অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকীসকলৰ চাভাংকুট

কুকীসকলৰ চাভাংকুট

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে কৃষিভিত্তিক একোট উৎসৱ পালন কৰা দেখা যায়। জনগোষ্ঠিবোৰৰ এই উৎসৱবোৰ স্থান, পৰিৱেশভেদে বেলেগ বেলেগ হোৱা দেখা যায়। অসমৰ ডিমা হাচাও জিলাত বসবাস কৰা কুকীসকলে কৃষিভিত্তিক উৎসৱ চাভাংকুট বা চাৱাংকুট পালন কৰে। চাভাংকুট উৎসৱ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত সাধৰণতে ১ নবেম্বৰতে পালন কৰা হয়। এই চাভাংকুট উৎসৱ স্বচক্ষে চোৱাৰ হেঁপাহেৰে আমি ৩১ অক্টোবৰত ডিমা হাচাও জিলাৰ হাফলঙত উপস্থিত হৈছিলো আমাৰ স্ংগী হৈছিল বন্ধুবৰ ভাস্কৰ ভূষণ দাস, ভাতৃসম উতপল ৰাভা আৰু তেওঁ পৰিবাৰ লিপিকা বৰগয়াৰী। হাফলঙত উপস্থিত হৈ জানিব পাৰিলো যে এইবেলি চাভাংকুট উৎসৱ মাহুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ নগালেণ্ডৰ সীমাৱৰ্তী নমাজাং গাঁৱত অনুষ্ঠিত হ’ব। ১ নবেম্বৰৰ পুৱাই আমি মাহুৰ অভিমুখে আহি নমজাং গাঁৱলৈ যাত্ৰা কৰিলো। কফি বাগান আৰু পাহাৰীয়া পথেৰে যাত্ৰা কৰি আমি পুৱা ৯ বজাত নমজাং গাঁৱত উপস্থিত হ’লো। নমজাং গাঁৱৰ প্ৰাক্ৰিতিক সৌন্দৰ্য আৰু চাভাংকুট উদ্‌যাপন সমিতিৰ বিষয়ববীয়াসকলৰ আতিথ্যই আমাক মোহিত কৰিছিল। ১১ বজামানত চাভাংকুট উৎসৱ আৰম্ভ হ’ল। গাঁওবাসীয়ে গীৰ্জাৰ প্ৰাৰ্থনা সভাত ভাগ লৈ গীৰ্জাৰ সন্মুখত থকা সমতল ঠাইত নিৰ্দিষ্টকৈ সজাই ৰখা উতৱসৱস্থলীত নিৰ্মিত মঞ্চৰ দুয়োপাশে ঘুৰণীয়াকৈ বহি ল’লে। তাৰ পিছতে কুকী সমাজৰ জেষ্ঠ্যজনক সম্বৰ্দ্ধনা জনোৱা হ’ল। নিৰ্দিষ্ট বক্তাসকলে কুকী ভাষাতে চাভাংকুট উৎসৱ উদ্‌যাপন কৰি পৰম্পৰাগত খাদ্য গ্ৰহণ কৰে। আকৌ সন্ধিয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰুপায়ণ কৰে।

সেয়া আছিল এতিয়াৰ কুকী সমাজে পালন কৰা চাভাংকুট উৎসৱ। কুকীসকলৰ বয়োজেষ্ঠ্য ব্যক্তিসকলৰ মতে, অতীত কালত শৰতৰ কুঁৱলীময় মধুৰ প্ৰাকৃতিক বাতাবৰণ সমাগত হোৱাৰ লগে লগে কুকীসকলে তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ পালন কৰিছিল। য’ত উতসাহ আৰু আনন্দেৰে সকলোৱে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছিল। ডেকা-গাভৰুসকলৰ নৃত্যৰ তালে তালে দাহুপী(ধাতুৰ কাঁহী) আৰু খোং (ঢোল)ৰ সুমধুৰ ধ্বনি-প্ৰতিধ্বনিয়ে আকাশ-বতাহ মুখৰিত কৰি তুলিছিল। প্ৰকৃততে কুকীসকলে যিবোৰ শক্তিক অতি প্ৰাকৃতিক শক্তি হিচাপে গণ্য কৰিছিল, সেই শক্তিবোৰক উপাস্য দেৱতা হিচাপে উপাসনা কৰিছিল। আদিম গ্ৰাম্য পৰিসেশত বসবাস ঋ কৃষিবীজ সিঁচা, মাটি চহোৱা কাম আৰু ঋতুৰ সৈতে তেওঁলোকৰ জীৱন চক্ৰও ঘুৰে বুলি বিশ্বাস কৰিছিল। গোটেই বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত গাঁওবাসীয়ে তেওঁলোকৰ নতুন বছৰৰ কৃষি বীজ আগেয়ে বিশ্ৰামৰ সময়ছোৱাত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাক প্ৰচুৰ পৰিমাণে শস্যৰ ফচল দিবলৈ আশিৰ্বাদ বিচাৰি এই উৎসৱটি পালন কৰিছিল। কুকু সমাজৰ গ্ৰাম্য পুৰোহিতজনে পাগন পৰম্পৰা পালন কৰি উপাস্য দেৱতাস্কলৰ প্ৰতি অপদেৱতা নি:শেষ কৰাৰ বাবে স্বত:স্ফূৰ্তভাৱে অতি আনন্দ-উল্লসৰ মাজেৰে তেওঁলোকৰ আধ্যাত্মিক পৰম্পৰাৰ সৈতে স্ংগতি ৰাখি ভোজ-ভাতৰ আয়োজন কৰিছিল। কুকি সমাজৰ এই চাভাংকুট উৎসৱ মিজোৰামৰ কুকীসকলৰ মাজত চাপচাৰ কুট, নগালেণ্ডৰ কুকীসকলৰ মাজত মিম কুট, অসম আৰু মণিপুৰৰ কুকীসকলৰ মাজত চাভাংকুট হিচাপে পৰিচিত। আধ্যাত্মিক পৰম্পৰাৰে তাহানিৰ কুকী সমাজে পালন কৰা এই চাভাংকুট উৎসৱৰ নিশ্চয় সুকীয়া আমেজ আছিল। সময়ৰ পৰিৱৰ্তন, ধৰ্মান্তকৰণ তথা বিশ্বায়নৰ প্ৰভাৱত কুকীসকলৰ এই চাভাংকুট উতসৱে স্বকীয় বৈশিষ্ট্য হেৰুৱাই পেলোৱা যেন অনুমান হয়।

কুকীসকলৰ নতুন প্ৰজন্মও বৰ্তমানে পালন কৰি থকা এই চাভাংকুট উৎসৱকে মানি চলিবলৈ আৰম্ভ কৰিছে। এনেদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱবোৰ পৰিৱৰ্তনশীল প্ৰক্ৰীয়াৰ মাজেৰে পালন কৰি থকা যাব। য’ত উৎসৱ-পাৰ্বণসমূহৰ স্বকীয় বৈশিষ্টতা লোপ পাই এটা সময়ত কালৰ বুকুত বিলীন হৈ যোৱাৰ সম্ভৱনাও নুই কৰিব নোৱাৰি। সময় থাকোতে বিজ্ঞ সমাজে অসম তথা উত্ত্ৰ-পূৰ্বাঞ্চলৰ এই আপুৰুগীয়া কৃষ্টি-স্ংকৃষ্টিবোৰ নিভাজ ৰুপত কিদৰে ৰাখিব পৰা যায়, তাৰেই চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে।

পবন দত্ত, দৈনিক অসম।

 

শেহতীয়া উন্নীতকৰণ: : 5/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate