অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিফুং

চিফুং

বিহু মাৰোঁতে বাঁহী অপৰিহাৰ্য। বিহু গীতত বাঁহীৰ উল্লেখ আছে– ‘তিনিটি আঙুলিৰে বাঁহীটি বজাওঁতে মাজৰটি লৰচৰ কৰে’; নাইবা ‘বাঁহৰে আগতে বাঁহী বজাইছিলো পৰোঁ পৰোঁ হেন দেখোঁ’। বাঁহী যে অকল অসমীয়া বিহুৱা ডেকাইহে বজায়, তেনে নহয়- অসমৰ পৰ্বত-ভৈয়ামত বসবাস কৰা সকলো জনজাতিৰ মাজতে বাঁহীৰ প্ৰচলন আছে। সকলোবোৰ বাঁহী বাঁহ গছৰে বাঁহী। মিচিংসকলে ইয়াক বোলে কুৰুলি পুলি। ই দুবিধ। পথালিকৈ বজোৱা বিধৰ নাম কেতপং আৰু থিয়কৈ বজোৱা বিধৰ নাম তৃতক। ৰাভা জনজাতিৰ মাজত কেবাবিধো বাঁহীৰ প্ৰচলন উল্লেখযোগ্য। গৰখীয়াই বজোৱা বাঁহীৰ নাম লাখৰবাঁহী। কেইবা পাবো বাঁহৰ চুঙা জোৰাদি সজা কাঢ়াৰ লেখীয়া দীঘল বাঁহীক কোৱা জাপখাৰা বাঁহী। দীঘলীয়া নল বাঁহৰ ভিতৰত সোমাই দি তাত ফুটা কৰি সজা বাঁহীৰ নাম কাঢ়ানল বা খাৰা ব্ৰাংছি। এই বাঁহী ছয় ফুটমান দীঘল। গাত কোনো ফুটা নাথাকে। তিৱা সকলৰ বাঁহী দুবিধ – পাংছি আৰু থুৰাং। খাচীসকলৰ বাঁহীৰ নাম শ্বৰতি। তিৱাসকলৰ থুৰাং বাঁহীৰ দৰে বড়োসকলৰ এবিধ বাঁহী আছে। এই বাঁহীৰ নাম চিফুং। ইয়াৰ ফুটা পাঁচটা। আনসকলো বাঁহীতকৈ চিফুঙৰ সুৰৰ মাদকতা আজিলৈ কোনোৱে অস্বীকাৰ কৰিব পৰা নাই।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 4/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate