অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাওঁ

গাওঁ

অসমীয়া গাওঁ কোনো আৰ্হি বা নিৰ্দ্দিষ্ট আঁচনি অনুযায়ী পতা নহয়; গাঁৱৰ ৰূপটো জ্যামিতিৰ কোনো চিত্ৰৰ লগতো মিলাব নোৱাৰি। গাওঁ স্থাপনত ঘাইকৈ স্থান নিৰ্বাচনৰ ওপৰতহে অধিক মন দিয়া হয়। ইয়াৰ কাৰণে ওখ বৰি মাটি, ৰাজ-আলিৰ কাষ, পুখুৰী, নৈ, নিজৰা আদিৰ পাৰ উপযুক্ত। গাওঁ পতা প্ৰসংগত পুৰণি প্ৰবাদ এফাঁকি মন কৰিব লগীয়া : ‘কূল ল কূল ল নদীৰ কূল ল, সংগ ল সংগ ল জ্ঞাতিৰ সংগ ল’। বিশেষকৈ আগৰ দিনত যাতায়তৰ সুবিধা আছিল নদীয়েদি; সেই দেখি প্ৰায়বোৰ পুৰণি নগৰ, গাওঁ নদীৰ পাৰত পতা হৈছিল। বাট-পথৰ সুচল হোৱাত আহোম যুগৰপৰা আমাৰ দেশত গাওঁবোৰ ঘাইকৈ ৰাজ-আলিৰ কাষত স্থাপন কৰাৰ ব্যৱস্থা হ’ল। লেজুৰ দৰে দীঘলীয়াকৈ আলিৰ কাষে কাষে গাওঁখন সচৰাচৰ বাঢ়ি যায়। এশাৰীকৈ ঘৰ বহুৱাৰ সুবিধাৰ নিমিত্তেই গাওঁবোৰ দীঘলীয়াকৈ পতা হয়। দুশৰীয়া ঘৰ থকা অৰ্থাৎ এশাৰী ঘৰৰ পিছপিনে অন্য এশাৰী ঘৰ থকা গাওঁ সততে চকুত নপৰে। কেতিয়াবা কেতিয়াবা কেইবাখনো গাওঁ লানি নিছিগাকৈ একেপিনেই গঢ়ি উঠে; এখনৰপৰা সিখনৰ পাৰ্থক্য কৰাই টান। সাধাৰণতে, বহল ধাননিপথাৰ, নৈ, নিজৰা, পুখুৰী, হাবি-বাঁহনিয়ে দুখন গাওঁৰ মাজত ব্যৱধানৰ সৃষ্টি কৰে। প্ৰতিখন গাঁৱৰে এক ভৌগোলিক সীমাৰ বাহিৰেও সুকীয়া সুকীয়া নাম আছে। এই নামবোৰৰপৰা স্থান-বৈশিষ্ট্য (যেনে – গাখীৰ-খোৱা), স্থান-মাহাত্ম্য (শিৱথান), প্ৰকৃতি পৰিচয় (তামোলবাৰী), কোনো জাতিৰ প্ৰাধান্য (গণকপুখুৰী) আদি বুজিব পাৰি। গাঁৱৰ মানুহৰ ঘৰবোৰ, আলিবাট, পুখুৰী, নৈ-জানৰ কাষে-কাষে থূপ খুৱাই সজা হয়। অন্য প্ৰদেশৰ দৰে অসমৰ গাঁৱৰ ঘৰবোৰ কাণে-বাৰে অকণো ঠাই নৰখাকৈ সজা হয়; অন্য প্ৰদেশৰ দৰে সুকীয়া বাৰী পাতি আম-কঁঠালৰ খেতি কৰাও নহয়। এঘৰৰপৰা আন ঘৰৰ মাজত যথেষ্ট ব্যৱধান চৌহদত ৰাখি নানা তৰহৰ লাগনি গছ-গছনি ৰোৱা হয়; ইয়ে কাষৰ ঘৰৰপৰা ইয়াক আঁৰ-বেৰ কৰি ৰাখে। প্ৰত্যেক গৃহস্থৰ পিছপিনে আনকি আগপিনেও তামোল-পাণ, কলনি, বাঁহনিয়ে আৱৰি থাকে। সমুখৰ লুংলুঙীয়া বাটেদিহে গৃহস্থৰ ঘৰলৈ অহা-যোৱা কৰা হয়। গাঁৱৰ চাৰিওপিনে ধাননি পথাৰ। এই পথাৰত গাঁৱৰ মানুহৰ খেতিৰ মাটি; এই উমৈহতীয়া পথাৰত সকলোৱে নিজৰ মাটিকেইডৰা উমানতে বিচাৰি উলিয়াব পাৰে। প্ৰত্যেক গাঁৱৰে জীৱন ধাৰণৰ প্ৰণালী কিছু সুকীয়া; অন্য গাঁৱৰ লগত, সাধাৰণতে দূৰৈৰ গাঁৱৰ লগত কিছু অমিল। এই অমিল চাল-চলন, সাজ-পাৰ পিন্ধাৰ ৰীতি, খোৱা-বোৱা, উৎসৱ-অনুষ্ঠান, ক্ৰীড়া-কৌতুকত প্ৰকাশ পায়। কোনো কোনো ক্ষেত্ৰত মাত-কথা অৰ্থাৎ ভাষাৰো তাৰতম্য হয়। এই সাংস্কৃতিক পাৰ্থক্য বিশেষকৈ তিৰোতাসকলৰ মাজতহে দেখা যায়। উদাহৰণস্বৰূপে ব্ৰাহ্মণ মহিলাই সাজটোৰ তিনিওখন নহ’লেও অন্তত: দুখন পিন্ধিবই; কিন্তু কোচ-কেঁওটৰ গাঁৱৰ তিৰোতাই মেখেলাখনকে বুকুত মেথনি মাৰিও পিন্ধে। কোনো গাঁৱত তিৰোতাই ক’লা বোলৰ কাপোৰ বেছি ভাল পায়; কোনো গাঁৱৰ তিৰোতা আৰু ছোৱালীয়ে নাকফুল পিন্ধে। সকলো শ্ৰেণীৰ মাছ সকলো গাঁৱতে নেখায়। ৰন্ধা-বঢ়াৰ নিয়ম আৰু খাদ্য-তালিকাৰ শাক-পাচলি, মাছ-মঙহো গাওঁভেদে সুকীয়া। বিয়া-সৱাহত গোৱা বিয়ানাম, আইনাম আদিৰ সুৰো বিচিত্ৰ। প্ৰত্যেক গাঁৱেই সৰু সৰু কেইবাটাও থূপৰ একগোট বা সম্প্ৰদায়; এই সম্প্ৰদায়ৰ প্ৰত্যেকৰে লগত প্ৰত্যেকৰ পৰিচয়। গাঁৱৰ মতা-তিৰোতা, ল’ৰা-ছোৱালীৰ মাজত গঢ়ি উঠা একতাবোধৰ গুৰিত এই একেলগে থূপ খাই থকাই মূল কাৰণ; প্ৰাকৃতিক, সামাজিকাৰু ধাৰ্মিক কাৰণসমূহে এই ঐক্যবোৰ দৃঢ়তৰ কৰি ৰাখিছে। সাধাৰণতে, একে গাঁৱতে ভিন ভিন জাতৰ লোক বাস কৰে; অৱশ্যে, প্ৰত্যেক জাতৰে বসতি অঞ্চল বেলেগ; এই সৰু সৰু অঞ্চল হৈছে চুবুৰী, চুক, পাৰা, কুছি। পাঁচ-দহ ঘৰ মানুহ গোট খালেই এটা চুবুৰী বা চুক হয়। চুবুৰীত সম্প্ৰদায়টোৰ নামেৰেই চুবুৰীটোৰ নাম, যেনে- বামুণকুছি, গণককুছি, কলিতাচুক। কোনো কোনো গাঁৱত একে জাতৰ মানুহৰে বসতি প্ৰধান; ব্ৰাহ্মণ, কোচ, কছাৰী, লালুঙৰ সম্পূৰ্ণ নিজা গাঁৱো আছে। ব্ৰাহ্মণসকলেই সমাজত সৰ্বোচ্চ শ্ৰেণী, এই ব্ৰাহ্মণ পৰিয়ালসকল  বিভিন্ন শ্ৰেণীত ভাগো হয়। কোনো কোনো পুৰোহিত; সন্তান জন্মত, বিবাহত, মৃত্যুত, ধৰ্মানুষ্ঠানত যজমানী কৰায়ে এওঁলোকৰ কাম। কোনো কোনো পৰিয়ালত প্ৰাচীন কালৰেপৰা টোল আছে; এই টোলত ব্ৰাহ্মণৰ ছাত্ৰক শিক্ষা দিয়া হয়; অব্ৰাহ্মণসকলৰ অৱশ্যে ইয়াত প্ৰবেশ নিষেধ। ব্ৰাহ্মণসকল সাধাৰণতে শাস্ত্ৰীয় জ্ঞানৰ ভাণ্ডাৰ; ধৰ্মসম্বন্ধীয়, আধ্যাত্মিক, নৈতিক, সামাজিক সকলো প্ৰকাৰ উপদেশৰ কাৰণে গঞা তেওঁলোকৰ ওচৰ চাপে। দৈবজ্ঞ বা গণকশ্ৰেণীৰ ব্ৰাহ্মণে গ্ৰহপূজা কৰে, ধৰ্মানুষ্ঠানৰ দিন গণনা কৰে, অন্নপ্ৰাশন আদিৰ শুভ দিন, ক্ষণ নিৰ্ধাৰণ কৰে, দুষ্ট গ্ৰহৰ কু-দৃষ্টিৰ পৰা সাৰিবৰ বিবিধ বিধান দিয়ে।

গৰু হেৰোৱা, মংগল চোৱাৰপৰা ছোৱালী বিচৰালৈকে জীৱনৰ প্ৰায়বোৰ সৰু-বৰ সমস্যাৰ কাৰণে দৈৱজ্ঞৰ প্ৰয়োজন। বংশানুক্ৰমিক কুল পুৰোহিতৰ দৰে প্ৰত্যেক পৰিয়ালৰ দৈবজ্ঞও থাকে; তেওঁলোকে গৃহস্থৰ ঘৰক অন্তত: বছৰেকত এবাৰ ঘাইকৈ ব’হাগ মাহত সাক্ষাৎ দিয়ে। পুৰোহিতসকলৰ গাঁৱৰ বাহিৰে চহৰতো শিষ্য থাকে। কামৰূপৰ ব্ৰাহ্মণৰ কোচবিহাৰ, জলপাইগুৰিতো শিষ্য আছে। ইয়াৰ ফলত ব্ৰাহ্মণসকলৰ যোগে গাঁৱৰ লগত বাহিৰৰ সংযোগ ঘটে, নতুন ধৰণ-কৰণ গাঁৱলৈ আহে। কেৱল যজমানী কৰিয়েই জীৱিকা উপাৰ্জন নকৰে; তেওঁলোকৰ মাটি-বাৰী, ভূ-সম্পত্তিও আছে। শ্ৰাদ্ধ আদিত ব্ৰাহ্মণক মাটি দান দিয়াৰ প্ৰথা এতিয়াও আছে। ব্ৰাহ্মণে হাল নধৰে; শিষ্য আৰু গঞাৰ সহায়-সহযোগিতাত তেওঁলোকে খেতি কৰিবলৈ সমৰ্থ হয়। গাঁৱৰ অন্যান্য সম্প্ৰদায়ৰ ভিতৰত কায়স্থ, কলিতা, কোচ, কেঁওট, সুত আদিয়েই প্ৰধান। কৰ্ম অনুসৰি এওঁলোকৰ মাজত বিভিন্ন উপজাত আছে – কুমাৰ-কলিতা, কঁহাৰ-কলিতা, হালোৱা-কেঁওট, জালোৱা-কেঁওট আদি। আকৌ একেটা জাতৰ মাজতে উচ্চ-নীচ প্ৰভেদো আছে – বৰ-কলিতা, সৰু-কলিতা, বৰ-কোচ, সৰু-কোচ। অৱশ্যে অসমীয়া গাঁৱত জাত-প্ৰথা সিমান কট্‌কটীয়া নহয়। বহু জাত-উপজাতে একেখন ৰভাৰ তলতে আৰু একে চৰুতে ৰন্ধা পকান্ন গ্ৰহণ কৰে। ব্ৰাহ্মণ আৰু উচ্চকুলৰ লোকে একেলগে বহি কেঁচা সাজ খোৱাত বাধা নাই। এইবোৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত সৃষ্টি হোৱা সুফল। এই বিষয়ে ব্ৰাহ্মণ তিৰোতাসকল অৱশ্যে অলপ ৰক্ষণশীল; তেওঁলোকে আন জাতৰ মানুহে চোৱা-গজা সাধাৰণতে নাখায়; তেওঁলোকে পথাৰত ৰুবলৈ, ধান কাটিবলৈ অথবা জাকৈ লৈ মাছ মাৰিবলৈকো নাযায়। বিভিন্ন জাত-উপজাত থাকিলেও, এক সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ ওপৰত বহু বিষয়ত নিৰ্ভৰ কৰি চলিব লাগে। দৈনন্দিন জীৱনৰ কাৰ্যত আৰু ধাৰ্মিক-সামাজিক অনুষ্ঠানত এই কথা বঢ়িয়াকৈ প্ৰকাশ পায়। বিবাহ আদি উৎসৱত গাঁৱৰ সকলো জাতৰ লোকেই সহায়-সহযোগ কৰে। ব্ৰাহ্মণে পূজা-হোম কৰে; গঞাই ৰভা সাজি দিয়ে; তিৰোতাই চাউল-চিৰা খুন্দি দিয়ে। আয়তীসকলে পানীতোলা, নোৱনি, সুৱাগুৰি তোলা, দৰা-আদৰা আনুষ্ঠানিক কামসমূহ মিলি-জুলি কৰে। কুমাৰে চৰু-মলা আৰু সোণাৰীয়ে গহনা-গাঁঠৰি গঢ়ি দিয়ে। কৈৱৰ্ত ল’ৰাহঁতে ঢুলীয়া-খুলীয়াৰ বাদ্য-সংগীতৰ যোগান ধৰে। ব্ৰাহ্মণৰ বাহিৰে অন্য সম্প্ৰদায়ৰ জীৱিকা অৰ্জনৰ ঘাই উপায় হ’ল কৃষি। ধানৰ বাহিৰে মাহ, সৰিয়হ, তিল, মিঠা আলু, ৰঙা আলু, লাও আদিৰ খেতি নদী কাষৰীয়া মাটিত কৰা হয়। আজিকালি কোনো কোনো অঞ্চলত ব্যাপকভাৱে মৰাপাটৰ খেতিও হৈছে। ইয়াৰ বাহিৰেও বাৰীত শাক-পাচলি, লাও-কোমোৰা, বেঙেনা-জলকীয়া, উৰহী-মাহ আদিও কৰা হয়। এইবোৰ ওচৰৰ হাট-বজাৰলৈ বেচিবলৈ নিয়ে। খাদ্য সামগ্ৰী, খাদ্য শস্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনৰ বাহিৰে হাটবোৰত হাঁহ-পাৰ, কুকুৰা-গাহৰি, গৰু-ছাগলীৰো বেচা-কিনা হয়। কেতিয়াবা কোনো এক বিশেষ দ্ৰব্যৰ বেচা-কিনাৰ বাবে কোনো হাটে প্ৰসিদ্ধি লভে; যেনে – উজনিৰ মেলেঙৰ হাট গৰু বেচা-কিনাৰ কাৰণে চুবুৰীয়া অঞ্চলত জনাজাত। এই হাটবোৰে চুবুৰীয়া গাঁৱৰ মাজত চা-চিনাকি আৰু মিলা-প্ৰীতিৰ ভাৱ গঢ়ি তোলে; গাঁৱৰ মানুহৰ বহিৰ্জগতৰ লগত সম্বন্ধ খটুৱায়। ব্যৱসায়িক আৰু আৰ্থিক সম্বন্ধৰ বাহিৰেও এখন গাঁৱৰ লগত আনখনৰ সামাজিক, সাংস্কৃতিক আৰু ধাৰ্মিক সম্বন্ধও হয়। সাধাৰণতে, নিজৰ গাঁৱতকৈ আন গাঁৱৰ ল’ৰা-ছোৱালীৰ লগত বৈবাহিক সম্বন্ধ বিচৰা হয়। কেতিয়াবা চল্লিশ-পঞ্চাশ মাইল দূৰৈৰ গাঁৱলৈকো ল’ৰা বা ছোৱালী বিচাৰি যাব লাগে। কোনো কোনো গাওঁ ধুনীয়া আৰু কাম-কাজত পাকৈত ছোৱালীৰ কাৰণে প্ৰখ্যাত। এনে গাঁৱৰ ছোৱালী বিচাৰি বহু দূৰৈৰ পৰা ল’ৰাৰ বাপেক অথবা আত্মীয়-স্বজন আহে। কোনো গাঁৱৰ ডেকা-ল’ৰাৰ অকামিলা, ধোদৰ পচলা, চৰিত্ৰহীন বুলি কুখ্যাতি আছে; এনে ডেকাৰ কাৰণে ওচৰ-চুবুৰীয়া গাঁৱৰ ছোৱালী পাবলৈ টান; সেই কাৰণে দুৰৈৰ গাঁৱৰ ছোৱালীৰ লগত এই ডেকাবোৰৰ বিয়াৰ সম্বন্ধ বিচাৰিব লগা হয়। এনেকৈ বিবাহৰ যোগে দূৰ গাঁৱৰ মাজত ওচৰ-আত্মীয় সম্বন্ধ গঢ়ি উঠে। গাঁৱৰ বিভিন্ন জাত-উপজাতৰ মাজত উমৈহতীয়া খেল আছে; কোনো কোনো অঞ্চলত প্ৰত্যেক জাত-উপজাতৰে সুকীয়া খেল থাকে। সমগ্ৰ গাঁৱৰ মুখিয়ালসকলেৰে গঠিত হোৱা খেলে পঞ্চায়তৰ দৰে কাম কৰে। গাঁৱৰ সমস্যা, বাদ-বিসংবাদ, নীতি-নিয়মৰ এই খেলেই বিচাৰ কৰে। ব্যক্তি বা দলে যি দায়-জগৰ লগায় সেই সকলোকে খেলে শাস্তি বিহে। কেতিয়াবা সমাজচ্যুত বা এঘৰীয়া কৰে। খেলে মাৰ্জনা নকৰালৈকে এঘৰীয়াৰ লগত গঞাক জুই-পানী নিষেধ কৰি দিয়া হয়; আৰু এঘৰীয়াৰ ঘৰৰ সন্মুখত টাবচিলিঙি পোতে। নামঘৰকে কেন্দ্ৰ কৰি খেলৰ মেল-মিটিং বহে। নামঘৰত বিভিন্ন সম্প্ৰদায়ৰ কাৰণে সুকীয়া স্থান থাকে। ওজৰ-আপত্তি নকৰি চলি অহা প্ৰথা অনুসৰি সকলোৱে নিজ নিজ স্থানত বহে। গাঁৱৰ ঐক্যসাধনত নামঘৰৰ দান অতুলনীয়। প্ৰায়বোৰ উৎসৱেই হয় নামঘৰত, নহয় গাঁৱৰ মুকলি ঠাইত ৰভা সাজি খেলৰ তত্ত্বাৱধানত উমৈহতীয়াভাবে পতা হয়। গাঁৱৰ ঐক্যসাধনত পাল পাতি গৰু চৰোৱা প্ৰথায়ো সহায় কৰে। গাঁৱৰ ল’ৰাহঁতে পাল পাতি গৰু চৰোৱা কৌটিকলীয়া নিয়ম। কোন ঘৰৰ পাল কেতিয়া, সেইটো খেলেই ঠিক কৰি দিয়ে। মুনিহ-তিৰোতা সকলোৱে মিলি উলাহেৰে ধানদোৱা, ধানকটা আৰু সমাৰোহেৰে মাছ মাৰিবলৈ যোৱা ক্ৰিয়া-কৰ্ময়ো গাঁৱত সমিলমিলৰ ভাব দৃঢ় কৰে। অসমত উচ্চকুলৰ মতা-তিৰোতাই নিজৰ খাবৰ বাবে মাছ মৰা জাতচ্যুত কথা নহয়। এইখিনিতে ইয়াকো উল্লেখ কৰিব পাৰি যে অসংখ্য নৈ-নলা, খাল-ডোং, বিল-জলাহৰ কাৰণে অসমত সৰু-ডাঙৰ বিভিন্ন শ্ৰেণীৰ মাছ আছে। সেই কাৰণে ডাঙৰ নৈত মাছ ধৰাতকৈ বিল-খালত মাছ ধৰাত অসমীয় মানুহ অধিক পাকৈত। মাছ ধৰাৰ বহু ফন্দি-কৌশল তেওঁলোকে জানে; তাৰ বাবে নানা বাঁহ-বেতৰ সা-সঁজুলি সাজি লয়। মাছ মৰাৰ কেতবোৰ উপায় হ’ল – যাঠি, বৰ্শা, জাল, বৰশী, জোৰ, চালনী, চাকি (ৰাতি মাছ মাৰোঁতে); বিষ প্ৰয়োগ (জনজাতিসকলৰ); বিল-খালৰপৰা নলা-কাটি পানী উলিওৱা (খোকা, চেপা পাতি); গাঁত খান্দি মাছ উলিওৱা; ভেটা দিয়া, চাং পতা (ডেৱা দি), জাকৈ, প’লৰ সহায়ত। গাঁৱৰ একতাত সাধাৰণত: তিৰোতাসকলেও যোগান ধৰে। গাঁৱৰ তিৰোতাই ঘৰ-পথাৰ উভয়তে পৰিয়ালক সহায় কৰে। ৰন্ধা-বঢ়া, সন্তান আৰু পৰিয়ালৰ আলপৈচান ধৰা সাধাৰণ গৃহস্থালী কামৰ বাহিৰেও তিৰোতাৰ অন্য প্ৰধান কাম হ’ল তাঁতশাল। বাটি কঢ়াৰপৰা শালত লগোৱালৈকে তাঁতশালৰ কাম কেইবাগৰাকীও তিৰোতাই লগ লাগি কৰিব লাগে। সেইদৰে চিৰা-সান্দহ খুন্দাতো চুবুৰীৰ এগৰাকীক আনগৰাকীৰ সহায় লাগে। পথাৰত ভূঁই ৰুবলৈ বা ধান দাবলৈ যোৱাৰ বাহিৰেও প্ৰতিদিন পুৱা-গধূলি দুই-চাৰিগৰাকীয়ে লগ লাগি মেল মাৰিহে নদী-পুখুৰীত গা ধুবলৈ বা পানী আনিবলৈ যায়; দুই-চাৰিগৰাকীয়ে মিলি-জুলি শাক তুলিবলৈ যায়। কামৰূপত ব’হাগৰ দোমাহীত কেইবাজনীয়ে মিলি শাঠেক তোলা অৰ্থাৎ শাক তোলা উৎসৱ পালন কৰে। সবাহত গোপিনীসকলৰ আৰু বিয়া-উৎসৱত আয়তীসকলৰ সহযোগ অপৰিহাৰ্য। সমিলমিলভাৱে কৰা এই সৰু-বৰ কাৰ্য আৰু অনুষ্ঠানৰ যোগে প্ৰীতিৰ বান্ধোন অলক্ষিতে টান হয়। এইদৰে লগ লাগি অথবা দলবান্ধি কাম কৰাৰ ফলত গাঁৱৰ প্ৰত্যেকেই প্ৰত্যেকৰ ঘৰ-ঘৰোৱাহক জানে; ইজনে সিজনৰ বাৰী-পথাৰ গৰু-ছাগলীক নাম আৰু বৰ্ণেৰে চিনি পায়। বয়সিয়ালসকলে প্ৰত্যেক পৰিয়ালৰে আঁতিগুৰি, বংশ, পুৰুষনামা জানে; কোন পৰিয়ালে কোন যুগত গাঁৱলৈ আহিছিল তাৰো বুৰঞ্জী মনত ৰাখে। নকৈ আহি বসতি কৰা সকলতকৈ আদিৰেপৰা তথা পৰিয়ালৰ গাঁৱত মৰ্যাদা অধিক। উচ্চ জাতৰে হওক বা নীহ কুলৰেই হওক প্ৰত্যেকেই প্ৰত্যেকক সম্বন্ধ ধৰি মাতে। ব্ৰাহ্মণ বা কলিতা ল’ৰা-ছোৱালীয়ে তেওঁলোকতকৈ নীহকুলৰ জ্যেষ্ঠজনক আনকি বেটী-বন্দীকো মোমাই, ককাই, দদাই, মাহী-পেহী, বাই সম্বন্ধ ধৰিহে মাতে। বিভিন্ন জাত-উপজাতৰ মাজত এই মধুৰ সম্বন্ধ যুগ যুগ ধৰি বংশানুক্ৰমে চলি আহিছে। ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৱে নিজৰ গাঁৱখন অন্তৰেৰে ভাল পায়। নিজৰ গাঁৱৰ গুণ-যশ-গৌৰৱ আৰু ওচৰৰ গাঁৱৰ বিৰূপ সমালোচনাৰ মাজেদি নিজৰ গাঁৱৰ প্ৰতি অকৃত্ৰিম প্ৰীতি প্ৰকাশ পায়। গাঁৱৰ ন পুৰণি সকলো বস্তুৰ প্ৰতি গঞাৰ গভীৰ শ্ৰদ্ধা। কোলাৰ সন্তানৰ দৰে গাঁৱৰ প্ৰকৃতি তেওঁলোকৰ প্ৰিয়। গাঁৱৰ গছ-গছনি, হাবি-বননি, ঢাপ-ঢাপলিকা, নদী-নলাৰ লগত গাঁৱলীয়া ল’ৰা-ছোৱালীৰ জ্ঞান হোৱাৰপৰা অন্তৰংগ পৰিচয়। গাঁৱৰ ওখ টিলা, বুঢ়া-গছ, থান-সত্ৰ, দেউল,দেৱালয়, কালিকা লগা বিল-খাল – সকলো তেওঁলোকৰ সমানে শ্ৰদ্ধা আৰু পূজাৰ পাত্ৰ।

উৎস: অসমৰ লোক-সংস্কৃতি

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate