অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীৰ্তন মহোৎসৱৰ অন্যতম অনুষ্ঠান ভকত লেখা

কীৰ্তন মহোৎসৱৰ অন্যতম অনুষ্ঠান ভকত লেখা

পৰিচয়

মহামিলনৰ পীঠস্থান অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী বৰপেটা সত্ৰত উদ্‌যাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ কেইতা হ’ল বৰপেটা সত্ৰৰ বিশেষ মহোৎসৱ| এই তিথি মহোৎসৱকে বৰপেটা সত্ৰত ‘কীৰ্তন’ বোলা হয়| বৰ্তমান বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন সাতদিন, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন দহদিন আৰু শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাৰ কীৰ্তন পাঁচদিন ধৰি পালন কৰা হয়| এই তিথি মহোৎসৱত সত্ৰত কিছু ৰীত-নীতি, নিয়ম পূৰ্বৰে পৰা চলি অহা দেখা যায়| তাৰ ভিতৰত বৰপেটা সত্ৰৰ কীৰ্তন মহোৎসৱৰ অন্যতম অংগ হৈছে ‘ভকত-লেখা’|

বিৱৰণ

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই সত্ৰৰ কাম-কাজবোৰ সুকলমে চলাবলৈ বা চাবলৈ বিভিন্ন গোট-বংশৰ ব্যক্তিক দায়িত্ব দিছিল| সেই অনুসৰি কীৰ্তন মহোৎসৱত সত্ৰৰ কাকতিয়ে সত্ৰত ভাগ লোৱা ভকতৰ লেখ লোৱাৰ নিয়ম আছিল| এই নিয়ম অনুসৰি এতিয়াও বৰপেটা সত্ৰত ‘ভকত লেখা’ অনুষ্ঠান সম্পন্ন কৰা হয়| সাধাৰণতে তিনিওটি পুণ্য তিথিৰ সময়ত প্ৰতিখন কীৰ্তন থাপনাৰ আগদিনা সত্ৰৰ কাকতিয়ে ‘ভকত-লেখা’ অৰ্থাৎ ভকতৰ হিচাপ বা উপস্থিতি লোৱা দেখা যায়| বৰপেটা সত্ৰত বিশেষভাৱে উদ্‌যাপিত তিনিওটি কীৰ্তনৰ সময়ত ভকত আৰু ভাগ থকাসকলক তামোল-পানেৰে বলণ দিয়া হয় আৰু এনেদৰে সকলোকে নিমন্ত্ৰণ কৰি আনি সত্ৰৰ কাকতিৰ দায়িত্ব থকা ব্যক্তিগৰাকীয়ে নাম ডাকি ‘ভকত-লেখা’ অনুষ্ঠান সম্পন্ন কৰে| বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, ডেকাসত্ৰীয়া প্ৰমুখ্যে পদাধিকাৰীসকলৰ কেৱল পদৰ উল্লেখ কৰি ডাকা হয়| আনহাতে, কেৱলীয়া হাটী, থূল দক্ষিণ হাটী, থূল নহাটী আৰু থূল উত্তৰহাটীৰ ভকত সকলৰ নাম লৈ যথোচিত সন্মানসহ ডাকা হয়| বৰপেটা কীৰ্তনঘৰৰ গুৰু আসনৰ সম্মুখত অনুষ্ঠিত হোৱা এই ‘ভকত-লেখা’ অনুষ্ঠানৰ ভকত-লেখা ঠাচ এনেধৰণৰ

‘বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বাপ অহা গৈছে?’

‘বাপ আমাৰ অহা হৈছে|’

‘বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া বাপ অহা গৈছে?’

‘বাপ অহা হৈছে|’

এনেদৰে একাদিক্ৰমে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, ডেকাসত্ৰীয়া, ভাগৱতী, পূজাৰী, পাঠক বাপৰ লেখ লোৱাৰ পিছত কেৱলীয়াহাটী, দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ ভকত সকলৰ নাম ডাকি হিচাপ বা লেখ লয়| এই অনুষ্ঠানত বৰপেটা সত্ৰৰ ভকতসকল সমৱেত হৈ সামাজিক বান্ধোনৰ এনাজৰীডাল কটকটীয়া কৰাৰ লগতে সত্ৰৰ দায়িত্ব তথা শক্তিৰ পৰিচয় নিৰুপণ কৰা দেখা যায়| ‘ভকত-লেখা’ কৰ্মসূচী শেষ হোৱাৰ পিছতে প্ৰসংগ কৰা হয়| সেইদিনা নাম ডাকি যুগল আৰু আনদিনাতকৈ এটা অধিক ঘোষা গোৱা দেখা আৰু শুনা যায়| ‘ভকত-লেখা’ অনুষ্ঠানৰ প্ৰাক্‌মুহুৰ্তত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই প্ৰাৰ্থনা জনাই সত্ৰৰ বাপসকল (ভকত) ক কীৰ্তনৰ উদ্দেশ্যে আৰু পালাবোৰ (দায়িত্ব) বুজাই দিয়ে আৰু কীৰ্তন যাতে খতি নহয় তাৰ বাবে নিৰ্দেশ দিয়া দেখা যায়| অৰ্থাৎ ভকত-সত্ৰৰ বিষয়ববীয়াক কীৰ্তনৰ সময়ৰ পালনীয়া কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে|

লেখক-মণ্টুৰাজ দাস

উৎস-দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate