অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খনিকৰ

খনিকৰ

হেমচন্দ্ৰ বৰুৱাই খনিকৰ শব্দৰ অৰ্থ দিছে এনেদৰে– ‘(সং খন্‌(খান) খোল+কৰ্‌, কৰোঁতা) শিল বা কাঠ কাটি আৰু খুলি মূৰ্তি কৰোঁতা; এতেকে মাটিৰ মূৰ্তি সাঁজোতা, চিত্ৰকৰ’। মূৰ্তি নিৰ্মাতা বা চিত্ৰকৰৰ উপৰি ভাওনাত বৰণৰ কাম কৰা ব্যক্তিসকলকো খনিকৰ ৰূপে জনা যায়। অসমীয়া ভাওনাত খনিকৰৰ স্থান বিশিষ্ট। তেওঁ বিভিন্ন কৰ্ম সম্পাদন কৰিব লাগে, যেনে–

  • ভাওৰীয়াক ৰং-বৰণৰ কাম কৰা,
  • ভাওৰীয়াৰ বাবে কিৰীটি, চোঁ মুখা, পাগ প্ৰভৃতি সাজি দিয়া,
  • পোছাক-পৰিচ্ছদৰ ব্যৱস্থা কৰা,
  • সুত্ৰধাৰৰ নিৰ্দেশ মতে ভাওৰীয়াসকলক পোছাক-পৰিচ্ছদ পিন্ধাৰ নিৰ্দেশ দিয়া,
  • পুথি নকল কৰা,
  • পুথি চিত্ৰিত কৰা,
  • সিংহাসন সজা,
  • নামঘৰৰ চটি-চৌকাঠ আদিত চিত্ৰ কাটি তাক বিভিন্ন ৰঙেৰে বোলোৱা,
  • কাঠৰ মূৰ্তি কটা,
  • সত্ৰৰ বৰ নাও চিত্ৰিত কৰা প্ৰভৃতি।

যদিও গুৰুজনাই বেশকাৰ (বেশকাৰে আসি পিন্ধাই বস্ত্ৰক), মালাকৰ– (কীৰ্তন, ১১৩২) আদিৰ উল্লেখ কৰিছে, যদিও ছবি আঁকোতাজনক চিত্ৰকৰ নাইবা সিংহাসন নিৰ্মাণ কৰা জনক বাঢ়ৈ বুলি সুকীয়াকৈ জনা যায়, তথাপি সামগ্ৰিক ভাৱে এই সমস্ত কৰ্ম খনিকৰৰ দ্বাৰাই সু-সম্পাদিত হয়। খনিকৰজন বহু বিদ্যা আৰু কলাত কুশলী লোক। তেওঁলোকে নাট্য শাস্ত্ৰতো পাৰদৰ্শী হোৱা প্ৰয়োজন। কোন চৰিত্ৰৰ মুখৰ ৰং কেনেকুৱা, কোন চৰিত্ৰই কেনে পোছাক পিন্ধা প্ৰয়োজন, সেইবোৰ খনিকৰজনৰ নখদৰ্পণত থাকে। অসমত এই বিদ্যা পুত্ৰ-পৌত্ৰাদি ক্ৰমে চলি আহিছিল। এটা কালত ই খনিকৰ উপাধিলৈ ৰূপান্তৰিত হয়। হয়তো এই বিদ্যাই জয়জয়তে সত্ৰৰ চাৰিবেৰৰ মাজত জন্মগ্ৰহণ কৰি পিছলৈ অসমীয়া সমাজৰ ভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হয়। মহাপুৰুষ শংকৰদেৱ আছিল খনিকৰী বিদ্যাৰ অপ্ৰতিদ্বন্দী নায়ক। তেৰাৰ বংশ-পৰম্পৰা ৰক্ষা কৰি চামুগুৰি সত্ৰই খনিকৰী বিদ্যাৰ ধাৰাটো অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। পুৰণি অসমত হিন্দুৰ উপৰি মুছলমান খনিকৰো আছিল। স্বৰ্গদেৱ ৰুদ্ৰসিংহই ভাটি দেশৰপৰা যি আঠঘৰ মুছলমান আনিছিল, তাৰে এঘৰ আছিল খনিকৰ। শিল-কাঠৰ মূৰ্তি কটাৰ লগতে খনিকৰে যে ছবি অঁকা কামতো আত্মনিয়োগ কৰিব লাগিছিল, তাৰ সুন্দৰ নিদৰ্শন হ’ল– হস্তীবিদ্যাৰ্ণৱৰ দুই খনিকৰ দিলবৰ আৰু দোচাই। দিলবৰ নি:সন্দেহে ইছলাম ধৰ্মাৱলম্বী লোক। আহোম ৰাজত্বৰ কালত কোনো খনিকৰ পৰিয়ালক ৰজাঘৰে পোহপাল দিয়াৰ সাক্ষ্য বুৰঞ্জীত পোৱা যায়। আগৰ গাঁওবোৰত ৰং-বৰণৰ কাম কৰা ভালেমান খনিকৰ আছিল। ভ্যাল খনিকৰক ইখন গাঁৱৰপৰা আনখন গাঁৱলৈ নিমন্ত্ৰণো কৰি নিয়া হৈছিল। বহু খনিকৰে অভিনেতাক ৰং ঘঁহি দিয়াৰ পিছত নিজেও বহুৱাৰ বেশত মঞ্চত প্ৰৱেশ কৰি দৰ্শকক আনন্দ দিছিল। দেৱ-দেৱীৰ মূৰ্তি সজা খনিকৰসকলৰ সাধাৰণ বিদ্যা বেছি নাথাকিলেও দেৱ-দেৱী বিষয়ক মন্ত্ৰবোৰ কণ্ঠস্থ আছিল আৰু তাৰ আলমতে লেখনী বুলাবলৈ সমৰ্থ হৈছিল। পুথিৰ নকল কৰা অশিক্ষিত খনিকৰে পুথিৰ প্ৰতিটো আখৰৰ পাক্‌ এনে হুবহুকৈ নকল কৰিব পাৰিছিল যে তাৰ তুলনা নাই। কথিত আছে, এটা আখৰৰ ওপৰত মাখি এটা পৰি থাঁকোতে খনিকৰ এজনে তাকো অবিকল চিত্ৰিত কৰি পেলাইছিল।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate