অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ জনগোষ্ঠীয় নাৰীৰ সাজপাৰ

চাহ জনগোষ্ঠীয় নাৰীৰ সাজপাৰ

সাংস্কৃতিক উৎসৱ-পাৰ্বণ অর্থাৎকৰম পৰৱ, টুচু পূজা, ফাগুৱা পৰৱ, হুহৰাই পৰৱ ইত্যাদিবোৰৰ বিশেষকৈ কৰম পৰৱত তেওঁলোকে ‘ঝুমুইৰ’নৃত্য-গীত পৰিবেশন কৰোঁতে আঁঠুৰ তললৈকে কলাফুল ওলাই থকাকে ‘লাল পাৰী বগা শাড়ী পৰিধান কৰে। হাতত ৰুমাল লয়। সেওঁতাত ‘সীতাপটি ভৰিত পয়ৰী’,হাত আৰু ভৰিৰ আঙুলিত আঙঠি, ডিঙিত হাৰ মালা, হাতত খাৰু আদি পৰিধান কৰি গীত-নৃত্য পৰিবেশন কৰে। এই সাজকে চাহ জনগোষ্ঠীয় জাতীয় সাজ বুলি তথাকথিতভাবে কোৱা হয়।

সভ্যতাৰ আঙুলিত ধৰি এঢাপ এঢাপকৈ উত্তৰণ ঘটাই পৃথিৱীত জীৱশ্রেষ্ঠ হিচাপে মানৱ সমাজ প্রতিষ্ঠিত হ’ল। পোছাকবিহীন অন্য জীৱৰ তুলনাত জীৱশ্রেষ্ঠ মানুহে লজ্জা নিবাৰণ বা প্ৰকৃতিৰ কিছু গতানুগতিক ক্রিয়া-প্রতিক্ৰিয়াৰ পৰা নিজ স্বাস্থ্যৰ ক্ষতি হোৱাৰ পৰা বচাই ৰাখিবলৈ বল্কলৰ পৰা আৰম্ভ কৰি লাহে লাহে অন্য অন্য ধৰণৰ সুবিধাজনক বসন তৈয়াৰ কৰি ক্ৰমান্বয়ে জাতি-সংস্কৃতিৰ নামে নামে পোছাক বা সাজপাৰ তৈয়াৰ কৰি লয়।

ইংৰাজে ভাৰতবৰ্ষ শাসন কৰি থকা সময়ত অসম প্ৰদেশত চাহ খেতি কৰিবৰ নিমিত্তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা বছা বছা কিছু কর্মী জাতি বা জনগোষ্ঠীক ছলে-বলে-কৌশলে অসমলৈ আনিছিল। তেওঁলোকৰ ভাব-ভাষা, সাজ-পোছাক কিছু অমিল বা অন্যধৰণৰ আছিল যদিও তেওঁলোক দৰিদ্ৰ শ্ৰেণীৰ হোৱাৰ বাবে পৰিবেশৰ কাষতে সর্বস্ব সঁপি সাধাৰণ জীৱন-নিৰ্বাহ কৰিছিল। যদিও তেওঁলোক পূৰ্বতে নিজ নিজ ৰাজ্যত সুকীয়া সুকীয়া সাজপাৰ পৰিধান কৰিছিল বা অন্য অন্য সংস্কৃতি পালন কৰিছিল, অসমলৈ অহাৰ পিচত পিচে উমৈহতীয়া গঠনমূলকভাবে এক সংস্কৃতি সৃষ্টি কৰি চাহ জনগোষ্ঠীৰ প্ৰায় সকলোবোৰ জাতিয়েই এক নির্দিষ্ট সাজপাৰ বা পৰিধান সামগ্রিক আঁকোৱালি লয়।

অসমত বাস কৰা চাহ জনগোষ্ঠীয় মহিলাসকলে কৰ্মস্থলীতে হওক বা গৃহস্থলীতে হওক এক মার্জিত আৰু সাধাৰণ সাজ পৰিধান কৰে। যিহেতু চাহ জনগোষ্ঠীৰ প্ৰায়বোৰ মহিলাই বাগিচাৰ শ্ৰমিক, সেয়ে তেওঁলোকে বাগিচাৰ শ্ৰম আৰু ঋতু অনুযায়ী সাজ পৰিধান কিছু সাসলনি কৰা দেখা যায়। গ্রীষ্মকালি বাগিচাত পাত ছিঙোতে মার্জিতভাবে ব্লাউজ, পেটিকোট পিন্ধি তাৰ ওপৰত কঁকালৰ তলৰ ভাগত বা ভৰিত চাহ গছৰ ডালে যাতে খুঁচিব নোৱাৰে তাৰ বাবে বজাৰত পোৱা ডাঠ তিপাল মেৰিয়াই বান্ধি লয় আৰু গা ভাগত মতা মানুহৰ চোলা (হাত দীঘল) পিন্ধি লয়। ইয়াৰ উপৰি প্ৰায় এক মিটাৰ মান জোখৰ ডাঠ ৰঙীন কাপোৰ এখন এক বিশেষ ভংগিমাৰে ডিঙিত লৈ পিঠিভাগ ঢাকে আৰু প্রয়োজন অনুসাৰে মুখৰ ঘাম আদিও মচে। ইয়াক ‘ঝাৰণ’ বুলি কোৱা হয়। আনহাতে পাত ছিঙোতে বাঁহেৰে নিৰ্মিত টুপাটোৰ ৰচিডাল মূৰৰ ওপৰত দি টুপাটো পিঠিত ওলমাই ৰাখিবলৈ মূৰৰ ভাগত গোলকৈ কাপোৰেৰে মেৰিয়াই এটা পাগুৰি বনাই তাৰ ওপৰত টুপাৰ ৰচিডাল থয়। এনে কৰিলে মূৰত দুখ নাপায়, যিহেতু টুপাৰ ৰচিডাল কাপোৰৰ কুচন থাকে। এই পাগুৰিটোক তেওঁলোকে ‘নেঠ’ বা ‘বিড়া’ বুলি কয়। জাৰকালি এনেদৰে কৰ্মক্ষেত্ৰত সাজ পৰিধান কৰে যদিও আজিকালি ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কিছু কিছু মহিলাই হাত-মোজা আৰু ভৰিতো মোজা পিন্ধি তাৰ ওপৰত চেণ্ডেল পিন্ধা দেখা যায়। যিহেতু জাৰকালি কুঁহিপাত ছিঙিবলগীয়া নহয়, তাৰ বাবে হাতত মোজা পিন্ধি থাকিলেও কৰ্মত কোনো ধৰণৰ অসুবিধা নহয়।

আনহাতে গৃহস্থলীত মহিলাসকলে ঘৰুৱা কাম-বনবোৰ কৰাৰ সুবিধার্থে কপাহী শাড়ী পিন্ধা দেখা যায়। লগতে ডাঙৰ সন্মানাৰ্থে বোৱাৰীসকলে মূৰত ওৰণি লয়। এইখিনিতে এটা কথা উল্লেখ্য যে, চাহ জনগোষ্ঠীৰ মহিলাসকলে অর্থাৎ বোৱাৰীসকলে বিজ্ঞসকলৰ সন্মুখত ওৰণি লয়। আনহাতে অলংকাৰৰ ক্ষেত্ৰত অতীতত কাণফুলি, নাকফুলি, আঙঠি, ডিঙিত চেইন বা মালা আদি পিন্ধা দেখা গৈছিল। অৱশ্যে আগতে মহিলাসকলে ‘সিকি মালা’ (পইচাৰে বনোৱা মালা) পিন্ধিছিল আৰু হাঁচলি নামৰ এবিধ শকত খাৰু জাতীয় মালা ডিঙিত পিন্ধা দেখা গৈছিল। কিছু কিছুৱে ‘চন্দ্ৰহাৰ’ আদিও পৰিধান কৰিছিল। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ একাংশ মহিলাই আকৌ নাকফুলি নিপিন্ধে।

বৈবাহিক ৰীতি-নীতিৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ মহিলাসকলে বজাৰৰ আধুনিক সাজ-পোছাকেৰে বিবাহ অনুষ্ঠানত ভাগ লয়। চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সাজ ‘লাল পাৰী বগা শাড়ী’ অর্থাৎ ৰঙা পাৰী থকা বগা শাড়ী আছে যদিও বিবাহ বা অন্য তেনেধৰণৰ আনন্দৰ পৰিবেশত বজাৰত পোৱা আধুনিক ৰংচঙীয়া শাড়ীহে পৰিধান কৰে। প্ৰসাধনৰ ক্ষেত্ৰতো মালা, ডিঙিৰ চেইন, আঙঠি, পয়ৰী (নুপুৰ) চুলিত মৰা চেপেনা (ক্লিপ), খোপা বন্ধা ৰবৰ, নেইল পলিচ, লিপষ্টিক, কাজল, গালত ঘহা ক্ৰীম, কপালত লগোৱা ফোঁট বা বিন্দি আদি ব্যৱহাৰ কৰে। অৱশ্যে চাহ জনগোষ্ঠীৰ যিবোৰ সম্প্রদায়ত বিবাহিত মহিলাসকলৰ বাবে সেন্দুৰ প্রযোজ্য আছে, তেওঁলোকে সকলো সময়তে সেওঁতাত সেন্দূৰ লৈ থাকিব লাগে আৰু যিবোৰ সম্প্ৰদায়ৰ মাজত সেন্দূৰ প্ৰচলন নাই তেওঁলোকে ভৰিৰ গোৰোহাত লাগি থকা ধুলি সেওঁতাত ল’ব লাগে। বিবাহৰ ক্ষেত্ৰত কইনাগৰাকীক চাহ জনগোষ্ঠীৰ প্ৰায়বোৰ সম্প্রদায়ে ৰঙা সাজ পৰিধান কৰায়। ওপৰত উল্লিখিত প্রসাধন সামগ্ৰীৰে কইনাগৰাকীক ধুনীয়াকৈ সজোৱাৰ উপৰি সাধ্য অনুযায়ী আ-অলংকাৰ পৰিধান কৰোৱায়। আ-অলংকাৰৰ ভিতৰত চন্দ্ৰহাৰ, চুড়ি, আঙঠি, সীতাপটি, মালা, চেইন, নাকফুলি (যিসকলৰ চলে), কাণফুলি, ভৰিৰ আঙঠি, পয়ৰী, সিকিমালা ইত্যাদি ইত্যাদি।

সাংস্কৃতিক উৎসৱ-পাৰ্বণ অর্থাৎ কৰম পৰৱ, টুচু পূজা, ফাগুৱা পৰৱ, ছহৰাই পৰৱ ইত্যাদিবোৰৰ বিশেষকৈ কম পৰৱত তেওঁলোকে ‘ঝুমুইৰ’ নৃত্য-গীত পৰিবেশন কৰোঁতে আঁঠুৰ তললৈকে কলাফুল ওলাই থকাকে ‘লাল পাৰী বগা শাড়ী’ পৰিধান কৰে। হাতত ৰুমাল লয়। সেওঁতাত ‘সীতাপটি ভৰিত ‘পয়ৰী’, হাত আৰু ভৰিৰ আঙুলিত আঙঠি, ডিঙিত হাৰ বা মালা, হাতত খাৰু আদি পৰিধান কৰি গীত-নৃত্য পৰিবেশন কৰে। এই সাজকে চাহ জনগোষ্ঠীয় জাতীয় সাজ বুলি তথাকথিতভাবে কোৱা হয়। অৱশ্যে বৰ্তমান মঞ্চত পৰিবেশন হোৱা বা অনুষ্ঠিত হোৱা ‘ঝুমুইৰ’ প্রতিযোগিতাবোৰতো বিচাৰকসকলে এই সাজকে পৰিধান কৰিবলৈ কোৱা দেখা যায়। মৃতকৰ ঘৰত মৃতদিনা উপস্থিত হোৱা চাহ জনগোষ্ঠীৰ মহিলাসকলে পাৰ্যমানে শুকুলা সাজ পৰিধান। কৰে। দুখ মনেৰে পুৰণি স্মৃতি সুঁবৰি বা আগন্তুক দিনৰ দুখ-দুৰ্দশা চিন্তা কৰি মৃত শৰীৰটোক পূৰ্বতে মাটিত গাঁত খান্দি পুতি থৈছিল যদিও আজিকালি চিতাত জুই দি সৎকাৰ কৰে। মৃত পুৰুষৰ পত্নীগৰাকীক সিদিনাৰ পৰা ‘ৰাড়ী’ বা বিধৱা' বুলি কোৱা হয়। ৰাড়ী মহিলাগৰাকীয়ে সিদিনাৰ পৰা বগা ৰঙৰ সাজ-পোছাক পৰিধান কৰে। আজিকালি পিচলৈ ৰাড়ী মহিলাসকলে অন্যধৰণৰ অৰ্থাৎ অন্য অন্য ৰঙৰ শাড়ী আদি পৰিধান কৰে যদিও ৰঙা ৰঙৰ কোনো বস্ত্ৰ পৰিধান কৰে।

মূলতঃ দৰিদ্ৰ জনগোষ্ঠী হিচাপে বিবেচিত অসমৰ চাহ জনগোষ্ঠীয় মহিলাসকলৰ সাজপাৰ এনেধৰণৰ যদিও বৰ্তমান সময়ৰ তাগিদাতে হওক বা বিশ্বায়নৰ প্রভাৱতে হওক চাহ জনগোষ্ঠীৰ আধুনিক নাৰী বা মহিলাসকলে এতিয়া ওপৰত উল্লিখিত সাজ-পোছাকৰ সলনি বজাৰত পোৱা অন্য জাতি-জনগোষ্ঠী বা পশ্চিমীয়া সংস্কৃতিৰ সাজ-পোছাকো পৰিধান কৰা দেখা যায়। ছুৰিদাৰ, ঘাগ্‌ৰা, জিন্স পেন্ট-টপ আদি চাহ জনগোষ্ঠীৰ ছোৱালীসকলে পৰিধান কৰাৰ উপৰি বিবাহিত মহিলাসকলে পৰিধান কৰা দেখা গৈছে। মহিলাসকলে নিজ সৌন্দৰ্য চৰ্চা বা নিজৰ শৰীৰটোক আকর্ষণীয়ৰূপে সজাবলৈ নিতে ন-ন সাজ-পোছাক সৃষ্টি কৰিছে আৰু পৰিধান কৰিছে। এইক্ষেত্ৰত চাহ জনগোষ্ঠীৰ মহিলাসকলো ব্যতিক্ৰম নহয়। এয়া হয়তো সময়ৰে আহ্বান।

লিখক: বিনোদ কুৰ্মী।

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate