অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰখীয়া ভোজ :

গৰখীয়া ভোজ :

 

মানুহৰ জীৱন সংগ্ৰামত যি শক্তিয়ে জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত সফল কৰে সেয়েহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি। জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায়।

গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি-সংস্কৃতিও ওত:প্ৰোত ভাৱে জড়িত। যি জাতিৰ কৃষ্টি-সংস্কৃতি প্ৰগতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়। মানুহৰ ইতিহাসেই হ’ল সংগ্ৰামৰ ইতিহাস, প্ৰাচীন কালৰে পৰা প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ কিছুমান সংগ্ৰাম চলাই আহি মানুহে আজিৰ এই অৱস্থা পাইছেহি।

এই সংগ্ৰাম চলাওঁতে কিছুমান নীতি-নিয়ম, অনুষ্ঠান-প্ৰতিষ্ঠান আচাৰ-ব্যৱহাৰ আদিৰ জন্ম হৈছিল। নিদিষ্ট ধাৰা আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সেই আচাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ আজিৰ এই ৰূপ পাইছে।  সেয়ে সংস্কৃতি সামাজিক ৰীতি পৰম্পৰাৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিফলন হৈছে।সংস্কৃতি যিহেতু মানৱ সমাজৰে সৃষ্টি, সেয়ে প্ৰকৃত সংস্কৃতিয়ে সদায় সমাজৰ মানসিক চাহিদা পূৰণ কৰে। মানৱ সমাজত সংস্কৃতিয়েই এটা জাতিৰ চিনাকী। সমাজত প্ৰচলিত হৈ অহা বা হৈ থকা ৰীতি-নীতি সমুহেই জাতীয় জীৱনৰ প্ৰাণ।

মানৱ সমাজত জীৱন ধাৰণৰ গোষ্ঠীগত ভাৱধাৰাৰ মূলতেই সংস্কৃতি সত্বাৰ স্থিতি। এটা জাতিৰ সামাজিক জীৱনৰ মূলতেই সংস্কৃতি সত্বাৰ স্থিতি। এটা জাতিৰ সামাজিক জীৱনৰ বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, ভাষা-ধৰ্ম আদি বাৰেৰহণীয়া লোকসংস্কৃতিৰ উপাদানেৰে সংস্কৃতিৰ সৌধ নিৰ্মান হয়। এটা জাতিৰ সংস্কৃতিৰ ঐতিহ্য যুগ-যুগান্তৰলৈ বহন কৰি মানৱ সমাজৰ আবেগিক ঐক্যসাধন কৰাৰ অৰিহণা যোগায়।শদিয়াৰ পৰা ধুবুৰীলৈকে,  ব্ৰহ্মপুত্ৰৰ আৰু বৰাক উপত্যকাত বাস কৰা নানা জাতি, জনজাতিৰ বাৰে ৰহণীয়া উপাদানেৰে গঢ়লৈ উঠিছে বৈচিত্ৰময়, মহত্বপূৰ্ণ গৌৰৱময় অসমীয়া সংস্কৃতিৰ ঐতিহ্য। অসমীয়া সংস্কৃতিয়ে ধৰি ৰাখিছে অনৈক্যৰ মাজত ঐক্য। অসমীয়া জাতীৰ জাতীয় সংস্কৃতিত এক বিৰাট সমন্বয়ৰ সত্বা অন্তনিৰ্হিত হৈ আছে। অসমত বাস কৰা বিভিন্ন জাতি-জনজাতিৰ বিভিন্নলোকৰ সংস্কৃতিৰ নৈ, উপনৈ লগ লাগি অসমীয়া সংস্কৃতিৰ সৃষ্টি কৰিছে।

অসমত বসবাস কৰি থকা অসমৰ আদিম ভুমি পুত্ৰ, ঐতিহাসিক পৰম্পৰাৰে সমৃদ্ধ মৰাণ সকলৰ সামাজিক জীৱনৰ মাজত বহু নীতি-নিয়ম, কৃষ্টি-সংস্কৃতি প্ৰচলিত হৈ আছে। মৰাণ সকলৰ ঐতিহ্যপূৰ্ণ লোক-সংস্কৃতিয়ে অসমীয়া জাতিৰ সংস্কৃতিক সুশোভিত কৰি ৰাখিছে।

কৃষিজীৱী মৰাণ সকলে গো-সম্পদক লখিমী-দেৱীৰ লগত তুলনা কৰে। কৃষি কাৰ্যৰ অন্যতম আহিলা গো-সম্পদৰ পূজাৰ উদ্দেশ্যে বহাগ বিহু অহাৰ পূৰ্বেই ফাগুন মাহৰ কোনোবা এটা দিনত মৰাণ সকলে “গৰখীয়া ভোজ” বুলি এটা মাঙ্গলিক অনুষ্ঠান পালন কৰে।

কোনো নদীৰ পাৰত অথবা পথাৰৰ মুকলি ঠাইত গাৱঁৰ সমুহ ৰাইজ মিলি গৰখীয়া ভোজ পতাৰ নিয়ম। গৰখীয়া ভোজলৈ পৰম্পৰা নিয়মনুসাৰে কোনোৱে আমলৰীয়া বৰণৰ মতা হাঁহ, কোনোৱে ক’লা ৰঙৰ মতা হাঁহ বা মাইকী হাঁহ, কোনোৱে এজোৰকৈ পাৰ চৰাই আগবঢ়ায়। প্ৰতিঘৰৰ পৰা নিদিষ্ট পৰিমাণৰ চাউল, শাক-পাচলি আদিও যোগান ধৰে।

নিদিষ্ট দিনৰ ৰাতিপুৱাতেই ভোজৰ থলিলৈ প্ৰতিঘৰৰ পৰা এজন লোক গৈ ভোজৰ থলি চাফ-চিকুন কৰা, হাঁহ-পাৰবোৰ বধ কৰি কুটি-বাছি দিয়া, শাক-পাচলিবোৰ কাটি দিয়া, পানী অনা, বাচন-বৰ্ত্তন যোগাৰ কৰা আদি কামবোৰ আন্তৰিকতাৰে কৰে। ৰাইজে নিদিষ্ট কৰি দিয়া ৰান্ধনিয়ে খাদ্য-সামাগ্ৰীবোৰ পুৱাৰ পৰা ৰন্ধাৰ কাম আৰম্ভ কৰে। যোগান ধৰা খাদ্য সামগ্ৰীবোৰ ৰান্ধি শেষ হোৱাৰ পাচত প্ৰতিবিধ খাদ্য সামগ্ৰীৰ একোটা টোপোলা কৌ-পাত বা কলৰ পাতত প্ৰতিঘৰৰ বাবে বান্ধি থৈ দিয়া হয়। ভোজ খাই শেষ হোৱাৰ পাচত প্ৰতিঘৰৰ লোকে এটাকৈ টোপোলা ঘৰলৈ নি গৰুক খুৱাৰ নিয়ম।

ইয়াৰ পাচত চাফ-চিকুণ কৰি থোৱা “খোলা” বোৰত দুকাষে দুশাৰী কৈ কৌ-পাতত বা কলৰ পাতত খাদ্য সামগ্ৰীবোৰ খোৱাৰ বাৰে ৰান্ধনিয়ে যতনাই দিব। আহাৰ যতনাই শেষ হোৱাৰ পাচত এটা তামোল-পানৰ টোপোলা লৈ (পান আৰু সমানুপাতৰ তামোল) কল-পাতৰ ওপৰত তামোলৰ টোপোলাটো থৈ (মৰাণ সকলে এই তামোলৰ টোপোলাক “খুম” বুলি কয়) ভোজৰ বাবে সমবেত হোৱা সকলোৰে ওচৰত গৰুৰ দেৱতা, মহৰ বা কালিকা দেৱতাক গো-সম্পদবোৰ গোটেই বছৰৰ বাবে মঙ্গলে ৰাখিবলৈ প্ৰৰ্থনা জনায়।

এনে কৰাৰ পাচত ভোজৰ থলীত উপস্থিত থকা সকলোৱে একে সময়তে ভোজৰ পাতত বহি খোৱা আৰম্ভ কৰে। গৰখীয়া ভোজৰ এক পৰম্পৰা আছে যে ভোজলৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰ যায়। বুঢ়া-বুঢ়ী আৰু গাভৰু বয়সৰ পৰা বোৱাৰী সকল গৰখীয়া ভোজলৈ যোৱাৰ নিয়ম নাই।

উপস্থিত সকলোৱে খোৱা-বোৱাৰ কৰাৰ শেষত ৰান্ধনি সকলে ভোজন কৰে। শেষত সকলোৱে মিলি বাচন-বৰ্ত্তন সামৰি ঘৰা-ঘৰি যায়।

শুনা মতে পূৰ্বে শাক্ত ধৰ্মী মৰাণ সমাজত এনে গৰখীয়া ভোজ কেৱল যুৱ্ক সকলে শদিযাৰ কেঁচাই খাইটি গোসানীৰ শালত গৈ এই গৰখীয়া ভোজ পাতিছিল বুলি জনা যায়। পাচত বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ বৈষ্ণৱবাদ গ্ৰ্হণ কৰি এই গৰখীয়া ভোজৰ অনুস্থানটি মৰাণ লোকসকলে গাৱেঁ গাৱেঁ একগোট হৈ পাতিবলৈ ধৰে। আনন্দ আৰু আধ্যাত্মিক ভাৱধাৰাৰে মৰাণ সকলে প্ৰ্তি বছৰৰ ফাগুন মাহত প্ৰতিখন গাৱঁত গৰখীয়া ভোজ অনুস্থিত কৰি সামাজিক জীৱনৰ এটি মাঙ্গলিক সংস্কৃতি জীৱাই ৰাখিছে।

লেখিকা: দুলাল বৰুৱা

উৎস: সাহিত্য.অৰ্গ

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate