অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গন্ধ

গন্ধ

দৌলোৎসৱ এটি সৰ্ব ভাৰতীয় উৎসৱ। অসমতো ইয়াক উলহ-মালহেৰে পালন কৰা হয়। সৰ্ব সাধাৰণৰ উপৰি সত্ৰসমূহতো দৌলোৎসৱ অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ দৌল সকলোৰে জনাজাত। ইয়াত দৌলৰ প্ৰথম দিনটো গন্ধ ৰূপে পৰিচিত। সেইদিনা ভক্তসকলে পথাৰৰপৰা খাগৰি, ইকৰা আদি যোগাৰ কৰি কীৰ্তন ঘৰৰ সমুখৰ চোতালত এটি ডাঙৰকৈ মেজি সজায়। আবেলি পৰত দৌলগোবিন্দ প্ৰভুক গায়নে-বায়নে ভাঁজ ঘৰৰ পূৱ দুৱাৰেদি উলিয়াই আনি মঠৰ পকী চোতালখনৰ মাজত এখনি বৰ শৰাইত ৰাখে। কীৰ্তন ঘৰৰ মূল দুৱাৰেদি কলীয়া ঠাকুৰকো বাহিৰলৈ উলিয়াই আনি দৌলগোবিন্দৰ লগতে একেখনি বৰ শৰাইত কিছু পৰ ৰাখি থয়। পিছত গায়নে-বায়নে গোঁসাইক লৈ যায় মেজি পুৱাবলৈ। গোঁসাইৰ পিছে পিছে আগবাঢ়ে অগণন ভক্ত-জনগণ। মেজিৰ চতুষ্পাশে গোঁসাইক সাত পাক ঘূৰায়। ইয়াক মেজি বা মাঘ পুওৱা বোলে। মেজি পুওৱাৰ পিছত গোঁসাইক দৌললৈ লৈ যোৱা হয়। প্ৰথম খলপাৰপৰা লগে লগে ঘোষা-কীৰ্তন আৰু ব্যাস কীৰ্তন চলে। ৰাতি লীলামালা, ভটিমা, গুণমালা, সেৱা কীৰ্তন প্ৰভৃতি সম্পন্ন কৰি বৰ ধেমালিৰে শুভাৰম্ভ কৰে ভাওনাৰ। বহু ৰাতিলৈ ভাওনা চলে। ভাওনাৰ অন্তৰ লগে লগে গন্ধৰো সামৰণি পৰে।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate