অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জংখং পূজা

জংখং পূজা

তিৱা সকলৰ এটা পূজাৰ নাম জংখং। একোটাকৈ শিলৰ টুকুৰা উলম্বভাৱে কাটি প্ৰত্যেক বছৰে জংখং পূজা অনুষ্ঠিত কৰা হয়। ঘন জংঘলৰে আৱৰা এখন ওখ পাহাৰৰ মাজত এই জংখং পূজাৰ স্থলীখন। পূজা কৰোঁতে-কৰোঁতে এই পাহাৰখনৰ নামো জংখং হৈ পৰিল। পশ্চিম কাৰ্বি আংলঙত এই পূজাস্থলীখন অৱস্থিত। আমচাই গাওঁখনৰ চগ্ৰা পূজা শেষ হোৱা ঠিক দুই/ তিনি সপ্তাহ পিছত (এপ্ৰিলত) এই পূজা অনুষ্ঠিত হয়। পাহাৰীয়া (হিন্দু) তিৱা সকলৰ মাজত, ঐতিহ্যত এটা বিশ্বাস আছিল যে- শিলতে আছে তেওঁলোকৰ পূজ্য দেৱতাৰ অৱস্থান। যেতিয়ালৈ এই পৃথিৱীত শিল আছে; তেতিয়ালৈ তিৱা জাতিটোও নিজস্ব স্বকীয়তাই জীয়াই থাকিব। আজিৰ দিনটো পাহাৰীয়া তিৱা সকলে শিল, মাটি, পাহাৰ, নদ-নদীক লৈ পূজা কৰি আহিছে। তাৰে মাজৰ এটা এই জংখং পূজা। এতিয়াও তিৱাসকলৰ মাজত জনবিশ্বাস আছে যে, যদিও তেওঁলোকে ভগৱানক দেখা নাপায়; তথাপিও এনেদৰে শিলক পূজা কৰি, এবছৰত যি পাপ কৰিলে সেই পাপ খণ্ডন কৰিব পাৰি বুলি বিশ্বাস কৰে। এই পূজাত কুকুৰা বলি দিয়াটো পৰিলক্ষিত হয়। লগতে যি স্থানত পূজা হয় তাত এটা শিল উলম্বভাৱে কাটি, তিৱাসকলে এজন দেৱতা নামলৈ পূজাস্থলীত শিল টুকুৰা পুতি আটাইৰে পাপ খণ্ডনৰ বাবে পূজা কৰা হয়। লগতে বছৰটোৰ বাবে অপায়-অমঙ্গল পৰা দুৰৈত থাকিবলে এই জংখং পূজা কৰা হয়।

এই পূজাস্থলীত এই বছৰলৈ সৰ্বমুঠ ২০৫৬ টাব শিল উলম্বভাৱে কাটি থোৱা আছে। তেন্তে আপোনালোকেই ভাৱক কিমান বছৰ পুৰণি এই জংখং পূজা।

লিখক: প্ৰাচুৰ্য্য ডেকা ৰজা।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate