অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা প্ৰাচীনতা আৰু অসমত ইয়াৰ স্থিতি

কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা প্ৰাচীনতা আৰু অসমত ইয়াৰ স্থিতি

বিহু উৎসৱ যে মূলত: কৃষি উৎসৱ এইষাৰ কথা আৰু কাকো এতিয়া বুজাই কোৱাৰ প্ৰ য়োজন নাই। আটায়ে জানে ।কিন্তু অসমৰ বিহুৰ যে বিশ্ব্জনীন ৰুপ এটা আছে আৰু ই যে মানৱ সভ্যতাৰ সমান প্ৰাচীন এইবোৰ কথা বৰ বেচি বিচাৰ বিশ্লেষণ হৈছে বুলি মনে নধৰে। আচলতে অসম্ৰ বিহুক বিশ্বৰ ভিন ভিন দেশ্ৰ কৃষি উৎসৱসমূহে সৈতে ৰিজাই অথবা বিশ্বৰ ভিন ভিন দেশৰ কৃষি উৎসৱৰ আধাৰত বিচাৰ কৰি চালেহে অসমৰ বিহু উৎসৱৰ যথাৰ্থ স্বৰুপটো অধিক উজ্জ্ব্ল হৈ উঠে। কাৰণ সুদূৰ প্ৰাচীন কালত পৃথিৱীৰ ভিন্ ভিন্ দেশৰ বসন্ত কালীন কৃষি উৎসৱ নানান লোক-বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিল আৰু পৰৱৰ্তী কালত সভ্যতাৰ বিকাশৰ লগে লগে যুক্তিবাদী বিজ্ঞানে পশ্চমৰ কৃষি উৎসৱবোৰৰ ভিকাচন ভাঙিলে। পশ্চিমৰ কৃষি-উৎসৱ লোক-বিশ্বাস সৰ্বস্ব আছিল বাবেই এনে হ’ল কিন্তু অসমত ক্ৰমশঃ সভ্যতাৰ বিকাশ আৰু বস্তুবাদী বজ্ঞানৰ প্ৰগতি অতি দ্ৰুতভাৱে হৈছে যদিও অসমৰ বিহুৱে নিজস্ব মূল্য হেৰুওৱা নাই; বৰং শিক্ষিত সমাজতহে বিহুৰ উলহ-মালহ ক্ৰমশঃ বৃদ্ধি হোৱা দেখা গৈছে। পূব আৰু পশ্চিমৰ বিহু অবা কৃষি-উৎসৱৰ এই পাৰ্থক্যটো কিয় স্পষ্ট হৈ উঠিল, এইবোৰ কথা গভীৰভাৱে অধ্যয়ন কৰাৰ সাৰুৱা থলী এখন এতিয়াও পৰি আছে।

সি যি নহওক, কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা আৰু প্ৰাচীনতাৰ সামান্য আভাস দি অসমৰ বিহুৰ স্বৰুপটোৰ বিষয়ে কিছু চিন্তা কৰা যাওক।

অসমৰ বিহুক অসমীয়া সংস্কৃতিৰ বাপতি সাহোন বুলি কোৱা হয় আৰু এই বিহুৱে অস মৰ বিভিন্ন জনগোষ্টীৰ মাজত সম্প্ৰীতিৰ এনাজৰী এডালৰ কামো কৰি আহিছে। প্ৰাচীন কালত অসমত কৃষিকৰ্মৰ আৰম্ভণিতে কৃষিৰ উন্নতিৰ উদ্দেশ্যেৰেই এই উৎসৱ পতা হৈছিল যদিও যুগ পৰিৱৰ্তনৰ লগে লগে অসমৰ একালৰ কৃষি-উৎসৱ বিহুৱে কালক্ৰমত ৰুপ সলনি কৰিলে। কিন্তু পাশ্চাত্য দেশমুহত প্ৰাচীন কালৰ কৃষি-উৎসৱে ৰুপ সলাই জাতীয় স্ংস্কৃতিৰ মৰ্য্যাদা আহৰণ কৰাত ব্যৰ্থ হ’ল। বৰ্ং নতুন সভ্যতাৰ নতুন পোহৰত পাশ্বাত্যৰ কৃষি উৎসৱ অন্ধবিশ্বাস সৰ্বস্ব বুলি বিবেচিত হ’ল আৰু কাল ক্ৰমত নি:শেষপ্ৰায় হৈহে আহিল। পূব্ৰ দেশ অসমত আৰু পশ্বিমৰ দেশসমুহত কৃষি উৎসৱ বিহুৱে এনে বিপৰীত মুখী ৰুপ লোৱাৰ বিশেষ কিছুমান কাৰণ আছে। এতিয়া সেই কাৰণসমুহ বিচাৰ কৰা যাওক।

অসমৰ কৃষি-উৎসৱ বিহুৰ যে বিশ্বজনীন ভিত্তি আছে আৰু এই উৎসৱৰ প্ৰাচীনতা যে মানৱ সভ্যতাৰ সমান প্ৰচীন, এইষাৰ কথা বিভিন্ন তথ্যৰ পৰা জানিব পৰা যায়।

প্ৰাচীন কালত অৰ্থাৎ যিখিনি সময়ত মানৱ সভ্যতা সঠীক ৰুপত গঢ় লৈ উঠা নাছীল; কিন্তু সমাজে খেতি কৰিবলৈ শিকিছিল, সেই সময়ত কৃষিকৰ্মক কেন্দ্ৰ কৰি সমাজ ভেদে ভিন ভিন লোক বিশ্বাস গঢ়ি উঠিছিল। বহু সময়ত কিছুমান দেশৰ জনসমাজ বিশেষে এনে কিছুমান লোক-বিশ্বাস আছিল যে, সেইবোৰ লোক-বিশ্বাস পোষণ কৰা সমাজবোৰ নিঃসন্দেহে বৰ্বৰ সমাজ আছিল।ক’বই লাগিব যে,তেওঁলোকৰ সমাজ আছিল, কিন্তু সভ্যতা নাছিল।এনে বৰ্বৰ সমাজৰ গোটাদিয়েক নিদৰ্শনলৈ সেইবোৰ আঙুলিয়ালেই এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন হয়। খৃষ্টপূৰ্ব কালৰো বহু আগত পশ্চিম আফ্ৰিকাৰ মানুহে যেতিয়া প্ৰথম কৃষি কৰিবলৈ আৰম্ভ কৰিছিল; সেই প্ৰথম স্তৰতে তাৰ সমাজে বছৰৰ কৃৰ্ষিকৰ্ম আৰম্ভ কৰোঁতে একোটা সামাজিক নিয়ম পালন ক ৰি লৈছিল। তেওঁলোকৰ মনত বিশ্বাস গঢ় লৈ উঠিছিল যে, কৃষিকৰ্ম ৰ আৰম্ভ ণিত একোটা অনুষ্ঠানৰদ্বাৰা কৃষিৰ অধিষ্ঠাতা অথবা অধিষ্ঠাত্ৰীক সন্তষ্ঠ কৰি ল’লে কৃষিকৰ্ম নদন-বদন হয়। এনে ধৰণৰ অন্ধবিশ্বাসৰ বশবৰ্তী হৈয়ে সুদূৰ প্ৰাচীন কালত পশ্চিম আফ্ৰিকাত খেতিৰ আৰম্ভতে সমাজৰ সিদ্ধান্ত অনুসৰি এহাল পুৰুষ-তিৰোতাক নিৰ্বাচন কৰে আৰু নিদ্বাৰিত দিনত শস্যক্ষেত্ৰত সকলোটি সমবেত হৈ নীতি-নিয়মেৰে সেই পুৰুষ-তিৰোতাহালক কৃষিৰ অধিষ্ঠাতালৈ উছৰ্গা কৰা হয়। উছৰ্গা কৰাৰ পিছত পুৰুষ তিৰোতাহালক শস্যক্ষেত্ৰতে হত্যা কৰি মাটিত পুতি থোৱা হয়। তেওঁলোকৰ বিশ্বাস, এনে কৰিলে শস্য নদন-বদন হয়। ঠিক সেইদৰে সুদূৰ প্ৰাচীন কালত অৰ্থাৎ সভ্যতা গঢ় লৈ উঠাৰ আগৰ কালছোৱাত গিনিৰ সমাজত কৃষি আৰম্ভৰ সময়ত সামাজিক ভাৱে এগৰাকী যুৱতীক শূলত দি হত্যা কৰাৰ সামাজিক নিয়ম প্ৰচলিত আছিল। আনকি সভ্যতাৰ পোহৰ নপৰা পশ্চিমৰ একোখন প্ৰাচীন সমাজত খেতিৰ আৰম্ভণিত সমাজৰ আটাইতকৈ সুন্দৰী যুৱতী এগৰাকীক শস্য পথাৰ লৈ নি কাঁড় মাৰি হত্যা কৰা হয় আৰু যুৱতীগৰাকীৰ দেহৰ তেজ আৰু মাংস শস্য পথাৰ ত চটিয়াই দিয়া হয়। অতি প্ৰাচীন কালত উত্তৰ আমেৰিকাৰ সমাজ বিশেষতো বসন্ত কাল অহাৰ লগে লগে কৃষি আৰম্ভ কৰিছিল আৰু কৃষিৰ আম্ভণিত পূজা প্ৰধান একোটা অনুষ্ঠান আয়োজন কৰা হৈছিল। সভ্যতাৰ প্ৰাকস্তৰত জাৰ্মানত নৰ্থাছ, ৰোমত চিবীচ, গ্ৰীচত ৰহীঅ’ নামৰ কৃষি অধিষ্ঠাতা দেৱতাক পূজা কৰা হৈছিল। ঠিক তেনেদৰে মধ্য ইউৰোপৰ সমাজতো কৃষিৰ আৰম্ভণিত বিশেষ এবিধ গছৰ পাত, কণী আৰু চাউল নৈবেদ্য স্বৰুপ আগবঢ়াই পৃথিৱীক সন্তুষ্ট কৰিব লৈ পূজা-অৰ্চনা কৰিছিল। ইউৰোপৰ সমাজ বিশেষত “মেট্ৰি” নামৰ অনুষ্ঠান এটা সমাপন কৰিহে কৃষি আৰম্ভ কৰিছিল। পৃথিৱীৰ অন্যান্য দেশৰ দৰেই থাইলেণ্ড, কম্বোডিয়া, ব্ৰ্ক্ষদেশৰ সমাজত ‘মজমজান’ নামৰ অনুষ্ঠান এটাৰে কৃষি আৰম্ভ কৰিছিল।

পৃথিৱীৰ পশ্চিমৰ দেশ সমূহত প্ৰাচীন কালত কৃষিকৰ্মৰ আৰম্ভণিত নানান প্ৰকাৰ পূজা-পাতাল অনুষ্ঠিত কৰাৰ দৰে প্ৰাচীন ভাৰতীয় সমাজতো বসন্ত কালত আৰম্ভ কৰা কৃষিৰ সময়ত বিবিধ পূজা-পাতাল কৰাৰ তথ্য পোৱা যায়। আকাশক পিতৃ আৰু পৃথিৱীক মাতৃৰূপে কল্পনা কৰা হৈছিল। আৰু এই যে বসন্ত কালত মেঘগৰ্জন হয়, সেই মেঘ গৰ্জনক আকাশ দেৱতাৰ সংগ্ৰাম প্ৰয়াসী মনৰ পৰিচায়ক বুলি ব্যাখ্যা দিয়া হৈছিল। বসন্ত কালত মেঘ গৰ্জনৰ পিছত যি বৰষুণ হয়; সেই বৰষুণৰ ফলত পৃথিৱীক বিশেষ স্তোত্ৰৰে পূজা-উপাসনা কৰা হৈছিল। অথৰ্ব বেদৰ   পৰৱৰ্তী হৈয়ে বৈদিক যুগত বসন্তকালত পৃথিৱীক বিশেষ স্তোত্ৰৰে পূজা-উপাসনা কৰা হৈছিল। অথৰ্ব বেদৰ ভূমি সূক্ততো বসন্ত কালত পৃথিৱী অৰ্চনাৰ কথা আছে। সেইদৰে বেদৰ পৰৱৰ্তী কালৰ ৰচনা ঐতৰেয় ব্ৰাহ্মণত উল্লেখ আছে যে, বসন্ত কালত বিশেষ কৈ দিন-ৰাতি সমান হোৱাৰ দিনা “বিষুৱন্ত” নাম ৰ পূজা-প্ৰ্ধান অনুষ্ঠান এটা পতা হৈছিল। মনকৰিব লগীয়া যে, এই বিষুৱন্ত অনুষ্ঠানত যি পূজা-অৰ্চনা কৰা হৈছিল; সেই পূজা-অৰ্চনা কিন্তূ পৃথিৱীৰ সন্তুষ্টিৰ বাবে কৰা নাছিল। এই পূজা-অৰ্চনা কৰা হৈছিল সূৰ্য্য দেৱতাৰ সন্তুষ্টিৰ বাবেহে।

কৃষিভিত্তিক এনে ধৰণৰ বিশ্বাস বোৰেই পৰৱৰ্তী পুৰাণৰ যুগত আৰু অলপ পৃথক ৰুপ লোৱা দেখা গ’ল। পুৰাণৰ যুগত গঢ় লৈ উঠা কৃষি কেন্দ্ৰিক বিশ্বাসৰ পৰাই “হোলী” উৎসৱৰ জন্ম হৈছিল আৰু বসন্ত ঋতুত পালন কৰা এই হোলী উৎসৱ পৰৱৰ্তী কালত ৰং-তামাচাৰ উৎস ৱলৈ ৰূপান্তৰ হৈছিল। হোলী শব্দটো হল কাশব্দৰ পৰা অহা বুলি কোনো কোনোৱে মত প্ৰ্কাশকৰে। ‘হলকা’ শব্দৰ অৰ্থ শস্য। মনকৰিব লগীয়া যে, হোলী উৎসৱৰ কেন্দ্ৰ বিন্দু আছিল কৃষ্ণ। এই কৃষ্ণ গো-পালক। গৰু আৰু কৃষিৰ সম্পৰ্ক এৰাব নোৱৰা।

সি যি নহওক, বৈদিক যুগৰপৰা ভাৰতত বসন্ত ঋতুত কৃষি বিশ্বাস ভিত্তিক উৎসৱ পতা হৈ আহিছে আৰু সাম্প্ৰতিকেও ভাৰতৰ সৰ্বত্ৰ এই উৎসৱ পালন কৰা হয়। পাৰ্থক্য ইমানেই যে, স্থান বিশেষে বসন্তকালীন এই উৎস ৱৰং আৰু ৰূপ একে নহয়। উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ ভিন ভিন ঠাইৰ সমাজ ভেদে বসন্তকালীন এই উৎসৱৰ আচাৰ-ৰীতি পৃথক। আনহাতে, সময়ৰ লগে লগে শস্য বৃধিৰ উদ্দেশ্যে সূৰ্য্য অথবা পৃথিৱীক পূজা কৰাৰ পৰিৱৰ্তে আনন্দ-উৎসৱলৈ ৰূপান্তৰ হৈ আহিছে। কৃষি উৎসৱে যে সময়ৰ লগে লগে ৰূপ সলাই আহিছে, তাৰ প্ৰমাণ পোৱা যায় ঢোলৰ ব্যৱহাৰৰ ক্ষেত্ৰ। প্ৰাচীন কালত কৃষিজীৱী সমাজৰ বিশ্বাস আছিল যে, বসন্ত কালত ঢোলৰ মাতে বৰষুণ আনে। সেইবাবে তাহানিকালৰ প্ৰশান্ত সাগৰীয় দ্বীপপুঞ্জ আৰু দক্ষিণ আমেৰিকাৰ সমাজে বসন্ত কালৰ খেতিৰ সময়ত শস্য পথাৰত ঢোল বজাইছিল। সেইদৰে, উত্তৰ আমেৰিকা, চীন,জাপান আদি দেশৰ কৃষিজীৱী সমাজে একালত ঢোলৰ ভিতৰত শস্যৰ গুটি ভৰাই শস্য পথাৰত ঢোল বজাইছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে, এনে কৰিলে শস্য নদন-বদন হয়। দেশ আৰু জাতিভেদে বিশ্বাসবোৰ বেলেগ আছিল বাবে তাহানি কালৰ আমেৰিকাৰ কৃষিজীৱী স মাজে ঢোলত ৰামধেনু আৰু ডাৱৰ আঁকি লৈছিল। মেক্সিকোত আক’ ঢোলত ৰঙা কাপোৰ মেজিয়াই লৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে, ৰঙা ৰ্ং সৃষ্টিৰ প্ৰতীক আৰু সেয়ে ঢোলত ৰঙা ৰঙৰ কাপোৰ মেৰিয়াই পথাৰত ঢোল বজালে শস্য পথাৰ সৃষ্টিসম্ভৱা হয়।

ঢোলৰ ব্যৱহাৰ প্ৰ্চীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ সকলো দেশতে প্ৰ্চলন হৈ আহিছে। অথৰ্ব বেদ, নাট্যশাস্ত্ৰ আদিৰ পৰা জানিব পৰা যায় যে প্ৰ্চীন ভাৰতীয় সমাজত ঢোলৰ ব্যৱহাৰ কৰা হৈছিল।

সি যি নহওক, ইতিপূৰ্বে কৈ অহা কথাখিনিৰ পৰা এইটো স্পষ্ট হৈ পৰিল যে, সুদূৰ প্ৰাচীন কালতে পৃথিৱীৰ ভিন ভিন দেশৰ জন সমাজে কৃষি কৰিব লৈ আৰম্ভ কৰাৰ লগে লগে কৃষিকৰ্মক কেন্দ্ৰ কৰি কিছুমান লোক-বিশ্বাস গঢ় লৈ উঠিছিল। সেই সময়ত জন সমাজ বৌদ্বীক চিন্তা-চৰ্চাৰ দিশত আগ বঢ়া নাছিল বাবে প্ৰ্কৃতিৰ অসীম শক্তিক দেৱতা অথ বা দেবীৰূপ ত গ্ৰ্হণ কৰিছিল আৰু পৃথিৱীখনকো পৰমৰ হস্যময় ৰূপতে গ্ৰ্হণ কৰিছিল। এনেবোৰ কাৰণতে প্ৰাচীন কালত কৃষিকেন্দ্ৰিক বিভিন্ন লোক-বিশ্বাসৰ সৃষ্টি হৈছিল।

কৃষিক কেন্দ্ৰ কৰি প্ৰাচীন কালতো অসমতো অনেক লোক-বিশ্বাস গঢ় লৈ উঠিছিল। কিন্তু পশ্চিমৰ দেশবোৰৰ দৰে জঘন্য লোক-বিশ্বাস গঢ় লৈ উঠিছিল। কিন্তু পশ্চিমৰ দেশ বোৰৰ দৰে জঘন্য লোক-বিশ্বাস ৰ প্ৰমাণ অসমত পোৱা নাযায়। প্ৰাচীন কালত বিভিন্ন অন্ধ বিশ্বাসজনিত কেতবোৰ লোক-বিশ্বাস যে কৃষিক কেন্দ্ৰ কৰি জনস মাজত চলিছিল; সেইষাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। সষ্ট্ৰিক সকলৰ প্ৰভাৱত বসন্ত কালত কৃষিৰ আৰম্ভণিত কণী ভাঙি শস্য পথাৰত চটিয়াই দিয়া, আৰ্য্যস কলৰ গো-পূজাৰ প্ৰভাৱত খেতিৰ আৰম্ভণিৰ আনুষ্ঠানিক উৎসৱত গৰুক পৱিত্ৰ জ্ঞান কৰি পূজা কৰা আদি কিছুমান লোক-বিশ্বাস বিহুক কেন্দ্ৰ কৰি চলিছিল। কিন্তু আহোম স্বৰ্গ দেউসকলৰ নৃত্য-গীতে উজনি অসমত বসন্ত উৎসৱৰ ৰূপ সলনি কৰিলে। পৰম্পৰাগত নৃত্য-গীত প্ৰধান উৎসৱলৈ ৰুপান্তৰ হ’ল। কিন্তু নামনি অসমত আহোম শাসন তন্ত্ৰৰ প্ৰভাৱ গভীৰ আৰু বিস্তৃত্ভাৱে নহ’ল বাবে নামনি অসমত বৈদিক পূজা প্ৰধান অনুষ্ঠান ৰুপেহে এতিয়ালৈকে চলি আছে।

আহোম স্বৰ্গ দেউসকলৰ দিনত পথাৰৰ নৃত্য-গীতে ৰাজকীয় সমাদৰ তথা স্বীকৃতি লাভ কৰাৰ ফলত বসন্ত কালীন নৃত্য-গীতে সামাজিক স্বীকৃতি আৰু মৰ্য্যাদা লাভ কৰিলে। উৎকট যৌন প্ৰধান নৃত্য-গীতক জনসাধাৰণে অশ্লীল বুলি গণ্য নকৰা হ’ল। কৃষিৰ উন্নতিত নৃত্য-গীতে সহায় কৰে বুলি ভবা বাবেই পুৰণি কালত পথাৰত নৃত্য-গীত-বাদ্য পৰিৱেশ নকৰা হৈছিল। নৃত্য-গীত প্ৰধান এই অনুষ্ঠান পতা হৈছিল বসন্ত কালত অৰ্থাৎ কৃষিকৰ্ম আৰম্ভ কৰাৰ সময়ত। এই নৃত্য-গীত-বাদ্য পৰিৱেশ নকৰিলে পৃথিৱী সৃষ্টি সম্ভৱা হয়, শস্য নদন বদন হয়, এনে বিশ্বাস ৰ আধাৰতে খেতিৰ আৰম্ভণিত বসন্তকালত পথাৰত নৃত্য-গীত-বাদ্য বাদ্য পৰিৱেশ্ন কৰা হৈছিল।এই কাৰ্য্যৰ মূলত আছিল সৃষ্টিৰ কথা। গতিকে এই সৃষ্টিৰ সৈতে যৌৱনৰ উন্মাদনাও জড়িত হৈ থকাটো স্বাভাৱিক। য’ত সৃষ্টি আৰু যৌৱনৰ উন্মাদনা জড়িত হৈ থাকে, তাৰ নৃত্য-গীতত যৌৱনৰ উত্তাল মাদক তাৰ কথা থাকিবই। সেইবাবে আহোম স্বৰ্গ দেউসকলে উপভোগ কৰিব লৈ লোৱাৰ আগলৈকে পথাৰৰ নৃত্য-গীত আছিল উদ্দাম যৌৱনৰ প্ৰাণোচ্ছ্লতাৰে উপচি পৰা। কিন্ত ৰজা, ডা-ডাৰীয়া আৰু জনতাৰ সন্মুখত শিৱসাগৰ ৰ ৰ্ংঘৰ বাকৰিত পথাৰৰ নৃত্য-গীত যেতিয়া প্ৰ্দৰ্শ্ নকৰিব লগা হ’ল, তেতিয়া এই নৃত্য-গীত ৰ পৰা যৌৱন সুলভ কামোদ্মাদনা বহু পৰিমাণে নিয়ন্ত্ৰিত হ’ব লৈ বাধ্য হ’ল। ইয়াৰ পিছত ক্ৰমশঃ ডা-ডাঙৰীয়াৰ ঘৰ আৰু জন সাধাৰণৰ চোতাল লৈ যেতিয়া সম্প্ৰ্সাৰিত হ’ল, তেতিয়া কৃষি উৎস ৱজনীত নৃত্য-গীতত তোধিক পৰিমাৰ্জিত হ’ব লৈ ধৰিলে। এনে বিৱৰ্তনৰ ফলত বসন্ত ঋতুকালীন নৃত্য-গীত প্ৰধান এই অনুষ্ঠান বিহুৰূপে গণ্য হ’ল আৰু এই বিহুৰে নৃত্য-গীত ৰ দিশটো হুঁচৰিৰূপে বিশেষভাৱে চিহ্নিত হ’ব লৈ ধৰিলে।

চ’ত-বহাগৰ স্ংক্ৰান্তিৰ দিনা উদযাপন কৰা বিহু ৰ্ং-ৰহ ইচৰ সৈতে জড়িত হৈ পৰাৰ বাবেই বিহু শব্দৰ আগত ৰঙালী বিশেষণটো ও প্ৰয়োগ হ’ব লৈ ধৰিলে আৰু এই অনুষ্ঠান সপ্তাহ জোৰাকৈ চলিব লৈ ধৰিলে। পিছ লৈ ৰঙালী বিহু বুলিলেই উজনি অসমত হুঁচৰিৰ ধাৰণাটোহে মনলৈ অহা হ’ল।

সামাজিক বিশ্বাস, নিয়ম-কানুন, আচাৰ-অনুষ্ঠান বোৰ যুগ পৰিৱৰ্তনৰ লগে লগে সলনি হয়। আহোম স্বৰ্গ দেউসকলে আদৰি লোৱাৰ পিছত জনসমাজৰ ঘৰে ঘৰে কেৱল পুৰুষস কলেহে ঢোল,তাল,পেপা লৈ হুচৰি গাইছিল। কিন্তু ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ ফলত চুবুৰীয়া মধ্যবিত্ত শিক্ষিতসকলে অসম লৈ অহাত সেইসকলৰ যাত্ৰাৰ্পাৰ্টিৰ প্ৰভাৱত বিংশ শতিকাৰ প্ৰ্থমাৰ্দ্ধত ৰঙালী বিহুৰ হুঁচৰিত ল’ৰাক ছোৱালীৰ বেশত সজাই নাচনীৰূপে গ্ৰ্হণ কৰাৰ ব্যবস্থাও হ’ল। আনকি যাত্ৰাপাৰ্টিক ল’ৰাক ছোৱালী সজাই ন চাওতে নাচনীয়ে ৰঙীণ ৰুমাল হাতৰ কেঞা আঙুলিত বান্ধি লৈছিল। কিন্তু স্বাধীনতা লাভৰ পিছৰ পৰা ক্ৰমশঃ হুঁচৰিৰ ব্যৱস্থাও ক্ষীণ হৈ আহিলৈ ধৰিলে আৰু ক্ৰমশ: হুঁচৰিৰ ব্যৱস্থাও ক্ষীণ হৈ আহিব লৈ ধৰিলে। স্বাধীনতা লাভৰ পিছৰ পৰা দেশৰ ৰাজনীতিক সকলৰ অযোগ্যতা আৰু ভ্ৰষ্টাচাৰিতাৰ ৱাবে কৃষক ৰাইজৰ অৰ্থনৈতিক স্বচ্ছ্লতা নাইকিয়া হ’ল আৰু ইয়াৰ ফলত দীৰ্ঘদিনীয়া ৰঙালী বিহুৰ মাদকতাও নোহোৱা হৈ পৰিল।

সম্প্ৰ্তি ৰঙালী বিহুৰ ৰ্ং-ৰূপ আৰু অধিক সলনি হোৱা দেখা গৈছে। গাঁৱৰ কৃষক সকলৰ মাজত নিয়ম স্বৰূপে গৰু গা-ধোওৱা, আৰ্থিক ভাৱে জোৰা মৰিলে দুই এখন পিঠা-পনা কৰা আদি কাৰ্য্যবোৰ চলি আছে। আনহাতে, ব্যৱসায় আৰু চাক ৰিজীৱী নগৰীয়া সমাজত জোৰ কৰি বিহুৰ মাদকতা উপভোগ কৰাৰ প্ৰ্ৱণতা এটাই সৰ্বগ্ৰাহী ৰুপ লোৱা দেখা গৈছে। ৰঙালী বিহুৰ আচল ৰুপ, আচল মাদকতা সম্ভৱ অৰ্থনৈতিক ভাৱে স্বচ্ছ্ল কৃষক সমাজত হে;কৃষিকৰ যন্ত্ৰ্ণামধুৰ মাদকতা উপলব্ধি কৰিব নোৱৰা নগৰীয়া সমাজে ৰঙালী বিহুৰ আচল মাদকতা উপলব্ধি কৰা সম্ভৱ নহয়। সেইবাবে নগৰৰ চুবুৰীয়ে চুবুৰীয়ে বিহু সন্মিলন পাতিলেও চহৰীয়া মানুহৰ মনত ৰঙালী বিহুৰ উন্মাদনা অনুভৱ হ’ব ক’ৰ পৰা? একুৰিয়ামত জীয়াই থোৱা মাছ জীয়াই থাকে; বংশ বৃদ্ধি নহয়। বৃদ্ধিৰ বাবে স্বাভাৱিকতা লাগে। সন্মিলন মুখী বিহুৰো একে অৱস্থাই। তথাপি এই বিহু সন্মিলন বোৰেই এতিয়া বিহুৰ ঐতিহ্য ৰক্ষা কৰিব লাগিব। নহ’লে উপায়ো নাই। কাৰণ এতিয়া আৰু তাহানিৰ ৰামো নাই, অযোধ্যাও নাই। এনে পৰিস্থিতিত বিহু সন্মিলনবোৰ হ’ব লাগিব সুপৰিকল্পিত আৰু পৰিমাৰ্জিত। বিহু সন্মিলন বোৰে ৰঙালী বিহুৰ প্ৰ্কৃত সামাজিক আৰু সাংস্কৃতিক মৰ্য্যাদা যাতে ৰক্ষা কৰিব পাৰে এই দিশত সতৰ্ক দৃষ্টি ৰাখিব লাগিব। এই ক্ষেত্ৰত মনত ৰাখিব লাগিব যে, এই লেখাৰ প্ৰথম ছোৱাত পৃথিৱীৰ ভিন ভিন দেশ ৰ কৃষিভিত্তিক যিবোৰ লোক-বিশ্বাস আৰু লোক-বিশ্বাসজনিত যদিও অস মত প্ৰাচীন কালৰ কৃষি উৎবৱ কাল ক্ৰমত বিহুৰূপে জাতীয় উৎসৱলৈ উন্নতিহে হ’ল। ইয়াৰ কাৰণ টো হ’ল অসমৰ কৃষি উৎসৱে অন্ধ বিশ্বাসৰ পৰিৱৰ্তে নৃত্য-গীত প্ৰধান সাংস্কৃতিক মৰ্য্যাদা তথা প্ৰমূল্যৰ ওপৰত দিয়া গুৰুত্ব। সেইবাবেই বিহু অসমৰ জাতীয় উৎসৱ হ’ল, জাতিৰ বাপ তি সাহোন হ’ল। এতিয়া আমি আটায়ে সচেতন হ’ব লাগিব, বিহুৱে ন ন যুগ ৰ ন ন পথ অতিক্ৰম কৰোঁতে যাতে সাংস্কৃতিক মূল্যবোধ হেৰুৱাই দুস্কৃতিৰ ৰূপ নলয়। এইবোৰ কথাত সচতেন নহ’লে বিহু সংস্কৃতি নহৈ দুষ্কৃতি হ’ব, বিহু নহৈ জাতিৰ বিহ হ’বও পাৰে। সচেতন তাইহে সুস্থ সংস্কৃতিৰ গতি নিৰ্ণয় কৰে।

ড° প্ৰ্হ্লাদ কুমাৰ বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate