবা আনৰ পৰা বস্তুও লোৱা নহয়। ইয়াৰ অন্যথা হ’লে সেই ঘৰ মানুহৰ বছৰটোৰ বাবে বেয়া দিন আৰম্ভ হ’ব পাৰে বুলি কন্যাসকলে বিশ্বাস কৰে।
ভোজ খোৱাৰ পাছত কন্যাসকলৰ টি, টিংফৈ, ৱাংচু, লুক আদি ফৈদসমুহে বেলেগ বেলেগে নিজৰ ফৈদৰ মাজত পৰম্পৰাগত হুঁচৰি ‘ঐয়া চাইপ’ আৰম্ভ কৰে। ঘৰে ঘৰে ঐয়া চাইপ’গ গাই শেষ কৰি উৎসৱৰ তৃতীয় দিনটোত প্ৰতিটো ফৈদে বেলেগে বেলেগে মুৰংঘৰলৈ আহি তুংখুং (কাঠেৰে নিৰ্মিত নাও আকৃতিৰ ৰাজহুৱা ঢোল) বজাই ঐয়া চাইপ’ সমাপ্ত কৰে। চতুৰ্থ দিনা গাঁৱৰ ফৈদসমুহ মুৰ্ং ঘৰত একত্ৰিত হৈ তুংখুং বজাই পুনৰ ৰাজহুৱাকৈ ঐয়া চাইপ’ আৰম্ভ কৰে। সকলোৱে হাতে হাতে পা (যাঠি), চ্যাংমু (দা), কান্ধত ৱাইচং (হোৰা)অদি লৈ নৃত্য কৰে। সেই সময়ত পুৰুষসকলে পৰম্পৰাগত চোলা ঐয়া ফাকচ’ আৰু ‘ঞি পাক’ পৰিধান কৰে। তেওঁলোকে মুৰত ধনেশ চৰাইৰ পাখি লগোৱা পৰম্পৰাগত টুপি খাংচ’ পৰিধান কৰে। বিভিন্ন শৈলীৰে আৰু বিভিন্ন আকাৰৰ মালা ‘লৌক’ পিন্ধি তেওঁলোকে এই উৎসৱত ভাগ লয়। মুৰ্ং ঘৰৰ পৰা আৰম্ভ কৰি দলটোৱে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ চোতালতে ঐয়া চাইপ’ পৰিৱেশন কৰে। পৰম্পৰাগত গীত-মাত আৰু ঞাম (বৰকাঁহৰ) তালে তালে তেওঁলোকে হাতৰ যাঠিডাল বিশেষ লয়ত জোকাৰি অথবা যাঠিৰ নালেৰে মাটিত আঘাত কৰি এক বিশেষ ভংগিমাৰে সামুহিকভাৱে নৃত্য পৰিৱেশন কৰি গৃহস্থৰ মংগল কামনা কৰে। গৃহস্থসকলেও নিজৰ সাধ্যানুযায়ী ঐয়া চাইপ’ পৰিৱেশন কৰা দলটোক আপ্যায়ান কৰে।
সেইদিনটোত কন্যাক সমাজৰ মহিলাসকলেও নিজাকৈ গাঁৱত ঐয়া চাইপ’ পৰিৱেশন কৰে। সেই সময়ত তেওঁলোকে ঞিচা( পৰম্পৰাগত মেখেলা)আৰু ৰঙা চোলা পৰিধান কৰে। গাত তেওঁলোকে এখন চাদৰ মেৰাই লয়। হাতত ধৰাধৰিকৈ ঞাম বজাই বৃত্তাকাৰে পৰিৱেশন কৰা ঐয়া চাইপ’ নৃত্য আৰু গীতৰ মাধুৰ্য যথেষ্ট প্ৰশংসনীয়।
এনেদৰে গাঁৱৰ ঘৰে ঘৰে ঐয়া চাইপ’ পৰিৱেশন কৰাৰ অন্তত তেওঁলোক পুনৰ মুৰং ঘৰত একত্ৰিত হয়। তেওঁলোকে মুৰং ঘৰৰ আগত পৰম্পৰাগত পদ্ধতিৰে পুনৰ গীত-নৃত্য পৰিৱেশন কৰে। এই অনুষ্ঠান প্ৰায় মাজনিশালৈকে চলি থাকে। তুংখুঙত বজোৱা আনন্দৰ সুৰে গাঁৱৰ চৌদিশ উতলা কৰি তোলে। তেওঁলোকে মুৰং ঘৰত নৃত্য-গীত কৰি সেইদিনাই ৰাজহুৱাভাৱে ঐয়া চাইপ’ৰ সামৰণি মাৰে। তেওঁলোকৰ মাজত প্ৰচলিত প্ৰথা মতে সেই দিনটোৰ পৰা বিশেষ কাৰণ অবিহনে কোনেও মুৰ্ং ঘৰত তুংখুং বজাব নোৱাৰে। ইয়াৰ অন্যথা হ’লে দোষীজনক জৰিমনা বিহি শাস্তি প্ৰদান কৰাৰ প্ৰথাও তেওঁলোকৰ মাজত প্ৰচলিত।
পঞ্চমদিনা গাঁৱৰ পুৰুষসকল লগ লাগি অৰণ্যত পৰম্পৰাগত চিকাৰ ‘মাই কা’ কৰিবলৈ ৰাওনা হয়। অতীজতে এনে চিকাৰত বনৰ জীৱ-জন্তু সামুহিকভাৱে চিঅকৰ কৰি তেওঁলোকে আনন্দ কৰিছিল। কিন্তু বৰ্তমান অৰণ্যৰ গভীৰতা কমি অহাত শিৱসাগৰ জিলাৰ কন্যাসকলে ‘মাই কা’ প্ৰতীকাত্মক ভাৱেহে পালন কৰা পৰিলক্ষিত হয়। চিকাৰৰ পৰা উভতি আহি তেওঁলোকে গাঁৱত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিৰ মাজেৰে ৰং –ৰহইচ কৰে। এই খেলসমুহৰ ভিতৰত বাঁহনৃত্য, বিভিন্ন শাৰীৰিক শক্তি প্ৰদৰ্শনমুলক খেল-ধেমালি আদিয়ে বিশেষ প্ৰাধান্য পায়।
আওলেং উৎসৱৰ ষষ্ঠ দিনা তেওঁলোকে পুনৰ ‘আন্নাক পু’ পালন কৰে। সেইদিনা গাঁৱৰ কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তি লগ হৈ পৰম্পৰাগত নিয়মেৰে পুজা কৰি এটা কুকুৰা আৰু এটা কণীৰ সহায়ত মঙল চায়। সেই মঙলৰ পৰাই তেওঁলোকে আগন্তুক বছৰটো কেনেদৰে যাব, সেই কথাৰ উমান পায়। তেওঁলোকে প্ৰথমে এডাল জোঙা লোহা জুইত তপতাই ৰঙা কৰি কণীটোৰ এমুৰে ধৰে। যদি কণীটোৰ পৰা তেজ বা তেনে ধৰণৰ ৰঙা পদাৰ্থ বাহিৰ হয়, তেতিয়াহ’লে সেই বছৰটোত গাওঁখনলৈ অমংগল আহিব পাৰে বুলি তেওঁলোকে অন্ত:কৰণেৰে বিশ্বাস কৰে। তেনেদৰে কুকুৰাটোৰ পেটুবোৰ পৰীক্ষা কৰোঁতেও যদি তেনেধৰণৰ ৰঙা তেজৰ দাগ পৰিলক্ষিত হয়, তেতিয়াও তেওঁলোকে গাওঁখনলৈ অম্ংগল আহিব পাৰে বুলি বিশ্বাস কৰে। যদি মঙল চাওঁতে কুকুৰাৰ পেটুত অথবা কুকুৰাৰ কণীত তেনে কোনো ধৰণৰ তেজৰ দাগ দেখা নাপায়, তেতিয়া সমগ্ৰ গাওঁখনৰ বাবেই মংগলজনক বুলি তেওঁলোকে বিবেচনা কৰে। সেইদিনাৰ পুজা সমাপ্ত কৰাৰ লগে লগেই কন্যাসকলৰ আওলেং উৎসৱ সম্পুৰ্ণৰুপে সামৰণি পৰে।
লেখক: ড° চন্দ্ৰ কমল চেতিয়া (দেওবৰীয়া সুকন্যা)
শেহতীয়া উন্নীতকৰণ: : 2/10/2023