অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰ-চাপৰিবাসীৰ নাও, নাওখেল আৰু নাওখেলৰ গীত

চৰ-চাপৰিবাসীৰ নাও, নাওখেল আৰু নাওখেলৰ গীত

পৃথিৱীৰ প্ৰায় সকলো ঠাইতে নাৱৰ প্ৰচলন আছে। আদিতে মানুহৰ স্থলভাগত চলাচল কৰিবলৈ বাহন হিচাপে আছিল হাতী, ঘোঁৰা, উট, গৰু-ম’হ আদি আৰু জলভাগত চলাচল কৰাৰ বাবে ভেল আৰু নাও। নাও হ’ল যাতায়তৰ কাৰণে বেছ আৰামদায়ক আৰু বহু পৰিমাণে নিৰাপদ বাহন।

অসমৰ ব্ৰহ্মপুত্ৰ আৰু আন আন সৰু-বৰ নদীত চলাচল কৰা বিভিন্ন আকৃতি-প্ৰকৃতি নাও দেখা যায়। প্ৰাচীন কালৰে পৰা চলি থকা এই নাওবোৰ হ’ল চ’ৰা নাও (হিলৈ চ’ৰা, মগৰ চ’ৰা), গছ নাও, আগলাগি নাও, ভাৰী নাও, মাৰ নাও, বাচৰু নাও, কোচা নাও, গেৰাপ নাও, আঢ়ৈকুৰীয়া-দুকুৰীয়া নাও, ডোমালি নাও, গোটা নাও, পেটালা নাও, চুলুপ নাও, গাৰামি নাও, বজৰা নাও, মহনগিৰি নাও, লাপাতি নাও, হলং নাও, শাল নাও ইত্যাদি। এই নাওবোৰৰ প্ৰচলন এতিয়া নাই। বৰ্তমানেও ব্যৱহাৰ হৈ থকা অসমৰ পুৰণি নাও বোৰৰ ভিতৰত আছে চেলেঙী নাও, গুটীয়া নাও, বৰ নাও, পানচৈ নাও, খেল নাও, পাৰ নাও, ডিঙা, ভাওলীয়া, গায়ন নাও, মাৰ নাও আদি।

অসমত প্ৰায় ২১০০ খন চৰ-গাঁও আছে। এই আটাইখিনি চৰ-গাঁও ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। বৰাক উপত্যকাত চৰ-চাপৰি বা চৰ-গাঁও নাই। এই চৰ-গাঁও বোৰৰ যাতায়তৰ প্ৰধান বাহন হ’ল নাও। আজি যুগ যুগ ধৰি তেওঁলোকে বেপাৰ-বাণিজ্য আদিৰ ক্ষেত্ৰতো নাৱকে প্ৰধান বাহন হিচাপে ব্যৱহাৰ কৰি আহিছে।

ঘটে লাগাওৰে নাও

কুলে লাগাওৰে নাও

আমি চিন্যা লই বেপাৰীয়ে

নাও ঘাটে লাগাওৰে

চৰ-চাপৰি বোৰত প্ৰচলন থকা নাও বোৰৰ ভিতৰত আছে

(১) সাৰংগগুটীয়া নাও : ওপৰত চৈ নথকা এবিধ নাও। ওচৰ ভ্ৰমণ আৰু গৃহস্থলী কামত ইয়াৰ ব্যৱহাৰ হয়।

(২) পল্লাৰ নাও : আগটিঙত ম’ৰা চৰাই বা হাঁহৰ মূৰ্তি খুওৱা ডাঙৰ নাও। এই নাৱত পালতৰা, গুণ টনাৰ সুবিধা থাকে। আগফালে বৈচাই দাৰ-ব’ঠা মাৰে আৰু গুৰিত গুৰিয়ালে ‘কাণ্ডাৰী’ গুৰি ব’ঠা ধৰি যায়।

(৩) মটক নাও : মজলীয়া আকাৰৰ নাও। ইয়াৰ আগফালৰ টিংটো ওপৰমুৱাকৈ ঘুৰ খোৱা।

(৪) পানসী নাও : আমাৰ পানচৈ নাৱকে তেওঁলোকে পানসী নাও বোলে। ইয়াৰ টিং দুটা ওখ। মাজত কাঠেৰে সজোৱা ঘৰ থাকে।

(৫) বজৰা নাও : কাঠেৰে সজোৱা বৃহৎ আকাৰৰ বৰনাও। ওপৰত চৈৰ সলনি কাঠেৰে সজা ধুনীয়া ঘৰ থাকে। নানা ধৰণেৰে বোলাই পতাকা আদিৰে সজাই তোলা বিলাসী নাও। বিশেষকৈ জমিদাৰ শ্ৰেণীৰ লোকে ইয়াক ব্যৱহাৰ কৰে।

(৬) ভাওলীয়া নাও : বজৰাতকৈ আকাৰত সৰু বৰনাও। ওপৰত কাঠৰ চাল থকা, বহিবলৈ সুবিধা থকা আহল-বহল নাও। কুন্ধিৰ ওপৰত কাঠেৰে চাং পতা থাকে। এই নাৱো জমিদাৰ শ্ৰেণীৰ লোকেহে ব্যৱহাৰ কৰে।

(৭) কুন্দা নাও : বৰ ডাঙৰ গছ (উৰিয়াম) খুলি কৰা এডাল কাঠৰ নাও। দীঘলে চল্লিশ-পঞ্চাশ ফুট আৰু বহলে চাৰি-পাঁচ ফুট। তল ফালটো চেপেটা। পাঁচ, ছশ মোন বোজাইলৈ বামপানীতো স্বচ্ছন্দে চলি যায়।

(৮) চিপ নাও : দহ-পোন্ধৰ জন যাত্ৰী যাব পৰা বেগী নাও।

(৯) সাম্পান নাও : গোটা বেত বান্ধি কেন্দু এঠাৰে কৰাল খুৱাই সজা চুটি নাও। এই নাও কেতিয়াও নুবুৰে বুলি জনা যায়।

(১০) সালতি নাও : এই নাও তাল গছৰ গুৰি ডোখৰ দুফাল কৰি, দুয়ো মূৰে অলপকৈ এৰি মাজ ডোখৰ খুলি কৰা সৰু নাও, গৃহস্থালি কামতহে এই নাও ব্যৱহাৰ কৰা হয়।

উল্লিখিত এই নাও বোৰৰ প্ৰচলন এতিয়া নাই বুলিয়ে ক’ব পাৰি। কিছুমান চৰ-চাপৰিতহে ইয়াত উল্লেখ কৰা নাৱৰ চলাচল আছে। বৰ্তমান চৰাঞ্চলত ব্যৱহাৰ হোৱা নাও কেইবিধমানহে আছে – ডোঙা নাও, কুশা (কোচা) নাও, হোলাং নাও, গঢ়া নাও, ময়ুৰপংখী নাও, যন্ত্ৰচালিত বা ভূটভূটী নাও আৰু বাইচেৰ বা খেল নাও।

(১) ডোঙা নাও : কাঠেৰে নিৰ্মিত সৰু নাও। দীঘল পোন্ধৰ / বিছ ফুট মান, বহল দুই / আঢ়ৈ ফুট মান, উচ্চতা এক / ডেৰ ফুটমান। দুয়োফালে দুই / তিনি ফুটমানকৈ দুটা টিং থাকে। গুণ টনাৰ সুবিধা থকা এই নাও সাধাৰণ ভাৱেই নিৰ্মাণ কৰা হয়। ইয়াৰ বহন ক্ষমতা কম কাৰণে সৰু - সুৰা কাম – কাজত ব্যৱহাৰ হয়। সাধাৰণ শ্ৰেণীৰ খেতিয়ক আদিৰ মাজত ইয়াৰ ব্যৱহাৰ প্ৰচুৰ।

(২) কুশা (কোচা) নাও : টিন আৰু ভাল কাঠেৰে এই নাও সজা হয়। ইয়াৰ উচ্চতা দুই / তিনি ফুটমান, দীঘলে পঁছিশ / চল্লিশ ফুট মান আৰু বহল চাৰি / পাঁচ ফুট মান হয়। বিশ / ত্ৰিশ জন মান মানুহে ইয়াত যাতায়ত কৰিব পাৰে। এই নাৱৰে ধান, মৰাপাট আদিও কঢ়িওৱা হয়। চৰ-চাপৰিত ইয়াৰ প্ৰচলন বেছি।

(৩) হোলাং (হলং) নাও : হোলাং নাও ডাঙৰ বেপাৰী নাও। ইয়াৰ গঠন পদ্ধতি বেচ মজবুত। বেপাৰী সকলে একেলগে ডেৰ – দুশ মোন সামগ্ৰী এই নাৱত কঢ়িয়াই নিয়ে।

(৪) গঢ়া নাও আৰু ময়ুৰপংখী নাও : এই দুয়োবিধ নাও সাধাৰণতে খেল নাও হিচাপে ব্যৱহাৰ হৈছিল। বৰ্তমান ইয়াৰ প্ৰচলন নাই বুলিয়ে ক’ব পাৰি। ময়ুৰপংখী নাৱৰ আগ টিঙত ম’ৰা চৰাইৰ মূৰ যেন মূৰ্তি সাজি লয় আৰু গাত ম’ৰা চৰাইৰ নিচিনাকৈ ৰং-বিৰঙেৰে ছবি আঁকে।

(৫) যন্ত্ৰচালিত নাও বা ভুটভুটী নাও : চৰ – চাপৰিবাসী জনসাধাৰণৰ মাজত বৰ্তমান আটাইতকৈ বেছি প্ৰচলন হোৱা নাও হ’ল ভুটভুটী নাও। এই নাৱৰে তেওঁলোকে যাত্ৰী কঢ়িওৱাৰ লগতে বেপাৰ – বাণিজ্যও কৰে। এই নাওবোৰ মজলীয়াৰ পৰা বৃহৎ আকাৰৰ আছে। যন্ত্ৰৰে চালিত হয় কাৰণে এই নাৱৰ বেগ বেছি আৰু এজন বা দুজন মানুহেই চলাব পাৰে। চৰ – চাপৰিবাসী লোকে বৰ্তমান শদিয়াৰ পৰা ধুবুৰীলৈকে এই নাৱৰে সুচলভাৱে অহা – যোৱা কৰাৰ লগতে ধান, মাছ, কণী, মৰাপাট, কুকুৰা, ছাগলী আদিৰ ব্যৱসায় সহজেই কৰিবলৈ সক্ষম হৈছে।

(৬) বাইচেৰ নাও বা খেল নাও : পাতল লাহী, ফুলকটা ৰংচঙীয়া নাও। ইয়াৰ বহল কম। কিন্ত দীৰ্ঘ চল্লিশ / নব্বৈ ফুটমান হয়। ইয়াৰ দুয়োফালৰ টিং দুটা ছয় / দহ ফুটমান দীঘল হয় আৰু ইয়াৰ আকৃতি গোটা জোঙা। অকল খেলেতহে এই নাৱৰ ব্যৱহাৰ হয়।

বিশ্বৰ প্ৰায়বোৰ দেশতে নাওখেলৰ প্ৰচলন আছে। ভাৰতবৰ্ষৰ কেৰালা, অসম আদি ৰাজ্যত নাওখেল অতি জনপ্ৰিয় আৰু আনন্দদায়ক খেল হিচাপে পৰিগণিত হৈ আহিছে। নামনি অসমৰ বৰপেটা আৰু শুৱালকুছিত আজি শতাধিক বছৰ ধৰি নাওখেল চলি আহিছে। অসমৰ এই নাওখেলৰ এক গৌৰৱোজ্জ্বল অতীত আছে আৰু সেই গৌৰৱ অক্ষুণ্ণ ৰাখি এতিয়াও এই নাওখেলৰ প্ৰচলন হৈ আছে।

অসমৰ চৰ – চাপৰি অঞ্চলতো নাওখেলৰ বৰ জনপ্ৰিয়। চৰবাসী জনসাধাৰণে এই খেলত ভাগ লৈ ইয়াৰ জৰিয়তে দেহ – মনৰ উৎকৰ্ষ সাধন কৰি সাধন কৰি আনন্দ লাভ কৰি আহিছে। চৰাঞ্চলৰ নাওখেল প্ৰতিযোগিতাত প্ৰধানতঃ বাইচেৰ নাৱৰ লগতে হৰংগা, গঢ়া, কোচা, ছিবা আদি নাওবোৰেহে যোগদান কৰে।

খেল নাৱৰ টিঙত আগফালে বিভিন্ন বস্তু সজাই লোৱা হয়। ইয়াৰ ভিতৰত এটা দবাজাতীয় বাদ্যও থাকে। নাও খেল চলি থকা সময়ত নাৱৰ গতিৰ তালে তালে একোব, একোবকৈ এই বাদ্য বজোৱা হয়। আগটিঙত দুজন বা তিনিজন বাইচাই থিয় হৈ ব’ঠা বায় আৰু পিছপিনে টিঙত চাৰি – আঠ জন হাইলা (গুৰিয়াল) থাকে। ইয়াৰে এজন হ’ল মূল গুৰিয়াল। মাজভাগত পোন্ধৰ – বিছযোৰ বাইছাল (বাইছা) বহে। নাওখনৰ মাজত এখন তক্তাপ’চ থাকে, তাত চৰনদাৰ আৰু জাৰী গান গোৱা মানুহ থাকে। জাৰী গান গোৱা মানুহ জনক ‘বয়াত্ৰী’ বোলে। তেওঁৰ হাতত থকা খঞ্জুৰি বজাই গীত গায়। জাৰী গান বোৰত আল্লা, নবী, নন্দ, যশোদা, গোপাল, সৰস্বতী আৰু আন আন দেৱ – দেৱীৰ কথা আৰু আখ্যানৰ উল্লেখ পোৱা যায়। সমন্বয়ৰ প্ৰতীক এউ জাতী গানবোৰ গাই গাই বয়াতীয়ে বাইছাবোৰৰ মনোবল বঢ়ায় আৰু বাইছাবোৰে ব’ঠা মৰাৰ তালে তালে এই গীতবোৰ গায়। গীত গোৱাৰ সময়ত গীতৰ লগত তাল মিলাই বয়াতীয়ে ভৰিৰে তক্তাত গোৰ মাৰি মাৰি শব্দ কৰি যায়। তেওঁ তত্ত্বগধুৰ আৰু ধেমেলীয়া গীতেৰে পৰিবেশটো আনন্দময় কৰি তোলে। নাওখেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত ‘আল্লা আল্লা ৰছুল বলো, লা-ইলাহা-ইল্লাহ’ এই ধ্বনি দি খেল আৰম্ভ কৰে।

সাধাৰণতে দুখন নাওহে এবাৰৰ খেলত ভাগ লয়। এই নাও দুখনত কমিটীৰ তৰফৰ পৰা দুজন বিচাৰক দিয়া হয়। বিচাৰক দুজনে ইংগিত দিয়াৰ লগে লগে খেল আৰম্ভ হয়। বিচাৰক জন আগটিংটো শেষ হোৱাৰ ঠিক পিছতে বহে। কমিটীয়ে নিৰ্দিষ্ট কৰি দিয়া ঠাই খিনি যিখন নাৱে প্ৰথমে পাৰ হয় তেওঁলোককে বিজয়ী ঘোষণা কৰা হয়। কেইবা খনো খেল খেলাৰ পিছতহে চূড়ান্ত খেল খন অনুষ্ঠিত হয় আৰু ইয়াৰ বিজয়ী নাও খনক পুৰষ্কৃত কৰা হয়।

নাও খেলৰ বহুতো গীত চৰ – চাপৰি অঞ্চলত প্ৰচলিত হৈ আছে বুলি জনা যায়। এই গীত বোৰ বিভিন্ন ৰসৰ আৰু ইয়াৰ গঠন এটা বা দুটা পংক্তিৰ মাজত সীমাবদ্ধ।

‘আল্লাৰ নাম বলো নাম বলো

নাম বলোৰে ভাই

আৰে আলাৰ বিনে এই দুনীয়াত

আৰতো গতি নাই’।

ব’ঠা মাৰি ক্লান্ত হৈ পৰা বাইছ বোৰক উৎসাহ দিবলৈ বয়াতীয়ে লগাই দিয়ে :

বঠাই টান দিয়ৰে

জবো কৰুম খাছি;

বাঘবৰেৰ হাটে যাইয়া

কিনবো দাঁতেৰ মোশি।

কিছুমান নাওখেলৰ গীতত বৌৱেক আৰু দেওৰেকৰ মধুৰ সম্পৰ্ক আৰু কথোপকথনৰ চিত্ৰ সুন্দৰ ভাৱে পোৱা যায় :

আমৰা ছাৰলাম দেশেৰ মায়াৰে

হাত ছাইৰা দেও সোণাৰ দেওৰাৰে

আমি জাৰিয়া বান্দুম খোপাৰে….

জলপান কৰিতে দিবো শাইলা ধানেৰে চিৰাৰে

বিন্দু ধানেৰে খৈ,

গাছে আছে সবৰী কলাত

গামছায় বান্ধা দৈ। …..

নাওখেলৰ গীতত প্ৰেম – পিৰীতিৰ ছবিও প্ৰতিফলিত হয়।

ও পিৰীতি তাৰাই তাৰাই জানেগো,

যাৰ নে যাৰ গুপ্ত পিৰীত গো ….

ও বন্দু সাতাৰ নাহি জানে

মদ্‌দে গাংগে ডিংগা বাইন্দা গো

ও বন্দু পাৰে বইসা টানে ….।

চৰ – চাপৰিৰ আধ্যাত্মিক ৰসসিক্ত কিছুমান নাও খেলৰ গীতত হিন্দু দেৱ – দেৱী আদিৰ কথাও উল্লেখ থকা পোৱা যায়।

নন্দ যায় বাতানেৰে ভাই

যশোদা যায় ঘাটে

অ’ৰে শুনন ঘৰ পাইয়া গোপাল

সকল লনী লুটেৰে… আৰু

লক্ষ্মীমাতা, দুৰ্গা দেশী ভগৱতী ৰায়

বন্দী সৰস্বতী মা তুই কণ্ঠে আয়। ইত্যাদি

নাওখেল তীব্ৰ উত্তেজনা পূৰ্ণ খেল। দূৰ – দূৰণিৰ পৰা বাটকুৰি বাই আহিও এই খেল উপভোগ কৰি মানুহে আনন্দ লভে।

খেলত জিকা দলৰ আনন্দৰ সীমা নাথাকে। হৰা দলৰ মন ভাগি পৰে। এই খেলত হৰা – জিকাৰ লগত সেই অঞ্চলৰ মান – সন্মানৰ কথা জড়িত হৈ থাকে। আনফালে নাৱৰ মালিক জনৰো সন্মানৰ কথা জড়িত হৈ পৰে। সেয়েহে প্ৰয়োজন বুজি বাইছা ভাড়া কৰিও আনে।

নাও খেলৰ লগত কিছুমান পৰম্পৰা আৰু লোক বিশ্বাসৰ বিধি – বিধানৰো প্ৰচলন আছে। খেল নাও খনৰ যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে নাৱৰ গাত চকু আঁকি দিয়া হয়। গুৰিয়াল জনে মন্ত্ৰ পাঠ কৰিহে গুৰি ব’ঠা ধৰাৰ নিয়ম। এনে কৰিলে গুৰি ব’ঠাত কোনেও বাণ মাৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। অপবিত্ৰ গাৰে কোনেও নাৱত ব’ঠা নধৰে। খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত আল্লাৰ নাম লৈ মন্ত্ৰ মাতি নাৱৰ টিং দুটা তিনিবাৰ পানীৰে ধোৱাৰ নিয়মৰ প্ৰচলন আছে। খেলত প্ৰথম হ’ব নোৱাৰিলে তাত কুম্ভ ৰাশিৰ মানুহ থকা বুলি বিশ্বাস কৰা হয়। বাইছা সকলৰ তুলা, কন্যা আৰু মীন ৰাশিৰ হ’লে অতি উত্তম হয় বুলি জনবিশ্বাস আছে। নাও খনক মাতৃ জ্ঞান কৰা হয়।

নাও খেলৰ জৰিয়তে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধন হোৱাৰ লগতে সম্প্ৰীতিৰ বান্ধোনো দৃঢ় হয় বুলি নিঃসন্দেহে ক’ব পাৰি।

লেখক : ধ্ৰুৱ কুমাৰ তালুকদাৰ(লোক – সংস্কৃতিৰ সঁফুৰা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate