অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কামৰূপী লোকগীতত অসমীয়া সমাজ-জীৱন আৰু নাৰী

কামৰূপী লোকগীতত অসমীয়া সমাজ-জীৱন আৰু নাৰী

লোকগীত-

 

লোকগীত লোকসাহিত্যৰ এটা প্ৰধান অংগ৷ লোকসাহিত্যক মৌখিক সাহিত্য বুলিও কোৱা হয়৷ যুগযুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে বাবে লোকগীতক মৌখিক সাহিত্য বুলি কোৱা হয়৷ ভাষাই লিখিত ৰূপ পোৱাৰো বহুবছৰ আগৰ পৰাই মৌলিক গীত-মাত, সাধু, প্ৰবাদ-প্ৰবচন আদি মানুহৰ মুখে মুখে মুখবাগৰি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আহিছিল৷ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বাগৰি আহোতে কোনো কোনো ঠাইত গীতত, কথাত যোগ-বিয়োগো হোৱা দেখা যায়৷ কিন্তু পুৰুষানুক্ৰমে মানুহৰ মুখে মুখে চলি অহা বাবে এনেবোৰ গীত-মাত তথা সাহিত্যৰ ৰচনাকাল আৰু ৰচকৰ প্ৰকৃত তথ্য পোৱা নাযায়৷

অসমীয়া সাহিত্যৰ সমালোচকসকলে লোকগীতক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে৷ সেইবোৰ হ’ল: অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধবিষয়ক লোকগীত৷ বিহু-বিয়া-সবাহ বা অসমীয়া জনমানসত প্ৰচলিত যিকোনো অনুষ্ঠানৰ লগত সংগতি ৰাখি যিবোৰ গীত গোৱা হয় সেইবোৰ অনুষ্ঠানমূলক লোকগীত৷ আকৌ আখ্যানমূলক লোকগীতত লাচিত বৰফুকন, মণিৰাম দেৱান, জয়মতী কুঁৱৰী, ফুলকোঁৱৰ-মণিকোঁৱৰ আদি বুৰঞ্জী অথবা লোক-গাঁথাৰ একো একোটা আখ্যানৰ বিৱৰণ পোৱা যায়৷ আনহাতে অনুষ্ঠানমূলক আৰু আখ্যানমূলক লোকগীতৰ আওতাত নপৰা আন নানা ৰসৰ, নানা ভাবৰ গীতসমূহক একেলগে বিবিধ বিষয়ক গীত বুলিব পাৰি৷ নাওখেলৰ গীত, নিচুকণি গীত আদি বিবিধ বিষয়ক গীতৰ শাৰীত পৰে৷

সাহিত্যিক বিভাজনৰ দিশলৈ নগৈ ভাষাৰ ভিত্তিত লোকগীতসমূহক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ: কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত৷ লোকগীতসমূহৰ বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও এইবোৰৰ প্ৰকাশভংগীৰ সাদৃশ্য বিশেষভাবে মনকৰিবলগীয়া৷ লোকগীতবোৰ হ’ল চহাজীৱনৰ মনৰ ভাবৰ অকপট স্বীকাৰোক্তি৷ সহজ-সৰল চহালোকৰ দৰেই এইবোৰৰ ভাষাও সহজ-সৰল৷ স্থানীয় লোকবিশ্বাস, ঘৰুৱা চিত্ৰ, আঞ্চলিক প্ৰকাশভংগী, সামাজিক চিত্ৰ আৰু চহাকবিৰ সৰলতাৰে এইবোৰ চহকী৷ লোকগীতবোৰৰ প্ৰকাশভংগী সাৱলীল, ক’তো অকণো খোকোজা নলগাকৈ আদিৰ পৰা অন্তলৈ গীতত প্ৰকাশ কৰিবলগীয়া বক্তব্য কবিয়ে প্ৰকাশ কৰে৷ এই গীতবোৰ শালীনতা অথবা সংযমৰ বান্ধোনৰ পৰাও মুক্ত৷ ৰচনাকাল আৰু ৰচকৰ পৰিচয় নথকা এনেধৰণৰ লোকগীতবোৰত প্ৰেম নিবেদন আৰু  তাড়নাৰ কথাও কোনোধৰণৰ আঁৰ-বেৰ নোহোৱাকৈ প্ৰকাশ কৰা দেখা যায়৷ ড০ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত, “চহাপ্ৰাণৰ ই মুক্ত পৰিস্ফুৰণ আৰু আদিম আৰু মৌলিক ভাৱাবেগৰ (elemental passion) অকৃত্ৰিম প্ৰকাশ৷ ” লোকগীতবোৰত ব্যক্তিবিশেষৰ ভাৱাবেগৰ পৰিস্ফুৰণ হোৱাৰ লগতে সামূহিক জীৱনৰ আশা-আকাংক্ষাও পৰিস্ফুত হৈছে৷

মূলতঃ নামনি অসমৰ কামৰূপ, বৰপেটা আৰু নলবাৰী অঞ্চলত প্ৰচলিত আৰু সমাদৃত কামৰূপী লোকগীতবোৰক বিষয়বস্তুৰফালৰ পৰা আমি দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰোঁ: ভক্তিমূলক আৰু সামাজিক৷ ভক্তিমূলক কামৰূপী লোকগীতবোৰত কৃষ্ণভক্তিৰ নিদৰ্শন পোৱা যায়৷ কেতবোৰ ভক্তিমূলক কামৰূপী লোকগীতত বৈৰাগ্য ভাবৰো প্ৰকাশ হোৱা দেখা যায়৷ এনেধৰণৰ লোকগীতসমূহ বৈষ্ণৱ আদৰ্শেৰে অনুপ্ৰেৰিত৷ আনহাতে কিছুমান ভক্তিমূলক লোকগীত বেউলা-লখীন্দাৰৰ কাহিনী, শিৱ-পাৰ্বতীৰ কাহিনী, বিষহৰিৰ কাহিনীৰ আধাৰত ৰচিত৷ এইবোৰ মূলতঃ সুকন্নানী ওজাপালিৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত বুলি অনুমান কৰিব পাৰি৷ আকৌ সামাজিক কামৰূপী লোকগীতবোৰতো প্ৰায়ে একোটা কাহিনী বা ঘটনা লুকাই থাকে৷ এইবোৰত কাহিনীৰ মূল নায়ক-নায়িকাক ৰাম-সীতা, শিৱ-পাৰ্বতী, কৃষ্ণ-ৰুক্মিণী আৰু বহুঠাইত বেউলা-লখীন্দাৰৰ লগত তুলনা কৰা হয় আৰু কেতিয়াবা কেতিয়াবা সাধাৰণভাবে সমাজ জীৱনৰ কোনো পুৰুষ-নাৰীয়েও ঘটনাৰ নায়ক-নায়িকা হিচাপে গীতৰ কথাভাগ আগবঢ়াই নিয়ে৷

এই লেখাটোত কামৰূপী লোকগীতসমূহতনো সমাজ, ৰীতি-নীতি, সংস্কাৰ, নাৰীৰ মমতা-দুখ-ইৰ্ষা আদি কিদৰে প্ৰকাশ হৈছে তাকে কেইটিমান লোকগীতক প্ৰসংগ হিচাপে লৈ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷

আমাৰ সমাজত বিবাহযোগ্য কন্যাসন্তান থকা পিতৃ-মাতৃৰ বাবে তেওঁলোকৰ কন্যাৰ বিয়াই একমাত্ৰ চিন্তাৰ কাৰণ হৈ পৰে৷ আনকি ছোৱালীজনী জন্ম হোৱাৰ দিনৰে পৰা তাইৰ পিতৃ-মাতৃয়ে নিজকে তাইৰ বিয়াৰ বাবে প্ৰস্তুত কৰি তোলে৷ একেদৰে ছোৱালীজনীকো বুজা হোৱাৰ দিনৰে পৰা বিয়া হৈ এঘৰলৈ ওলাই যাবলৈ মানসিকভাবে প্ৰস্তুত কৰি তোলে৷ পাকে-প্ৰকাৰে ছোৱালী যে পৰৰ ধন তাকে ছোৱালীজনীক বুজাই দিয়া হয়৷ “লাইজাৰ ভাঙিলোঁ” শীৰ্ষক লোকগীতটোত বিবাহযোগ্য ছোৱালী এজনীৰ মনৰ ব্যাথা সুন্দৰকৈ ফুটি উঠিছে৷ বিবাহযোগ্য ছোৱালীক বোজা বুলি ভবা বাবে সিহঁতক “জ্বলা জুই”ৰ লগত তুলনা কৰা হয় আৰু বুজা হোৱাৰ পৰা এইবোৰ কথাকে ছোৱালীজনীয়ে শুনিবলগীয়া হয়৷ আগৰদিনত ছোৱালীবোৰ খুব কম বয়সতে বিয়া দিয়া হৈছিল৷ ছোৱালীজনীৰ যেন গোটেই জীৱন নিজৰ মাক-পিতাকৰ লগত থাকিবলৈ মন,
অ’ আইৰ বুকুৰ মাজত থাকিব নাপালোঁ
বিমলা-মধুৰী অ’
কিন্তু ফুল ফুলিলে গোন্ধ ওলোৱাৰ দৰে গাভৰু ছোৱালী থকা ঘৰলৈ প্ৰাৰ্থীৰ আগমন হ’বলৈ আৰম্ভ কৰে৷ গীতটোতো ইতিমধ্যে তাইক নিবলৈ দুৱাৰদলিত বিবাহযোগ্য প্ৰাৰ্থীয়ে আহি ভীৰ কৰিছেহি:
ৰামে নেউ ৰামে নেউ কৰে না লো
আমি আপীছ’লি জ্বলা জুই অ’

মাক-পিতাকৰ লগতে ছোৱালীজনীৰ গোটেই জীৱন থাকিবলৈ মন গ’লেও কিন্তু আমাৰ সমাজ ব্যৱস্থাই সেইটো সমৰ্থন নকৰে আৰু সমাজৰ নিয়মকে সাৰোগত কৰি মাক-পিতাকেও ছোৱালীৰ ইচ্ছাক অগ্ৰাধিকাৰ নিদি একাষৰীয়া হৈহে থিয় হয়৷
আইও কান্ধ্যা হয়, বোপাইও কান্ধ্যা হয়
বিমলা-মধুৰী অ’
দুগালে চকুলো সৰে না লো
আমি আপীছ’লি জ্বলা জুই অ’
(লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে)

শেষত যেন ছোৱালীজনীয়ে মানি লয় যে নিজৰ ঘৰখন এৰি, লগ-সমনীয়াক এৰি আনৰ ঘৰখন আপোন কৰি ল’বলৈ তাই যাবই লাগিব৷ বিবাহযোগ্য ছোৱালী এজনীৰ মনৰ ব্যাথা ইমান সুন্দৰকৈ ফুটাই তোলালৈ চাই এই লোকগীতটোৰ ৰচক কোনোবা অনামী নাৰীও হ’ব পাৰে বুলি মনত একোটা ভাবৰ উদ্ৰেক হয়৷ কিন্তু এই গীতটিৰ ৰচক কোনোবা নাৰী বুলিয়ে আমি ডাঠি ক’ব নোৱাৰোঁ৷ বহুতো স্বভাৱসিদ্ধ পুৰুষ কবিয়েও নাৰীহৃদয়ৰ মান-অভিমান, প্ৰেম-বিৰহ আদি সুন্দৰকৈ ফুটাই তোলাৰ নিদৰ্শন অসমীয়া তথা ভাৰতীয় সাহিত্যত বিৰাজমান৷

বিয়াৰ বাবে প্ৰস্তুত হোৱা ছোৱালীজনীক সখীয়েকে “বুকুৰ লগৰী” বুলি সম্বোধন কৰি ঘৰৰ মায়া এৰি, গাঁৱৰ মায়া এৰি, বুকুত জ্বলা জুই একুৰা লৈ কিদৰেনো আনৰ ঘৰলৈ যাব পাৰিব তাকে প্ৰশ্ন কৰে৷ পিতাকৰ ঘৰত সদায় মাক-পিতাকৰ আশ্ৰয়ত, কোনো বাধা-বিঘিণি নোপোৱাকৈ ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে সংসাৰৰ আও-ভাও নোপোৱাকৈ পৰৰ ঘৰত কিদৰে জীৱন কটাব বুলি সখীয়েক চিন্তাত কাতৰ হৈ পৰিছে৷ যিজনী ছোৱালীয়ে মাছ মাৰিবলৈ গৈ পুখুৰীৰ জেং-হুঁল অথবা শাল-শিঙিয়ে ভৰিত বিন্ধিব বুলি ভয় কৰি পানীত নানামে সেই একেজনী ছোৱালীয়ে সংসাৰৰ জালত কিদৰে ভৰি দিব তাকে ভাবি সখীয়েক আতুৰ হৈ পৰিছে:
মাছকে গৈছিলি পানীত নানামিলি
কাইটে বিন্ধিব বুলি
নাজানি-নুশুনি সংসাৰৰ জালতে
কেংকে পেলাবি ভৰি
ফুলেশ্বৰী বুকুৰে লগৰী অ’
(অ’ ফুলেশ্বৰী বুকুৰে লগৰী অ’)

অৱশেষত সখীয়েকেও মানি লয় যে মাক-পিতাকৰ ঘৰ শুদা কৰি পৰক আপোন আৰু আপোনক পৰ কৰাটোৱেই ছোৱালীৰ জীৱন৷

আমাৰ সমাজত বিয়া দিবলৈ সাজু হোৱা ছোৱালীজনীক তাইৰ মাক-পিতাকে বিয়াৰ পাছত সংসাৰ চলাবলৈ প্ৰস্তুত কৰিছিল৷ সকলো মাক-পিতাকৰ মনত নিজৰ সন্তান অজলা আৰু বিশেষকৈ পুষ্পিতা হোৱাৰ পাছতে বিয়া হোৱা ছোৱালীজনীৰ বয়সেইনো কিমান হয়! গতিকে সাংসাৰিক দায়িত্ব পালন কৰিবলৈ ওলোৱা সেই সৰু ছোৱালীজনীৰ মনটো সৰলতাৰে ভৰি থকাটোৱেই স্বাভাৱিক৷ আগৰ সমাজখন যৌথ পৰিয়াল ভিত্তিক আছিল৷ গতিকে শাহু-শহুৰ, দেওৰ-ননন্দ-জাঁৰে ভৰি থকা পৰিয়াল এটাত আঁজলী ছোৱালীজনীয়ে কিদৰে জীৱন কটাব বুলি মনত দুখ আৰু ভয় থাকিলেও সমাজৰ নিয়ম পালন কৰি ছোৱালী বিয়া দিবলৈ ওলোৱা মাক-পিতাকে শহুৰেক-শাহুৱেক আৰু নতুন ঘৰখনত নিজৰ স্থান আৰু মান বঢ়াবলৈ কি কি কৰিব লাগে তাকো ছোৱালীজনীক শিকাই-বুজাই পঠিয়ায়৷

“বিহানে উঠিয়া আই তই কৰিবি ছিলান”- দোকমোকালিতে উঠি গা ধুব লাগিব বুলি কৈ, তাৰ পাছত গোহালি-ভড়াল সূচী কৰা অৰ্থাৎ পবিত্ৰ কৰাৰ দায়িত্বও যে ঘৰৰ ন-বোৱাৰীজনীৰ এই কথাও মাক-পিতাকে ছোৱালীজনীক শিকাই পঠিয়ায়৷ গোহালি-ভড়াল পবিত্ৰ কৰা আদিও অসমীয়া সমাজৰে একোটি সংস্কাৰ৷

আগৰ সমাজখনত গা ধোৱাৰ বাবে স্নানাগাৰ বা গাধোৱা ঘৰৰ ব্যৱস্থা নাছিল৷ সেয়ে কাপোৰ-কানি সলাওতে ইফালে-সিফালে চাই সাৱধানে সলাবলৈ মাক-পিতাকে ছোৱালীজনীক সকীয়াই দিয়ে৷ শহুৰেক-শাহুৱেকৰ মন জয় কৰিবলৈ লগতে নিজকে পিতৃ-মাতৃ সদৃশ কোনো বয়োজ্যেষ্ঠজনৰ তত্ত্বাৱধানত ৰাখিবলৈ, তেওঁলোকৰ কথা মানি চলি কাম-বন কৰিবলৈ ছোৱালীজনীৰ মাক-পিতাকে পৰামৰ্শ দিয়ে:
শাহু-শহুৰৰ কথা কৰিবি পালন
সম্পূৰ্ণকে দিবি আই তই কামতে মগন”
(অ’ জীৱেৰ বেউলা অ’)

তদানীন্তন সমাজৰ প্ৰচলিত এক ধাৰণা হ’ল, নাৰীৰ বাবে স্বামীয়েই সৰ্বস্ব৷ স্বামীয়েই প্ৰভু, পৰমেশ্বৰ, গৰাকী৷ গতিকে নিজৰ প্ৰভুৰ ওচৰত সকলো সমৰ্পণ কৰিবলৈয়ো মাক-পিতাকে ছোৱালীজনীক শিকাই পঠিয়ায়:
পতি পৰভূ বুলি আই তই ৰাখিবি মনত
সৰ্বখেনি সপি দিবি তাহাৰ পাৱত
(অ’ জীৱেৰ বেউলা অ’)

সংসাৰ চলাবলৈ মাক-পিতাকৰ উপদেশ মানি চলি প্ৰায়ভাগ ছোৱালীৰ সংসাৰ সুখৰ হয়৷ কিন্তু মাক-পিতাকৰ উপদেশ মানি চলাৰ পিছতো কিছুমানৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা যায়৷ কোনো কোনো পৰিয়ালত ছোৱালীজনী বিয়া হৈ অহা ঘৰখনত শাহুৱেক-নন্দেকে লগ হৈ বোৱাৰীজনীক অত্যাচাৰ কৰে৷ নিজৰ মাক-পিতাকৰ ঘৰত সুখেৰে আৰামত জীৱন কটোৱা সৰু ছোৱালীজনীৰ ওপৰত যথেষ্ট কামৰ ভাৰ পৰে৷ ফলত ন-বোৱাৰীজনীৰ ভাগৰুৱা দেহত টোপনিয়ে হেঁচা মাৰি ধৰে৷ কিন্তু তাই টোপনিক তাইৰ কাষলৈ নাহিবলৈ কাবৌ কৰে:
টুপুনি টুপুনি অ’ আই টুপুনি
টুপুনিৰ কলৰ তলত ঘৰ
অ’ আমাৰে ঘৰকে নাহিবি টুপুনি
শাহু-ননান্দৰ ডৰ হেৰ টুপুনি
হালিয়া-জালিয়া পৰে গাৱ
(টুপুনি টুপুনি অ’ আই টুপুনি)

নতুনকৈ বিয়া হোৱা প্ৰতিজনী ছোৱালীৰে মাকৰ ঘৰখনলৈ যোৱাৰ গৈ কিছুসময় থাকি অহাৰ বৰ হেঁপাহ৷ লোকগীততো চহাকবিয়ে তেনে ছবি অংকন কৰিবলৈ পাহৰা নাই:
ধানপাচি বানিলোঁ
চাউলপাচি চৰিলোঁ
ভাবছিলোঁ আইথেৰ ঘৰক যাম
(টুপুনি টুপুনি অ’ আই টুপুনি)
ধান বনা, চাউল জৰা আদি অসমৰ যিকোনো গাঁৱৰে এটি চিনাকি দৃশ্য৷ ঘৰৰ সমস্ত কাম কৰি উঠি মাকৰ ঘৰলৈ যাবলৈ বিচাৰিলেও বোৱাৰীয়েকক শাহুৱেকে যাবলৈ অনুমতি নিদিয়াত বোৱাৰীয়েকে মনে মনে শাহুৱেকক ‘নাককাটি’ বুলি গালি পাৰি ভোৰভোৰাইছে:
অ’ শাহু নাককাটি
যাবাকে নেদিলা
ঘৰতে তাইৰ মূৰাটো খাম হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
আকৌ ব’হাগৰ দোমাহীৰ দৰে শুভ ক্ষণতো শাহুৱেক-নন্দেকে তাইক গৰু পঘাৰে বন্ধাৰ দৰে অমানুষিক  আৰু মানসিক অত্যাচাৰ কৰা বাবে খঙত অতিষ্ঠ হৈ বোৱাৰীয়েকে “শাহু-ননন্দিনী দুয়ো কালবাঘিণী” বুলি গালি পাৰিছে৷ গালি-গালাজো এখন সমাজৰে, এখন সমাজৰ সংস্কৃতিৰে অংগ৷ লোককবিয়ে সাধাৰণ মানুহৰ অৱস্থাৰ লগত, পৰিবেশ-পৰিস্থিতিৰ লগত খাপ খাই পৰাকৈ গীতৰ চৰিত্ৰবোৰৰ মাজেৰে এইবোৰ প্ৰকাশ কৰিছে৷ খঙত অতিষ্ঠ হৈ সেয়ে বোৱাৰীজনীয়ে কেতিয়াবা পৰিয়ালৰ সকলোৰে আনকি নিজৰ গিৰিয়েকৰো মৃত্যু কামনা কৰি নিজে ‘ধেমেনা’ অৰ্থাৎ বাঁৰী-বিধবা হৈ আন পুৰুষৰ ঘৰলৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰিছে:
টুপুনি এ’ শাহুটু মৰি যাওক
দেওটুক বাঘে খাওক
শহুৰটুক খাওক ধৰাসাপে
অ’ গো-চৰণৰ ধূলি লৈ মৰদটু মৰি যাওক
মই যাও ধেমেনাৰ ঘৰে হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
তদানীন্তন সমাজখনত স্বামী-স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান যথেষ্ট বেছি আছিল৷ সেয়ে গিৰিয়েক-ঘৈণীয়েকৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক হোৱাটো অস্বাভাৱিক আছিল৷ তেওঁলোকৰ মাজত হয়তো বৰ বেছি কথা-বতৰাও নহৈছিল৷ স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্ৰেমৰ সলনি অনুশাসনৰ প্ৰভাৱহে বেছি আছিল যেন বোধ হয়৷ সেয়ে আহোঁতে যাওতে ভুকুটো, চৰপাত, লাঠটো খোৱাটো বোৱাৰীবোৰৰ বাবে নিত্যনৈমিত্তিক হৈ পৰিছিল৷ যুক্তি-তৰ্ক কৰা বাবে মানুহৰ মুখখনহে দায়ী৷ কিন্তু ভুকুটো বা থাপৰটো সদায় পিঠিত পৰে৷ বোৱাৰীজনীৰ মনৰ ভাব:
পিঠিতে নধেৰবি পিঠিতে নামেৰবি
পিঠিনো কি দোষ কৰে
অ’ হাততে ধৰিবি মুখতে মাৰিবি
মুখেহে উত্তৰ কৰে হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)

সেয়ে গিৰিয়েকৰ মৰমসনা মাত নোপোৱা, সংসাৰৰ জালা ভোগা বোৱাৰীবোৰ দেখিলে আন কোনো পুৰুষে ছলাহী কথা কৈ, মৰমৰ মাত মাতি, সোণৰ অলংকাৰ দিব বুলি ফুচুলাই বোৱাৰীবোৰ লৈ যায় আৰু তেনে ছলাহী কথা কোৱা পুৰুষৰ মৰমৰ মাতষাৰৰ বাবে আৰু সোণৰ গহনাৰ লোভত পৰিয়ালৰ সকলোৰে মৃত্যু কামনা কৰি বোৱাৰীবোৰেও মুকলিকৈ ধেমেনাৰ ঘৰলৈ যাব বুলি ক’ব পাৰিছিল৷ নিজৰ গিৰিয়েকৰ মৃত্যু কামনা কৰি নিজে ‘ধেমেনা’ৰ ঘৰলৈ যাব বুলি ইমান মুকলিমূৰীয়াকৈ বোৱাৰীজনীৰ মনৰ কথা প্ৰকাশ কৰিব পৰাতেই লোককবিৰ সাৰ্থকতা৷

মাক-পিতাকৰ ঘৰত কাম কৰাৰ অভ্যাস নথকা ছোৱালীৰ বোৱাৰীকালৰ প্ৰথমভাগত কাম-বন কৰিবলৈ এলাহ লাগে বাবে গা অসুখ বুলি ন-বোৱাৰীয়ে শেতেলী লয়৷ কিন্তু গুণীজনে আহি তাই সুস্থ বুলি কোৱাত তাই প্ৰকৃত কাৰণটো বুজি পায় যে এলাহৰ বাবেই তাই সাউতকৈ ঢাৰি-পাটী পাৰিলৈ শুই থাকিবলৈহে ভাল পায় আৰু ৰাতি শুলে বেলি মূৰৰ ওপৰলৈ উঠিলেহে সাৰ পায়:
কহে দ্বীজ ভট্টদেৱে
মোদ্দেহাটু ভালে আছে
মোদ্দেখোন কাম কৰিব হেলা
অ’ ঢাৰাখান পাৰিলোঁ হিৰিতকে পৰিলোঁ
পুৱা হয় ডেৰপৰ বেলা হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
এই গীতটোৰ শেষৰ স্তৱকটত ভট্টদেৱৰ নামৰ উল্লেখ আছে৷ কিন্তু এইগৰাকী ভট্টদেৱেই “কথা-গীতা”, “কথা-ভাগৱত”ৰ ভট্টদেৱ হয় নে নহয় অনুমান কৰাটো কঠিন৷ শংকৰদেৱ, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ ভাব আৰু জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি যিদৰে কোনো অখ্যাত কবিয়ে নিজৰ ৰচনাত তেখেতসকলৰ নামটো ব্যৱহাৰ কৰিছিল ঠিক একেদৰে কোনো চহাকবিয়ে ভট্টদেৱৰ নামত নিজৰ ৰচনা প্ৰচাৰ কৰিছিল বুলি ভবাৰ অৱকাশ থাকি যায়৷

আজিৰ সমাজখন বহুক্ষেত্ৰত আগবাঢ়ি গ’লেও আজিও সমাজত জাত-পাতৰ বিচাৰ-খোচাৰ কৰা লোকৰ সংখ্যা কম নহয়৷ অনাক্ষৰী চহাকবিৰ মুখে মুখে লোকগীতৰ প্ৰচাৰ হোৱাৰ সময়তো সমাজত জাতি-ভেদ প্ৰথা, জাতি-কুলৰ বাচ-বিচাৰ আদি আছিল৷ লোকগীতত ইয়াৰো নিদৰ্শন পোৱা যায়৷ বেহা-বেপাৰ কৰিবলৈ সদাগৰবিলাকে নাৱেৰে নদীত ভটিয়াই গৈছিল৷ বণিজ কৰিবলৈ যোৱা সময়ছোৱাতে সদাগৰহঁতৰ কাৰোবাৰ লগত চাৰি চকুৰ মিলন হয়৷ কিন্তু নিজৰ কৰি লোৱাৰ আগতে জাতি-কুলৰ কথা সোধা-পোচা কৰা হৈছিল৷ চ’ত মাহৰ কোনো দুপৰীয়া পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যোৱা কোঁৱৰক পানী খুৱাই প্ৰাণ ৰক্ষা কৰা কন্যাগৰাকীক কোঁৱৰে সোধে:
জল আনি দিলা তুমি প্ৰাণক তাৰিলোঁ আমি
কন্যাহে নাজানিলোঁ কিবা জাতি-কুল
জানিতে মোৰ পৰাণ আকুলহে
(হাততে চেৰেন্দা লৈ)
কোঁৱৰৰ এনে প্ৰশ্নত কন্যাগৰাকীয়ে নিজৰ জাতি-কুলৰ পৰিচয় দিয়াৰ লগতে নিজে আগভাগ লৈ প্ৰেম নিবেদনো কৰিছে:
মাগুৰীয়া দেশে থাকোঁ খাওঁ নদীৰ পানী
মাৱৰ নাম লীলাবতী পিতা মহাজ্ঞানী
কোঁৱাৰ হে দান লোৱা আমাৰ জীৱন
তোমাৰ আমাৰ নাই ভিন-পৰ হে
(হাততে চেৰেন্দা লৈ)

কামৰূপী লোকগীতবোৰত ৰূপকৰ ব্যৱহাৰো মন কৰিবলগীয়া-

 

গীতবোৰৰ বিষয়বস্তুলৈ লক্ষ্য ৰাখি ইমান বছৰ আগতে ৰচিত লোকগীতসমূহত ৰচকে ৰূপকৰ ব্যৱহাৰতো দক্ষতা দেখুৱাইছে৷
আইৰ শালৰ তলত একতেলী খুতুৰা
বিমলা মধুৰী অ’
তুলি খাউ তুলি খাউ কৰে না লো
আমি আপীছ’লি জ্বলাজুই অ’
(লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে)
ইয়াত লহপহকৈ বাঢ়ি অহা লাইশাক, লফাশাক, খুতুৰা শাকৰ লগত লহপহকৈ বাঢ়ি অহা ছোৱালীজনীক তুলনা কৰা হৈছে৷ লহপহকৈ বাঢ়ি অহা শাকনিবাৰীৰ শাক দেখিলে সেইবোৰক তুলি আনি খাবলৈ আমাৰ হেঁপাহ হোৱাৰ দৰে লহপহকৈ বাঢ়ি অহা ছোৱালীজনীকো বিয়া কৰাই নি তাইৰ যৌৱন উপভোগ কৰিবলৈ বহুতো পুৰুষৰ হেঁপাহ জাগে৷ সেইটোৱেই যেন ছোৱালীজনীৰ দুখৰ মূল কাৰক৷ মাকৰ বুকুৰ মাজত সোমাই থাকিব বিচৰা ছোৱালীজনীক গাভৰু হোৱাৰ লগে লগে সমাজে “জ্বলাজুই” বুলি কৈ তাইক আনৰ ঘৰলৈ পঠিয়াই দিবলৈ প্ৰস্তুতি চলাইছে৷

আকৌ কোনোবাটো লোকগীতত পিতাকৰ ঘৰত সদায় মাক-পিতাকৰ আশ্ৰয়ত, কোনো বাধা-বিঘিণি নোপোৱাকৈ ডাঙৰ-দীঘল হোৱা ছোৱালীজনীক পাতৰ তলত লহপহকৈ বাঢ়ি অহা জালি কোমোৰাৰ লগত চহাকবিয়ে তুলনা কৰিছে৷
পাতৰে তলতে হ’লি ডাঙৰ-দীঘল
যেন কোমোৰাৰে জালি
পৰৰে ঘৰতে কিমতে বঞ্চিবি
আজলী-অবুজ ছোৱালী
(অ’ ফুলেশ্বৰী বুকুৰে লগৰী অ’)
গীতটিত কোনোদিন সংসাৰৰ একো জটিলতা বা কপটতাৰ মুখা-মুখি নোহোৱা ‘বুকুৰ লগৰী’য়ে নতুন ঘৰখনত কিদৰে দিন কটাব তাকে ভাবি সখীয়েক কাতৰ হৈ পৰিছে৷

মানুহৰ নিত্যনৈমিত্তিক জীৱনত ব্যৱহাৰ হোৱা কিছুমান বস্তুৰ উল্লেখ আৰু সেইবোৰৰ প্ৰতীকি প্ৰয়োগো লোকগীতৰ মনকৰিবলগীয়া দিশ৷
“আঠিয়া কলৰে দনা হৰি হৰি
আঠিয়া কলৰে দনা
অ’ কু-খাওতা ধেনেমাই
ছল কৰি লৈ গেল
কাণতো নেদিলা সণা”
(টুপুনি টুপুনি অ’ আই টুপুনি)
‘দনা’ মানে কলগছৰ গা-গছেৰে সজা ‘দোনা’ আৰু ‘সণা’ মানে সোণ৷ কিন্তু ইয়াত ‘সণা’ মানে কাণফুলিৰ কথাহে বুজোৱা হৈছে৷ কামৰূপ অঞ্চলত কাণত পিন্ধা অলংকাৰপদক ‘সণা’ বুলি কোৱা হয়, লাগিলে সি যি ধাতুৰে নহওক কিয়! প্ৰথম দৃষ্টিত ‘দনা’ আৰু ‘সণা’ ছন্দ মিলাবলৈ ব্যৱহাৰ কৰা যেন লাগিলেও গীতটোৰ কথাংশ বিশ্লেষণ কৰিলে তাৰ প্ৰকৃত অৰ্থ ওলাই পৰে৷ কলগছৰ ভিতৰত আঠিয়া কলৰ দোনা আটাইতকৈ উত্তম আৰু ইয়াক খুব ভালকৈ সাজিব পাৰি৷ আজলী বোৱাৰীজনীয়ে ধেমেনালৈ যাওঁতে তেওঁকো সৰ্বোত্তম বুলি ভাবিয়েই গৈছিল৷ কিন্তু গৈহে জানিলে যে ধেমেনাই ‘কু’ বস্তু খায় আৰু কাণত সোণৰ ফুলি দিব বুলি ফুচুলাই নি এপদো গহনা নিদিলে৷ অৰ্থাৎ আঠিয়া কলৰ দোনাৰ দৰে ধেমেনা সৰ্বোত্তম নহয়৷ চহাকবিয়ে ৰচা গীতটিত আঠিয়া কলৰ দোনাৰ লগত ধেমেনাৰ ৰিজনি অতুলনীয়৷

অসমীয়া সমাজ জীৱনত কামৰূপী লোকগীতৰ সমাদৰ আছে যদিও এই সমাদৰ এচাম মানুহৰ মাজতে সীমাবদ্ধ৷ হয়তো কামৰূপ অঞ্চলৰ উপভাষাত গোৱা এই গীতবোৰ, গীতৰ কথা, গীতৰ শব্দবোৰ সৰ্বসাধাৰণ অসমীয়া শ্ৰোতাই বুজি নাপায়৷ কিন্তু বুজি নোপোৱাৰ আচিলা লৈ তাক চৰ্চা নকৰিলে আন নালাগে কামৰূপ অঞ্চলৰ উঠি অহা প্ৰজন্ময়ো এই গীতসমূহ বুজি নোপোৱা হ’ব৷ শব্দবোৰ নুবুজাৰ ফলত গীতৰ বক্তব্য অব্যক্ত হৈ থাকি যাব আৰু তেওঁলোকে এই মধুৰ লোকগীতবোৰৰ ৰসাস্বাদন কৰিব নোৱাৰিব৷ কামৰূপী লোকগীতৰ বিশ্লেষণো হয়তো বৰ বেছিকৈ হোৱা নাই৷ আমাৰ এই লেখাত মাথোঁ কেইটামান কামৰূপী লোকগীতক উদাহৰণ হিচাপে লৈ গীতসমূহৰ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ পাঠকসমাজে এই লেখাৰ আঁত ধৰি গীতসমূহৰ পৰ্যালোচনা আগবঢ়াই নিলে কামৰূপী লোকগীতসমূহ আগলৈয়ো আমি ধৰি ৰাখিব পাৰিম বুলি আমাৰ বিশ্বাস৷

উৎস-মিতালী বৰ্মন,সাহিত্য ডট অৰ্গ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate