অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কমলা কুঁৱৰীৰ গীত

কমলা কুঁৱৰীৰ গীত

  1. অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম ৷ কৰুণ ৰসাসিক্ত আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা ৷ প্ৰবাদ অনুসৰি কমলা কুঁৱৰী আছিল এজন আহোম ৰজাৰ আদৰৰ কুঁৱৰী ৷ এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিনতি স্বৰূপে ৰজাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে ৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে ৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীৰ সেই পানীতেই ডুবি কৰুণ ভাবে মৃত্যু হয় ৷ এই কাহিনীটি গীতৰ ৰূপত এনেদৰে পোৱা যায় -
অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম ৷ কৰুণ ৰসাসিক্ত আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা ৷ প্ৰবাদ অনুসৰি কমলা কুঁৱৰী আছিল এজন আহোম ৰজাৰ আদৰৰ কুঁৱৰী ৷ এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিনতি স্বৰূপে ৰজাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে ৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে ৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীৰ সেই পানীতেই ডুবি কৰুণ ভাবে মৃত্যু হয় ৷ এই কাহিনীটি গীতৰ ৰূপত এনেদৰে পোৱা যায় -

কমলা কুৱৰী মোৰে প্ৰাণেশ্বৰী
বেলি যে বহুতে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
বাহী মুখ ধুবৰে হ'ল ৷
কমলা কুৱঁৰী মোৰে প্ৰাণেশ্বৰী
বেলি যে দুপৰে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
তেল টেঙা ঘঁহিবৰ হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
বেলি ভাটী দিবৰে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
চুলি মেলাবৰে হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
দোলাত গৈ উঠিবৰ হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
আমাৰো যাবৰে হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
পানী এ এপতা হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
পানী এ এগাঁথি হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
পানী এ এআঁঠু হ'ল ৷
কমলা কুঁৱৰী মোৰ প্ৰাণেশ্বৰী 
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে 
পানী এ একঁকাল হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
পানী এ এবুকু হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী 
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
পানী এ এডিঙি হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
পানী এ এঠুঁতৰি হ'ল ৷
কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী 
পানীবা কিমানে হ'ল,
শুনকচোন শুনকচোন স্বৰ্গদেউ ঈশ্বৰে
পানী এ এমুখে হ'ল ৷

জোৰোণ পিন্ধাওতে গোৱা কেইটামান যোৰা নাম

ৰামলৈ কি চিঠি, দিলা হে আইদেউ
ৰামলৈ কি চিঠি দিলা, 
সেইনো চিঠি খনি পাই ৰামচন্দ্ৰই 
জোৰোণ পঠিয়াই দিলা ৷

কলখোৱা বাদুলি ,কিনো আইদেউ আজলী,
কেমিকেলৰ নেকলেছডাল, সোণৰ বুলি পিন্ধিলি ৷

হাত চাই নল'লা ,সোণৰ মুঠি খাৰু ,
ঐ ৰাম ডিঙি চাই নল'লা মণি হে,
আইদেউৰ জোখৰে জোঁৱাই চাই নল'লা
হৰি মোৰ ঐ বিষয়ত ভোল গৈ তুমি ৷
ওপৰত কুৰুৱাই খালে ৰৌ মাছ 
তললৈ পেলালে ফিচা হে,
জোৰোণত আনিছে এৰিয়া মেখেলা 
হৰি মোৰ ঐ সমাজত মাতিলে মিছা ৷
শুনোতে শুনিছিলো, দৰাঘৰ বৰ ধনী 
সাজে পতি ৰৌ মাছ খায় হে,
এতিয়া শুনিলো দৰাঘৰ দুখীয়া 
হৰি মোৰ ঐ নদীতে জুলুকি বায় ৷
জোৰোণত আনিছে পিতলৰ গহনা 
ওপৰত সোণৰে ৰং হে,
অলপ দিন পিছতে ক'লা পৰি যাব 
হৰি মোৰ ঐ আইদেউৰ উঠিছে খং ৷

কল খাই পেলালা, কলৰে গুটি
কলৰে গুটি ,
কাপোৰযোৰ আনিছে, আইদেউলৈ চুটি ৷
সেইযোৰ কাপোৰ বাৰু কেনেকৈ পিন্ধা,
ভিনদেউ আহিলে ওভোটাই দিবা ৷৷

সোণৰ চাকি শলা ৰূপৰে গছা,
ব্লাউজটো আনিছে গালৈকে নটা ৷
থৈ দে থৈ দে , দুৱাৰৰ চুকত,
দৰাটো আহিলে মাৰিবি বুকত ৷৷
ৰূপৰ চাকি মলা, সোণৰে গছা,
চেন্দেলযোৰ আনিছে ভৰিলৈ নটা,
থৈ দে থৈ দে, দুৱাৰৰ চুকত ,
দৰাটো আহিলে মাৰিবি বুকত ৷৷

বাৰীৰ চুকৰে থেকেৰা টেঙা,
শাহুৱেক আহিছে মুখখন বেকা ৷
চেনেহৰ বাইদেউ ঐ কি কাম কৰিলা,
এইজনী শাহুৰ লগত কেনেকৈ খাবা ?
কঠাল পকি আছে, কঠালৰ গছত
শাহুৱেক আহিছে, পেটতো শকত ৷
সেইটো পেটত ধৰে, এক নাও ভাত 
কেনেকৈ বাইদেউ ঐ চলিবা তাক ?

উত্স: ঐশ্বর্য অমিতাভ

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate