আহোম যুগত চটীয়া, লঠিয়া আৰু ইটাৰে যিবোৰ মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল সেইবোৰত বজ্ৰলেপ দিয়াৰ প্ৰয়োজন হৈছিল। বজ্ৰলেপক অসমীয়াত কোৱা হয় কৰাল। আহোম যুগৰ চাংৰুং ফুকনসকলে থলুৱা সামগ্ৰীৰে কৰাল তৈয়াৰ কৰি তাক মঠ-মন্দিৰ, শিলসাঁকো আৰু মৈদামত ব্যৱহাৰ কৰিছিল। এক নিৰ্দ্দিষ্ট অনুপাতত গুড়, চূণ, তেল, ধূনা, বৰালি মাছ, মাটিমাহ আৰু শন মিহলাই তৈয়াৰ কৰা হৈছিল কৰাল। কোনো ক্ষেত্ৰত উপৰ্যুক্ত সামগ্ৰীসমূহৰ উপৰি গাখীৰ, বৰা চাউল আৰু হাঁহকণীৰো মিশ্ৰণ দিয়া হৈছিল। দেৰগাঁৱৰ দ’ল নিৰ্মাণ কৰা কালত কি কি সামগ্ৰী কি পৰিমাণে মিশ্ৰণ ঘটাইছিল তাক চাংৰুং ফুকনৰ বুৰঞ্জীত লিপিবদ্ধ কৰা হৈছে এনেদৰে ‘আতে লাগিছে লঠিয়া শিল ৫০৪৭০ টা, ইটা ১০৫৫০২০ খন, গুড় ১৪৯০ কলহ, মাহ ২১৪ পুৰা, শন ৩০ ভাংগ, তেল ৪৪ কলহ, মাছ ৪৫ ভাংগ, চূণ গুড়ি ৪৫২০ ঢোল, চক চূণ ৩৬৩০ কলহ’। উপৰ্যুক্ত বুৰঞ্জীখনত গড়গাঁৱৰ কুঁজীঘৰৰ কৰালৰ হিচাপটো দিছে এনেদৰে – ‘আতে গুড় ৩৭২০ কলহ, মাহ ৫২৮ ঢোল, শন ৫২৮ ঢোল, শামুকৰ গুড়ি ৭০০০০ ঢোল, বৰালি মাছ ৬০ ভাংগ, তেল ৩০ কলহ, চকা চূণ ৮০৮৪ কলহ, শিল-চূণগুৰি ৬১০০ ঢোল’। ভুৱন চন্দ্ৰ সন্দিকৈদেৱে উল্লেখ কৰিছে যে ডবা, ঢোল, খোল, মৃদংগ প্ৰভৃতি চোৱা কামত কৰ্কৰা ভাত আৰু লোৱৰ কৰাই বা গুৰিৰে প্ৰস্তুত কৰা কৰাল ব্যৱহৃত হৈছিল। বিভিন্ন ধাতুৰ গুৰি, জন্তুৰ চৰ্বি, উদ্ভিদ আৰু পোক-পৰুৱাৰ লাদৰ পৰাও মধ্যযুগীয় কৰাল প্ৰস্তুত কৰাটো উল্লেখযোগ্য।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/24/2020
উইণ্ড’জ অন এ আৰ এম প্ৰচেছৰ নিৰ্মাণ
অকলশৰীয়া মাতৃৰ দায়িত্ব
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
পিঁয়াজৰ বিষয়ে